প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 15 JUL 2020 12:04PM by PIB Guwahati

নমস্কাৰ!

নমস্কাৰ মোৰ বন্ধুসকল,

বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে উপস্থিত নবীন বন্ধুসকলক বহুত বহুত শুভকামনা জনাইছো৷

আজিৰ এই দিনটো আপোনালোকৰ দক্ষতা, আপোনালোকৰ কর্মতপৰতাৰ নামত উচৰ্গিত৷ একবিংশ শতিকাৰ যুৱকসকলৰ বাবে, এই শতিকাত যিসকলৰ জন্ম হৈছে, তেওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল তেওঁলোকৰ দক্ষতা, তেওঁলোকৰ দক্ষতা অর্জনৰ ক্ষমতা৷

বন্ধুসকল,

ক’ৰোনাৰ এই সংকটে বিশ্ব সংস্কৃতিৰ লগতে কামৰ প্ৰকৃতিও সলনি কৰিছে। পৰিৱর্তিত নিত্যনতুন প্ৰযুক্তিয়েও ইয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে৷ নতুন কর্মসংস্কৃতি তথা নতুন কামৰ প্ৰকৃতি দেখি আমাৰ নৱ প্ৰজন্মও দ্রুতগতিত নতুন নতুন প্ৰযুক্তিৰ প্ৰতি অভ্যস্ত হৈ পৰিছে৷

সাধাৰণতে বন্ধুসকল, বহুতে মোক প্ৰশ্ন কৰে যে বৰ্তমানৰ এই সময়ত ব্যৱসায় আৰু বাণিজ্য ইমান দ্রুত পৰিৱর্তন হৈছে যে বুজি পোৱা নাই, কিদৰে সময়ৰ সৈতে সুৰ মিলাই চলিম৷ ক’ৰোনাৰ এই সময়ত এই প্ৰশ্ন আৰু অধিক গুৰুত্বপূর্ণ হৈ পৰিছে৷

বন্ধুসকল,

মই ইয়াৰ উত্তৰ এটাই দিও৷ প্ৰাসংগিক হৈ থকাৰ এটাই মন্ত্ৰ, সেয়া হৈছে-স্কিল’, ‘ৰিস্কিলআৰুআপস্কিলঅর্থা, দক্ষতা, পুনৰ দক্ষতা আৰু  দক্ষতাৰ উন্নহয়ন৷ দক্ষতা মানে হ’ল আপোনালোকে কোনো নতুন কিবা এটা শিকা৷ যেনে আপুনি যদি কাঠৰ এটা টুকৰাৰ পৰা চকী বনাবলৈ শিকে,  সেয়া আপোনাৰ শিল্প দক্ষতা। আপুনি কাঠৰ সেই টুকৰাটোৰ দাম বঢ়াই দিলে, মূল্য সংযোজন কৰিলে৷ কিন্তু এই দাম বজাই ৰখা আৰু বৃদ্ধিৰ বাবে নতুন নতুন নক্সা, নতুন শিল্প; অর্থা, সদায় কিবা নহয় কিবা নতুন যোগ দিব লাগিব৷ সেইবাবে নতুন নতুন বস্তু শিকিব লাগিব৷ কিবা এটা নতুন শিকা মানেই হ’ল পুনৰ দক্ষতা। আমাৰ যি দক্ষতা আছে তাক আৰু অধিক বিস্তৃত কৰা, যেনে সৰু সৰু আচ-বাব বনাই বনাই আপোনালোকে যি শিকিলে, তাৰ জৰিয়তে এয়া সমগ্ৰ অফিচৰ নক্সা গঢ় দিলে সেয়াই হ’ল দক্ষতাৰ উন্নহয়ন৷স্কিল’, ‘ৰিস্কিলআৰুআপস্কিল’-ইয়াৰ এই মন্ত্ৰ জানি-বুজি লোৱা আৰু ইয়াক পালন কৰা আমাৰ সকলোৰে জীৱনত অতি গুৰুত্বপূর্ণ৷

