PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 10 SEP 2020 6:18PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

আটাইতকৈ শোচনীয় ভাবে প্ৰভাৱিত ৫খন ৰাজ্যতে ভাৰতৰ ৬০শতাংশ আক্ৰান্ত

দেশত শেহতীয়া ২৪ ঘণ্টাত ৯৫,৭৩৫গৰাকী লোক নতুনকৈ ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈছে। আটাইতকৈ শোচনীয় ভাবে প্ৰভাৱিত ৫খন ৰাজ্যতে দেশৰ ৬০শতাংশ ৰোগী থকাৰ কথা স্পষ্ট হৈছে। এইকেইখন ৰাজ্যৰ ভিতৰত সৰ্বাধিক ২৩,০০০গৰাকী আক্ৰান্ত চিনাক্ত হৈছে মহাৰাষ্ট্ৰত। ইয়াৰ পিচত ১০,০০০গৰাকী আক্ৰান্তৰে দ্বিতীয় স্থানত আছে অন্ধ্ৰ প্ৰদেশ। শেহতীয়া তথ্য মতে, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯,১৯,০১৮গৰাকী। ইফালে, সক্ৰিয় ৰোগীৰ ৭৪শতাংশতকৈয়ো অধিক সংখ্যক আছে ৯খন ৰাজ্যতে। মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশে এই মুহূৰ্তত ৪৯শতাংশ আক্ৰন্তৰ স্বাক্ষৰ বহণ কৰিছে। অৱশ্যে ইয়াৰ মাজতো ২,৫০,০০০ৰৰো অধিক আক্ৰন্তৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰ। ইফালে ৯৭,০০০ৰৰো অধিক আক্ৰান্তৰে কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশে ইয়াৰ পিচতে স্থান লাভ কৰিছে।

বিগত ২৪ ঘণ্টাত ১,১৭২গৰাকী লোকে ক’ভিড-ত মৃত্যু বৰণ কৰিবলগীয়া হৈছে। কালিৰে পৰা লাভ কৰা তথ্য মতে মৃতকসকলৰ ৩২শতাংশই মহাৰাষ্ট্ৰৰ। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৮০গৰাকী লোকৰ। ইফালে এই সময়চোৱাত কৰ্ণাটকত ১২৮গৰাকী আৰু তামিল নাডুত ৭৮গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ইফালে, মৃতকসকলৰ ৬৯শতাংশই ৫খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, তামিল নাডু, কৰ্ণাটক, দিল্লী আৰু অন্ধ্ৰ প্ৰদেশৰ।

অধিক বিৱৰণৰ বাবে

ৰেপিড এন্টিজেন টেষ্টত নিগেটিভ দেখুওৱা সকলো লক্ষণযুক্ত ঘটনাৰ আৰটি-পিচিআৰ ৰ জৰিয়তে বাধ্যতামূলকভাৱে পুনৰ পৰীক্ষণ কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ স্বাস্থ্য মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে একাংশ ডাঙৰ ৰাজ্যত ৰেপিড এন্টিজেন টেষ্ট (আৰএটি)ত লক্ষণযুক্ত নিগেটিভ ঘটনাসমূহৰ আৰটি-পিচিটি টেষ্টিং সম্পন্ন নোহোৱাত উদ্বেগ প্ৰকাশ কৰিছে। আইচিএমআৰৰ নীতি-নিৰ্দশনাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও স্পষ্টকৈ উল্লেখ কৰিছে যে তলত উল্লেখিত দুই নিৰ্দিষ্ট পৰ্য়ায়ৰ লোকে নিশ্চিতভাৱে আৰটি-পিচিআৰ টেষ্টৰ জৰিয়তে পুনৰ টেষ্ট সম্পন্ন কৰাটো বাঞ্চনীয়ঃ

১. ৰেপিড এন্টিজেন টেষ্ট (আৰএটি)ৰ সকলো লক্ষণযুক্ত (জ্বৰ বা কাহ বা শ্বাসকষ্ট) নিগেটিভ ঘটনা।

