প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে লেহত ভাৰতীয় সশস্ত্ৰ বাহিনীক সম্বোধন কৰি প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 03 JUL 2020 5:50PM by PIB Guwahati

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

বন্ধুসকল, আপোনালোকৰ এই উদ্যম, শৌৰ্য্য আৰু মা ভাৰতীক ৰক্ষাৰ বাবে আপোনালোকে মনৰ মাজত লৈ ফুৰা সমৰ্পন ভাৱ সঁচাকৈ অতুলনীয়। আপোনালোকৰ সাহসিকতাও বিশ্বত তুলনাবিহীন। যি কঠিন পৰিস্থিতিত, যি উচ্চতাত আপোনালোক আজি মা ভাৰতীৰ প্ৰতিৰক্ষা ঢাল হৈ দেশ সেৱা কৰিছে, সেয়া হয়তো সমগ্ৰ বিশ্বতে অতুলনীয় আৰু বিৰল।

আপোনালোকৰ সাহস সেই উচ্চতাতকৈও উচ্চ, য’ত আজি আপোনালোক নিয়োজিত হৈ আছে। আপোনালোকৰ নিশ্চয় সেই উপত্যকাৰ সৈতেও আছে এক গভীৰ সম্পৰ্ক, যাক আপোনালোকে প্ৰতিদিনে প্ৰতিখোজে স্পৰ্শ কৰি যায়। আপোনালোকৰ পৰাক্ৰম সেই কঠিন শিলতকৈও কঠিন, যি আপোনালোকক আৱৰি আছে। আপোনালোকৰ ইচ্ছাশক্তি আপোনালোকৰ চৌপাশে থকা পৰ্বতমালাৰ দৰেই অটল। আ্জি আপোনালোকৰ মাজলৈ আহি মই এইবোৰ কথাই অনুভৱ কৰিছো। এইবোৰ দিশ আজি নিজ চকুৰে দেখিবলৈ পাইছো।

বন্ধুসকল, যেতিয়া দেশৰ ৰক্ষাৰ দায়িত্ব আপোনালোকৰ হাতত আছে, আপোনালোকৰ শক্তিশালী ইচ্ছাশক্তিৰে বান্ধ খাই আছে, গতিকে ইয়াতেই আছে এক অটুট বিশ্বাস। সেয়া কেৱল মোৰেই নহয়, সমগ্ৰ দেশৰে আছে সেয়া বিশ্বাস, আৰু দেশবাসী ইয়াক লৈ নিশ্চিন্তও আছে। আপোনালোক যেতিয়া সীমান্তত থিয় হৈ তাকে, সেই কথা অনুধাৱন কৰিয়েই প্ৰতিগৰাকী দেশবাসীয়েই দেশৰ বাবে দিনে নিশাই কাম কৰাৰ বাবে অণুপ্ৰাণিত হয়। আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প আপোনালোকৰ বাবে, আপোনালোকৰ ত্যাগ, বলিদান, পুৰুষাৰ্থৰ বাবেই আৰু অধিক শক্তিশালী হৈ উঠে। শেহতীয়াকৈ আপোনালোকৰ লগতে আপোনালোকৰ সতীৰ্থসকলে যি বীৰতা দেখুৱাইছে, সিয়েই সমগ্ৰ বিশ্ববাসীলৈ ভাৰতৰ শকতি কি সেই সম্পৰ্কে এক স্পষ্ট ছবি প্ৰেৰণ কৰিছে।

 

মই সমূখত মহিলা সেনাও লেখিবলৈ পাইছো। যুদ্ধক্ষেত্ৰত, দেশৰ সীমান্তত এনে এক দৃশ্যই নিজেই এক প্ৰেৰণাৰ স্ৰোত হিচাপে থিয় দিয়ে।

বন্ধুসকল, ৰাষ্ট্ৰকবি ৰামধাৰী সিঙ দিনকৰ জীয়ে লিখি থৈ গৈছে -

जिनके सिंहनाद से सहमीधरती रही अभी तक डोल।।

कलम, आज उनकी जय बोलकलम आज उनकी जय बोल।।

 

গতিকে মই আজি আপোনালোকক অভিনন্দন জনাবলৈ বিচাৰিছো। মই গালৱান উপত্যাকাত শ্বহীদ হোৱা দেশৰ বীৰপুত্ৰলৈ পুনৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। ইয়াত পূৱ-পশ্চিম-উত্তৰ-দক্ষিণ চৌদিশৰ পৰাই দেশৰ বীৰ জোৱানসকলে নিজৰ শৌৰ্য প্ৰদৰ্শন কৰিছিল। তেওঁলোকৰ পৰাক্ৰম, তেওঁলোকৰ সিংহনাদক ধৰিত্ৰীয়ে এতিয়াও জয়জয়কাৰ কৰি আছে। আজি প্ৰতিগৰাকী দেশবাসীয়ে আপোনালোকৰ সমূখত, আমাৰ দেশৰ বীৰ সৈনিকৰ সমূখত আদৰেৰে শিৰনত কৰি শ্ৰদ্ধা নিবেদন কৰে। আজি প্ৰতিগৰাকী ভাৰতীয়ৰে বুকু আপোনালোকৰ বীৰতা আৰু পৰাক্ৰমেৰে ফুলি উঠিছে।

বন্ধুসকল, সিন্ধুৰ আশীৰ্বাদেৰে এই ধৰিত্ৰী পুণ্য হৈছিল। বীৰ পুত্ৰৰ শৌৰ্য্য আৰু পৰাক্ৰমৰ গাথা দেশৰ প্ৰতিবিন্দুতে সমাহিত হৈ আছে। লেহ-লাডাখৰ পৰা আৰম্ভ কৰি কাৰ্গিল আৰু ছিয়াছিন পৰ্যন্ত, ৰিজাংগলাৰ বৰফাবৃত উপত্যাকাৰ পৰা গালৱান উপত্যাকাৰ হিমচেচা খৰস্ৰোতা নৈ পৰ্যন্ত, প্ৰতিটো উপত্যাকা, প্ৰতিটো পৰ্বতমালা, প্ৰতিখন পাহাৰে পৰ্বতে, শিলে বালিয়ে ভাৰতীয় সৈনিকৰ পৰাক্ৰমৰ বীৰগাথা লিখা আছে। 14 corps ৰ বীৰগাথা চৌপাশেই বিয়পি আছে। সমগ্ৰ বিশ্বই আপোনালোকৰ অদম্য সাহস দেখিছে, বুজিছে। আপোনালোকৰ শৌৰ্যগাথা ঘৰে ঘৰে এতিয়াও গুঞ্জৰিত হৈ আছে আৰু ভাৰতমাতাৰ শত্ৰুৱেও আপোনালোকৰ পৰাক্ৰম, আপোনালোকৰ বীৰগাথা দেখিছে।

বন্ধুসকল, লাডাখৰ এই সমগ্ৰ অঞ্চল, ভাৰতৰ শিৰোধান দেশৰ ১৩০ কোটি দেশবাসীৰেই মান-সন্মানৰ প্ৰতীক। এই ভূমি ভাৰতৰ বাবে সৰ্বস্ব ত্যাগ কৰিবৰ বাবে সদায়েই সাজু হৈ থকা দেশভক্তসকলৰ ভূমি। এই ভূমিয়েই কুশাকবকুলা ৰিনপোছেৰ দৰে মহান দেশভক্তৰ জন্ম দিছে। এই ৰিনপোচে জীৰ বাবেই এই ভূমিত শত্ৰুৰ কু-অভিসন্ধি ব্যৰ্থ হৈছিল। এই ৰিনপোচে জীৰ নেতৃত্বতেই এই ভূমিত নৈৰাজ্যবাদ সৃষ্টি কৰিবলৈ বিচৰা সকলো চেষ্টাৰ লাডাখৰ দেশভক্ত জনতাই ব্যৰ্থ কৰিছিল। এয়া আছিল তেওঁৰেই প্ৰয়াসৰ এক সুপৰিণাম যাৰ জৰিয়তে ভাৰতীয় সেনাই লাডাখ স্কাউট নামেৰে Infantry regiment গঠন কৰাৰ প্ৰেৰণা লাভ কৰিছিল। আজি লাডাখৰ লোকসকল প্ৰতিটো স্তৰতেই কৰ্মৰত হৈ আছে, সেয়া লাগিলে সেনাই হওঁক বা সাধাৰণ নাগৰিকৰ অন্যান্য কৰ্মই হওঁক, সকলোতে তেওঁলোক নিয়োজিত হৈছে, দেশক শক্তিশালী কৰি তোলাৰ বাবে তেওঁলোকে অদ্ভূত বৰঙণি যোগাই আছে।

বন্ধুসকল, আমাৰ তাত কোৱা হয় -

खड्गेन आक्रम्य वंदिता आक्रमण: पुणिया, वीर भोग्य वसुंधरा

 

অৰ্থাৎ বীৰে নিজৰ অস্ত্ৰৰ শকতিৰেই দেশক, মাতৃভূমিক ৰক্ষাৰ কৰে। এই ধৰিত্ৰী বীৰভোগ্যা, বীৰসকলৰ বাবে এই ভূমি। ইয়াৰ ৰক্ষা সুৰক্ষালৈ আমাৰ সমৰ্থন আৰু সামৰ্থ্য সদায়েই আছে, তাৰ বাবে আমাৰ সংকল্প হিমালয়ৰ সমান উচ্চ কৰি ৰাখিছো। এই সামৰ্থ্য আৰু এই সংকল্প, এতিয়া আপোনালোকৰ দুচকুত মই দেখিবলৈ পাইছো। আপোনালোকৰ মুখমণ্ডলতো সেই একেই ছবি পৰিস্ফূত হৈ পৰিছে। আপোনালোক সেই দেশৰে বীৰ পুৰুষ, যি দেশে যুগে যুগে ইয়াৰ আক্ৰমণকাৰীক, অত্যাচাৰক যোগ্য প্ৰত্যুত্তৰ দি আহিছে। এয়াই আমাৰ পৰিচয়, আমি তেনে নাগৰিক, যিয়ে বংশীধৰ শ্ৰীকৃষ্ণকৰ পূজা কৰো, আৰু সুদৰ্শন চক্ৰধাৰী কৃষ্ণকো আদৰ্শ হিচাপে জ্ঞান কৰো। এই প্ৰেৰণাৰেই প্ৰতিটো আক্ৰমণৰ পিছতেই ভাৰত আৰু অধিক শক্তিশালী ৰূপত থিয় হৈ আহিছে।

বন্ধুসকল, ৰাষ্ট্ৰৰ, বিশ্বৰ মানৱতাৰ প্ৰগতিৰ বাবে শান্তি আৰু মিত্ৰতা সকলোৱেই স্বীকাৰ কৰে, সকলোৱেই এই কথা মানি কয় যে এয়া অত্যন্ত জৰুৰী। কিন্তু আমি এই কথাও জানো যে শান্তিয়ে কেতিয়াও শক্তিহীন কৰিব নোৱাৰে। ঠিক তেনেদৰে দুৰ্বলীয়ে কেতিয়াও শান্তি আনিব নোৱাৰে। বীৰতাই শান্তিৰ পূৰ্ব চৰ্ত। ভাৰতে আজি জল, স্থল, বায়ু আৰু মহাকাশ সকলো দিশতে ইয়াৰ শক্তি বৃদ্ধি কৰিছে, আৰু ইয়াৰ অন্তৰালত আছে মানৱ কল্যাণৰ উদ্দেশ্য। ভাৰতে আজি অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিছে। বিশ্বৰ অতি শেহতীয়া তথা বিশ্বমানৰ প্ৰযুক্তি ভাৰতীয় সেনাৰ বাবে অনা হৈছে, আৰু ইয়াৰ অন্তৰালত থকা চিন্তাও এনেধৰণৰেই। ভাৰতে যদি আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণ ক্ষীপ্ৰতাৰে কৰিছে, তেন্তে ইয়াৰ অন্তৰালৰ বাৰ্তাও সেই একেই।

বিশ্বযুদ্ধৰ কথা যদিহে আমি মনত পেলাও তেন্তে বিশ্বযুদ্ধই হওঁক বা শান্তি বাৰ্তাই হওঁক, যেতিয়াই প্ৰয়োজন হৈছে তেতিয়াই বিশ্ববাসীয়ে আমাৰ বীৰ সেনানীৰ পৰাক্ৰম দেখিবলৈ পাইছে আৰু বিশ্ব শান্তিৰ বাবে কৰা প্ৰয়াসো দেখিবলৈ পাইছে। আমি সদায়েই মানৱতাৰ, মানৱীয়তাৰ ৰক্ষা আৰু সুৰক্ষাৰ বাবে কাম কৰি আহিছো, তাৰ বাবে জীৱন উছৰ্গা কৰিছো। আপোনালোক সকলোৱেই ভাৰতৰ এই লক্ষ্যক, এই পৰম্পৰাক, ভাৰতৰ এই মহান সংস্কৃতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা একো একোগৰাকী মহীয়ান নেতৃত্ব।

বন্ধুসকল, মহান সন্ত তিৰুবল্লুৱাৰ জী কেবা শ বছৰ পূৰ্বেই কৈ গৈছিল -

म्हारा माणमांड

बड़ी चेला कुटुम ये ना नानगे

ये मम पढ़ाई कहा

অৰ্থাৎ, শৌৰ্য্য, সন্মান, মৰ্যাদাপূৰ্ণ ব্যৱহাৰৰ পৰম্পৰা আৰু বিশ্বস্ততা, এই চাৰিগুণ যিকোনো দেশৰে সেনাৰ প্ৰতিবিম্ব। ভাৰতীয় সেনাই সদায়েই এই পথেৰেই অগ্ৰসৰ হৈছে।

বন্ধুসকল, সম্প্ৰসাৰণবাদৰ যুগ এতিয়া আৰু নাই, এই যুগ বিকাশবাদৰ যুগষ ক্ষীপ্ৰতাৰে সলনি হোৱা সময়ত কেৱল বিকাশবাদহে প্ৰাসঙ্গিক। কেৱল বিকাশবাদৰ বাবেহে হাতত সময় আছে আৰু বিকাশবাদেই ভৱিষ্যতৰো আধাৰ। বিগত শতিকাবোৰত সম্প্ৰসাৰণবাদেই বা বিস্তাৰবাদেই মানৱতাৰ আটাইতকৈ বেছি ক্ষতি কৰিছে, মানৱতা শেষ কৰাৰ প্ৰয়াস কৰিছে। বিস্তাৰবাদৰ মনোভাৱে যেতিয়া কাৰোবাক গ্ৰাস কৰে, তেতিয়া তেওঁ সদায়েই বিশ্বশান্তিৰ সমূখৰ সংকট সৃষ্টি কৰে।

মোৰ বন্ধুসকল, এই কথা আপোনালোকে কেতিয়াও নাপাহৰিব, ইতিহাস ইয়াৰ সাক্ষী হৈ আছে যে এনে শক্তি নষ্ট হৈ গৈছে অথবা শেষ হৈ যাবলৈ বাধ্য হৈ পৰিছে। বিশ্ববাসীৰ সদায়েই এয়াই অনুভৱ, এয়াই অভিজ্ঞতা থাকিল, আৰু সেই শক্তিৰেই বিস্তাৰবাদৰ বিৰুদ্ধে বিশ্ববাসীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি বিশ্ব বিকাশবাদৰ প্ৰতি সমৰ্পিত হৈছে আৰু বিকাশৰ মুক্ত আগ্ৰাসনক স্বাগতম জনাইছে।

 

বন্ধুসকল, যেতিয়াই মই দেশ ৰক্ষাৰ সৈতে জড়িত বিভিন্ন কথা চিন্তা কৰো তেতিয়াই মই সৰ্বপ্ৰথমে দুগৰাকী মাতৃৰ কথা স্মৰণ কৰো – প্ৰথমগৰাকী হৈছে আমাৰ সকলোৰে ভাৰত মাতা, আৰু আনগৰাকী হৈছে সেইগৰাকী বীৰ মাতা, যিয়ে দেশ ৰক্ষাৰ বাবে একোগৰাকী পৰাক্ৰমী যোদ্ধাৰ জন্ম দিছে, মই এই দুয়োগৰাকী মাতৃকেই স্মৰণ কৰো। মোৰ সিদ্ধান্তৰ ভেটিও সেয়াই। এই ভেটিৰে আগবাঢ়ি মই আপোনালোকৰ সন্মান, আপোনালোকৰ পৰিয়ালৰ সন্মান আৰু ভাৰত মাতাৰ সুৰক্ষাৰ সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰো।

সেনাবাহিনীৰ বাবে আধুনিক মাৰণাস্ত্ৰই হওঁক অথবা আপোনাৰ বাবে জৰুৰী সা-সামগ্ৰী বা আন্তঃগাঁথনিয়েই হওঁক এই আটাইবোৰ দিশৰ প্ৰতি আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিছো। এতিয়া দেশৰ সীমান্ত আন্তঃগাঁথনিৰ ওপৰত কৰা ব্যয়ৰ পৰিমাণ পূৰ্বতকৈ প্ৰায় তিনিগুণ বৃদ্ধি কৰা হৈছে। ইয়াৰ দ্বাৰা সীমান্ত এলেকাৰ উন্নয়ন আৰু সীমান্তত পথ নিৰ্মাণ, দলং নিৰ্মাণৰ কাম আদিত যথেষ্ট ক্ষীপ্ৰতা আহি পৰিছে। ইয়াৰ ফলত এটাই লাভ হৈছে যে এতিয়া আপোনালোকৰ কাষলৈ সামগ্ৰীসমূহ অতি কম সময়ৰ ভিতৰতে আহি পোৱাত সুবিধা হৈছে।

