PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 23 SEP 2020 6:43PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত বাহাল আছে সৰ্বাধিক আৰোগ্যৰ সংখ্যা, পাঁচদিনলৈ একেৰাহে নতুন ৰোগীৰ তুলনাত নতুন আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে, আৰোগ্যৰ হাৰে ক্ৰমাগতভাৱে বৃদ্ধি পাই ৮১% অতিক্ৰম কৰিছে

নিৰ্ধাৰিত কৌশল তথা সমন্বয় আৰু কাৰ্যকৰী প্ৰভাৱৰ জৰিয়তে ভাৰতত আৰোগ্যৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ ক্ৰমাগতভাৱে পাঁচদিনলৈ নতুন ৰোগীৰ তুলনাত নতুনকৈ আৰোগ্য হোৱাৰ লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ বিগত ২৪ ঘণ্টাত ৮৯,৭৪৬ জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীচে ৮৩,৩৪৭ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ আজি আৰোগ্যৰ হাৰ হৈছে ৮১.২৫%৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতীয় গড়ৰ তুলনাত ১৪খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত আছে সৰ্বাধিক টিপিএম আৰু নিম্ন পজিটিভিটী হাৰ; ১০খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত আছে ৭৪% নতুন ৰোগী

ভাৰতৰ পৰীক্ষণ সামৰ্থ প্ৰতিদিনে ১২ লাখকৈ হৈছে৷ সমগ্ৰ দেশতে এই পৰ্যন্ত ৬.৬ কোটি মুঠ পৰীক্ষণ সম্পন্ন হৈছে৷ ১৪খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত সৰ্বাধিক সংখ্যক পৰীক্ষণ সম্পন্ন হৈছে৷ বিগত ২৪ ঘম্টাত ১,০৮৫জনৰ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ১০খন ৰাজ্যত ৮৩% মৃত্যুৰ ঘটনা প্ৰতিবেদিত হৈছে৷

অধিক বিৱৰণৰ বাবে

 

আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দ্বিতীয় বাৰ্ষিকী উপলক্ষে আৰোগ্য মন্থনত সভাপতিত্ব কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দ্বিতীয় বাৰ্ষিকী উপলক্ষে ‘আৰোগ্য মন্থন ২.০’ত সভাপতিত্ব কৰে৷ অনুষ্ঠানটোত উপস্থিত আছিল কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে৷ ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে মুঠ তালিকাভুক্ত চিকিৎসালয়ৰ ৪৫%য়েই হ’ল ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু এওঁলোকে মুঠ চিকিৎসাৰ ৫২% সেৱা আগবঢ়াই আছে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতৰ অন্যান্য সংস্থাসমূহৰ ভিতৰত লক্ষ্ণৌৰ লেবে ক’ভিড-১৯ৰ পৰীক্ষণৰ ক্ষেত্ৰত অভিলেখসংখ্যক কম সময় লৈছে

ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যাৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত লক্ষ্ণৌৰ এটা পৰীক্ষণ লেবে ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে ভাৰতৰ অন্যান্য সংস্থাসমূহৰ তুলনাত কম সময় ব্যয় কৰিছে৷ লক্ষ্ণৌৰ বীৰবল সাহনি ইন্সটিটিউট অব্ পেলেঅ’ছায়েন্সেচে (বিএছআইপি) প্ৰতিদিনে ১০০০ৰ পৰা ১২০০  নমুনা পৰীক্ষণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

জৈৱ প্ৰযুক্তি বিভাগে মুকলি কৰিলে ‘‘ওচৰ চুবুৰীয়া দেশত ক্লিনিকেল ট্ৰায়েল গৱেষণা সামৰ্থৰ সৱলীকৰণ’’ কাৰ্যসূচী

অধিক বিৱৰণৰ বাবে

 

ক’ভিড ১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত, ঘৰুৱা পৰিবহণৰ অৰ্থে তৰল অক্সিজেনৰ সৰবৰাহৰ কাৰণে আইএছঅ’ টেংক কন্টেইনাৰ প্ৰৱৰ্তন কৰিবলৈ পেট্ৰ’লিয়াম আৰু এক্সপ্ল’ছিভ ছেফটি অৰ্গেনাইজেশ্যন (পিইএছঅ’)ক অনুমতি প্ৰদান

