প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইণ্ডিয়া গ্লোবেল ৱিক ২০২০-ত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ অনুদিত অংশ

Posted On: 09 JUL 2020 3:10PM by PIB Guwahati

সমাজৰ সৰ্বস্তৰৰ বিশিষ্ট অতিথিবৃন্দক নমস্কাৰ! ভাৰতৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো। এই ধৰণৰ অনুষ্ঠান আয়োজনৰ বাবে ইণ্ডিয়া ইঙ্ক গ্ৰুপক অভিনন্দন জনাইছো। বিগত কেবাবছৰ ধৰি ইণ্ডিয়া ইঙ্ক গ্ৰুপে যি অসাধাৰণ কাম কৰি আহিছে তাৰ উজ্জ্বল প্ৰতিফলন আজিৰ এই অনুষ্ঠান। আপোনালোকৰ বিভিন্ন কাম-কাজে ভাৰতত বহু সুযোগ-সুবিধাৰ সৃষ্টি কৰিছে, যিয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ যোগসূত্ৰক আৰু গাঢ় কৰি তোলাত সহায় কৰিছে। আমি অত্যন্ত আনন্দিত যে, এই বছৰৰ অনুষ্ঠানটোৱে অন্যান্য অংশীদাৰসকলকো ইয়াৰ সৈতে চামিল হোৱাৰ সুযোগ প্ৰদান কৰিছে। আশা কৰো, আগন্তুক বছৰটোত আপোনালোকে চেণ্টাৰ কোৰ্টৰ পৰাই এই অনুষ্ঠান আয়োজনৰ সুযোগ লাভ কৰিব আৰু উইম্বলডন উপভোগ কৰাৰ সুযোগ পাব।

 

বন্ধুসকল,

বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত পুনৰুজ্জীৱনৰ বিষয়ক লৈ কথা কোৱাটো অত্যন্ত স্বাভাৱিক। বিশ্ব পুনৰুজ্জীৱন আৰু ভাৰতৰ মাজৰ যোগসূত্ৰক লৈ আলোচনা কৰাটোও সমানেই প্ৰাসঙ্গিক। এনেধৰণৰ এক বিশ্বাস আছে যে, বিশ্বৰ পুনৰুজ্জীৱনৰ অগ্ৰগতিত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আমি এই বিষয়টোৰ মাজত ঘনিষ্ঠ যোগসূত্ৰসহ দুটা বিষয় দেখিবলৈ পাইছো। প্ৰথমটো হ’ল – ভাৰতীয় মেধা। সমগ্ৰ বিশ্ব জুৰি আপোনালোকে ভাৰতীয় মেধাশক্তিৰ অৱদান লক্ষ্য কৰিছে। এইবোৰৰ মাজত আছে – ভাৰতীয় পেছাদাৰীসকল, চিকিৎসক, নাৰ্ছ, বেংকাৰ, আইনজীৱী, বিজ্ঞানী, অধ্যাপক আৰু আমাৰ কঠোৰ পৰিশ্ৰমী শ্ৰমজীৱী লোকসকল। ভাৰতীয় প্ৰযুক্তি শিল্প আৰু প্ৰযুক্তিবিদসকলৰ কথা কোনে পাহৰিব পাৰে! এইসকলেই দশক দশক ধৰি আগুৱাই গৈ থকাৰ দিশ প্ৰদৰ্শন কৰি আহিছে। ভাৰত হৈছে মেধাশক্তিৰ উৎস-স্থল। ভাৰতে সদায়েই অৱদান আগবঢ়াবলৈ আগ্ৰহী, সদায়েই অভিজ্ঞতা আৰু শিক্ষাগ্ৰহণত আগ্ৰহী ভাৰত। সেয়ে, ইয়াত আছে যথেষ্ট সামঞ্জস্য, যি সকলোৰে বাবে অত্যন্ত লাভজনক।

 

বন্ধুসকল,

দ্বিতীয় বিষয়টো হ’ল, সংস্কাৰ আৰু পুনৰুজ্জীৱনৰ ক্ষেত্ৰত ভাৰতৰ সক্ষমতা। ভাৰতীয়সকল আক্ষৰিক অৰ্থতেই সংস্কাৰক! ইতিহাসত উল্লেখ আছে, ভাৰতে প্ৰতিটো প্ৰত্যাহ্বানৰেই মোকাবিলা কৰিছে, সেয়া সামাজিকেই হওঁক অথবা অৰ্থনৈতিকেই হওঁক। ভাৰতে এই কাম সম্ভৱ কৰি তুলিছে প্ৰাণশক্তিক সাৰথি কৰিয়েই। আনকি, সংস্কাৰ আৰু পুনৰুজ্জীৱনৰ ক্ষেত্ৰতো এই প্ৰাণশক্তিৰ প্ৰবাহ আজিও অব্যাহত আছে।

 

বন্ধুসকল,

ভাৰতে বিশ্ব মহামাৰীৰ বিৰুদ্ধে কঠিন যুঁজ চলাই গৈছে। এই যুঁজত মানুহৰ স্বাস্থ্যৰ ওপৰত যেনেধৰণে গুৰুত্ব দিয়া হৈছে, তেনেদৰেই আমি আৰ্থিক স্বাস্থ্যৰ ওপৰতো সমানেই অগ্ৰাধিকাৰ দিছো। ভাৰতে যেতিয়া পুনৰুজ্জীৱনৰ কথা কয়, তেতিয়া পুনৰুজ্জীৱনৰ সৈতে অনুভূতি আৰু আবেগ, কৰুণাৰ দৰে বিষয়বোৰো জড়িত হৈ থাকে। ভাৰতে এনেদৰে পুনৰুজ্জীৱনৰ পক্ষত প্ৰশ্ন কৰে, যি হ’ব সুস্থায়ী – পৰিৱেশগত আৰু আৰ্থিক উভয় দিশৰে পৰা। ভাৰতত আমি সংস্কৃতিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আছো। ইয়াত মাতৃস্বৰূপা প্ৰকৃতিক প্ৰত্যেকেই পূজা কৰে। ভাৰতত এই কথা বিশ্বাস কৰা হয় যে, এই গ্ৰহ আমাৰ মাৰ দৰে আৰু আমি তেওঁৰ সতি-সন্ততি।

 

বন্ধুসকল,

ভাৰতে বিগত ৬ বছৰত সাৰ্বিক আৰ্থিক অন্তৰ্ভুক্তিকৰণ, আবাসন আৰু আন্তঃগাঁথনি নিৰ্মাণ, সহজ ব্যৱসায়-বাণিজ্যৰ অনুকূল পৰিৱেশ, জিএছটিসহ কৰৰ ক্ষেত্ৰত সাহসী সংস্কাৰ আৰু বিশ্বৰ স্বাস্থ্য বীমা উদ্যোগ আয়ুষ্মান ভাৰত কাৰ্যসূচী আৰম্ভ কৰাৰ ক্ষেত্ৰত লক্ষণীয় অগ্ৰগতি লাভ কৰিছে। এই সাফল্যসমূহে ভৱিষ্যৎ উন্নয়নমূলক উদ্যোগবোৰৰ ভিত্তি সুনিশ্চিত কৰিছে।

 

বন্ধুসকল,

ভাৰতীয়সকলৰ মনত সাফল্য অৰ্জনৰ সেই প্ৰাণশক্তি আছে, যাক সচৰাচৰ অসম্ভৱ বুলিয়েই বিশ্বাস কৰা হয়। এই বিষয়ত কোনো সন্দেহৰ অৱকাশ নাই যে, ভাৰতত আমি আৰ্থিক পুনৰুজ্জীৱনৰ ক্ষেত্ৰত আমি ইতিমধ্যে গ্ৰীন-ছ্যুটছ বা সহজে আগুৱাই যোৱাৰ মসৃন পথ দেখা পাইছে। মহামাৰীৰ এই সময়ত আমি নাগৰিকসকললৈ সাহায্য আগবঢ়াইছো। তাৰ লগে লগে সুদূৰপ্ৰসাৰী প্ৰভাৱদায়ী আন্তঃগাঁথনিগত সংস্কাৰৰ উদ্যোগো গ্ৰহণ কৰিছো। আমি অৰ্থনীতিক আৰু অধিক উৎপাদনশীল বিনিয়োগ-বান্ধৱ আৰু প্ৰতিযোগিতাসম্পন্ন কৰি তুলিছো।

 

আমাৰ সাহায্য পেকেজবোৰৰ মাজত বিচক্ষণতাৰ পৰিচয় আছে আৰু আটাইতকৈ দৰিদ্ৰ লোকসকলৰ সহায়ৰ বাবেই সাহায্য পেকেজবোৰ সুনিৰ্দিষ্ট কৰা হৈছে। প্ৰযুক্তিৰ আশীৰ্বাদত প্ৰতিটো টকা হিতাধিকাৰীৰ হাতলৈ প্ৰত্যক্ষভাৱে গৈছে। এই সাহায্য সামগ্ৰীবোৰৰ ভিতৰত আছে, বিনামূলীয়া ৰন্ধন গেছ সৰবৰাহ, বেংক একাউণ্টত ধন জমা দিয়া, লাখ লাখ মানুহৰ বাবে ব্যয়বিহীন খাদ্য সংস্থান ইত্যাদি। যেতিয়া আমি লকডাউনৰ পৰা আনলক পৰ্যায়ত প্ৰৱেশ কৰিছো, তেতিয়া আমি বিশ্বৰ অন্যতম বৃহৎ চৰকাৰ-জনগণ অংশীদাৰীত্ব কাৰ্যসূচী গ্ৰহণ কৰিছো। তাৰ উদ্দেশ্য হৈছে লাখ লাখ শ্ৰমজীৱী মানুহক কৰ্মসংস্থানৰ সুবিধা প্ৰদান কৰা। এই উদ্যোগে কেৱল গ্ৰামীণ অৰ্থনীতিৰ পুনৰুজ্জীৱনত সহায়ক হোৱাৰ লগে লগে, গ্ৰামাঞ্চলত স্থায়ী আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰতো বৃহৎ ভুমিকা পালন কৰিব।

 

বন্ধুসকল,

ভাৰত বিশ্বৰ অন্যতম উদাৰ অৰ্থনীতিৰ দেশসমূহৰ ভিতৰত অন্যতম। আমি ভাৰতত বিশ্বৰ অগ্ৰণী সংস্থাবোৰৰ বাবে ৰঙা দলিচা পাৰি স্বাগতম জনাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছো। খুব কম দেশইহে এইধৰণৰ সুবিধা প্ৰদান কৰে, যাৰ ভিতৰত ভাৰতো অন্যতম। ভাৰতত বিভিন্ন উদীয়মান ক্ষেত্ৰত অগণিত সুযোগ-সুবিধা আৰু বিপুল সম্ভাৱনা আছে। কৃষি ক্ষেত্ৰত আমাৰৰ সংস্কাৰমূলক উদ্যোগবোৰ শীতলীকৰণ ঘৰ আৰু কৃষিজাত পণ্য পৰিবহণৰ ক্ষেত্ৰত বিনিয়োগক আকৰ্ষণীয় কৰি তোলা হৈছে। আমি বিনিয়োগকাৰীসকলৰ বাবে প্ৰত্যক্ষভাৱে বিনিয়োগৰ দুৱাৰ খুলি দিছো, যাতে আমাৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰম বিফলে নাযায়।

 

বন্ধুসকল,

আমি ক্ষুদ্ৰ আৰু মঁজলীয়া শিল্প ক্ষেত্ৰতো একাধিক সংস্কাৰ সাধন কৰিছো। বিকাশশীল ক্ষুদ্ৰ আৰু মঁজলীয়া শিল্প ক্ষেত্ৰ হৈছে বৃহৎ শিল্প সংস্থাবোৰৰ পৰিপূৰক। ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰতো বিনিয়োগৰ বিপুল সম্ভাৱনা আছে। প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিত উদাৰীকৰণৰ লগে লগে বিশ্বৰ অন্যতম সৈন্য বাহিনী ইয়ালৈ আহি বিনিয়োগ আৰু প্ৰতিৰক্ষা সৰঞ্জাম উৎপাদনৰ বাবে আমন্ত্ৰণ জনাইছে। মহাকাশ ক্ষেত্ৰতো এতিয়া বেচৰকাৰী বিনিয়োগৰ অনেক সুযোগ-সুবিধা সৃষ্টি হৈছে। এইধৰণৰ উদ্যোগ গ্ৰহণৰ উদ্দেশ্যই হ’ল মানুহৰ বৃহত্তৰ স্বাৰ্থত মহাকাশ প্ৰযুক্তিৰ বাণিজ্যিক ব্যৱহাৰত সুযোগ কৰি দিয়া। ভাৰতৰ প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপ ক্ষেত্ৰখন অত্যন্ত উজ্জ্বল আৰু সম্ভাৱনাময়। ভাৰতত ডিজিটেল বিষয়ে অভিজ্ঞ লাখ লাখ মানুহৰ বাজাৰ আছে। ইয়াত উচ্চাকাঙ্খী মানুষ আছে। সেয়ে, আপোনালোক পৰিকল্পনা কৰক, এই শ্ৰেণীৰ মানুহৰ বাবে আপোনালোকে কি ধৰণৰ পণ্য উৎপাদন কৰিব পাৰিব।

 