২. আৰএটিৰ লক্ষণবিহীন নিগেটিভ ঘটনা যিয়ে নিগেটিভ বুলি প্ৰমাণিত হোৱাৰ ২ ৰপৰা ৩ দিনৰ ভিতৰত লক্ষণ দেখুৱায়।

ইয়াৰ ভিত্তিতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু আইচিএমআৰে যুটীয়াভাৱে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰে আৰু ৰেপিড এন্টিজেন টেষ্টত নিগেটিভ দেখুওৱা সকলো লক্ষণযুক্ত ঘটনাৰ আৰটি-পিচিআৰ ৰ জৰিয়তে বাধ্যতামূলকভাৱে পুনৰ টেষ্ট নিশ্চিত কৰিবলৈ কৈছে। এনে লক্ষণবিহীন নিগেটিভ ঘটনাসমূহৰ যাতে পুনৰ টেষ্ট নকৰাকৈ নাথাকে আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকলৈ যাতে ৰোগটো বিয়পাব নোৱাৰে তাৰ নিশ্চিতি বাঞ্চনীয়। এনে মিছা নিগেটিভৰ আগতীয়া চিনাক্তকৰণ আৰু আইছ’লেশ্যন/চিকিৎসালয়ত ভৰ্তি নিশ্চিত কৰাতো গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰালয় আৰু আইচিএমআৰে তদুপৰি কয় যে ক্ষেত্ৰত বৰ্ধিত লাভ আৰু উপলব্ধতাৰ অৰ্থে আৰএটি ব্যৱহাৰ কৰাৰ বিপৰীতে আৰটি-পিচিআৰ হৈছে ক’ভিড টেষ্টৰ গ’ল্ড ষ্টেণ্ডাৰ্ড।

অধিক বিৱৰণৰ বাবে

 

বিশ্ব স্বাস্থ্য সংস্থা দক্ষিণ পূব এছিয়া অঞ্চলৰ ৭৩তম অধিৱেশন- ক’ভিড-১৯ৰ জৰুৰীকালীন প্ৰস্তুতিৰ মন্ত্ৰীমণ্ডলৰ ঘূৰণীয়া টেবুলৰ অধিৱেশনত ডাঃ হৰ্ষ ৱৰ্ধনৰ ভাষণ প্ৰদান

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ভিডিঅ’ কনফাৰেন্সযোগে বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া অঞ্চলৰ ৭৩তম অধিৱেশনত অংশগ্ৰহণ কৰে৷ ভাৰতক প্ৰতিনিধিত্ব কৰি ডাঃ হৰ্ষ ৱৰ্ধনে ক’ভিড-১৯ জৰুৰীকালীন প্ৰস্তুতিৰ মন্ত্ৰীমণ্ডলৰ ঘূৰণীয়া টেবুলৰ অধিৱেশনত দুটা হস্তক্ষেপ আগবঢ়ায়৷ বৈঠকত তেওঁ ক’ভিডক মোকাবিলা কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

 

বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া অঞ্চলৰ ৭৩তম অধিৱেশনত সদস্য দেশসমূহে ক’ভিড-১৯ৰ ঐক্যৱদ্ধ প্ৰতিক্ৰিয়াৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছে

থাইলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী আনুটিন চাৰ্ণবিৰাকুলৰ অধ্যক্ষতাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া অঞ্চলক ৭৩তম অধিৱেশনত সদস্য দেশসমূহে দক্ষিণ-পূব এছিয়া অঞ্চলত ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে ঐক্যৱদ্ধভাৱে এছইএআৰ মেম্বাৰ ষ্টেটছ্ ডিক্লেৰেচনত সন্মতি প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী আৰু ছৌদি আৰৱৰ ৰজাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছৌদি আৰৱৰ ৰজা ছালমান বিন আব্দুলাজিজ আল ছৌদৰ সৈতে টেলিফোনত বাৰ্তালাপ হয়৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ ক্ষেত্ৰত উৎপন্ন হোৱা গোলকীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে৷ চলিত জি২০ বৈঠকত ছৌদি আৰৱৰ পৃষ্ঠপোষকতাত প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই মহামাৰীবিধক প্ৰত্যাহ্বান জনাবলৈ জি২০ য়ে গ্ৰহণ কৰা পদক্ষেপসমূহত সন্মতি প্ৰকাশ কৰে৷ তেওঁলোকে জি২০ৰ প্ৰধান অগ্ৰাধিকাৰমূলক বিষয়সমূহৰ বিষয়েও আলোচনা কৰে৷ ভাৰত আৰু ছৌদি আৰৱৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰতো দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে৷ ক’ভিড মহামাৰীৰ সময়ত ছৌদি আৰৱত বাস কৰা ভাৰতীয় প্ৰবাসীসকলৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰজা ছালমানক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰজা ছালমানৰ সুস্বাস্থ্য তথা দেশখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়৷

অধিক বিৱৰণৰ বাবে

 

ৰাজ্যসভাৰ অধ্যক্ষই বৰ্ষাকালীন অধিৱেশনৰ সফল আৰম্ভণি নিশ্চিত কৰিবলৈ সংসদত পৰীক্ষামূলক অধিৱেশনৰ আয়োজন কৰে

ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী এম.ভেংকায়া নাইডুৱে অহা ১৪ ছেপ্তেম্বৰ, সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সফল আয়োজনৰ বাবে সকলো প্ৰস্তুতি-পৰ্ব নিৰীক্ষণ কৰে। তেওঁৰ অধ্যক্ষতাত সংসদত এক পৰীক্ষামূলক অধিৱেশনৰ আয়োজন কৰা হয়। সামাজিক দূৰত্বৰ নিয়মৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সজাই ৰখা সংসদৰ চেম্বাৰ আৰু চাৰিটা গেলেৰীৰ আসনত সচিবালয়ৰ কৰ্মচাৰীক বহিবলৈ দিয়া হয়। সংসদৰ এটা চেম্বাৰৰ পৰা আনটো চেম্বাৰলৈ সংযোজিত অডিঅ’ আৰু ভিডিঅ’ ছিগনেলসমূহ সঠিকভাৱে প্ৰেৰিত হৈছে নে নাই, সেয়া সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা হয়। লোকসভাৰ চেম্বাৰত বহা লোকক আলোচনাত অংশ লোৱাৰ আহ্বান জনোৱা হৈছে। তিনিওটা স্থানত ভোট প্ৰক্ৰিয়াৰ এক নমুনাও সম্পন্ন কৰা হৈছে। সমগ্ৰ প্ৰস্তুতিৰ বুজ লৈ অধ্যক্ষ শ্ৰী নাইডুৱে সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী নাইডুৱে সচিবালয়ৰ জেষ্ঠ বিষয়ববীয়াসকলক পৰামৰ্শ আগবঢ়ায় যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা সকলো নীতি-নিৰ্দেশনা সঠিকভাৱে বলবৎ হোৱাটো নিশ্চিত কৰিব লাগে। আগন্তুক অধিৱেশনৰ পূৰ্বে আৰু উক্ত সময়ছোৱাত এক সন্মানীয় সদস্যসকলক স্বাস্থ্যজনিত নীতি-নিয়মসমূহ পুনৰ এবাৰ সোঁৱৰাই দিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰী নাইডুৱে পুনৰ উল্লেখ কৰে যে সংসদৰ কাম-কাজৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যৰ কোভিড টেষ্ট সম্পন্ন হোৱাটো বাধ্যতামূলক। এই সন্দৰ্ভত বিষয়াসকলে অধ্যক্ষক জনায় যে যোৱা দুদিন ধৰি পৰীক্ষণ প্ৰক্ৰিয়া চলি আছে। অধ্যক্ষ শ্ৰী নাইডুৱে তেওঁৰ চেম্বাৰত অন্ধ্ৰ প্ৰদেশৰ পৰা নতুনকৈ নিৰ্বাচিত সদস্য শ্ৰী পৰিমল নাথৱানীক শপত বাক্য পাঠ কৰায়। বাকী সদস্যসকলে অধিৱেশনৰ প্ৰথম দিনা শপত গ্ৰহণ কৰিব।

