PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 17 SEP 2020 6:29PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

একেৰাহে দ্বিতীয়টো দিনৰ বাবে ভাৰতৰ আৰোগ্য লাভৰ সংখ্যা ৮২,০০০ ৰোধিকৰে অভিলেখ সৃষ্টি, মুঠ আৰোগ্য লাভে অতিক্ৰম কৰিলে ৪০ লাখ, ৩০ লাখৰো অধিক ব্যৱধানত সক্ৰিয় ঘটনাক অতিক্ৰম কৰিলে আৰোগ্য লাভৰ ঘটনাই

একেৰাহে দ্বিতীয়টো দিনৰ বাবে অধিক লোকে ভাৰতত আৰোগ্য লাভ কৰিছে। যোৱা দুটা দিনত ৮২,০০০ ৰোধিক ক’ভিড ৰোগীয়ে আৰোগ্য লাভ কৰে আৰু তেওঁলোকক ডিচাৰ্জ দিয়া হৈছে। যোৱা ২৪ ঘন্টাত সক্ৰিয় ঘটনাৰ ৮২,৯৬১ জনে ক’ভিডৰপৰা মুক্ত হৈ পৰে। এইদৰে আৰোগ্য লাভৰ সংখ্যা বৃদ্ধিৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ বৃদ্ধি হৈ বৰ্তমানে ৭৮.৬৪% ত অৱস্থান কৰিছে।

অধিক বিৱৰণৰ বাবে

 

২০২৪ৰ মাৰ্চৰ শেষলৈ জনঔষধি কেন্দ্ৰ ১০৫০০ লৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কেন্দ্ৰৰ

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডিভি সদানন্দ গৌড়াই কয় যে দুখীয়া লোকসকলকে প্ৰমুখ্য কৰি সাধাৰণ জনতাক সাশ্ৰয়ী মূল্যত মানসম্পন্ন ঔষধ প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰে ২০২৪ৰ মাৰ্চৰ শেষলৈ প্ৰধান মন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০৫০০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফাৰ্মাচিউটিকেল বিভাগৰ অধীনস্থ ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যুৰ’ অৱ ফাৰ্মাৰ অধীনত এই কেন্দ্ৰসমূহ স্থাপন কৰা হ’ব। ইয়াৰ জৰিয়তে দেশখনৰ প্ৰতিখন জিলাতে জনঔষধি কেন্দ্ৰ উপলব্ধ হ’ব। ইয়াৰ জৰিয়তে দেশখনৰ প্ৰতিটো প্ৰান্তৰৰ লোকে সুলভ মূল্যত ঔষধ লাভ কৰাটো নিশ্চিত হৈ পৰিব।

অধিক বিৱৰণৰ বাবে

 

যুক্তিসংগত মূল্যত নিত্য প্ৰয়োজনীয় মেডিকেল ডিভাইচসমূহৰ সুগমতাৰ নিশ্চিতিৰে এনপিপিএয়ে নী ইমপ্লেন্টৰ চিলিং মূল্য সম্প্ৰসাৰিত কৰিলে ২০২১ৰ ১৪ ছেপ্টেম্বৰলৈকে

নিত্য প্ৰয়োজনীয় মেডিকেল ডিভাইচসমূহ সাধাৰণ লোকে সুলভ মূল্যত লাভ কৰাটো নিশ্চিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইজিং অথ’ৰিটিয়ে। ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ফাৰ্মাচিউটিকেল বিভাগৰ অধীনস্থ এই সংস্থাটোৱে আৰু এবছৰলৈ নী ইমপ্লেন্টৰ চিলিং মূল্য সম্প্ৰসাৰিত কৰিছে। অৰ্থাৎ ২০২১ ৰ ১৪ ছেপ্টেম্বৰলৈ এয়া বাহাল থাকিব। ইয়াৰদ্বাৰা সাধাৰণ লোকৰ ১৫০০ কোটি টকা ৰাহি হ’ব।

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰ সময়ছোৱাত পেন্সনাৰসকলৰ অৰ্থে ব্যৱস্থা গ্ৰহণ

কেন্দ্ৰীয় পাৰ্ছনেল, ৰাজহুৱা অভিযোগ আৰু পেন্সন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত সদৰী কৰে যে ক’ভিড-১৯ৰ সময়ছোৱাত পেন্সনাৰসকলৰ কল্যাণৰ অৰ্থে এলানি প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। পেন্সন আৰু পেন্সনাৰৰ কল্যাণ বিভাগে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিছিল। এইসমূহৰ ভিতৰত আছেঃ পেন্সনাৰসকলে সঠিক সময়ত পেন্সনৰ ধন লাভ কৰা, অৱসৰৰ সা-সুবিধাসমূহ প্ৰদান কৰা। একেদৰে বিভাগটোৱে পেন্সনাৰসকলক নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰটো ব্যৱস্থা গ্ৰহণ কৰে।

অধিক বিৱৰণৰ বাবে

 

