স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ সন্দৰ্ভত শেহতীয়া আপডেট
নতুনকৈ আক্ৰান্তৰ ৭৫%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ
Posted On:
24 SEP 2020 1:05PM by PIB Guwahati
ভাৰতত একেৰাহে ষষ্ঠদিনাও সুস্থ হোৱা লোকৰ সংখ্যাতকৈ নতুনকৈ আক্ৰান্তৰ সংখ্যা কম হৈছে৷
বিগত ২৪ ঘণ্টাত দেশত ৮৬,৫০৮গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ নতুনকৈ আক্ৰান্তৰ ৭৫%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
মহাৰাষ্ট্ৰ তালিকাৰ শীৰ্ষতে আছে৷ বিগত ২৪ ঘণ্টাত মুঠ ক’ভিড আক্ৰান্তৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ২১,০০০ৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকত ক্ৰমে ৭,০০০ আৰু ৬,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷
বিগত ২৪ ঘণ্টাত দেশত ১,১২৯গৰাকী ৰোগীৰ মৃত্যু হৈছে৷
বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হোৱা ৰোগীসকলৰ ৮৩%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
ইয়াৰে মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৭৯গৰাকীৰ বিপৰীতে উত্তৰপ্ৰদেশ আৰু পাঞ্জাৱত ক্ৰমে ৮৭ আৰু ৬৪জন লোকৰ মৃত্যু হৈছে৷
ভাৰতে সমগ্ৰ দেশত যথেষ্ট পৰিমাণে পৰীক্ষাৰ আন্তঃগাঁথনি বৃদ্ধি কৰিছে৷ এতিয়ালৈকে দেশত ১,০৮২টা চৰকাৰী আৰু ৭২৮টা বেচৰকাৰীসহ মুঠ ১,৮১০টা পৰীক্ষাগাৰ আছে৷
বিগত ২৪ ঘণ্টাত ১১,৫৬,৫৬৯টা নমূনা পৰীক্ষা কৰা হৈছে৷ আজি মুঠ নমূনা পৰীক্ষা ৬.৭৪ কোটিৰ সীমা অতিক্ৰম কৰিছে৷
******
MV/SJ
(Release ID: 1658706)
Visitor Counter : 188
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam