বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ক’ভিড ১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত, ঘৰুৱা পৰিবহণৰ অৰ্থে তৰল অক্সিজেনৰ সৰবৰাহৰ কাৰণে আইএছঅ’ টেংক কন্টেইনাৰ প্ৰৱৰ্তন কৰিবলৈ পেট্ৰ’লিয়াম আৰু এক্সপ্ল’ছিভ ছেফটি অৰ্গেনাইজেশ্যন (পিইএছঅ’)ক অনুমতি প্ৰদান

Posted On: 23 SEP 2020 10:43AM by PIB Guwahati

ক’ভিড ১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৰু যথোচিত পৰিমাণৰ অক্সিজেনৰ জৰুৰী সৰবৰাহৰ পৰিপ্ৰেক্ষিতত, চমু জাননীতে উপলব্ধ এলেকাৰপৰা ঘাটি এলেকালৈ ঘৰুৱা পৰিবহণৰ অৰ্থে তৰল অক্সিজনে নিবলৈ আইএছঅ’ কন্টেইনাৰৰ অনুমতি প্ৰদানৰ আৱশ্যকতা অনুভৱ কৰা যায়।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্যৰ প্ৰোৎসাহন বিভাগ (ডিপিআইআইটি)এ, ঘৰুৱা পৰিবহণৰ অৰ্থে তৰল অক্সিজেনৰ সৰবৰাহৰ বাবে আইএছঅ’ টেংক কন্টেইনাৰ প্ৰৱৰ্তন কৰিবলৈ পেট্ৰ’লিয়াম আৰু এক্সপ্ল’ছিভ ছেফটি অৰ্গেনাইজেশ্যন (পিইএছঅ’)ক অনুমতি প্ৰদান কৰিছে।

ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯) মহামাৰীৰ সময়ত, আইএছঅ’ কন্টেইনাৰৰ জৰিয়তে দেশখনত অক্সিজেনৰ সৰবৰাহে পথেদি অক্সিজেনৰ সুৰক্ষিত আৰু ক্ষীপ্ৰ সৰবৰাহ নিশ্চিত কৰি তুলিব।

ক্ৰায়োজেনিক অক্সিজেন প্ৰস্তুতকৰ্তাসকলেৰে আলোচনা বৈঠকৰ পাছতে ডিপিআইআইটিয়ে ঘৰুৱা সৰবৰাহৰ কাৰণে আইএছঅ’ টেংক কন্টেইনাৰ প্ৰৱৰ্তনৰ দিহা কৰে। তদুপৰি এখনি ষ্টেকহ’ল্ডাৰ আলোচনাও অনুষ্ঠিত হৈ যায়। জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ প্ৰাৰম্ভিকভাৱে এবছৰৰ বাবে এই অনুমতি প্ৰদান কৰা হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত, অক্সিজেনৰ অৰ্থে আইএছঅ’ টেংক কন্টেইনাৰৰ বাবে অনুমতি প্ৰদান কৰিবলৈ ষ্টেক হ’ল্ডাৰসকলৰপৰা অনলাইন আবেদন গ্ৰহণৰ মডিউল যুগুতাইছে পেট্ৰ’লিয়াম আৰু এক্সপ্ল’ছিভ ছেফটি অৰ্গেনাইজেশ্যন (পিইএছঅ’)এ।

আইএছঅ টেংক হৈছে আইএছঅ ষ্টেণ্ডাৰ্ড (ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন) অনুসৰি প্ৰস্তুত কৰা টেংক কন্টেইনাৰ। বিশাল আয়তনৰ তৰল কঢ়িওৱাৰ বাবে আইএছঅ’ টেংক ডিজাইন কৰা হৈছে। ষ্টেইনলেছ ষ্টীলৰদ্বাৰা প্ৰস্তুত কৰা এই টেংকটোৰ বাহিৰফালে ভিন্ন ধৰণৰ প্ৰটেকটিভ লেয়াৰ আছে। আইএছঅ’ টেংকাৰে ২০ মেট্ৰিকটন তৰল অক্সিজেন কঢ়িয়াব পাৰে। এবাৰতে বৃহৎ পৰিমাণৰ অক্সিজেন কঢ়িয়াব পৰাৰ পৰিপ্ৰেক্ষিতত, আইএছঅ’ কন্টেইনাৰে প্ৰয়োজনীয় অঞ্চলসমূহত যথোচিত অক্সিজেনৰ যোগন নিশ্চিত কৰিব।

******

YB/AP/SB



(Release ID: 1658131) Visitor Counter : 195