’ভিড ১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৰু যথোচিত পৰিমাণৰ অক্সিজেনৰ জৰুৰী সৰবৰাহৰ পৰিপ্ৰেক্ষিতত, চমু জাননীতে উপলব্ধ এলেকাৰপৰা ঘাটি এলেকালৈ ঘৰুৱা পৰিবহণৰ অৰ্থে তৰল অক্সিজনে নিবলৈ আইএছঅ’ কন্টেইনাৰৰ অনুমতি প্ৰদানৰ আৱশ্যকতা অনুভৱ কৰা যায়। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্যৰ প্ৰোৎসাহন বিভাগ (ডিপিআইআইটি)এ, ঘৰুৱা পৰিবহণৰ অৰ্থে তৰল অক্সিজেনৰ সৰবৰাহৰ বাবে আইএছঅ’ টেংক কন্টেইনাৰ প্ৰৱৰ্তন কৰিবলৈ পেট্ৰ’লিয়াম আৰু এক্সপ্ল’ছিভ ছেফটি অৰ্গেনাইজেশ্যন (পিইএছঅ’)ক অনুমতি প্ৰদান কৰিছে।

 

ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯) মহামাৰীৰ সময়ত, আইএছঅ’ কন্টেইনাৰৰ জৰিয়তে দেশখনত অক্সিজেনৰ সৰবৰাহে পথেদি অক্সিজেনৰ সুৰক্ষিত আৰু ক্ষীপ্ৰ সৰবৰাহ নিশ্চিত কৰি তুলিব। ক্ৰায়োজেনিক অক্সিজেন প্ৰস্তুতকৰ্তাসকলেৰে আলোচনা বৈঠকৰ পাছতে ডিপিআইআইটিয়ে ঘৰুৱা সৰবৰাহৰ কাৰণে আইএছঅ’ টেংক কন্টেইনাৰ প্ৰৱৰ্তনৰ দিহা কৰে। তদুপৰি এখনি ষ্টেকহ’ল্ডাৰ আলোচনাও অনুষ্ঠিত হৈ যায়। জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ প্ৰাৰম্ভিকভাৱে এবছৰৰ বাবে এই অনুমতি প্ৰদান কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, অক্সিজেনৰ অৰ্থে আইএছঅ’ টেংক কন্টেইনাৰৰ বাবে অনুমতি প্ৰদান কৰিবলৈ ষ্টেক হ’ল্ডাৰসকলৰপৰা অনলাইন আবেদন গ্ৰহণৰ মডিউল যুগুতাইছে পেট্ৰ’লিয়াম আৰু এক্সপ্ল’ছিভ ছেফটি অৰ্গেনাইজেশ্যন (পিইএছঅ’)এ।

অধিক বিৱৰণৰ বাবে

ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি কৰাৰ পদক্ষেপসমূহ

ঔদ্যোগিক বিকাশ গাঁথনিগত, বাহ্যিক, বিত্তীয় আৰু ঔদ্যোগিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে৷ গাঁথনিগত সংস্কাৰ আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অংশ হিচাপে ঘোষণা কৰা হৈছে য’ত এমএছএমইৰ সংজ্ঞা পৰিৱৰ্তন, নতুন পিএছইউ নীতি, কয়লা খনিৰ বাণিজ্যিকীকৰণ, প্ৰতিৰক্ষা বিভাগত এফডিআইৰ সীমা বৃদ্ধি আদিসমূহ সন্নিৱিষ্ট কৰা হৈছে৷ ৰাজ্যসভাত আজি এই তথ্য লিখিত ৰূপত প্ৰকাশ কৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে৷

অধিক বিৱৰণৰ বাবে

 

