উপ-ৰাষ্ট্ৰপতি সচিবালয়

ৰাজ্যসভাৰ অধ্যক্ষই বৰ্ষাকালীন অধিৱেশনৰ সফল আৰম্ভণি নিশ্চিত কৰিবলৈ সংসদত পৰীক্ষামূলক অধিৱেশন আয়োজন কৰে

प्रविष्टि तिथि: 09 SEP 2020 6:16PM by PIB Guwahati

ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী এম.ভেংকায়া নাইডুৱে অহা ১৪ ছেপ্তেম্বৰ, সোমবাৰৰ পৰা আৰম্ভ হবলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সফল আয়োজনৰ বাবে সকলো প্ৰস্তুতি-পৰ্ব নিৰীক্ষণ কৰে।

তেওঁৰ অধ্যক্ষতাত সংসদত এক পৰীক্ষামূলক অধিৱেশনৰ আয়োজন কৰা হয়। সামাজিক দূৰত্বৰ নিয়মৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সজাই ৰখা সংসদৰ চেম্বাৰ আৰু চাৰিটা গেলেৰীৰ আসনত সচিবালয়ৰ কৰ্মচাৰীক বহিবলৈ দিয়া হয়।

সংসদৰ এটা চেম্বাৰৰ পৰা আনটো চেম্বাৰলৈ সংযোজিত অডিঅআৰু ভিডিঅ ছিগনেলসমূহ সঠিকভাৱে প্ৰেৰিত হৈছে নে নাই, সেয়া সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা হয়। লোকসভাৰ চেম্বাৰত বহা লোকক আলোচনাত অংশ লোৱাৰ আহ্বান জনোৱা হৈছে। তিনিওটা স্থানত ভোট প্ৰক্ৰিয়াৰ এক নমুনাও সম্পন্ন কৰা হৈছে। সমগ্ৰ প্ৰস্তুতিৰ বুজ লৈ অধ্যক্ষ শ্ৰী নাইডুৱে সন্তুষ্টি প্ৰকাশ কৰে।

শ্ৰী নাইডুৱে সচিবালয়ৰ জেষ্ঠ বিষয়ববীয়াসকলক পৰামৰ্শ আগবঢ়ায় যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা সকলো নীতি-নিৰ্দেশনা সঠিকভাৱে বলবৎ হোৱাটো নিশ্চিত কৰিব লাগে। আগন্তুক অধিৱেশনৰ পূৰ্বে আৰু উক্ত সময়ছোৱাত এক সন্মানীয় সদস্যসকলক স্বাস্থ্যজনিত নীতি-নিয়মসমূহ পুনৰ এবাৰ সোঁৱৰাই দিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।

শ্ৰী নাইডুৱে পুনৰ উল্লেখ কৰে যে সংসদৰ কাম-কাজৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যৰ কোভিড টেষ্ট সম্পন্ন হোৱাটো বাধ্যতামূলক। এই সন্দৰ্ভত বিষয়াসকলে অধ্যক্ষক জনায় যে যোৱা দুদিন ধৰি পৰীক্ষণ প্ৰক্ৰিয়া চলি আছে।

অধ্যক্ষ শ্ৰী নাইডুৱে তেওঁৰ চেম্বাৰত অন্ধ্ৰ প্ৰদেশৰ পৰা নতুনকৈ নিৰ্বাচিত সদস্য শ্ৰী পৰিমল নাথৱানীক শপত বাক্য পাঠ কৰায়। বাকী সদস্যসকলে অধিৱেশনৰ প্ৰথম দিনা শপত গ্ৰহণ কৰিব।

****

VRRK/MS/MSY/DP/MS


(रिलीज़ आईडी: 1652822) आगंतुक पटल : 245
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Tamil