কেবিনেট

বিহাৰৰ দাৰভাঙাত নতুন সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) স্থাপনত কেবিনেটৰ অনুমোদন

Posted On: 15 SEP 2020 2:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বিহাৰৰ দাৰভাঙাত নতুন সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) স্থাপনত অনুমোদন জনাইছে। প্ৰধান মন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা (পিএমএছএছৱাই)ৰ অধীনত এই প্ৰতিষ্ঠানখনি স্থাপন কৰা হ’ব। কেবিনেটে উল্লেখিত এইমছখনৰ অৰ্থে সঞ্চালকৰ এটা পদ সৃষ্টিৰ বাবেও অনুমোদন জনালে। এই সঞ্চালকগৰাকীৰ বেছিক পে’ ২,২৫,০০০/- টকা (স্থায়ী) লগতে এনপিএ (অৱশ্যে দৰমহা+ এনপিএ ২,৩৭,৫০০/- টকাৰ অধিক হ’ব নোৱাৰিব) নিৰ্ধাৰণ কৰা হৈছে।

মুঠ ব্যয় হ’ব ১২৬৪ কোটি টকা আৰু ভাৰত চৰকাৰৰ অনুমোদনৰ তাৰিখৰপৰা ৪৮ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব লাগিব।

 

সাধাৰণ লোকলৈ সুবিধা/প্ৰধান বৈশিষ্ট্য

• নতুন এইমছত সংযোজিত হ’ব ১০০ ইউজি (এমবিবিএছ) আসন আৰু ৬০ বি.এছচি (নাৰ্ছিং) আসন।

• নতুন এইমছখনিত ১৫-২০ ছুপাৰ স্পেচিয়েলিটি বিভাগ থাকিব।

• নতুন এইমছখনিত ৭৫০ হাস্পতাল বেডৰ সংযোজন ঘটোৱা হ’ব।

• বৰ্তমানে কাৰ্যক্ষম হৈ থকা এইমছসমূহৰপৰা লাভ কৰা তথ্য অনুসৰি, প্ৰতিখন নতুন এইমছতে দৈনিক প্ৰায় ২০০০ অ’পিডি ৰোগী আৰু প্ৰতি মাহে প্ৰায় ১০০০ আইপিডি ৰোগীক চিকিৎসা সেৱা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

• মূল পাঠ্যক্ৰমৰ ওপৰিও পিজি আৰু ডিএম/এম.চিএইচ ছুপাৰ স্পেচিয়েলিটি পাঠ্যক্ৰমো আৰম্ভ কৰা হ’ব।

 

প্ৰকল্পৰ সৱিশেষঃ

নতুন এইমছখন স্থাপনে সাঙুৰি ল’ব চিকিৎসালয় স্থাপন, চিকিৎসা আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে টিচিং ব্লক স্থাপন, আৱাসিক এলেকা আৰু সংযোগী সা-সুবিধা/সেৱাৰ প্ৰৱৰ্তন, নতুন দিল্লীস্থিত এইমছৰ পেটাৰ্ণৰ পৰিব্যাপ্তকৰণ আৰু পিএমএছএছৱাইৰ পৰ্যায়-I ৰ অধীনত আন ছখন নতুন এইমছৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। অঞ্চলটোত মানসম্পন্ন স্বাস্থ্য সেৱা, চিকিৎসা শিক্ষা, নাৰ্ছিং শিক্ষা আৰু গৱেষণাৰ পথ প্ৰশস্ত কৰিবলৈ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ প্ৰতিষ্ঠান হিচাপে নতুন এইমছখনি প্ৰতিষ্ঠা কৰা হ’ব।

প্ৰস্তাৱিত প্ৰতিষ্ঠানখনিত ৭৫০ বিছনাযুক্ত এখন চিকিৎসালয় থাকিব। ইয়াৰ অন্তৰ্ভুক্ত হ’ব জৰুৰীকালীন/ট্ৰ’মা বেড, আইচিইউ বেড, আয়ুস বেড, প্ৰাইভেট বেড আৰু স্পেচিয়েলিটি আৰু ছুপাৰ স্পেচিয়েলিটি বেড। ইয়াৰোপৰি, ইয়াত সংযোজন কৰা হ’ব এখনি চিকিৎসা মহাবিদ্যালয়, আয়ুস ব্লক, প্ৰেক্ষাগৃহ, নিশাৰ আশ্ৰয়, অতিথিশালা, হোষ্টেল আৰু আৱাসিক সা-সুবিধা। নতুন এইমছখনৰ স্থাপনে কেপিটেল এছেট সৃষ্টি কৰিব যাৰ চালনা আৰু পৰিচালনাৰ বাবে ছখন নতুন এইমছৰ পেটাৰ্ণৰ ওপৰত ভিত্তি কৰি বিশিষ্ট মেনপাৱাৰ নিযোগ কৰা হ’ব। এই প্ৰতিষ্ঠানসমূহৰ ৰেকাৰিং ব্যয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পিএমএছএছৱাইৰ প্লেন বাজেট হেডৰপৰা গ্ৰান্ট-ইন-এইডৰ জৰিয়তে হস্তান্তৰ কৰা হ’ব।

প্ৰভাৱঃ

এই নতুন এইমছখনিৰ স্থাপনৰ জৰিয়তে অঞ্চলটোৰ স্বাস্থ্য শিক্ষা আৰু প্ৰশিক্ষণৰ ৰূপান্তৰ সাধনেই নহয় বৰঞ্চ ই হেল্থ কেয়াৰ প্ৰফেচনেলৰ অভাৱ দূৰ কৰিব। নতুন এইমছখনৰ স্থাপনাই দুটা উদ্দেশ্য পূৰণ কৰিব যথাঃ জনাসাধৰণে ছুপাৰ স্পেচিয়েলিটি হেল্থ কেয়াৰ লাভ কৰিব আৰু অঞ্চলটোত বৰ্ধিত পৰিমাণে চিকিৎসক আৰু আন স্বাস্থ্য কৰ্মীৰ সৃষ্টি কৰিব যাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ অধীনত স্থাপন কৰা প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী পৰ্যায়ৰ প্ৰতিষ্ঠান/সা-সুবিধাত উপলব্ধ হ’ব। নতুন এইমছখনিৰ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰখনে সম্পূৰ্ণৰূপে পুঁজিৰ যোগান ধৰিব। নতুন এইমছখনৰ কাম-কাজ আৰু পৰিচালনাৰ ব্যয়ো কেন্দ্ৰীয় চৰকাৰখনেই বহন কৰিব।

 

নিয়োগ সৃষ্টিঃ

ৰাজ্যখনত নতুন এইমছ স্থাপনৰ লগে-লগে প্ৰায় ৩০০০ লোকক ভিন্ন ফেকাল্টী আৰু নন-ফেকাল্টী প’ষ্টত নিয়োগৰ পথ প্ৰশস্ত হৈ পৰিব। তদুপৰি, নতুন এইমছখনিৰ সংস্পৰ্শত শ্বপিং চেন্টাৰ, কেন্টিন ইত্যাদিৰ দৰে সা-সুবিধা আৰু সেৱা সৃষ্টিৰ ফলত পৰোক্ষ নিয়োগৰো সৃষ্টি হ’ব।

দাৰভাঙাত এইমছখনি স্থাপন কৰিবলৈ যাওঁতে নিৰ্মাণৰ কাম-কাজো জড়িত হৈ থকাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণৰ সময়ছোৱাতো কৰ্ম সংস্থাপনৰ বাট মুকলি হ’ব।

ইয়াৰ জৰিয়তে ৰাজ্যখন তথা দাঁতি-কাষৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণে উন্নত মানদণ্ডৰ হেল্থ-কেয়াৰ আন্তঃগাঁথনি লাভ কৰিব তথা মানসম্পন্ন চিকিৎসা শিক্ষাৰ ব্যৱস্থাৰ অভাৱো দূৰ হৈ পৰিব। এই এইমছখনিৰ জৰিয়তে দুখীয়া আৰু অভাৱী লোকক সাশ্ৰয়ী মূল্যত বুহ প্ৰত্যাশিত ছুপাৰ স্পেচিয়েলিটি/উত্তম স্বাস্থ্য সেৱা আগবঢ়োৱাই নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ আন স্বাস্থ্য সম্পৰ্কীয় কাৰ্যক্ৰম/ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানলৈ প্ৰশিক্ষণপ্ৰাপ্ত মেডিকেল মেনপাৱাৰ যোগান ধৰা যাব। এই প্ৰতিষ্ঠানে তদুপৰি মানসম্পন্ন চিকিৎসা শিক্ষা প্ৰদান কৰিব পৰা প্ৰশিক্ষণপ্ৰাপ্ত টিচিং ৰিচ’ৰ্ছ/ফেকাল্টীৰো সৃষ্টি কৰিব।

******

VRRK/SB



(Release ID: 1654639) Visitor Counter : 189