সাধাৰণতে যেতিয়া মই দক্ষতাৰ কথা কও তেতিয়া মোৰ এজন পূর্ব পৰিচিত লোকৰ কথালৈ মনত পৰে৷ তেওঁক মই মুখামুখিকৈ দেখা নাই৷ কিন্তু মোৰ এজন পৰিচিত ব্যক্তিয়ে তেওঁৰ বিষয়ে বহুবাৰ কৈছিল৷ তেওঁ বৰ বিশেষ লিখা-পড়া নাজানিছিল, কিন্তু তেওঁৰ হাতৰ আখৰ যথেষ্ট ভাল আছিল। সময়ৰ লগে লগে তেওঁ তেওঁৰ হাতৰ আখৰত আৰু নতুন নতুন ষ্টাইল যুক্ত কৰে৷ অর্থা, তেওঁ পুনৰ দক্ষ হৈ উঠে৷ তেওঁৰ এই দক্ষতা দেখি বহুতে বিচাৰি বিচাৰি তেওঁৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰে৷ কোনোবাই ক’লে মোৰ ধৰ এই বিশেষ অনুষ্ঠান আছে, তাৰ নিমন্ত্ৰণীপত্রত আপুনি এই ধৰণেৰে লিখি দিয়ক৷ এনেদৰে লিখোতে লিখোতে ক্ৰমে তেওঁ আৰু কিছু ভাষা শিকি ল’লে আৰু সেই ভাষাসমূহতো তেওঁ বিভিন্ন ষ্টাইলত লিখিবলৈ আৰম্ভ কৰে৷ এইদৰে দক্ষতা উন্নহয়নৰ জৰিয়তে তেওঁৰ ব্যৱসায় দোপত দোপে আগবাঢ়িল৷ তেওঁক ক’লৈকো যাবলগীয়া নহ’ল৷ মানুহে তেওঁৰ ওচৰলৈ পালে পালে আহে৷ এতিয়া চাওক তেওঁৰ চখৰ এক দক্ষতা ক্ৰমে কিদৰে তেওঁৰ পৰৱর্তী সময়ত সন্মানৰ বিষয় হৈ পৰিল৷

বন্ধুসকল,

দক্ষতা এনে এটা বিষয় যি আমি নিজক উপহাৰ দিব পাৰো আৰু অভিজ্ঞতাৰ সৈতে যি বৃদ্ধি হৈ থাকে। দক্ষতা সময়ৰ ঊর্ধ্বত চলি যায়। যিমানে সময় বাগৰিব, দক্ষতা সিমানে বৃদ্ধি পাব৷ দক্ষতা অভিনৱ, যি আপোনাক আনৰ পৰা পৃথক কৰে৷ দক্ষতা মূল্যবান সম্পদ-যি কেতিয়াও আপোনাৰৰ পৰা লৈ যা নোৱাৰে৷ দক্ষতা হ’ল আত্মনির্ভৰতা, এয়া কেৱল আপোনাক ৰোজগাৰেই নিদিয়ে, আপুনি আনকো ৰোজগাৰ দিব পাৰে, তেনে পৰ্যায়ত আপোনাক উপনীত কৰে৷ দক্ষতাৰ এই শক্তিয়ে মানুহক ক’ৰবাৰ পৰা ক’ৰবালৈ লৈ যাব পাৰে৷

বন্ধুসকল,

এজন সফল ব্যক্তিৰ আটাইতকৈ ডাঙৰ পৰিচয় হ’ল, তেওঁ কেতিয়াও দক্ষতা উন্নহয়নৰ কোনো সুযোগ এৰি নিদিয়ে৷ কেৱল ইমানেই নহয়, সন্ধানত থাকে, সুযোগ বিচাৰি থাকে৷ আপোনাৰ মনত যদি দক্ষতাৰ প্ৰতি কোনো আকর্ষণ নাথাকে, যদি নতুন কিবা এটা শিকাৰ আগ্ৰহ নাথাকে, তেতিয়াহ’লে জীৱন স্থবিৰ হৈ যায়। ক’ৰবাত আৱদ্ধ হৈ যোৱাৰ অনুভৱ হয়। সেই ব্যক্তি, নিজৰ ব্যক্তিত্বক এক বোজাত পৰিণত কৰে৷ কেৱল নিজৰ বাবেই নহয়, তেওঁৰ আপোনজনৰ বাবেও বোজা হৈ পৰে৷ আনহাতে, দক্ষতাৰ প্ৰতি আকর্ষণ, জীয়াই থকাৰ শক্তি আৰু সাহ যোগায়। দক্ষতা কেৱল ধন উপাৰ্জনৰ উপায় নহয়। জীৱনে উদ্দীপনা বিচাৰে, সাহ বিচাৰে, জীয়াই থকাৰ জেদ বিচাৰে, তেতিয়া দক্ষতা আমাৰ চালিকাশক্তি হৈ উঠিব, আমাৰ বাবে নতুন প্রেৰণা লৈ আহিব, প্রাণশক্তিৰ ইন্ধন হৈ উঠিব৷ বয়স যিয়েি নহওক কিয়, যুৱক হওক বা জ্যেষ্ঠ ব্যক্তি, যদি আপোনাৰ মাজত নতুন নতুন দক্ষতা অৰ্জনৰ স্পৃহা থাকে তেতিয়াহ’লে জীৱনৰ প্ৰতি সাহ কেতিয়াও কমি নাযায়৷

