প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মৰিচাচৰ উচ্চতম ন্যায়ালয়ৰ নতুন ভৱন যুটীয়াভাৱে উদ্বোধন কৰিলে শ্রী নৰেন্দ্ৰ মোদী আৰু শ্রী প্ৰবীন্দ যুগনাথে

Posted On: 30 JUL 2020 1:14PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আৰু মৰিচাচৰ প্ৰধানমন্ত্রী শ্রী প্ৰবীন্দ যুগনাথে আজি ভিডিঅ’ কনফাৰেন্সযোগে যুটীয়াভাৱে মৰিচাচ উচ্চতম ন্যায়ালয়ৰ নতুন ভৱন উদ্বোধন কৰে৷ ৰাজধানী প’র্ট লুইত ক’ভিড মহামাৰীৰ পাছত ভাৰতৰ সহযোগিতাত এয়া প্ৰথম আন্তঃগাঁথনিমূলক উন্নয়ন আঁচনিৰ অধীনৰ উদ্বোধন অনুষ্ঠান৷ ভাৰত চৰকাৰে আগবঢ়োৱা ২,৮১,২০,০০০ মার্কিন ডলাৰৰ মূল্যৰ ধনেৰে এই ভৱনটো নির্মিত হৈছে৷ প্ৰধানমন্ত্রী শ্রী মোদীয়ে এই উপলক্ষে আয়োজিত অনুষ্ঠানত জনায় যে ভাৰতৰ উন্নয়নমূলক সহযোগিতাৰ মূল দর্শন , মানৱকেন্দ্রিক প্ৰচেষ্টা৷ ভাৰত আৰু মৰিচাচৰ মাজত মানৱকেন্দ্রিক উন্নয়নমূলক প্ৰকল্পসমূহে দুয়োখন দেশৰ নিবিড় সম্পর্কক আৰু অধিক মজবুত কৰিছে। প্ৰধানমন্ত্রীয়ে কয় যে মৰিচাচৰ নতুন এই উচ্চতম ন্যায়ালয় ভৱনটো আধুনিক নক্সাৰে নির্মিত। মৰিচাচৰ ন্যায় ব্যৱস্থাৰ সৈতে সংগতি ৰাখি ইয়াত সকলো ধৰণৰ অত্যাধুনিক ব্যৱস্থাৰ ব্যৱস্থা কৰা হৈছে। এই ভৱনটো দুয়োখন দেশৰ মূল্যবোধৰ প্ৰতিফলন৷ এই প্ৰসংত তেওঁ কয় যে নির্দিষ্ট সময়ৰ ভিতৰত নির্ধাৰিত ব্যয়তকৈ কম টকাৰে এই ভৱনটো নির্মাণ সম্পূৰ্ণ হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সহযোগিতামূলক অংশীদাৰিত্বৰ যি প্ৰচেষ্টা ভাৰত লৈছে, তাৰ মূলতে আছে মৰিচাচৰ সৈতে উন্নয়নমূলক সহযোগিতা। তেওঁ লগতে কয় যে সহযোগিতামূলক উন্নয়নত ভাৰতে কেতিয়াবা ৰাজনৈতিক বা বাণিজ্যিক দিশ বিবেচনা কৰি কোনো চর্ত আৰোপ নকৰে৷ ভাৰতৰ সহযোগিতামূলক উন্নয়নৰ মূল নীতি -আমাৰ অংশীদাৰিত্বক সন্মান দিয়া আৰু বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰা যি শিক্ষা আমি লাভ কৰো, সেয়া সকলোৰে মাজত ভগাই লও৷ এই প্ৰসংগত তেওঁ কয় যে ভাৰতত উন্নয়নমূলক সহযোগিতাসন্মান’, ‘বৈচিত্র্য’, ‘ভৱিষ্যতৰ প্ৰতি যত্নপৰ হোৱাআৰুসুস্থিৰ উন্নয়ন ওপৰত প্ৰতিষ্ঠিত৷

মৰিচাচৰ জনসাধাৰণৰ সাফল্যত ভাৰতে গৌৰৱবোধ কৰে বুলি প্ৰধানমন্ত্রীয়ে সদৰি কৰে৷ দুয়োকন দেশৰ মাজত সহযোগিতাই অনাগত দিনত   উচ্চতাৰ নতুন শিখৰত উপনীত হ’ব বুলি তেওঁ দৃঢ়তাৰে কয়৷

মৰিচাচৰ প্ৰধানমন্ত্রী শ্রী যুগনাথে এই প্ৰকল্পত ভাৰতৰ সহযোগিতাৰ বাবে ধন্যবাদ জনায়৷ ইয়াৰ মাজেৰে দুয়োখন দেশৰ সৌহার্দ্য আৰু সহযোগিতা প্ৰতিফলিত হৈছে৷ ভাৰতৰ সহযোগিতাত উচ্চতম ন্যায়ালয় ভৱনৰ নির্মাণে এটা যুগৰ সূচনা কৰিলে৷ মৰিচাচত আন্তঃগাঁথনিমূলক আধুনিকীকৰণ ইয়াৰ মাজেৰে প্ৰতিফলিত হৈছে৷ ইয়াৰ ফলত মৰিচাচৰ ন্যায় ব্যৱস্থা আৰু অধিক দক্ষ, আয়ত্বাধীন আৰু সমন্বিত হৈ উঠিব৷

অঞ্চলটোৰ সকলোৰে বাবে নিৰাপত্তা আৰু উন্নয়ন অর্থাসাগৰপ্ৰকল্পৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ নতুন ভৱন নির্মাণ হৈছে৷ ভৱিষ্যতে মৰিচাচ আৰু ভাৰতৰ মাজত সহযোগিতা আৰু অধিক সুদৃঢ় কৰাৰ বাবে আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ প্ৰতি ভাৰতৰ অংগীকাৰৰ প্ৰতিফলনেই হৈছে এইসাগৰকাৰ্যসূচী৷

***

VRRK/AP/AM/AK/DB



(Release ID: 1655577) Visitor Counter : 158