অধিক বিৱৰণৰ বাবে

 

বিত্ত মন্ত্ৰীয়ে মুকলি কৰিলে ঘৰৰ মুখতে বেংকিং সেৱা আৰু ইজ ২.০ সূচাংকৰ ফলাফল

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কালি পিএছবিৰ ঘৰৰ মুখতে বেংকিং সেৱা মুকলি কৰে আৰু ইজ বেংকিং সংস্কাৰ সূচাংকত শ্ৰেষ্ঠতম ফলাফল প্ৰদান কৰা বেংকসমূহৰ পুৰস্কাৰ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ ইজ সংস্কাৰৰ অংশ হিচাপে ঘৰৰ মুখতে বেংকিং সেৱাক গ্ৰাহকৰ সুবিধাৰ্থে প্ৰণয়ন কৰা হৈছে৷ ইয়াৰ লগতে কল চেণ্টাৰ, ৱেব প’ৰ্টেল আৰু ম’বাইল এপো মুকলি কৰা হৈছে৷ গ্ৰাহকে এতিয়া ঘৰত বহিয়েই এই চেনেলসমূহৰ জৰিয়তে বেংকিং সেৱা অনুসৰণ কৰিব পাৰে৷

অধিক বিৱৰণৰ বাবে

 

আয়ুষভিত্তিক পুষ্টি সমাধান পোষণ মাহ নিৰীক্ষণত আলোকপাত কৰা হ’ব

ছেপ্টেম্বৰ ২০২০ মাহত উদযাপন কৰা পোষণ মাহত পুষ্টিগত সমাধান এক পৰম্পৰাগত স্বাস্থ্যসেৱা অংশ হিচাপে পৰিগণিত হৈছে৷ ক’ভিড-১৯ প্ৰট’কল পালন কৰি পোষণ অভিযানৰ অধীনত এই কাৰ্যসূচী প্ৰণয়ন কৰা হ’ব৷ পোষণ অভিযান প্ৰধানমন্ত্ৰীয়ে ৮ মাৰ্চ ২০১৮ তাৰিখে মুকলি কৰিছিল৷

অধিক বিৱৰণৰ বাবে

 

