প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আনলক ১.০ ৰ পৰৱৰ্তী পৰিস্থিতিৰ পৰ্যালোচনাৰ অৰ্থে মুখ্যমন্ত্ৰীসকলেৰে প্ৰধানমন্ত্ৰীৰ দ্বিতীয়লানি মত-বিনিময়

সম্প্ৰসাৰণৰ অবিৰাম প্ৰচেষ্টাৰে বৰ্তমানে থকা টেষ্টিং ক্ষমতাক সম্পূৰ্ণৰূপে অৱশ্যেই ব্যৱহাৰ কৰিব লাগেঃ প্ৰধানমন্ত্ৰী

ভাইৰাছটোৰপৰা অধিক সংখ্যকৰ আৰোগ্য লাভৰ উল্লেখেৰে আমি অৱশ্যেই ভীতি আৰু ঘৃণাৰ বিৰুদ্ধে যুঁজ দিয়া উচিতঃ প্ৰধানমন্ত্ৰী

লকডাউনৰ সময়ছোৱাত জনতাই প্ৰদৰ্শন কৰা নিয়মানুৱৰ্তিতাই ক’ভিড-১৯ৰ অস্বাভাৱিক সংক্ৰমণক বাধাগ্ৰস্ত কৰিলেঃ প্ৰধানমন্ত্ৰী

আমি লকডাউনৰ উৰা বাতৰিৰ বিৰুদ্ধে যুঁজ দিব আৰু আনলক ২.০ ৰ বাবে পৰিকল্পনা কৰিব লাগেঃ প্ৰধানমন্ত্ৰী

স্বাস্থ্য আন্তঃগাঁথনি সবল আৰু সজাগতা সৃষ্টিৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থাৰ সৱিশেষ উল্লেখেৰে মুখ্যমন্ত্ৰীসকলে আগবঢ়ালে মতামত

Posted On: 17 JUN 2020 5:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আজি মুখ্যমন্ত্ৰীসকলেৰে দুদিনীয়া মত-বিনিময়ৰ দ্বিতীয় খণ্ডত অংশগ্ৰহণ কৰি আনলক ১.০ ৰ পৰৱৰ্তী পৰিস্থিতি আৰু ক’ভিড-১৯ মহামাৰীটোক অতিক্ৰম কৰিবলৈ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেতবোৰ বৃহৎ ৰাজ্য আৰু মহানগৰত ভাইৰাছটোৰ সংক্ৰমণৰ প্ৰকোপ চৰিছে। জনসংখ্যাৰ অধিক ঘনত্ব, শাৰীৰিক দূৰত্ব বজাই ৰখাত অসুবিধা আৰু দৈনিক গৰিষ্ঠ সংখ্যক লোকৰ আহ-যাহে পৰিস্থিতি প্ৰত্যাহ্বানমূলক কৰি তুলিছে যদিও নাগৰিকৰ অংশগ্ৰহণ, প্ৰশাসনৰ তৎপৰতা আৰু ক’ৰোনা যোদ্ধাসকলৰ সমৰ্পণে সংক্ৰমণক নিয়ন্ত্ৰণাধীন কৰি ৰাখিছে। সময়োচিত ট্ৰেচিং, ট্ৰিটমেন্ট আৰু ৰিপ’ৰ্টিঙে আৰোগ্য লাভৰ সংখ্যা বৃদ্ধি কৰিছে, তেখেতে কয়। তেখেতে লগতে কয় যে লকডাউনৰ সময়ছোৱাত জনসাধাৰণে প্ৰদৰ্শন কৰা নিয়মানুৱৰ্তিতাই ভাইৰাছটোৰ অতিমাত্ৰা বৃদ্ধি প্ৰতিহত কৰিলে।

স্বাস্থ্য আন্তঃগাঁথনিৰ অগ্ৰগতি

প্ৰত্যাহ্বানটোৰে মোকাবিলা কৰিবলৈ উত্তম স্বাস্থ্য় আন্তঃগাঁথনি আৰু প্ৰশিক্ষণপ্ৰাপ্ত মেনপাৱাৰ থকাৰ কথা প্ৰধানমন্ত্ৰীয়ে সদৰী কৰে। তেখেতে পিপিই, মাস্কৰ ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি পোৱাৰ কথা সদৰী কৰি যথোচিত পৰিমাণৰ ডায়েগনিষ্টিক কিট মজুত থকা তথা পিএম কেয়াৰ্ছ ফাণ্ড ব্যৱহাৰেৰে মেড ইন ইণ্ডিয়া ভেন্টিলেটৰৰ যোগান, টেষ্টিং লেবৰ উপলব্ধতা, লাখ-লাখ ক’ভিড স্পেচিয়েল বেড, হাজাৰ-হাজাৰ আইছ’লেশ্যন আৰু কোৱাৰেন্টাইন চেন্টাৰ আৰু প্ৰশিক্ষণৰ জৰিয়তে পৰ্যাপ্ত মানৱ সম্পদ গঢ়ি তোলাৰ কথা ব্যক্ত কৰে। তেখেতে স্বাস্থ্য আন্তঃগাঁথনি, তথ্য প্ৰণালী, আৱেগিক সমৰ্থন আৰু ৰাইজৰ অংশগ্ৰহণত নিৰৱচ্ছিন্ন গুৰুত্ব আৰোপৰ প্ৰয়োজনীয়তাৰ কথা সদৰী কৰে।

প্ৰভাৱিত হোৱা লোকসকলক ক্ষীপ্ৰতাৰে ট্ৰেচ, ট্ৰেক আৰু আইছ’লেশ্যনৰ অৰ্থে টেষ্টিঙৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। সম্প্ৰসাৰণৰ অবিৰাম প্ৰচেষ্টাৰে বৰ্তমানে থকা টেষ্টিং ক্ষমতাৰ পূৰ্ণ ব্যৱহাৰ কৰিব লাগে, তেখেতে কয়। তেখেতে টেলিমেডিচিনৰ লাভা-লাভৰ কথা উল্লেখ কৰে আৰু ইয়াৰ জৰিয়তে পীড়িতসকলক তত্ত্বাৱধান আৰু সজাগ কৰিব পৰাকৈ জ্যেষ্ঠ চিকিৎসকসকলৰ এটা বৃহৎ টীম গঠনৰ প্ৰয়োজনীয়তাৰ কথা সদৰী কৰে। তদুপৰি তেখেতে হেল্পলাইনসমূহৰ জৰিয়তে সময়োচিত আৰু সঠিক তথ্যৰ প্ৰচাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে আৰু এই হেল্পলাইনসমূহ ফলপ্ৰসূতাৰে চালিত কৰিবলৈ যুৱ স্বেচ্ছাসেৱকসকলৰ এটা টীম গঠনৰ প্ৰয়োজনীয়তাৰ কথা সদৰী কৰে।

ভীতি আৰু ঘৃণাৰ বিৰুদ্ধে যুঁজ

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যিসমূহ ৰাজ্যৰ গৰিষ্ঠসংখ্যক জনাসাধাৰণে আৰোগ্য সেতু এপ ডাউনল’ড কৰি লৈছে, তেওঁলোকে ইতিবাচক ফল লাভ কৰিবলৈ সক্ষম হৈছে। এই এপটো অধিক সংখ্যক লোকে লাভ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে, তেখেতে কয়। তেখেতে তদুপৰি ভাইৰাছটোৰ বিৰুদ্ধে যুঁজখনত আৱেগিক দৃষ্টিকোণ, এই ভাইৰাছটোক দমন আৰু আৰোগ্য লাভেৰে যিসকল গৰিষ্ঠ সংখ্যক লোকে আৰোগ্য লাভ কৰিছে তেওঁলোক সন্দৰ্ভত জনসাধাৰণক অৱগত কৰি ভীতি আৰু ঘৃণা দূৰীকৰণ সন্দৰ্ভত কয়। আমাৰ ক’ৰোনা যোদ্ধা, চিকিৎসক আৰু হেল্থ কেয়াৰ কৰ্মীসকলক সহায় আৰু সমৰ্থন কৰি যোৱাৰ বিষয়টোত সকলোৱে অগ্ৰাধিকাৰ প্ৰদান কৰা উচিত। তেখেতে লগতে কয় যে এই যুঁজখনত জনতাৰ অংশগ্ৰহণ নিতান্তই আৱশ্যকীয় আৰু মাস্ক, ফেচ ক’ভাৰৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ জনতাক অবিৰতভাৱে সজাগ কৰাটো বাঞ্চনীয়।

মুখ্যমন্ত্ৰীসকলৰ বক্তব্য

আজিৰ মত-বিনিময় আছিল দুদিনীয়া মত-বিনিময়ৰ দ্বিতীয়টো খণ্ড আৰু ইয়াত অংশগ্ৰহণ কৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছেঃ মহাৰাষ্ট্ৰ, তামিল নাডু, দিল্লী, গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, পশ্চিম বংগ, কৰ্ণাটক, বিহাৰ, অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা, জম্মু-কাশ্মীৰ, তেলেংগানা আৰু উৰিষ্যা।