শ্ৰী পীয়ুষ গোৱেলৰ ব্যৱসায় আৰু বিনিয়োগ মন্ত্ৰীৰ জি-২০ বৈঠকত অংশগ্ৰহণ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা ৰে’লৱে মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আজি জি-২০ ব্যৱসায় আৰু বিনিয়োগ মন্ত্ৰীৰ ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ক’ভিড-১৯ৰ পৰা উদ্ধাৰ পোৱাৰ ক্ষেত্ৰত জি-২০য়ে অগ্ৰণী ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

 

মূল্য নিয়ন্ত্ৰণ প্ৰণালীৰ অধীনত সামৰি লোৱা হৈছে অত্যাৱশ্যকীয় ঔষধৰ ৮৭১টা অধিসূচীত ফৰ্মুলেচন

চৰকাৰে কয় যে ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল মূল্যায়ন প্ৰাধিকৰণে (এনপিপিএ) অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকা, ২০১৫ৰ অধীনত ৮৭১টা অধিসূচীত ফৰ্মুলেচনৰ চিলিং মূল্য ধাৰ্য কৰিছে৷ এই তথ্য আজি ৰাজ্যসভাত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি বি সদানন্দ গৌড়াই সদৰী কৰে৷

অধিক বিৱৰণৰ বাবে

 

লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ ব্যৱস্থাপনা

ক’ভিড-১৯ মহামাৰী লকডাউনৰ সময়ত অৰ্থনৈতিক প্ৰতিক্ৰিয়াৰ অংশ হিচাপে চৰকাৰে প্ৰতিমাহে বিনামূলীয়াকৈ প্ৰতিজন হিতাধিকাৰীলৈ ৫ কেজি খাদ্যান্ন আৰু ১ কেজিকৈ দাইল বিতৰণ কৰিছে৷ এই বিতৰণ এপ্ৰিল ২০২০ৰ পৰা নৱেম্বৰ ২০২০লৈ আঠ মাহৰ বাবে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ জৰিয়তে সম্পন্ন কৰা হৈছে৷ আজি ৰাজ্যসভাত কেন্দ্ৰীয় ৰাজ্যিক  গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ডানৱে ৰাওচাহাব দাদাৰাৱে এই তথ্য সদৰী কৰে৷

অধিক বিৱৰণৰ বাবে   

 

সংসদে শ্ৰম আইনৰ ঐতিহাসিক সংস্কাৰ সাধন কৰি তিনিটা শ্ৰম কোড গৃহীত কৰিছে

আজি ৰাজ্যসভাৰ অধিৱেশনত (১) ঔদ্যোগিক সম্পৰ্ক কোড, ২০২০, (২) বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম স্থিতি কোড, ২০২০ আৰু (৩) সামাজিক সুৰক্ষা কোড, ২০২০ শীৰ্ষক তিনিখন শ্ৰম কোড গৃহীত কৰে৷ কালি লোকসভাত ই গৃহীত হোৱাৰ জৰিয়তে ইয়াৰ বিধিসমূহ আজি সম্পূৰ্ণ হয়৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

 