সমগ্ৰ দেশতে অংগনৱাড়ীত কভিড-১৯ মহামাৰীৰ প্ৰভাৱ

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ দেশৰ অংগনৱাড়ী কেন্দ্ৰসমূহে ক’ভিড-১৯ৰ প্ৰভাৱ ন্যূনতম কৰি ৰাখিবলৈ সক্ষম হৈছে। ২০২০ৰ জুলাইত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেৰে মন্ত্ৰণালয়ৰ অনুষ্ঠিত বৈঠকতে সংশ্লিষ্ট ৰাজ্যসমূহে এই কেন্দ্ৰসমূহ খোলাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰিছিল। অৱশ্যে, শিশু হিতাধীকাৰীসকলক ঘৰতেই পুষ্টিকৰ খাদ্য যোগান ধৰি অহা হৈছে বিগত সময়ছোৱাত। এই সন্দৰ্ভত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়েও নিৰ্দেশনা জাৰি কৰিছে।

অধিক বিৱৰণৰ বাবে

ভিড-১৯ ৰ সময়ছোৱাত বিদ্য়ালয়লৈ যোৱা শিশুৰ অধ্যয়ন সুনিশ্চিত কৰিবলৈ শিক্ষা মন্ত্ৰালয়ৰ বহু পদক্ষেপ গ্ৰহণ

’ভিড-১৯ৰ সময়ছোৱাত বিদ্যালয়লৈ যোৱা শিশুৰ অধ্যয়ন সুনিশ্চিত কৰিবলৈ শিক্ষা মন্ত্ৰালয়ে এলানি ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমন্বয়ত মন্ত্ৰালয়ে এই কাৰ্য সমাধা কৰি আহিছে। আজি ৰাজ্যসভাত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’ই এটা লিখিত উত্তৰত এই তথ্য সদৰী কৰে। মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ অন্যতম হৈছেঃ ডিজিটেল/অনলাইন/অন-এয়াৰ শিক্ষা।

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰ সমছোৱাত জনজাতীয় সমাজৰ কল্যাণৰ অৰ্থে চৰকাৰৰ পদক্ষেপ গ্ৰহণ

’ভিড-১৯ ত প্ৰভাৱিত হোৱা জনজাতীয় লোকসকলক আগুৱাই নিবলৈ পৰিকল্পনা প্ৰস্তুতৰ অৰ্থে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে একাংশ বিষয়াৰ এটা গোট গঠন কৰিছে। মন্ত্ৰালয়ে মাইনৰ ফৰেষ্ট প্ৰডিউচৰ বাবে ন্যূনতম সমৰ্থন মূল্যও সংশোধন ঘটাইছে। তদুপৰি, জনজাতীয় লোকসকলৰ অৰ্থে আয় অৰ্জনকাৰী ক্ৰিয়া-কলাপৰো ব্যৱস্তা কৰা হৈছে। আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী ৰেণুকা সিং চৰুতাই এই তথ্য সদৰী কৰে।

অধিক বিৱৰণৰ বাবে

 

লকডাউনৰ সময়ত শিক্ষাৰ্থীলৈ আহাৰ যোগান

লকডাউনৰ সময়ত বিদ্যালয়লৈ আহিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলক খাদ্য সুৰক্ষা ভাট্টা প্ৰদান কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পৰামৰ্শ প্ৰদান কৰা হৈছে। আজি ৰাজ্যসভাত কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীয়ে এই কথা সদৰী কৰে।

অধিক বিৱৰণৰ বাবে

 

লকডাউনৰ সময়ছোৱাত মহিলাৰ বিৰুদ্ধে ঘৰুৱা হিংসা

’ৰোনা মহামাৰীৰ বাবে বলবৎ কৰা লকডাউনৰ সময়ছোৱাত ২০২০ৰ এপ্ৰিলৰপৰা জুনলৈকে ২৮৭৮ টা ঘৰুৱা হিংসাৰ ঘটনাৰ বাবে আইনী সাহাৰ্য্য় আগবঢ়োৱা হৈছে। আজি ৰাজ্যসভাত কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীয়ে এই কথা সদৰী কৰে।

অধিক বিৱৰণৰ বাবে

ভিড-১৯ মহামাৰীৰ মাজত বিমান পৰিবহণ উদ্যোগটোক জীয়াই ৰখাৰ ব্যৱস্থা গ্ৰহণ

’ভিড-১৯ মহামাৰীৰ মাজত বিমান পৰিবহণ উদ্যোগটোক জীয়াই ৰাখিবলৈ সৰ্বাংগীণ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। আজি লোক সভাত এই কথা সদৰী কৰে অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী হৰদ্বীপ সিং পুৰীয়ে।

