প্ৰতিৰক্ষা মন্ত্ৰালয়

এৰো ইণ্ডিয়া ২১ ৱেবছাইট উদ্বোধন কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে; এছিয়াৰ বৃহত্তম বিমান প্ৰদৰ্শনীৰ বাবে স্পেচ বুকিং মুকলি

Posted On: 11 SEP 2020 1:21PM by PIB Guwahati

কৰ্ণাটকৰ বেংগালুৰুৰ সমীপৰ য়েলাহাংকা বিমান ঘাটিত ৩ৰ পৰা ৭ফেব্ৰুৱাৰীলৈকে এয়াৰ ইণ্ডিয়া ২১ৰ ত্ৰয়োদশ সংস্কৰণ অনুষ্ঠিত হব। এই প্ৰদৰ্শনীৰ স্পেচ বুকিঙৰ বাবে  ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ৱেবছাইট https://aeroindia.gov.in/ মুকলি কৰে।

 

এছিয়াৰ বৃহত্তম এই বিমান প্ৰদৰ্শনীত প্ৰদৰ্শনকাৰী তথা দৰ্শকে অনলাইন মাধ্যমেৰে সকলো তথ্য বিস্তাৰিতভাৱে এতিয়াৰে পৰা লাভ কৰিব। ইয়াৰ উপৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দেশীয় প্ৰযুক্তি সংক্ৰান্তীয় বিভিন্ন নীতি, উদ্যোগ আৰু ভাৰতত নিৰ্মিত বিমান আৰু হেলিকপ্টাৰৰ বিষয়েও তথ্য এই ৱেৱছাইটৰ পৰা লাভ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই অনুষ্ঠানৰ সফলতা কামনা কৰি শুভকামনা জনাইছে।

 

প্ৰদৰ্শনকাৰীসকলে তেওঁলোকৰ নাম পঞ্জীয়নভুক্ত কৰিবলৈ আৰু স্পেচ বুকিঙৰ বাবে এই ৱেবছাইটৰ জৰিয়তে সমস্ত প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। অনলাইনৰ জৰিয়তে আৰ্থিক লেন-দেনৰ কাম কৰিব লাগিব। ৩১ অক্টোবৰৰ আগেয়ে যিসকলে বুক কৰিব তেওঁলোকৰ বাবে ৰেহাইৰ ব্যৱস্থা কৰা হৈছে।

 

ব্যৱসায়ী আৰু দৰ্শকসকলে এই প্ৰদৰ্শনী চাব বিচাৰিলে অনলাইন মাধ্যমেৰে টিকট ক্ৰয় কৰিব পাৰিব। সংবাদ মাধ্যমৰ লোকে এই প্ৰদৰ্শনীৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে এই ৱেবছাইটটোৰ সহায় লব পাৰে।

 

এই প্ৰসংগত উল্লেখ কৰিব পাৰি যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে তেওঁৰ ৰাছিয়া ভ্ৰমণৰ সময়ত এয়াৰ ইণ্ডিয়া ২১ প্ৰদৰ্শনীৰ কথা উল্লেখ কৰি ৰাছিয়া আৰু মধ্য এছিয়াৰ দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু উদ্যোগ সংস্থাৰ প্ৰতিনিধিসকলক ইয়াত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছিল। এই ৱেবছাইট মুকলি অনুষ্ঠানত মন্ত্ৰালয়ৰ উচ্চ বিষয়াসকল উপস্থিত আছিল।

 

 *******



(Release ID: 1653531) Visitor Counter : 92