ডিএছটিৰ উদ্ভাৱন, উদ্যমিতা আৰু ইনকিউবেচনৰ অনুঘটক যাত্ৰাৰ প্ৰতিবেদন মুকলি

উদ্ভাৱন, উদ্যমিতা আৰু ইনকিউবিচেনৰ অনুঘটকত নেচনেল ছায়েন্স এণ্ড টেকন’ল’জী এন্ট্ৰিপ্ৰিনিউৰশ্বিপ ডেভেলপমেণ্ট ব’ৰ্ড (এনএছটিইডিবি)ৰ যাত্ৰাৰ প্ৰতিবেদন এক অনলাইন কাৰ্যসূচীৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিহ অধ্যাপক আশুতোষ শৰ্মাই মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত ১৪৭জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ১৮৩ জনে আৰোগ্য লাভ কৰি মুকলি হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৬৩০ জন৷
  • অসমঃ অসমত কালি ২২৬৫ জন ৰোগীক মুকলি কৰি দিয়া হয়৷ মুঠ ১,০৩,৫০৪ জন ৰোগীক মুকলি কৰি দিয়া হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৯,১৬৩ জন৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে৷
  • মণিপুৰঃ মণিপুৰত ১৬০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ৬৪ জন লোকে আৰোগ্য লাভ কৰিছে আৰু আৰোগ্যৰ হাৰ হ’ল ৭৫ শতাংশ৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭৭৪ জন৷
  • মেঘালয়ঃ মেঘালয়ত ১০৭ জন লোকে কালি ৰোগৰ পৰা আৰোগ্য লাভ কৰে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩৫৫ জন৷
  • মিজোৰামঃ কালি ১৪১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩৩৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৮৩ জন৷
  • নাগালেণ্ডঃ নাগালেণ্ড চৰকাৰে ৰাজ্যখনলৈ ঘূৰি অহা লোকসকলৰ বাবে সংশোধিত এছঅ’পি জাৰি কৰিছে৷ প্ৰৱেশৰ পথসমূহ চিনাক্ত কৰা হৈছে৷ বুধবাৰে ১৩০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • ছিক্কিমঃ ৩১জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫২৭ জন৷ এই পৰ্যন্ত ১৪৭০ জন লোকক মুকলি কৰি দিয়া হৈছে৷ মুঠ নিশ্চিত ৰোগীৰ সংখ্যা হ’ল ১৯৮৯ জন৷
  • মহাৰাষ্ট্ৰঃ বুধবাৰে পুৰণি অভিলেখ ভাঙি একেবাৰতে ২৩,৮১৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হৈছে ৯,৬৭,৩৪৯ জন৷ ২৭,৭৩২ জন লোকৰ মৃত্যু হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা ২,৫২,৭৩৪ লৈ বৃদ্ধি পাইছে৷
  • গুজৰাটঃ বুধবাৰে ১৩২৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৬,২৯৬ জন৷
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত আৰোগ্যৰ হাৰ ৭৬ শতাংশলৈ উত্তৰণ হৈছে৷ ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা হ’ল ৭৯,১৯২ জন৷ বিগত ২৪ ঘণ্টাত ১৮৬৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭,৭০২ জন৷
  • গোৱাঃ শুকুৰবাৰৰ  পৰা কাৰ্যকৰী হোৱাকৈ দক্ষিণ গোৱা জিলা হাস্পতালত ক’ভিডৰ চিকিৎসাৰ বাবে ২৫০খন বিচনা সংযুক্ত কৰা হৈছে৷ বৰ্তমানে মাডগাঁওৰ ইএছআই হাস্পতালত ৪৮৩৩ জন সক্ৰিয় ৰোগীক চিকিৎসা কৰি থকা হৈছে৷
  • কেৰালাঃ কালি সৰ্বাধিক ৩৪০২ লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷ বৰ্তমানে ২৪,৫৪৯ জন ৰোগীৰ চিকিৎসা চলি আছে আৰু ২.০২ লাখ লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ কালি ৫৫৮৪ জন লোকৰ দেহত পজিটিভ বীজাণু ধৰা পৰে৷ ৬৫১৬ জনক মুকলি কৰি দিয়া হৈছে৷ ৮০৯০ জন লোকৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ ৰাজ্যৰ পশুপালন মন্ত্ৰী প্ৰভু চাবন ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ সৰু সৰু চহৰসমূহতো ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে পৰীক্ষণৰ সুবিধা সম্প্ৰসাৰিত কৰিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ নেল্লোৰ জিলাই শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰত ‘সঞ্জীৱনী’ শীৰ্ষক বাছ সেৱা ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে আৱণ্টিত কৰিছে৷ বুধবাৰে সতীশ ধাৱান মহাকাশ কেন্দ্ৰত ৪৭ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পাইছে৷
  • তেলেংগানাঃ ২৫৩৪ জন নতুন ৰোগীৰ সৈতে তেলেংগানাত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ১.৫ লাখৰ সীমা স্পৰ্শ কৰিছে৷ বিগত ২৪ ঘণ্টাত ২০৭১ জনে আৰোগ্য লাভ কৰিছে আৰু ১১ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৫০,১৭৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩২,১০৬ জন৷ ৯২৭ জনৰ মৃত্যু হৈছে৷ ১,১৭,১৪৩ জন লোকক মুকলি কৰি দিয়া হৈছে৷

 

*****



(Release ID: 1653188) Visitor Counter : 171