অধিক বিৱৰণৰ বাবে

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • চণ্ডীগড়ঃ আক্ৰান্ত হোৱাৰ অধিক লোকসকলে নীতি-নিৰ্দেশনা মানি চলি ঘৰতে আৱদ্ধ হৈ থকাত সন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় শাসিত চণ্ডীগড়ৰ প্ৰশাসকে। ইয়াৰ বাকী জনসাধাৰণকো সকলো ধৰণৰ নীতি-নিৰ্দেশনা মানি চলাবলৈ আহ্বান জনোৱা হৈছে।
  • পঞ্জাৱঃ ৰাজ্যখনৰ সকলো চৰকাৰী মেডিকেল কলেজ আৰু হাস্পতালত অক্সিজেন পৰ্যাপ্ত পৰিমাণে মজুত ৰখাৰ নিৰ্দেশনা প্ৰদান কৰিছে ইয়াৰ মেডিকেল শিক্ষা আৰু গৱেষণা মন্ত্ৰীয়ে। সেই অনসৰি, মেডিকেল কলেজ আৰু হাস্পতালসমূহত সকলো সময়তে ২০০ চিলিণ্ডাৰ মজুত থকাটো নিশ্চিত কৰিব লাগিব।
  • হিমাচল প্ৰদেশঃ ১৫ ছেপ্টেম্বৰৰপৰা বাৰসমূহ পুনৰ মুকলিৰ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্য় চৰকাৰখনে। ইয়াৰ অৰ্থে এছঅ’পি জাৰি কৰা হৈছে।
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত শেহতীয়াভাৱে ২২১ জন লোক আক্ৰান্ত হৈছে আৰু ১২৯ জনক ডিচাৰ্জ দিয়া হৈছে। সক্ৰিয় ঘটনাৰ সংখ্যা ১৮৯২ আৰু মুঠ ডিচাৰ্জৰ সংখ্যা ৪৭৮৭ আৰু মুঠ মৃত্যু হৈছে ১৩ জনৰ।
  • অসমঃ অসমত শেহতীয়াভাৱে ২৩৯৪ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু কালি ২৪৬৪ জন লোকক ডিচাৰ্জ দিয়া হয়। বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৯০৯১ আৰু মুঠ ডিচাৰ্জৰ সংখ্যা হৈছে ১১৯৩৬৪। মুঠ আক্ৰান্তৰ সংখ্যা ১৪৮৯৬৮ আৰু মৃত্যু হৈছে ৫১১ জনৰ।
  • মণিপুৰঃ মণিপুৰত শেহতীয়াকৈ আক্ৰান্ত হৈছে ১১০ জন। আৰোগ্য লাভ কৰিছে ১০৩ জনে। আৰোগ্য লাভৰ হাৰ ৭৮ শতাংশ। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৭৫১ টা। মুঠ মৃত্যু হৈছে ৪৮ জনৰ।
  • নাগালেণ্ডঃ নাগালেণ্ডত আজি নতুনকৈ ৪৩ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। আৰোগ্য লাভ কৰিছে ১১১ জন লোকে। ২১ ছেপ্টেম্বৰৰপৰা ডিমাপুৰস্থিত জিলা হাস্পতালত নন-ক’ভিড সেৱা আৰম্ভ কৰা যাব।
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত কালি ২৩,৩৬৫ নতুন আক্ৰান্তৰে মুঠ আক্ৰান্তৰ সংখ্যা ১১.২১ লাখলৈ বৃদ্ধি পায়। ইফালে, একে সময়ছোৱাতে ৪৭৪ জন লোক মৃত্য়ুমুখত পৰে।
  • গুজৰাটঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ ১,৩৬৪ জন লোক আক্ৰান্ত হৈছে। ইফালে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৬,২৯৪ টা।
  • চত্তীশগড়ঃ বুধবাৰে চত্তীশগড়ত নতুনকৈ ৩১৮৯ জন লোক আক্ৰান্ত হয়। ইয়াৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা ৭৩,৯৬৬ লৈ বৃদ্ধি পায়।
  • কেৰেলাঃ কালি কেৰেলাত এদিনতে সৰ্বাধিক ৩,৮৩০ জন লোক আক্ৰান্ত হৈছে। বৰ্তমানে ট্ৰিন্টমেন্টত থকা ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩২,৭০৯ জন।
  • তামিল নাডুঃ কালি ৰাজ্যখনত নতুনকৈ ৫,৬৫২ জন লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু ৫৭ জন লোক মৃত্যুমুখত পৰিছে। মুঠ আক্ৰান্তৰ সংখ্যা ৫,১৯,৮৬০ হোৱাৰ বিপৰীতে ৫,৭৬৮ জনক কালিৰ দিনটোত ডিচাৰ্জ দিয়া হয়।
  • কৰ্ণাটকঃ চৰকাৰী নিৰ্দেশনা অনুসৰি বেডৰ ৫০% আগনবঢ়োৱা ৩৬ খন ব্যক্তিগত খণ্ডৰ হাস্পতাললৈ জাননী জাৰি কৰা হৈছে।
  • অন্ধ্ৰ প্ৰদেশঃ কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা জাৰি কৰা আনলক ৪.০ৰ নিৰ্দেশনা অনুসৰি বিদ্যালয় খোলা সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগে নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ২১ ছেপ্টেম্বৰৰপৰা বিদ্য়ালয়সমূহ খোলা হ’ব।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ ২১৫৯ জন লোক আক্ৰান্ত হৈছে। ২১০৮ জনে আৰোগ্য লাভ কৰাৰ বিপৰীতে ০৯ জন মৃত্যুমুখত পৰিছে।


(Release ID: 1655918) Visitor Counter : 169