স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কোভিড-১৯ পৰীক্ষাত ভাৰতৰ অগ্ৰগতি অব্যাহত

যোৱা ২৪ ঘণ্টাত ১১.৫ লাখতকৈও অধিক পৰীক্ষা সম্পন্ন

Posted On: 09 SEP 2020 1:10PM by PIB Guwahati

একেদিনাই সৰ্বাধিক প্ৰায় ৭৫,০০০ আৰোগ্যৰ সংখ্যা পঞ্জীয়ন কৰাৰ দিনাই ভাৰতে কোভিড পৰীক্ষাৰ ক্ষেত্ৰতো অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে যোৱা ২৪ ঘণ্টাত ১১. লাখতকৈও অধিক কোভিডৰ নমুনা পৰীক্ষা কৰা হয়

 

দৈনিক এক উচ্চ নিৰিখৰ পৰীক্ষা সম্পন্ন কৰি থকা কমসংক্ষক দেশৰ মাজত ভাৰতো এখন দৈনিক পৰীক্ষাৰ সক্ষমতাই ইতিমধ্যে ১১ লাখৰ সংখ্যা অতিক্ৰম কৰিছে যোৱা ২৪ ঘণ্টাত ১১,৫৪,৫৪৯টা পৰীক্ষা সম্পন্ন কৰাৰ লগে লগে ভাৰতে ৰাষ্ট্ৰীয় ৰোগ চিনাক্ত কৰণৰ সক্ষমতাও শক্তিশালী কৰি তুলিছে

 

এই সফলতাৰ লগে লগে সৰ্বমুঠ পৰীক্ষাৰ সংখ্যাই .১৮ কোটি (,১৮,০৪,৬৭৭) অতিক্ৰম কৰিলে দেশ হিচাপত উচ্চ স্তৰীয় পৰীক্ষাৰ জৰিয়তে সময়মতে ৰোগ চিনাক্ত কৰণৰ ফলত পজিটিভ কেছবিলাক একাষৰীয়া বা চিকিৎসাধীন কৰাৰ ক্ষেত্ৰত মূল্যবান সুযোগৰ সৃষ্টি হৈছে, বিশেষকৈ যথাৰ্থভাৱে আগতীয়া চিকিৎসাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ইয়াৰ বিনিময়ত মৃত্যুৰ হাৰ (বৰ্তমান .৬৯%) হ্ৰাস পাইছে আৰু খৰতকীয়া আৰোগ্য সম্ভৱ হৈছে

 

সমগ্ৰ দেশজুৰি সম্প্ৰসাৰিত ৰোগ চিনাক্ত কৰণৰ নেটৱৰ্কসমূহৰ লগতে সহজে পৰীক্ষা কৰাৰ সুবিধা থকাৰ ফলত এই দিশত এক পৰিপূৰক অগ্ৰগতি লাভ কৰা গৈছে এই সফলতা অৰ্জন কৰি, প্ৰতি নিযুত পৰীক্ষা (Test Per Million) ৩৭,৫৩৯লৈ লক্ষণীয় অগ্ৰগতি পৰিলক্ষিত হৈছে এই ঊৰ্ধমুখী প্ৰৱণতা অব্যাহত আছে পুণেত ২০২০ৰ জানুৱাৰীত এটা পৰীক্ষাগাৰৰ পৰা, আজি ১৬৭৮টা পৰীক্ষাগাৰেৰে দেশ শক্তিশালী, ' চৰকাৰী খণ্ডত ১০৪০টা আৰু বেচৰকাৰী খণ্ডত ৬৩৮টা পৰীক্ষাগাৰ অন্তৰ্ভুক্ত ইয়াৰ ভিতৰত আছেঃ

 

  • ৰিয়েল-টাইম আৰ টি পি চি আৰভিত্তিক পৰীক্ষাগাৰঃ ৮৫৪ (চৰকাৰী-৪৬৯+বেচৰকাৰী-৩৮৫)
  • ট্ৰুনেটভিত্তিক পৰীক্ষাগাৰঃ ৭০৩ (চৰকাৰী-৫৩৭+ বেচৰকাৰী-১৬৬)

চি বি এন টিভিত্তিক পৰীক্ষাগাৰঃ১২১ (চৰকাৰী- ৩৪+ বেচৰকাৰী-৮৭)

 

কোভিড-১৯ সম্পৰ্কীয় কাৰিকৰি বিষয়, পৰামৰ্শ আৰু সকলোধৰণৰ নিৰ্ভৰযোগ্য তথা শেহতীয়া তথ্য জানিবৰ বাবে অনুগ্ৰহ কৰি নিয়মীয়াকৈ চাওকঃ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA কোভিড-১৯ সম্পৰ্কীয় কাৰিকৰি প্ৰশ্ন technicalquery.covid19[at]gov[dot]inলৈও প্ৰেৰণ কৰিব পাৰে আৰু অন্য প্ৰশ্নসমূহ ncov2019[at]gov[dot]in আৰু @CovidIndiaSevaলৈ প্ৰেৰণ কৰিব পাৰে

 

কোভিড-১৯ সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ ক্ষেত্ৰত, অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰঃ +৯১-১১-২৩৯৭৮০৪৬ বা ১০৭৫ (' ফ্ৰী) ফোন কৰক কোভিড-১৯ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronavirushelplinenumber.pdfতো উপলব্ধ

 

******



(Release ID: 1652657) Visitor Counter : 149