বন্ধুসকল,

 

দক্ষতাৰ শক্তি কিমান, ইয়াৰ সৈতে জড়িত প্ৰত্যকৰে সেই সম্পর্কে অভিজ্ঞতা আছে। আজি যেতিয়া আপোনালোকৰ সৈতে কথা হৈছে মোৰো এক পুৰণি ঘটনা মনত পৰিছে। এটি তেতিয়াৰ কথা, যেতিয়া মই যুৱক অৱস্থাত জনজাতি এলেকাত এজন স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিলো৷ একিধাক সংস্থাৰ সৈতে মিলি কাম কৰিবলগীয়া হৈছিল৷ তেতিয়া এবাৰ এটা সংস্থাৰ সৈতে ক’ৰবালৈ জীপত পিছপৰা অঞ্চললৈ গৈছিলো৷ কিন্তু সেই জীপখন পুৱা যেতিয়া বাহিৰ হোৱাৰ কথা আছিল, তেতিয়া ওলোৱা নাছিল৷ তাৰপাছত আমি সেই জংঘলত ঘুৰিছিলো৷ জিপখনৰ অৱস্থা বৰ ভাল নাছিল৷ মাজে মাজে সকলোৱে নামি ধাক্কা মাৰিবলগীয়া হৈছিল৷ তাৰপাছত এটা ঠাইত গৈ গাড়ীখন ৰৈ গ’ল৷ ধাক্কা মাৰিও আৰু লাভ নহ’ল৷ এনেদৰে কৰি কৰি যেতিয়া ৰাতি -৮টা বাজি গ’ল, তেতিয়া এজন মেকানিকক পালো৷ তেওঁ আহি অলপ ইটো-সিটো চালে তাৰপাছত দুই মিনিটতে ঠিক কৰি দিলে৷ তেওঁক যেতিয়া সুধিলো, কেইটকা হ’ল? তেওঁ ক’লে ২০ টকা৷ সেই সময়ত ২০ টকাৰ বহুত দাম আছিল। তেতিয়া মোৰ এজন বন্ধুৱে ক’লে, আৰে ভাই, দুই মিনিটৰ কাম আৰ তুমি ২০ টকা বিচাৰিছো৷ তেতিয়া সেই মেকানিক যি উত্তৰ দিলে, সেইটোৱে আজিও মোক প্রেৰণা যোগায়, মোৰ মনত প্ৰভাৱ সৃষ্টি কৰে৷ সেই অশিক্ষিত মেকানিকগৰাকীয়ে কৈছিল, চাহেব মই দুই মিনিটৰ বাবে ২০ টকা লোৱা নাই৷ ২০ বছৰ ধৰি কাম কৰি নিজকে ঘহি-পিহি যে দক্ষতা অৰ্জন কৰিছো, যি অভিজ্ঞতা মোৰ হৈছে, তাৰ মূল্য এই ২০ টকা৷ মই বুজিব পাৰিলো এয়াই হ’ল দক্ষতাৰ শক্তি। দক্ষতা কেৱল আপোনাৰ কামতে নহয়, আপোনাৰ প্ৰতিভা, ব্যক্তিত্বক প্রেৰণা যোগায়৷

