প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰযুক্তি বিশেষজ্ঞসকলক আত্মনিৰ্ভৰ ভাৰত এপ্প ইনোভেশ্যন চেলেঞ্জত অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
04 JUL 2020 5:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰযুক্তিৰ সৈতে জড়িত লোকসকলক আত্মনিৰ্ভৰ ভাৰত এপ্প ইনোভেশ্যন চেলেঞ্জত অংশগ্ৰহণৰ আহ্বান জনাইছে।
লিংকড-ইনত এটা পোষ্ট যোগে প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তি আৰু ষ্টাৰ্টআপৰ গতিশীল সমন্বিত ব্যৱস্থা আৰু কিদৰে তৰুণ প্ৰজন্মই বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সমাধান কৰিছে, সেই সন্দৰ্ভত উল্লেখ কৰে। তেওঁ কয় যে ষ্টাৰ্ট আপ আৰু প্ৰযুক্তিৰ সমন্বিত ব্যৱস্থাপনাৰে দেশত মোবাইল এপ্পৰ উদ্ভাৱন, বিকাশ আৰু সেইবোৰক তুলি ধৰাৰ ক্ষেত্ৰত বিপুল উৎসাহৰ সঞ্চাৰ ঘটিছে। তেওঁ লগতে কয়, আত্মনিৰ্ভৰ ভাৰত গঠনৰ লক্ষ্যৰে নতুন নতুন এপ্প উদ্ভাৱনৰ বিষয়টোক এক দিকদৰ্শন কৰা আৰু সম্ভাৱনা সৃষ্টিৰ এক সুন্দৰ সুযোগ আহিছে, ইয়াৰ ফলত ভাৰতত প্ৰস্তুত হোৱা এপ্পবোৰে দেশৰ বজাৰৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বৰ সৈতে কান্ধত কান্ধ মিলাব পাৰিব।
ভাৰতীয় মোবাইল এপ্পবোৰৰ স্বাৰ্থত এক অনুকূল বাতাবৰণ গঢ়ি তুলিবলৈ অটল ইনোভেশ্যন মিশ্যনৰ সৈতে সহযোগিতাৰে কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে 'ডিজিটেল ইণ্ডিয়া আত্মনিৰ্ভৰ ভাৰত এপ্প ইনোভেশ্যন চেলেঞ্জ'ৰ সূচনা কৰিছে। ইয়াৰ দুটা দিশ আছে - বৰ্তমান যিবোৰ এপ্প আছে, সেইবোৰক জনপ্ৰিয় কৰি তোলা আৰু নতুন নতুন এপ্প প্ৰস্তুত কৰা। সুদূৰ প্ৰসাৰী ফলৰ আশাৰে চৰকাৰ আৰু প্ৰযুক্তিবিদসকলে যৌথভাৱে এই পদক্ষেপ হাতত লৈছে।
বৰ্তমানে চলি থকা বিভিন্ন এপ্প আৰু বৈদ্যুতিন পদ্ধতিৰে পাঠদান, ঘৰৰ পৰাই কাম কৰা, বিভিন্ন গেম, ব্যৱসায় – বাণিজ্য, বিনোদন, অফিচৰ কাম-কাজ আৰু ছ’চিয়েল নেটৱৰ্কিং-ক্ষেত্ৰত চৰকাৰে পৰামৰ্শ আগবঢ়াব, সহায় - সহযোগিতা কৰিব। ইয়াৰ বাবে ২টা উপায় আছে। প্ৰথমটো হ’ল – লক্ষ্য নিৰ্ধাৰণ কৰি লীডাৰ-বোৰ্ডৰ বাবে উন্নতমানৰ এপ্প ক্ষীপ্ৰতাৰে চিহ্নিত কৰি, এমাহৰ ভিতৰতে সেইবোৰৰ উন্নয়ন ঘটোৱা। দ্বিতীয়টো হ’ল - নতুন নতুন এপ্প আৰু প্লেটফৰ্ম প্ৰস্তুত কৰা। এই ক্ষেত্ৰত ভাৰততে নতুন চেম্পিয়ন সৃষ্টি কৰাৰ বাবে নানাধৰণৰ পৰিকল্পনা, নক্সা আৰু বাণিজ্যিকৰণৰ ক্ষেত্ৰত সহায় কৰা হ’ব।
লিংকড-ইনৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লগতে লিখিছে, এই চেলেঞ্জৰ মোকাবিলা কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে বৰ্তমান যিবোৰ এপ্প আছে, সেইবোৰৰ বিষয়ে সুস্পষ্ট ধাৰণা থকাটো প্ৰয়োজনীয়। ইয়াৰ ফলত প্ৰযুক্তি ক্ষেত্ৰত বিভিন্ন সমস্যা সমাধানত প্ৰয়োজনীয় পৰামৰ্শ আৰু সহায় প্ৰদান কৰা হ’ব আৰু এনে কিছুমান প্ৰযুক্তিগত সামগ্ৰী নিৰ্মাণ কৰাটো সম্ভৱ হ’ব, যিবোৰ আমাৰ দৈনন্দিন জীৱনত সহায়ক হৈ উঠিব।
প্ৰধানমন্ত্ৰীয়ে এই প্ৰসঙ্গত তেওঁৰ ভালেমান চিন্তাধাৰা সকলোৰে সৈতে ভাগ-বতোৱাৰা কৰি এক প্ৰশ্ন কৰে - আমাৰ দেশৰ প্ৰচলিত খেল-ধেমালিক আমি এপ্পৰ মাধ্যমেৰে আৰু অধিক জনপ্ৰিয় কৰি তুলিব নোৱাৰো নে? মানুহক দৈনন্দিন জীৱনত বিভিন্ন মানসিক চাঁপৰ পৰা মুক্ত কৰাৰ বাবে আমি কিছুমান গেমৰ এপ্প প্ৰস্তুত কৰিব নোৱাৰোনে? ভিন্ন বয়সৰ লোকৰ বাবে লিখা-পঢ়া শিকা, খেলা-ধুলাসহ বিভিন্ন বিষয়ৰ বাবে আমি এপ্প উদ্ভাৱন কৰিব নোৱাৰোনে? তেওঁ সমস্ত প্ৰযুক্তি বিশাৰদ বন্ধুকেই এই উদ্যোগত চামিল হৈ আত্মনিৰ্ভৰ এপ্প ইকোছিষ্টেম গঢ়ি তোলাৰ আহ্বান জনায়।
*****
VRRK/SH/RD
(ৰিলিজ আই ডি : 1655920)
অতিথি কক্ষ : 287
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam