PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 15 SEP 2020 6:42PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত অব্যাহত আছে উচ্চ হাৰত আৰোগ্য লাভৰ গতি, শেহতীয়া ২৪ ঘণ্টাত ৭৯,০০০ৰৰো অধিক লোকলৈ চিকিৎসালয় এৰাৰ অনুমতি, ভাৰতত আৰোগ্য লাভৰ হাৰে অতিক্ৰম কৰিলে ৭৮%ৰ সীমা, মুঠ সক্ৰিয় আক্ৰান্তৰ ৬০%ই আছে অত্যাধিক ভাবে প্ৰভাৱিত ৫ খন ৰাজ্যত

বিগত দিনদিয়েকত ভাৰতত আৰম্ভ হোৱা উচ্চ হাৰত আৰোগ্য লাভৰ গতি এতিয়াও অব্যাহত আছে। এই গতিৰ পৰিপ্ৰেক্ষিততে দেশত আৰোগ্য লাভৰ হাৰে ইতিমধ্যে অতিক্ৰম কৰিলে ৭৮%ৰ সীমা। আজিৰ তাৰিখত এই হাৰ হ’ল ৭৮.২৮শতাংশ। ইফালে, শেহতীয়া ২৪ ঘণ্টাত ৭৯,০০০ৰৰো অধিক লোকক চিকিত্সালয় এৰাৰ অনুমতি প্ৰদান কৰা হৈছে। শেহতীয়া তথ্য মতে, এই সংখ্যা হৈছে ৭৯,২৯২গৰাকী। ইয়াকে ধৰি এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা মুঠ ব্যক্তিৰ সংখ্যা হৈছেগৈ ৩৮,৫৯,৩৯৯গৰাকী। ইফালে, আৰোগ্য লাভ কৰা ব্যক্তি আৰু সক্ৰিয় আক্ৰান্তৰ মাজৰ ব্যৱধান হৈছেগৈ ২৮,৬৯,৩৩৮গৰাকী। এই মুহূৰ্তত সক্ৰিয় আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ৯,৯০,০৬১গৰাকী। সক্ৰিয় আক্ৰান্তৰ প্ৰায় অৰ্দ্ধেক(৪৮.৮%)ই চিনাক্ত হৈছে তিনিখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশত। তামিল নাডু, চত্তিশগড়, ওড়িশা, কেৰালা আৰু তেলেংগানাত চিনাক্ত হৈছে প্ৰায় এক চতুৰ্থাংশ(২৪.৪%)। ইফালে, মুঠ সক্ৰিয় আক্ৰান্তৰ ৬০%(৬০.৩৫%) আৰু আৰোগ্য লাভ কৰা সকলৰ প্ৰায় ৬০%(৫৯.৩৫%)ই আছে অত্যাধিক ভাবে প্ৰভাৱিত ৫ খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু তামিল নাডুত । শেহতীয়া ২৪ ঘণ্টাত ১,০৫৪গৰাকী লোকৰ মৃত্যুৰ তথ্য পঞ্জীভুক্ত কৰা হৈছে। ইয়াৰে প্ৰায় ৬৯%ই পাঁচখন ৰাজ্য মহাৰাষ্ট্ৰ, তামিল নাডু, কৰ্ণাটক, অন্ধ্ৰ আৰু দিল্লীৰ। মৃতকৰ ৩৭শতাংশৰো অধিক লোক মহাৰাষ্ট্ৰৰ(২৯,৮৯৪গৰাকী)। শেহতীয়া ২৪ ঘণ্টাত মৃত্যু হোৱা মুঠ মৃতকৰ ৩৪.৪৪%ই ৰাজ্যখনৰ(৩৬৩গৰাকী)।

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় স্বাস্থ্য সচিব, উদ্যোগ আৰু আন্তঃৱৰ্তী বাণিজ্য সচিব আৰু ফাৰ্মাচিউটিকেলছৰ সচিবে ২৯খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশক স্বাস্থ্যসেৱা কেন্দ্ৰসমূহত পৰ্যাপ্ত অক্সিজেনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কালি এখন ভাৰ্চুৱেল বৈঠকৰ আয়োজন কৰে য’ত কেন্দ্ৰীয় স্বাস্থ্য সচিব, ডিপিআইআইটিৰ সচিব, ফাৰ্মাচিউটিকেলচৰ সচিব আৰু বস্ত্ৰ সচিবেও অংশগ্ৰহণ কৰে৷ বৈঠকত ২৯খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৰাজ্যিক স্বাস্থ্য সচিব আৰু ঔদ্যোগিক সচিবসকলক ৰাজ্যসমূহৰ স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণে অক্সিজেনৰ ব্যৱস্থা মজুত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয়৷

অধিক বিৱৰণৰ বাবে

 

‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ ভিন্ন প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। আজি উদ্বোধন কৰা চাৰিটা আঁচনিৰ ভিতৰত আছে বেউৰ আৰু পাটনা মহানগৰৰ কৰম-লীচকত মলজল প্ৰণালী প্লান্ট তথা ‘আমৰুট’ যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানী-সম্পৰ্কীয় প্ৰকল্প। ইয়োৰোপৰি, মাংগাৰ আৰু জামালপুৰত পানী যোগান প্ৰকল্প আৰু মুজাফ্ফৰপুৰত নমামী গংগাৰ অধীনত ৰিভাৰ ফ্ৰন্ট উন্নয়নৰ আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক’ৰোনাৰ সময়ছোৱাতো, বিহাৰৰ বহু উন্নয়নমূলক প্ৰকল্পৰ কাম-কাজ অব্যাহত আছে। শেহতীয়াভাৱে ৰাজ্যখনত শুভাৰম্ভ কৰা কেইবা হাজাৰ কোটিটকীয়া প্ৰকল্পই বিহাৰৰ কৃষক সমাজক লাভান্বিত কৰাৰ লগতে আন্তঃগাঁথনি উন্নয়নকে সমৃদ্ধ কৰা বুলি উল্লেখ কৰে। ভাৰতৰ আগৰণুৱা আধুনিক চিভিল অভিযন্তা ছাৰ এম. বিশবেশভাৰায়াৰ স্মৃতিত উদাযাপন কৰা ইঞ্জিনিয়াৰ ডে’ উপলক্ষে দেশখনৰ উন্নয়নত অভিযন্তাসকলৰ বৰঙণিক প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয়, কেইবা নিযুত অভিযন্তাৰ সৃষ্টিৰে বিহাৰেও লক্ষ্যণীয়ভাৱে দেশখনৰ উন্নয়নলৈ বৰঙণি যোগাই আহিছে। শ্ৰী মোদীয়ে কয়, বিহাৰখন হৈছে ঐতিহাসিক চহৰসমূহৰ ভূমি আৰু ই হাজাৰ বছৰ পুৰণি বলিষ্ঠ ঐতিহ্যৰে সমৃদ্ধ। স্বাধীনতাৰ পাছত, বিহাৰখনক বহু দূৰদৰ্শী নেতাই নেতৃত্ব প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত দাসত্বৰ যুগত গা কৰি উঠা বিৰূপতাৰ অৱসান ঘটে। তেখেতে লগতে কয়, তাৰ পাছৰপৰাই পৰিৱৰ্তনৰ অগ্ৰাধিকাৰেৰে হোৱা সমতাহীন উন্নয়নে চহৰীয়া আন্তঃগাঁথনিৰ অধঃপতন ঘটাই আৰু ইয়াৰ ফলশ্ৰুতিতেই ৰাজ্যখনৰ গ্ৰাম্য আন্তঃগাঁথনি ধ্বংস হৈ পৰে।

অধিক বিৱৰণৰ বাবে

বিহাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

 

বিহাৰৰ দাৰভাঙাত নতুন সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) স্থাপনত কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বিহাৰৰ দাৰভাঙাত নতুন সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) স্থাপনত অনুমোদন জনাইছে। প্ৰধান মন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা (পিএমএছএছৱাই)ৰ অধীনত এই প্ৰতিষ্ঠানখনি স্থাপন কৰা হ’ব। কেবিনেটে উল্লেখিত এইমছখনৰ অৰ্থে সঞ্চালকৰ এটা পদ সৃষ্টিৰ বাবেও অনুমোদন জনালে। এই সঞ্চালকগৰাকীৰ বেছিক পে’ ২,২৫,০০০/- টকা (স্থায়ী) লগতে এনপিএ (অৱশ্যে দৰমহা+ এনপিএ ২,৩৭,৫০০/- টকাৰ অধিক হ’ব নোৱাৰিব) নিৰ্ধাৰণ কৰা হৈছে। মুঠ ব্যয় হ’ব ১২৬৪ কোটি টকা আৰু ভাৰত চৰকাৰৰ অনুমোদনৰ তাৰিখৰপৰা ৪৮ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব লাগিব।

অধিক বিৱৰণৰ বাবে

স্বাস্থ্যকৰ্মীসকলৰ মাজত ক’ভিড-১৯ ফলত হোৱা মৃত্যুৰ পৰিঘটনা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহৰ মাজত সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ অনুশীলন শীৰ্ষক এক নিৰ্দেশনাশলী প্ৰদান কৰিছে৷ এই সন্দৰ্ভত সকলো ৰাজ্যৰ মাজত ২০২০ চনৰ মাৰ্চত এটা প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হৈছিল৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ক পৰাভূত কৰিবলৈ কৌশলগত অভিগমন

ভাৰতে ভ্ৰমণ সম্বন্ধীয় দাখিল হোৱা প্ৰতিবেদন, ক’ভিড-১৯ৰ স্থানীয় সংবহন, নিয়ন্ত্ৰণ মণ্ডলত হোৱা বৃহৎ প্ৰাদুৰ্ভৱ, ক’ভিড-১৯ ৰোগৰ বিস্তৃত প্ৰাদুৰ্ভাৱ আৰু ক’ভিড-১৯ৰ বাবে ভাৰত এক কেন্দ্ৰস্থললৈ পৰিৱৰ্তিত হোৱা দৃশ্যৰাজিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এক পৰিদৃশ্য আধাৰিত দৃষ্টিকোণ অনুসৰণ কৰিব৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ ৰোগীৰ বাবে নতুন স্বাস্থ্যসেৱা আঁচনি

প্ৰধানমন্ত্ৰী গৰিব কল্যাণ পেকেজৰ অধীনত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজি থকা স্বাস্থ্যকৰ্মীসকলৰ বাবে এই ব্যৱস্থা কৰা হৈছে৷ ই হ’ল কেন্দ্ৰীয় খণ্ডৰ আঁচনি৷ এই আঁচনিৰ জৰিয়তে ৫০ লাখ স্বাস্থ্যকৰ্মীলৈ বীমাৰ সুবিধা প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

 

মহামাৰীৰ সময়ছোৱাত মানসিক স্বাস্থ্য সংক্ৰান্তীয় সমস্যা বৃদ্ধি পাইছে

ক’ভিড-১৯য়ে জনসাধাৰণৰ ওপৰত পেলাব পৰা মানসিক স্বাস্থ্যৰ গুৰুত্ব অনুধাৱন কৰি চৰকাৰে জনসাধাৰণক মানসিক সমৰ্থন প্ৰদান কৰিহলৈ এক বুজনসংখ্যক পদক্ষেপ গ্ৰহণ কৰিছে৷ উক্ত পদক্ষেপ অনুসৰি মানসিক সমৰ্থন প্ৰদান কৰিবলৈ ক্ষেত্ৰটোৰ পেছাদাৰী লোকসকলৰ দ্বাৰা ২৪/৭ হেল্পলাইনৰ ব্যৱস্থা কৰা হৈছে৷  ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে ৰাজ্যসভাত আজি লিখিতৰূপত এই তথ্য প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

 

ঔষধ আৰু হোমিঅ’পেথীৰ চিকিৎসা শিক্ষা ব্যৱস্থাই লাভ কৰিব নতুন ৰূপ

আয়ুষ মন্ত্ৰালয়ে সংসদত দুখন গুৰুত্বপূৰ্ণ অধিনিয়ম গৃহীতকৰণৰ দ্বাৰা দেশে ভাৰতীয় ঔষধ আৰু হোমিঅ’পেথী শিক্ষা ব্যৱস্থাই নতুন ৰূপ লাভ কৰিব৷ ১৪ ছেপ্টেম্বৰ তাৰিখে নেচনেল কমিচন ফৰ ইণ্ডিয়ান ছিষ্টেম অব্ মেডিচিন বিল, ২০২০ আৰু নেচনেল কমিছন ফ’ৰ হোমিঅ’পেথী বিল ২০২০ লোকসভাত গৃহীত হয়৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ বাবে যোগাভ্যাস

যোগাভ্যাস আৰু নিউৰ’পেথী গৱেষণাৰ কেন্দ্ৰীয় আয়োগে ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, দিল্লী, এইমছ দিল্লী, এইমছ হৃষীকেশ আৰু দিল্লীৰ আৰএমএল হাস্পতালৰ সহযোগত ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ বাবে যোগাভ্যাসৰ গৱেষণামূলক প্ৰকল্পৰ পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

দেশত ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ প্ৰাক্-কালীন সংকেত

বিশ্ব স্বাস্থ্য সংস্থাই ৬ জানুৱাৰী ২০২০ তাৰিখে চীনৰ য়ুহান চহৰত নিউমোনিয়াৰ এক অজ্ঞাত ৰোগৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে ভাৰতক অৱগত কৰাৰ সময়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চীনৰ পৰিস্থিতিৰ বিষয়ে অধ্যয়ন কৰি আছিল৷  ৰাষ্ট্ৰজুৰি ঘোষণা কৰা লকডাউনৰ পূৰ্বে ১৮ জানুৱাৰী ২০২০ তাৰিখৰ পৰা আন্তৰ্জাতিক যাত্ৰীসকলৰ বাবে পৰ্যাপ্ত নিৰীক্ষণকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতত ক’ভিড প্ৰতিষেধক বিকাশৰ স্থিতি

চৰকাৰ আৰু উদ্যোগসমূহে তেওঁলোকৰ সামৰ্থ অনুসৰি ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰস্তুতিৰ ক্ষেত্ৰত অগ্ৰসৰ হোৱাৰ বিপৰীতে বিভিন্ন অন্তৰায়ে দেখা দিছে৷ চৰকাৰে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰশাসনৰ বাবে এক উচ্চস্তৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞ গোট গঠন কৰি দিছে৷

অধিক বিৱৰণৰ বাবে

 

ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহৰ দ্বাৰা অত্যাধিক মাচুল গ্ৰহণৰ নিৰীক্ষণ

ভাৰত চৰকাৰে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ মাননীয় প্ৰধানমন্ত্ৰী, উচ্চস্তৰীয় মন্ত্ৰীমণ্ডল, কেবিনেট সচিব, সচিবৰ কমিটী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে নিৰৱচ্ছিন্নভাৱে ক’ভিড-১৯ৰ ব্যৱস্থাপনা নিৰীক্ষণ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্ব বেংকে ভাৰতক প্ৰদান কৰা ঋণৰ সবিশেষ

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ বাবে এনচিইআৰটিৰ আঠ সপ্তাহৰ বৈকল্পিক শৈক্ষিক কেন্দ্ৰ মুকলি কৰিছে

ক’ভিড-১৯ৰ সময়ছোৱাত ঘৰতে শিক্ষাৰ্থীসকলক অধ্যয়নত জড়িত কৰাই ৰখাৰ বাবে এনচিইআৰটিয়ে এক বৈকল্পিক শৈক্ষিক কেলেণ্ডাৰ মুকলি কৰিছে৷ আঠ সপ্তাহৰ এই কেলেণ্ডাৰখন মুকলি কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে৷

অধিক বিৱৰণৰ বাবে

 

 

 

 

 

 

প্ৰব্ৰজকসকললৈ বিত্তীয় সাহায্য

লকডাউনৰ সময়ছোৱাত জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিছিল৷ ৰাষ্ট্ৰীয় পৰ্যায়ত ২৪/৭ নিয়ন্ত্ৰণ কক্ষৰ দ্বাৰা পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছিল৷ এই তথ্য আজি লোকসভাত প্ৰকাশ কৰিছে ৰাজ্যিক গৃহ মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে৷

অধিক বিৱৰণৰ বাবে

 

লকডাউন সন্দৰ্ভত এনডিএমএৰ নিৰ্দেশনাৱলী

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • পাঞ্জাৱঃ ৰাজ্যখনত ক’ভিডৰ বৰ্ধিত মৃত্যুৰ হাৰলৈ লক্ষ্য ৰাখি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক মেডিকেল অক্সিজেনৰ স্থানীয় পৰ্যায়ত নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানাত পৰ্যাপ্ত পৰিমাণে তৰল আৰু মেডিকেল অক্সিজেনৰ ব্যৱস্থা আছে বুলি ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিবে জানিবলৈ দিয়ে৷
  • অৰুণাচল প্ৰদেশঃ পিএইচচি হলংগিত কাম কৰা এজন ক’ভিড-১৯ ৰোগীৰ মৃত্যু ঘটিছে৷ ৰাজ্যখন মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ১১জন৷ ১৭৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭৫৬ জন আৰু ১৫৬ জনে আৰোগ্য লাভ কৰিছে৷
  • অসমঃ অসমত কালি ১৯১৮ জন ৰোগীক মুকলি কৰি দিয়া হয়৷ মুঠ ১,১৫,০৫১ জন ৰোগীক মুকলি কৰি দিয়া হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৮,৬৩০ জন, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে টুইট কৰে৷
  • মণিপুৰঃ মণিপুৰত ৯৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ৭৯ শতাংশ আৰোগ্যৰ হাৰৰ সৈতে ১৪৯জনে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫৮৫ জন৷
  • মেঘালয়ঃ মেঘালয়ত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৬২৩ জন৷ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা হ’ল ২০৭৫ জন৷
  • মিজোৰামঃ কালি ৪০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪৬৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৪৯ জন৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫২১৪ জন৷
  • ছিক্কিমঃ মুঠ আৰোগ্য আৰু মুকলি হৈছে ১৬৯০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৬৪ জন৷ নতুনকৈ আক্ৰান্ত হৈছে ৫৪ জন৷
  • কেৰালাঃ কালি ২৫৪০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ বৰ্তমানে ৩০,৪৮৬ জন লোকে চিকিৎসা লাভ কৰিছে আৰু প্ৰায় ২.০৫ লাখ লোক নিৰীক্ষণত আছে৷ ৪৫৪ জনৰ মৃত্যু হৈছে৷
  • তামিলনাডুঃ তামিলনাডুত ৫৭৫২ জন লোক ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যাই পাঁচ লাখৰ সীমা অতিক্ৰম কৰিছে৷ ৪.৫ লাখ লোকক মুকলি কৰি দিয়া হৈছে আৰু মৃত্যুৰ সংখ্যা হৈছে ৮৪৩৪ জন৷
  • কৰ্ণাটকঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৪,৬৭,৬৮৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৮,৪৬৩ জন৷ মৃত্যু হৈছে ৭৩৮৪ জন৷ আৰোগ্য লাভ কৰিছে ৩,৬১,৮২৩ জনে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী মুট্টামছেট্টি শ্ৰীনিৱাসৰাও ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৬০,৫৭১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০,৪০০ জন৷ মৃত্যুৰ সংখ্যা হ’ল ৯৮৪ জন৷ আৰোগ্য লাভ কৰিছে ১,২৯,১৮৭ জনে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ চৰকাৰে এবছৰৰ বাবে মেডিকেল অক্সিজেন কঢ়িওৱা বাহনসমূহক ‘এম্বুলেন্স’ৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে সন্মত হৈছে৷ এই সন্দৰ্ভত সোমবাৰে এক জাননী জাৰী কৰা হয়৷
  • গুজৰাটঃ গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ সোমবাৰে ক’ৰোনা ভাইৰাছত নিগেটিভ ফলাফল প্ৰদৰ্শিত হয়৷
  • ৰাজস্থানঃ ৰাতিপুৱা ৭৯৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷ ইয়াৰ দ্বাৰা সক্ৰিয় ৰোগীৰ সংখ্যা ১৭,৪১০ জন হৈছে৷
  • মধ্য প্ৰদেশঃ বিগত পাঁচ দিন ধৰি প্ৰতিদিনে ২০০০ জনকৈ লোক নতুনকৈ ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত এতিয়া ৯০,০০০ তকৈও অধিক সক্ৰিয় ৰোগী আছে৷ 
  • চট্টিশগড়ঃ ৰায়পুৰত অক্সিজেন চিলিণ্ডাৰৰ সৈতে ৫৬০খন নতুন বিচনাযুক্ত হাস্পতাল স্থাপন কৰা হ’ব৷ আয়ুৰ্বেদিক কলেজ চিকিৎসালয়ত ৪০০খন অতিৰিক্ত বিচনা স্থাপন কৰা হ’ব৷

ফেক্ট চেক

 

 

********



(Release ID: 1654732) Visitor Counter : 209