  • চণ্ডীগড়ঃ চণ্ডীগড়ৰ প্ৰশাসনে হোম আইচ’লেচনত থকা লোকসকলক যদি গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ স্থানান্তৰিত কৰিবলগীয়া হয়, তেওঁলোকৰ বাবে পৰ্যাপ্ত পৰিমাণে এম্বুলেঞ্চ সেৱা প্ৰস্তুত কৰি ৰাখিবলৈ স্বাস্থ্য বিভাগৰ মুখ্য সচিবক নিৰ্দেশ দিয়ে৷
  • পাঞ্জাৱঃ ৰাজ্যখনত বৰ্ধিত ক’ভিড-১৯ৰ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ১৩খন সৰ্বাধিক আক্ৰান্ত জিলাত যাতে ব্যৱস্থাসমূহৰ অভাৱ নহয় তাৰ প্ৰতি সুবিধাসমূহ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ দিছে৷
  • অসমঃ অসমত কালি ২০৭৩ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ১৮১৭ জনক মুকলি  কৰি দিয়া হৈছে৷ মুঠ ১৩০৯৪৭ জন ৰোগীক মুকলি কৰি দিয়া হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৯৮৫৭ জন৷ ৫৮৬ জনৰ মৃত্যু হৈছে৷
  • মিজোৰামঃ মিজোৰামত ২২জন লোক কালি নতুনকৈ আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭১৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৯০ জন৷
  • নাগালেণ্ডঃ মঙলবাৰে ৬০ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হয়৷ ইয়াৰে ৩৫ জন ডিমাপুৰৰ, ২২ জন ক’হিমাৰ, ২জন মনৰ আৰু ১জন টুৱেনছাঙৰ৷
  • ছিক্কিমঃ ৩৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ১জনৰ মৃত্যু হৈছে৷ মুঠ ১৯৩২জনক মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৭৫ জন আৰু ৩০ জনৰ মৃত্যু হৈছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ২.৭২ লাখ জন লোক চিকিৎসাধীন অৱস্থাত আছে৷ মুম্বাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬,৭৬৪ জন৷ মহাৰাষ্ট্ৰৰ শিক্ষা মন্ত্ৰী শ্ৰীমতী বৰ্ষা গাইকোৱাড় ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
  • গুজৰাটঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৬,৪০২ জন৷ প্ৰতিদিনে ১২০০-১৫০০ কৈ লোক ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰতিবেদিত হৈছে৷
  • ৰাজস্থানঃ এদিনতে ১৯১২ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৮,৬১৪ জন৷ ইয়াৰে জয়পুৰতেই অকলে ৬৭৩০ জন সক্ৰিয় ৰোগী আছে৷
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশৰ কেবিনেটৰ দুজন বিজেপি মন্ত্ৰী ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
  • চট্টিশগড়ঃ ক’ভিড-১৯ৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ মাজতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ধৰ্মঘটে ৰাজ্যখনৰ স্বাস্থ্য খণ্ডত প্ৰতিকূল প্ৰভাৱ পেলাইছে৷ ৰাজ্য চৰকাৰৰ অনুৰোধৰ পিছতো তেওঁলোকে ধৰ্মঘট স্থগিত কৰিবলৈ অমান্তি হৈছে৷
  • কেৰালাঃ কেৰালাত কালি ৪১২৫ জন লোক ক’ভিড ৰোগত আক্ৰান্ত হৈছে৷ বৰ্তমানে ৪০,৩৮২ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু মুঠ ২,২০,২৭০ জন লোক নিৰীক্ষণৰ অধীনত আছে৷ মুঠ ৫৭৩ জন লোকৰ মৃত্যু হৈছে৷
  • তামিলনাডুঃ মঙলবাৰে ৫৩৩৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৭৬ জন লোক মৃত্যু ঘটিছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫,৫২,৬৭৪ জন৷ 
  • কৰ্ণাটকঃ চৰকাৰী তথ্য মতে ১০ মাৰ্চৰ পৰা কালাবুৰাগি জিলাত মুঠ ৰোগীৰ সংখ্যা হ’ল ১৫,৭৩০ জন, আৰোগ্য লাভ কৰিছে ১৩,০৪২ জনে৷
  • অন্ধ্ৰ প্ৰদেশঃ পূব গোদাৱৰী আৰু ভিজিয়ানগৰম জিলাত ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে৷ ২১ ছেপ্টেম্বৰৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় মুকলি কৰা হৈছে যদিও উপস্থিতিৰ হাৰ নিচেই কম দেখা গৈছে৷ ৰাজ্যিক শিক্ষা মন্ত্ৰীয়ে কয় যে প্ৰধান বিষয়সমূহ বাদ পৰি নোযোৱাকৈ চিবিএছইৰ ছিলেবাচসমূহ হ্ৰাস কৰা হ’ব৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ২২৯৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ২০৬২ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ১০ জনৰ মৃ্ত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৭৭,০৭০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯,৮৭৩ জন৷ ১০৬২ জনৰ মৃত্যু হৈছে৷ ১,৪৬,১৩৫ জনক মুকলি কৰি দিয়া হৈছে৷

 

ফেক্ট চেক

 

*****



(Release ID: 1658413) Visitor Counter : 186