প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বৰ বাবে মুখ্যমন্ত্ৰীসকলে তেখেতক ধন্যবাদ জ্ঞাপন কৰে আৰু সংশ্লিষ্ট ৰাজ্যসমূহৰ গ্ৰাউণ্ড পৰিস্থিতি সন্দৰ্ভত চমুকৈ কয় আৰু ভাইৰাছটোৰ প্ৰভাৱ অতিক্ৰম কৰিবলৈ তেওঁলোকৰ প্ৰস্তুতি সন্দৰ্ভত ব্যক্ত কৰে। প্ৰত্যাহ্বানেৰে মোকাবিলা কৰিবলৈ উপলব্ধ হোৱা স্বাস্থ্য আন্তঃগাঁথনি আৰু অনাগত দিনসমূহত শক্তিশালী কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টা তথা ফ্ৰন্টলাইন কৰ্মীসকললৈ আগবঢ়োৱা সমৰ্থন, কন্টেইনমেন্ট জ’নসমূহৰ নিৰীক্ষণ, মাস্কৰ ব্যৱহাৰ আৰু সতৰ্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ উৎসাহ যোগাৱাৰ নিমিত্তে সৃষ্টি কৰা সজাগতা, টেষ্টিঙৰ মাত্ৰা বৃদ্ধি কৰা আৰু স্বৰাজ্যলৈ ঘূৰি অহা অভিবাসীসকলৈ লাভজনক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা সন্দৰ্ভত কয়।

আনলক ২.০

মতামত আগবঢো়ৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলক ধন্যবাদ জনায়। তেখেতে উল্লেখ কৰে যে ভাইৰাছটোৰ বিৰুদ্ধে যুঁজখনত সন্মিলিত অংগীকাৰেই জয় নিশ্চিত কৰিব, ইয়াৰ সমান্তৰালভাৱে অৰ্থনৈতিক ক্ৰিয়া-কলাপো আগুৱাই নিব লাগিব। তেখেতে লকডাউনৰ উৰা বাতৰিৰ বিৰুদ্ধে যুঁজ কৰাৰ পোষকতা কৰে, তেখেতে পুনৰাই কয় যে দেশখন এতিয়া আনলকৰ পথত অগ্ৰসৰ হৈছে। আমি এতিয়া আনলকৰ ২ য় পৰ্যায়ৰ কথা চিন্তা কৰাটো আৱশ্যক আৰু জনসাধাৰণক ব্যতিব্যস্ত কৰি তোলা দুৰ্ভাৱনাসমূহ কিদৰে ন্যূনতম কৰিব পৰা যায় তাৰ চিন্তা কৰা উচিত, তেখেতে কয়।

তেওঁ উল্লেখ কৰে যে বাধ্য-বাধকতা হ্ৰাসৰ জৰিয়তে, অৰ্থনৈতিক পাৰ্ফমেন্সৰ সূচকসমূহে ঠন ধৰি উঠাৰ সংকেত প্ৰদৰ্শন কৰিছে। মুদ্ৰাস্ফীতিও নিয়ন্ত্ৰণৰ অধীন হৈ আছে। তেখেতে ৰাজ্যসমূহক আন্তঃগাঁথনি আৰু নিৰ্মাণ সম্পৰ্কীয় কামৰ অগ্ৰগতি সাধন কৰিবলৈ কয়। তেখেতে এমএছএমই, কৃষি খণ্ড আৰু কৃষি বিপণনৰ অগ্ৰগতি সাধনৰ অৰ্থে আত্মনিৰ্ভৰ ভাৰতৰ অধীনত গ্ৰহণ কৰা পদক্ষেপৰ কথা সদৰী কৰে। অহা মাহসমূহত অভিবাসী শ্ৰমিকসকলে মুখামুখি হোৱা প্ৰত্যাহ্বানসমূহৰ সফলতাৰে অতিক্ৰম কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ কথা সদৰী কৰে।

ইয়াত গৃহমন্ত্ৰীয়ে কয়, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাইৰাছটোৰ বিৰুদ্ধে আমাৰ যুঁজখন সফল হৈছে যদিও এতিয়াও বহু বাকী আছে। যদিও আমি আনলক ঘোষণা কৰিছো, তথাপিতো আমি সতৰ্ক হৈ থাকিব লাগিব। তেওঁ মুখ্যমন্ত্ৰীসকলক আৰোগ্য সেতু এপ ব্যৱহাৰৰ প্ৰতি জনসাধাৰণক উৎসাহিত কৰিবলৈ আহ্বান জনায় ইয়াক সুৰক্ষাৰ কৱচ হিচাপে অভিহিত কৰে।

লকডাউন আৰু আনলক ১.০ ৰ সময়ছোৱাতো ঘটনাসমূহৰ মাত্ৰা হ্ৰাস পোৱাৰ কথা স্বাস্থ্য মন্ত্ৰালয়ৰ অ’এছডিয়ে সদৰী কৰে। সজাগতা সৃষ্টি আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নয়নৰ ফলত গৰিষ্ঠ সংখ্যক লোকে আৰোগ্য লাভ কৰিছে বুলি তেওঁ কয়। তেওঁ তদুপৰি, ভাৰতত প্ৰতি নিযুতত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে নিম্নতম বুলি কয়।

*****

VRRK/SH/SB



(Release ID: 1655364) Visitor Counter : 186