বন্ধুসকল, সেনা বাহিনীসমূহৰ মাজত সমন্বয় উন্নত কৰিবৰ বাবে দীৰ্ঘসময় ধৰি যি আশা আছিল যে প্ৰতিৰক্ষা মূৰব্বীৰ পদ সৃষ্টি, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণ, এক ৰেংক এক পেঞ্চনৰ সিদ্ধান্তৰ লগতে আপোনালোকৰ পৰিয়ালৰ কল্যাণৰ পৰা আৰম্ভ কৰি শিক্ষা প্ৰদানলৈ সকলোবোৰ ব্যৱস্থাৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি থকা হৈছে, আৰু এনেবোৰ দিশেই দেশৰ প্ৰতিটো প্ৰান্ততে থকা প্ৰতিটো স্তৰৰ সেনা বাহিনী আৰু সৈনিকসকলক মজবুত কৰি তুলিছে।

 

বন্ধুসকল, ভগৱান গৌতম বুদ্ধই কৈছিল,

সাহস সদায়েই প্ৰতিজ্ঞাবদ্ধতাৰ সৈতে জড়িত হৈ আহিছে, ঐকান্তিকতাৰ সৈতে জড়িত হৈ আহিছে। সাহসতেই আছে কৰুণা, সাহসতেই আছে ক্ষমা। সাহসেই হৈছে একমাত্ৰ কাৰক যিয়ে আমাক নিৰ্ভীক আৰু সতৰ্ক হৈ সত্যৰ পক্ষত থিয় হ’বলৈ শিকায়। সাহস সেয়াই, যিয়ে আমাক সঁচাক সঁচা বুলি ক’বলৈ আৰু সত্য কাম কৰিবলৈ শক্তি প্ৰদান কৰে।

 

বন্ধুসকল, দেশৰ বীৰ পুত্ৰসকলে গালৱান উপত্যাকাত যি অদম্য সাহস দেখুৱালে, সেয়াই পৰাক্ৰমৰ অনবদ্য নজিৰ। আপোনালোকক লৈ দেশ সদায়েই গৰ্বিত। আপোনালোকৰ লগতে আমাৰ আই্টিবিপিৰ জোৱানসকলেই হওঁক, বিএছএফ জোৱানসকলেই হওঁক, বা বিআৰঅ’ৱেই হওঁক অথবা আন সংগঠনৰ জোৱানসকলেই হওঁক, জটিল পৰিস্থিতিত কাম কৰি থকা অভিযন্তা সকলেই হওঁক, শ্ৰমিক সকলেই হওঁক, আপোনালোক সকলোৱেই অদ্ভূত ধৰণে কাম কৰি আছে। প্ৰতিগৰাকীয়েই হাতে হাত ধৰি ভাৰত মাতাৰ ৰক্ষাৰ বাবে মা ভাৰতীৰ সেৱাৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰি আছে।

 

আজি আপোনালোক সকলোৰে প্ৰয়াসেৰে দেশে বহু বিপদ-প্ৰত্যাহ্বানৰ বিৰুদ্ধে একেসময়তে দৃঢ়তাৰে যুঁজ অব্যাহত ৰাখিছে। আপোনালোক সকলোৰে পৰা প্ৰেৰণা লৈ আমি একত্ৰিত হৈ প্ৰতিটো প্ৰত্যাহ্বানৰ বিৰুদ্ধেই, জটিলতকৈও জটিল প্ৰত্যাহ্বানৰ বিৰুদ্ধে বিজয়ী হৈ থাকিম। যি ভাৰতৰ সমূখত, আৰু আমি সকলোৱে যিখন ভাৰতৰ সপোনক লৈ, বিশেষকৈ যি ভাৰতৰ স্বপ্ন বাস্তৱায়িত কৰিবৰ বাবে আপোনালোকে সীমান্তত এনেদৰে দেশ ৰক্ষা কৰি আছে, আমি সেই সপোনৰেই ভাৰতখন গঢ়িম। ১৩০ কোটি ভাৰতবাসীও পিছ পৰি নাথাকিব, এই কথা আজি মই আপোনালোকক প্ৰত্যয়েৰে কৈছো। আমি এক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়িম আৰু গঢ়িমেই। আৰু আপোনালোকৰ পৰা যেতিয়া প্ৰেৰণ পোৱা যায় তেতিয়া আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প আৰু অধিক শক্তিশালী হৈ উঠে।

 

মই পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো, ধন্যবাদ জনাইছো। মোৰ লগতে পূৰ্ণ শক্তিৰে কওঁক –

ভাৰত মাতা কী  - জয়

ভাৰত মাতা কী  - জয়

ভাৰত মাতা কী  - জয়

বন্দে মাতৰম - বন্দে মাতৰম - বন্দে মাতৰম

ধন্যবাদ

 

 

*****

VRRK/SH/BM/RD



(Release ID: 1655916) Visitor Counter : 413