বন্ধুসকল,

ইয়াত আন এটা বস্তু বুজাটো খুব প্ৰয়োজন। বহুতৰ মনত জ্ঞান আৰু দক্ষতাক লৈ সকলো সময়তে ভ্রান্তি থাকে, অথবা তেওঁ আনক বিভ্রান্ত কৰে৷ এনে মানুহৰ মই সকলো সময়তে এটা সৰু উদাহৰণ দিও৷ আপোনালোকে কিতাপত পঢ়িব পাৰে, ইউটিউবত ভিডিঅ’ চাব পাৰেন যে চাইকেল কিদৰে চলাব লাগে,, চাইকেলত কিদৰে বহিব লাগে, কিদৰে চাব লাগে, কোন কোন কলকব্জাই কিদৰে কাম কৰে, কিদৰে হেণ্ডেল ধৰিব লাগে, কিদৰে ব্রেক মাৰিব লাগে ইত্যাদি সকলো সেই ভিডিঅ’ত থাকে৷ এইবোৰ হ’ল আপোনাৰ জ্ঞান। কিন্তু আপোনাৰ এই জ্ঞান থাকিলে যে আপুনি চাইকেল চলাব পাৰিব তাৰ কোনো গেৰাণ্টি নাই। বাস্তৱত যেতিয়া চাইকেল চলাবলগীয়া হয়, তেতিয়া দক্ষতাৰ প্ৰয়োজন হয়-যা শিকি শিকি, ধীৰে ধীৰে আহৰণ কৰিবলগীয়া হয়। তাৰপাছত আপুনি ভালদৰে চাইকেল চলাই আনন্দ পায়, নিশ্চিন্তে চলাব পাৰে - কোনো অসুবিধা নহয়৷

বন্ধুসকল,

বৰ্তমানৰ দ্রুত পৰিৱর্তনশীল পৃথিৱীত বহু ক্ষেত্রত লাখ লাখ দক্ষ মানুহৰ প্ৰয়োজন আছে। বিশেষকৈ, স্বাস্থ্য সেৱাৰ ক্ষেত্রত ইয়াৰ সম্ভাৱনা বহুত বেছি৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া আমাৰ কৌশল বিকাশ মন্ত্ৰালয়ে সমগ্ৰ পৃথিৱীত গঢ়ি উঠা এই সুযোগৰ মেপিং আৰম্ভ কৰিছে৷ অন্যান্য দেশত ভাৰতৰ প্ৰশিক্ষিত, দক্ষতা-সম্পন্ন যুৱক-যুৱতীসকলে যাতে কাম পায়, সেইবাবে সেইবোৰ দেশৰ প্ৰয়োজন সম্পর্কে সঠিক তথ্য সংগ্ৰহণ কৰাটোৱেই ইয়াৰ উদ্দেশ্য। কোন কোন দেশে স্বাস্থ্য সেৱাত নতুন নতুন দুৱাৰ মুকলি কৰিছে, কোন দেশত কোন সেৱাৰ ক্ষেত্রত ইয়াৰ চাহিদা বৃদ্ধি পাইছে-সেইবোৰ তথ্য এতিয়া ভাৰতৰ যুৱক-যুৱতীসকলে দ্রুতগতিত লাভ কৰিব৷

যেনে এতিয়া মার্চেন্ট নেভীতে ভাৰতসহ সমগ্ৰ বিশ্বত বহুত নাৱিকৰ প্ৰয়োজন হ’ব। আমাৰ ,৫০০ কিলোমিটাৰ দীর্ঘ সমুদ্ৰ উপকূল আছে। আমাৰ বৃহ সংখ্যক যুৱ সম্প্ৰদায় সমুদ্ৰ আৰু উকূলৱর্তী পৰিস্থিতি সম্পর্কে ভালদৰে জানে৷ যদি এই ক্ষেত্রত দক্ষতা বিকাশ কৰিব পৰা যায়, তেতিয়া হ’লে আমি সমগ্ৰ পৃথিৱীৰ বাণিজ্যিক জাহাজ পৰিবহণ ব্যৱস্থাৰ বাবে আন্তর্জাতিক মানৰ লাখ লাখ দক্ষ নাবিক প্ৰেৰণ কৰিব পাৰিম৷ আমাৰ দেশৰ সমুদ্ৰ উপকূল অর্থনীতিও শক্তিশালী হৈ উঠিব৷