বন্ধুসকল,

এই মহামাৰীয়ে পুনৰ প্ৰতীয়মান কৰিছে যে ভাৰতৰ ঔষধ নিৰ্মাণ শিল্প কেৱল ভাৰতৰ বাবেই নহয় বৰঞ্চ সমগ্ৰ বিশ্বৰ বাবেই বৃহৎ সম্পদ। ভাৰতৰ ঔষধ শিল্পই উন্নয়নশীল দেশবোৰত ঔষধ-পথ্যৰ দাম কম ৰখাৰ ক্ষেত্ৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সমগ্ৰ বিশ্বতে শিশুসকলৰ বাবে যি পৰিমাণ টীকাৰ প্ৰয়োজন হয়, তাৰ দুই-তৃতীয়াংশই ভাৰতে যোগান ধৰি আহিছে। আজিও আমাৰ সংস্থাবোৰে ক’ভিড-১৯ টীকা উদ্ভাৱন আৰু ইয়াৰ উৎপাদনৰ বাবে আন্তৰ্জাতিক প্ৰচেষ্টাবোৰৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। মই নিশ্চিত যে, ক’ভিড-১৯ টীকা উদ্ভাৱনৰ পিছত ইয়াৰ উৎপাদনৰ ক্ষেত্ৰতো ভাৰতে অগ্ৰণী ভুমিকা পালন কৰি যাব।

 

বন্ধুসকল,

১৩০ কোটি ভাৰতীয়ই আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ আন্তৰিক আহ্বান জনাইছে। এই ভাৰত এক আত্মনিৰ্ভৰ ভাৰত। আত্মনিৰ্ভৰ ভাৰতত বিশ্ব সৰবৰাহ শৃংখলৰ লগতে দেশীয় উৎপাদন আৰু ব্যৱহাৰৰ বিষয়টোকো চামিল কৰা হৈছে। সেয়ে, আত্মনিৰ্ভৰ ভাৰত কোনোভাৱেই আত্ম-কেন্দ্ৰিক বা নিজৰ গণ্ডীত সীমাবদ্ধ নহয়। প্ৰকৃততে আত্মনিৰ্ভৰ ভাৰত হৈছে স্বনিৰ্ভৰ হৈ ওঠা আৰু নিজৰ চাহিদা নিজেৰ ফালৰ পৰাই পূৰণ কৰাৰ এক অভিলাষী পৰিকল্পনা। অৱশ্যে, আমি কৰ্মদক্ষতা, সমতা আৰু নমনীয়তাৰ লক্ষ্যৰে প্ৰয়োজনীয় নীতি গ্ৰহণৰ বিষয়বোৰ জাৰি ৰাখিম।

 

বন্ধুসকল,

আমি অত্যন্ত আনন্দিত যে, আজিৰ এই অনুষ্ঠানৰ লগে লগে পণ্ডিত ৰবিশংকৰৰ জন্ম শতবাৰ্ষিকীও উদযাপন কৰা হৈছে। পণ্ডিত ৰবিশংকৰে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ সুৰধ্বনিক বিশ্বৰ সমূখত তুলি ধৰিছিল। আপোনালোকে অৱশ্যেই লক্ষ্য কৰিছে ‘নমস্কাৰ’ কিদৰে শুভেচ্ছাৰ নিদৰ্শন হিচাপে সমগ্ৰ বিশ্বই সাদৰেৰে গ্ৰহণ কৰিছে। মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বতে যোগচৰ্চা, আয়ুৰ্বেদ আৰু চিৰাচৰিত চিকিৎসা পদ্ধতিৰ ব্যৱহাৰ লক্ষ্য কৰা গৈছে। ভাৰতৰ প্ৰাচীন সংস্কৃতি, ভাৰতৰ সৰ্বজনীনতা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ আদৰ্শবোৰেই আমাৰ মূল চালিকা শক্তি।

 

বন্ধুসকল,

বিশ্বৰ কল্যাণ আৰু সমৃদ্ধিৰ বাবে ভাৰত ইয়াৰ কৰ্তব্যৰ প্ৰতি সকলো সময়তেই প্ৰস্তুত আছে। এই ভাৰত সংস্কাৰৰ ভাৰত, কাৰ্য সম্পাদনৰ ভাৰত, ৰূপান্তৰত আগ্ৰহী ভাৰত। এই ভাৰত এনে এক ভাৰত, যিয়ে আৰ্থিক ক্ষেত্ৰত ন ন সুযোগ-সুবিধা সকলোৰে বাবে উপলব্ধ কৰি তোলে। এই ভাৰত এনে এক ভাৰত, যিয়ে মানৱকেন্দ্ৰিক আৰু উন্নয়নৰ লক্ষ্যৰে সাৰ্বিক পদক্ষেপবোৰক সাদৰেৰে গ্ৰহণ কৰে।

 

ভাৰত আপোনালোক সকলোৰে অপেক্ষাত আছে।

 

নমস্কাৰ,

আপোনালোকলৈ অশেষ ধন্যবাদ।

*******



(Release ID: 1655917) Visitor Counter : 199