PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 11 SEP 2020 6:34PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

ভাৰতৰ দৈনিকৰ নতুনকৈ আৰোগ্য লোকৰ ৬০শতাংশই ৫খন ৰাজ্যৰ, মুঠ আৰোগ্যৰ লোকৰ সংখ্যা প্ৰায় ৩৫.৫লাখ হৈছে

ভাৰতে ধাৰাবাহিকভাৱে আৰোগ্যৰ হাৰ বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে৷ বিগত ২৪ ঘণ্টাত দেশত ৭০,৮৮০গৰাকী লোক আৰোগ্য হৈছে৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশত এদিনতে ক্ৰমে ১৪,০০০ আৰু ১০,০০০ লোক আৰোগ্য হৈছে৷ ভাৰতত বৰ্তমানলৈকে ৩৫,৪২,৬৬৩গৰাকী লোক আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৭৭.৬৫%৷ ইফালে, কালি দিনটো ৯৬,৫৫১গৰাকী লোক পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে৷ দেশত বিগত ২৪ ঘণ্টাত ১,২০৯গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৯৫ আৰু কৰ্ণাটকত ১২৯গৰাকী লোকৰ মৃত্যু হৈছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1653246

 

মেডিকেলৰ অক্সিজেন সৰবৰাহৰ ক্ষেত্ৰত কোনো ধনৰ বাধানিষেধ নথকাটো সুনিশ্চিত কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

 

ৰাজ্যসমূহৰ পাদক/যোগানধাৰীসকলক কেৱল মাত্ৰ উক্ত ৰাজ্যখনৰ চিকিসালয়সমূহতহে অক্সিজেন যোগান ধৰিব পাৰিব বুলি নিয়ম প্ৰৱৰ্তন কৰা কথাটো কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ৰ দৃষ্টিগোচৰ হৈছে।ইয়াৰ পৰিপ্ৰেক্ষিতত, সংকটজনক ভিড ৰোগীৰ চিকিসাৰ অৰ্থে চিকিসালয়ত অক্সিজেন কিমান জৰুৰী তাত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা এখন পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য সচিবে উল্লেখ কৰে যে মজলীয়া আৰু তীব্ৰ ভিড-১৯ ঘটনাসমূহৰে মোকাবিলা কৰিবলৈ মেডিকেল অক্সিজেনৰ যথোচিত আৰু নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ বিষয়। স্বাস্থ্য সচিবগৰাকীয়ে মেডিকেল অক্সিজেনৰ আন্তঃৰাজ্যিক সৰবৰাহৰ সুচলতা নিশ্চিত কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আহ্বান জনায়। চিকিসাধীন প্ৰতিজন ভিড ৰোগীয়েই অক্সিজেন লাভ কৰাতো নিশ্চিত কৰিব লাগিব বুলি গুৰুত্ব প্ৰদান কৰা হৈছে। পত্ৰখনত তদুপৰি কোৱা হৈছে যে মেডিকেল অক্সিজেন হৈছে জনস্বাস্থ্যৰ এটা নিত্যব্যৱহাৰ্য উপাদান আৰু দেশখনত মেডিকেল অক্সিজেনৰ যোগানৰ ক্ষেত্ৰত বাধা সৃষ্টিৰ পৰিণতিত ভিন্ন প্ৰান্তৰ ভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ চিকিসাত জটিলতাৰ সৃষ্টি ব। ইয়াৰোপৰি, একাংশ অক্সিজেন পাদক/যোগানধাৰীয়ে ইতিমধ্যে ভিন্ন ৰাজ্যৰ চিকিসালয়সমূহেৰে যোগান সন্দৰ্ভত চুক্তি কৰি থৈছে। কেন্দ্ৰৰ নেতৃত্বাধীন ভিড ব্যৱস্থাপনা পদ্ধতিটো ষ্টেণ্ডাৰ্ড অৱ কেয়াৰ ট্ৰিটমেন্ট গাইডলাইনৰ ওপৰত নিৰ্ভৰশীল। এই নীতি-নিৰ্দেশনাই চিকিসালয়সমূহকে ধৰি সকলো ভিড ব্যৱস্থাত একক আৰু মানকীকৃত চিকিৎসা যতনক সুনিশ্চিত কৰিছে। এই নিয়ম অনুসৰি, মধ্যমীয়া আৰু তীব্ৰ ঘটনাসমূহৰ বাবে ভিড থেৰাপী হিচাপে যথোচিত অক্সিজেন চাপৰ্ট, এন্টি-কগুলেন্টৰ সঠিক আৰু সময়োচিত প্ৰদান আৰু কৰ্টিকষ্টেৰয়ডৰ বিস্তৃত উপলব্ধতা আৰু সুলভতাক সামৰি লোৱা গৈছে।