মেপিং-ইয়াৰ কাৰণে এতিয়া এই ধৰণৰ তথ্য যোগান ধৰা আৰু সহজ হৈ উঠিব। তদুপৰি, - দিন আগতে দেশত শ্ৰমিকসকলৰ দক্ষতা মেপিং-ইয়াৰ এটা প’র্টেলও আৰম্ভ কৰা হৈছে৷ এই প’ৰ্টেল দক্ষ শ্ৰমিকসকলৰ মেপিং কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ ইয়াৰ জৰিয়তে এটা ক্লিকতে দক্ষতা মেপিং কৰা শ্ৰমিকসকলৰ প্রফাইল লাভ কৰিব৷ বিশেষকৈ, যিসকল শ্ৰমিকে সম্প্ৰতি চহৰবোৰৰ পৰা নিজৰ গাঁৱলৈ ঘুৰি গৈছে, তেওঁলোকৰ ক্ষেত্রতো এইটো বহুত লাভজনক প’ৰ্টেল হৈ উঠিব৷ ইয়াৰ মাজতে আপোনালোকে হয়তো দেখিছে, কিদৰে এক বিশেষ ধৰঁৰ দক্ষতাসম্পন্ন শ্ৰমিকসকলে, যিসকলে গাঁৱত পাইছেগৈ, তেওঁলোকৰ নিজৰ গাঁও বা গাঁৱৰ কাষত কর্মসংস্থাপনৰ সুযোগ গঢ়ি তোলা হৈছে। কোনোৱাই স্কুলঘৰ ৰং কৰিছে, কোনোবাই নতুন নক্সাৰ ঘৰ নিৰ্মাণ কৰিছে৷ বিভিন্ন ধৰণৰ এই দক্ষতাই আত্মনির্ভৰ ভাৰতৰ বাবেও বহুত ডাঙৰ শক্তি হিচাপে প্ৰতিপন্ন হ’ব৷

মই দেশৰ যুৱ সম্প্ৰদায়ক বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে পুনৰবাৰ বহুত বহুত শুভকামনা জনাইছো৷

এতিয়া বিশ্বব্যাপী মহামাৰীৰ এই সময়ে এয়া মোৰ কর্তব্য বুলি ভাবি মই বাৰে বাৰে এই কথাকে কৈ আহিছো৷ মই বিচাৰো কেৱল মই নহয়, আপোনালোকেও বাৰে বাৰে কওক৷ সেইটো কি? মই বিচাৰো সকলোৱে আগতে সুস্থ থাকক৷ দ্বিতীয়তে, দুই গজ দূৰত্ব পালন কৰক৷ মাস্ক পিন্ধা বা গামোছাৰে নাক-মুখ ঢাকি ৰখাৰ কথা পাহৰি নাযাব৷ কোনোবাই পাহৰিলে তেওঁলোককো বুজাওক আৰু যু কামৰ বাবে আজি আমি একত্রিত হৈছো, সেই মন্ত্ৰক সকলো সময়ত মনত ৰাখিব৷ যিমানে লিখাপঢ়া নিশিকক কিয়, যিমানেই ডিগ্রীই লাভ নকৰক কিয়, আপোনালোকে নিৰন্তৰ দক্ষতা অর্জনৰ জৰিয়তে আগুৱাই যাব লাগিব৷ নিৰন্তৰ নতুন নতুন দক্ষতাৰ বাবে নিজক প্ৰস্তু কৰি ৰাখিব লাগিব। তেতিয়াহে জীয়াই থকাৰ আনন্দক উপভোগ কৰিব পাৰিব৷ জীৱনত নতুন নতুন সুযোগ পোৱাৰ আনন্দ লাভ কৰিব৷ মোৰ দৃঢ় বিশ্বাস, আপোনালোকে নিজৰ হাতৰ শক্তি, আঙুলিৰ শক্তি, আপোনাৰ মগজু আৰু অন্তৰৰ শক্তি এক বিশেষ দক্ষতাৰ জৰিয়তে অংকুৰিত কৰি তুলিব আৰু তাক ডাঙৰ কৰি তুলিব৷ এইদৰেই নিজৰ লগতে দেশৰো উন্নতি কৰিবলৈ সক্ষম হ’ব৷

আপোনালোক সকলোকে বহুত শুভকামনা জনাইছো৷

বহুত বহুত ধন্যবাদ৷

*****

VRRK/SH/BM/DB


(रिलीज़ आईडी: 1655575) आगंतुक पटल : 312
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam