প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী সুৰেশ অংগাড়িৰ মূত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 23 SEP 2020 9:50PM by PIB Guwahati

কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী শ্ৰী সুৰেশ অংগাড়িৰ মৃত্যুত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “শ্ৰী সুৰেশ অংগাড়ি আছিল এগৰাকী অনবদ্য কৰ্মকৰ্তা, যিয়ে কৰ্ণাটকত দলৰ স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল। তেওঁ আছিল এগৰাকী নিষ্ঠাবান সাংসদ আৰু কৰ্মঠ মন্ত্ৰী, যিয়ে তেওঁৰ চৌপাশৰ সকলোকে প্ৰভাৱিত কৰি ৰাখিছিল। তেওঁৰ মৃত্যু নিতান্তই দূখজনক। তেওঁৰ পৰিয়াল, আত্মীয় স্বজন আৰু বন্ধুবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো। ঔঁম শান্তি।”

 

****

VRRK/KP/RD


(ৰিলিজ আই ডি : 1658428) অতিথি কক্ষ : 153