সমগ্ৰ দেশত যথোচিত অক্সিজেনৰ যোগানে চিকিসাধীন মজলীয়া আৰু তীব্ৰ ঘটনাসমূহেৰে ফলপ্ৰসূ ক্লিনিকেল কেয়াৰ প্ৰশস্ত কৰি তুলিব। এনে ব্যৱস্থা গ্ৰহণৰ ফলশ্ৰুতিতে আৰোগ্য় লাভৰ হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ (সম্প্ৰতি .৬৭%) দ্ৰুতভাৱে অৱনমিত হৈছে। আজিৰ তাৰিখত, .% তকৈয়ো কম সক্ৰিয় ৰোগী অক্সিজেন চাপৰ্টত আছে।

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1653254

 

ক’ৰোনা ভাইৰাছৰ(ছাৰ্ছ-ক’ভ-২)ৰ বিৰুদ্ধে এণ্টিবডী পৰীক্ষাৰ বাবে লক্ষ্ণৌস্থিত চিএছআইআৰ-চিডিআৰআইত ছেৰ’লজিকেল পৰীক্ষণ

চিএছআইআৰ-চিডিআৰআয়ে ছাৰ্ছ-ক’ভ-ৰ বিৰুদ্ধে জনসাধাৰণৰ এণ্টিবডী সম্পৰ্কীয় এক পৰীক্ষা সম্পন্ন কৰে৷ ৯-১১ ছেপ্টেম্বৰত এই ছেৰ’লজিকেল পৰীক্ষণ সম্পন্ন কৰা হয়৷ এই পৰীক্ষণ স্বেচ্ছামূলক আৰু সকলোৰে বাবে সম্পূৰ্ণ বিনামূলীয়া৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1653349

 

এনইপি, ২০২০ৰ অধীনত২১ শতিকাৰ বিদ্যালয়ৰ শিক্ষাশীৰ্ষক সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅকনফাৰেন্সিঙৰ জৰিয়তে এনইপি, ২০২০ৰ অধীনত২১ শতিকাৰ বিদ্য়ালয়ৰ শিক্ষাশীৰ্ষক সন্মিলন সম্বোধন কৰে। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২১ শতিকাৰ ভাৰতবৰ্ষক ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এটা নতুন দিক প্ৰদানৰ অৰ্থে আগবাঢ়িছে আৰু আমাৰ দেশখনৰ ভৱিষ্যতৰ আধাৰশিলা স্থাপনৰ মুহূৰ্তৰ আমিবোৰ অংশ হৈ ৰৈছো। তেওঁ কয় যে আমাৰ ব্যৱস্থাটো অদ্যপি পুৰণি ব্যৱস্থাৰ অধীনত চালিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই তিনিটা দশকটো আমাৰ জীৱনৰ যিকোনো প্ৰত্যাশাই একে হৈ থাকিল। এই নতুন শিক্ষা নীতিৰ অৰ্থ হৈছে এখন নতুন ভাৰতৰ নতুন আকাংক্ষা, নতুন সুযোগৰ পুৰণ কৰা বুলিও তেওঁ কয়।

 

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1653279

 

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰাকমূহূৰ্তত ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী ভেংকায়া নাউডুৰ ক’ভিড-১৯ টেষ্ট সম্পন্ন

১৪ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত অধ্যক্ষতা কৰাৰ বাবে নিজকে সাজু কৰাৰ বাবে ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী এন. ভেংকায়া নাইডুৱে আজি ক’ভিড-১৯ টেষ্ট সম্পন্ন কৰে৷ তদুপৰি, বৰ্ষাকালীন অধিৱেশনত অংশগ্ৰহণ কৰিবলগীয়া সকলো সাংসদক বাধ্যতামূলকভাৱে ক’ভিড-১৯ পৰীক্ষা কৰিবলৈ জাননী জাৰি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1653284

 

মূল্যভিত্তিক শিক্ষাৰ পোষকতা কৰি উপ-ৰাষ্ট্ৰপতিয়ে জনসাধাৰণক আন্ত-সন্তুষ্টি নলৈ সকলোকে ক’ভিড-১৯সম্পৰ্কীয় সাৱধানতা অব্যাহত ৰাখিবলৈ আহ্বান জনায়

উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৱে আজি এজন ব্যক্তিৰ সামগ্ৰিক উন্নয়নৰ বাবে মূল্যভিত্তিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে৷ তেওঁ শিক্ষাবিদসকলক মূল্যভিত্তিক শিক্ষাক আমাৰ শিক্ষা ব্যৱস্থাৰ এক অবিচ্চেদ্য অংগত পৰিণত কৰিবলৈ আহ্বান জনায়৷ এইক অনলাইন কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে কয় উপ-ৰাষ্ট্ৰপতিয়ে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1653272

 

চৰকাৰে জীৱন প্ৰমাণ-পত্ৰ দাখিল কৰাৰ সময়সীমাৰ ৰেহাই দিছে চৰকাৰেঃ ড০ জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় ড’নাৰ (স্বতন্ত্ৰ দায়িত্ব), পিএমঅ’, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে চৰকাৰে জীৱন প্ৰমাণ-পত্ৰ দাখিল কৰাৰ সময়সীমা বৃদ্ধি কৰি জ্যেষ্ঠ ব্যক্তিসকললৈ এক বৃহৰেহাই দিছে৷ পূৰ্বতে কেৱল নৱেম্বৰ মাহতে এই প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগিছিল, যদিও এতিয়া ক’ৰোনাৰ প্ৰাদূৰ্ভাৱৰ বাবে ২০২০ৰ ডিচেম্বৰলৈকে সময়সীমা বৃদ্ধি কৰিছে চৰকাৰে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1653327

 

ভিডিঅ’ কনফাৰেন্সিংযোগে গান্ধীনগৰ জিলা আৰু চহৰত ১৫.০১ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূল আঁচনি উদ্বোধন আৰু দেশবাসীৰ নামত উচৰ্গা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কালি ভিডিঅ’ কনফাৰেন্সিংযোগে গান্ধীনগৰ জিলা আৰু চহৰত ১৫.০১ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূল আঁচনি উদ্বোধন আৰু দেশবাসীৰ নামত উচৰ্গা কৰে৷  তেওঁ লগতে ১১৯.৬৩ কোটি টকা ব্যয়সাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷

 

অধিক বিৰৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1653075

 

বেংকৰ ধাৰকসকলক সাহায্য প্ৰদানৰ মূল্যায়ন ক্ষেত্ৰত চৰকাৰক সহায় কৰিব বিশেষজ্ঞ কমিটীয়ে

সুদ ৰেহাই তথা অন্যান্য প্ৰাসংগিক বিষয়ক লৈ গজেন্দ্ৰ বাৰ্মা আৰু ইউঅ’আইৰ মাজত উচ্চতম ন্যায়ালয়ত চলি থকা শুনানিক লৈ বিভিন্ন চিন্তাৰ উদ্ৰেক হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিক মূল্যায়ন বাবে এক বিশেষজ্ঞ কমিটী গঠন কৰা হৈছে, যাতে এই বিষয়টোৰ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ভালদৰে অৱগত কৰিব পাৰে৷ বিশেষজ্ঞ কমিটীখনত শ্ৰী ৰাজীৱ মেহঋষি, ভাৰতৰ কেগৰ প্ৰাক্তন অধ্যক্ষ; ড০ ৰবীন্দ্ৰ এইচ. ধোলাকিয়া, প্ৰাক্তন অধ্যাপক, আইআইএম আহমেদাবাদ আৰু প্ৰাক্তন সদস্য, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি কমিটী; শ্ৰী বি. শ্ৰীৰাম, প্ৰাক্তন পৰিচালন সঞ্চালক, ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু আইডিবিআই বেংক৷ এই কমিটীখনে এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1653099

 

ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা সমস্যাৰ আশু সমাধান বিচাৰি আমি সকলোৱে একেলগে কাম কৰি যাব লাগিবঃ শ্ৰী গেংৱাৰ

শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) শ্ৰী সন্তোষ গেংৱাৰে জি-১০ সদস্য ৰাষ্ট্ৰসমূহক ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা সমস্যাৰ আশু সমাধান বিচাৰি আমি সকলোৱে একেলগে কাম কৰি যাবলৈ আহ্বান জনায়৷ কালি সন্ধিয়া জি-১০ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ ভাৰ্চুৱেল বৈঠকত এইদৰে কয় শ্ৰী গেংৱাৰে

 

অধিক বিৱৰণ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1653260

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট

 

  • চণ্ডীগড়ঃ চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকে তিনিওখন চিকিসা প্ৰতিষ্ঠানক পৰীক্ষা হাৰ, বিছনাৰ সংখ্যা বৃদ্ধি আৰু গৰুতৰ ৰোগীসকলৰ অধিক সাৱধানতা ল’বলৈ নিৰ্দেশ দিছে৷ তেওঁ জনপ্ৰতিনিধিসকলক লক্ষণযুক্ত আৰু সন্দেহজনক ৰোগীৰ সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবেও আহ্বান জনায়৷ তেওঁ সকলোকে চৰকাৰ আৰু প্ৰশাসনৰ সৈতে সহযোগিতা আগবঢ়াবলৈ কয়৷
  • পাঞ্জাৱঃ পাঞ্জাৱৰ জনসাধাৰণৰ প্ৰতি আৱেগিক আহ্বান জনায় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী বলৱীৰ সিং সিন্ধুৱে সকলোকে ক’ভিড পৰীক্ষা কৰিবলৈ কয়৷ কিয়নো চিনাক্তকৰণৰ হেমাহি হ’লে ৰোগীৰ স্বাস্থ্য অধিক গুৰুতৰ হৈ পৰে আৰু এই মহামাৰীৰ বিৰুদ্ধে যুঁজাতো জটিলতাই দেখা দিয়ে৷
  • মহাৰাষ্ট্ৰঃ বিশ্বস্বাস্থ্য সংস্থাই ক’ভিড-১৯ টেষ্টৰ হাৰ বৃদ্ধি কৰিবলৈ দিয়া সকিয়নিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত অনাগত দিনকেইটাত আক্ৰান্তৰ হাৰ বৃদ্ধি পাব বুলি কয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই৷ ইফালে, ৰাজ্য চৰকাৰে ৮০শতাংশ অক্সিজেন চিকিসালয়লৈ আৰু ২০শতাংশ উদ্যোগলৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে৷ মহাৰাষ্ট্ৰত কালিৰ দিনটোত ২৩,৪৪৬গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্তৰ জৰিয়তে মুঠ আক্ৰান্ত লোকৰ সংখ্যা ৯,৯০,৭৯৫ জনলৈ বৃদ্ধি পাইছে৷ বৰ্তমান ৰাজ্যখন ২.৬১লাখ ৰোগী চিকিসাধীন হৈ আছে৷
  •  গুজৰাটঃ ৰাজ্যখনত ১৫০তকৈ অধিক চিকিসক ক’ভিডত আক্ৰান্ত হৈছে৷ তদুপৰি, ৰাজকোটত শতাধিক চিকিসক ক’ৰোনাৰ বাবে আৱদ্ধ হৈ আছে৷ কালিৰ দিনটোত গুজৰাটত নতুনকৈ ১,৩৩২গৰাকী ৰোগী ক’ৰোনাত আক্ৰান্ত হৈ আছে৷ বৰ্তমান ৰাজ্যখনত ১৬,১৯৮গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • ৰাজস্থানঃ ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ আগষ্টৰ ৫%ৰ পৰা ছেপ্টেম্বৰত ৬%লৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ বিগত ২৪ ঘণ্টাত ৭৪০জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ বৰ্তমান ১৬,৪২৭গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • মধ্যপ্ৰদেশঃ ৰাজ্যখনৰ ক’ভিডৰ ৰেখা ঊৰ্ধ্বগামী হোৱাৰ বিপৰীতে অক্সিজেন যোগানৰ হাৰ হ্ৰাস পোৱাত মধ্যপ্ৰদেশ চৰকাৰে হোছাংগবাদত এক অক্সিজেন প্ৰস্তুতৰ প্লাণ্ট স্থাপনৰ কথা ঘোষণা কৰিছে৷ ৰাজ্যখনত বৰ্তমান ১৮,৪৩৩গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  •  কেৰালাঃ দুখন বিধানসভাৰ আসনৰ বাবে হ’বলগীয়া উপ-নিৰ্বাচন স্থগিত কৰিবলৈ নিৰ্বাচন আয়োগৰ আহ্বান জনোৱাৰ বাবে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে এক সৰ্বদলীয় বৈঠকত আহ্বান কৰে৷ ৰাজ্যখনত বৃদ্ধি পোৱা ক’ভিড আক্ৰান্তৰ হাৰ আৰু বিত্তীয় সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বদলীয় বৈঠকে এই সিদ্ধান্তত একমত হৈ নিৰ্বাচন আয়োগ উপ-নিৰ্বাচন বাতিলৰ আহ্বান জনায়৷ ইফালে, ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী ই.পি. জয়াৰাজন ক’ভিত আক্ৰান্ত হৈছে৷৷ কালি দিনটোৰ কেৰালাত নতুনকৈ ৩,৩৪৯গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ২৬,২২৯জন লোক চিকিসাধীন হৈ আছে৷ কেৰালাত এতিয়ালৈকে ক’ভিড-১৯ত ৩৯৬জন লোকৰ মৃত্যু হৈছে৷
  • তামিলনাডুঃ আজি পুৱা ১০বজালৈকে পুডুচেৰীত ২৪ ঘণ্টাত ৫০৫জন লোক নতুনকৈ আক্ৰান্ত আৰু ১২ জন ৰোগীৰ ক’ভিডত মৃত্যু হৈছে৷ বৰ্তমান পুডুচেৰীত ৪,৮৭৮জন লোক চিকিসাধীন হৈ আছে৷ তামিনাডুৰ স্বাস্থ্য মন্ত্ৰী চি, বিজয়ভাস্কৰে কয় যে ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ ১০শতাংশতকৈ কম হৈছে৷ ৰাজ্যখনত আংশিকভাৱে বিদ্যালয়সমূহ খোলা দি সলনা-সলনিকৈ পাঠদান আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে৷
  • কৰ্ণাটকঃ ছমাহৰ পাছত কালি ৰাজ্যখনত ক’ভিড আক্ৰান্তৰ হৈ চিকিসাধীন ৰোগীৰ সংখ্যা ১,০১,৫৩৭জন হৈছে৷ ৰাজ্যখনৰ বহু চিকিসালয়ত অক্সিজেনৰ নাটনিৰ তথ্য পোৱা গৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী য়েডিউৰাপ্পাই আন্তঃজিলা সহযোগিতাৰ আহ্বান জনাইছে৷
  • অন্ধ্ৰপ্ৰদেশঃ ৫.৩৪ কোটি জনসংখ্যাৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশত ২০ শতাংশ লোকে ক’ভিড-১৯ প্ৰতিৰোধী ক্ষমতা আহৰণ কৰা বুলি এক ছেৰ’ প্ৰতিৰোধী সম্পৰ্কীয় অধ্যয়নত তথ্য প্ৰকাশ পাইছে৷ তথ্য মতে ২২.৫শতাংশ নগৰৰ আৰু ১৮.২শতাংশ গ্ৰামীণ এলেকাৰ লোকে ক’ভিড-১৯ প্ৰতিৰোধী ক্ষমতা আহৰণ কৰিছে৷ ৰাজ্যখনত ৫০ বছৰৰ ওপৰৰ লোকসকলক হোমা আইছ’লেচনত ৰখাত অনুমতি দিয়া হোৱা নাই৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানাক ২,৪২৬ নতুনকৈ আক্ৰান্ত, ২,৩২৪ আৰোগ্য আৰু ১৩জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনত বৰ্তমান ৩২,১৯৫গৰাকী ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷
  • অৰুণাচলপ্ৰদেশঃ ৰাজ্যখনৰ কালি নতুন ১২৭জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৯৯জন আৰোগ্য হৈছে৷
  •  অসমঃ বিগত ২৪ ঘণ্টাত অসমত ২,১৯৭জন ক’ভিডমুক্ত হৈছে৷ বৰ্তমানলৈকে ১,০৫,৭০১জন ৰোগী সুস্থ হোৱাৰ পাছত বৰ্তমান ২৯,৬৮৭জন ৰোগী চিকিসাধীন হৈ আছে৷
  • মনিপুৰঃ মনিপুৰত কালি নতুনকৈ ১০৮জন ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৪৫জন সুস্থ হৈছে৷ আৰোগ্য হাৰ ৰাজ্যখনত ৭৭শতাংশ৷ বৰ্তমান ৰাজ্যখনত ১,৬৩৩জন ৰোগী চিকিসাধীন হৈ আছে৷
  • মেঘালয়ঃ ৰাজ্যখন বৰ্তমান ১,৪৩৪জন ৰোগী চিকিসাধীন হৈ আছে৷ ইয়াৰে ২৭২জন সেনা জোৱান৷ মেঘালয়ত এতিয়ালৈকে ১,৮৪২জন সুস্থ হৈছে৷
  •  মিজোৰামঃ আইজাল পৌৰ এলেকাত ১৭ ছেপ্টেম্বৰলৈকে আংশিক লকডাউন ঘোষণা কৰিছে মিজোৰাম চৰকাৰে৷ কালি মিজোৰামত নতুনকৈ ২০জন ক’ভিডত আক্ৰান্ত হৈছে৷ বৰ্তমান মিজোৰামত ৬০৩জন ৰোগী চিকিসাধীন হৈ আছে৷
  • নাগালেণ্ডঃ নতুনকৈ কেইবাজনো লোক ক’ভিডত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ক’হিমাৰ জেইন’বাজ কলনি. পি খেল, ল’ৱাৰ নগা বজাৰ, অফিচাৰ হিল আৰু জে’ল কলনিকে ধৰি বহু এলেকা ছীল কৰি দিয়া হৈছে৷

 

FACTCHECK



(Release ID: 1653484) Visitor Counter : 174