বিত্ত মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ এতিয়ালৈকে হোৱা অগ্ৰগতি

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত ৪২কোটিতকৈ অধিক দৰিদ্ৰ লোকে ৬৮,৮২০কোটি টকাৰ বিত্তীয় সাহায্য লাভ কৰিছে

Posted On: 08 SEP 2020 1:00PM by PIB Guwahati

১.৭০ লাখ কোটি টকাৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজ(পিএমজিকেপি)ৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে মহিলা, দৰিদ্ৰ, জ্যেষ্ঠ নাগৰিক আৰু কৃষকসকলক বিনামূলীয়াকৈ খাদ্য শস্য আৰু ধন প্ৰদানৰ কথা ঘোষণা কৰিছে। এই পেকেজ যাতে অতি সোনকালে বাস্তৱায়িত কৰিব পাৰি তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে প্ৰতিনিয়ত পৰ্যালোচনা কৰি আছে আৰু নিয়মিত নজৰ ৰাখিছে। প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত প্ৰায় ৪২কোটি দৰিদ্ৰ লোকক ৬৮,৮২০কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে।

 

-পিএম কিষাণৰ প্ৰথম কিস্তিত ৮.৯৪কোটি হিতাধিকাৰীক ১৭,৮৯১কোটি টকা প্ৰদান কৰা হৈছে।

 

-২০.৬৫ কোটি(১০০শতাংশ) জনধন একাউণ্ট থকা মহিলাক ১০,৩২৫কোটি টকা প্ৰথম কিস্তিত, ২০.৬৩কোটি(১০০শতাংশ) মহিলাক ১০,৩১৫কোটি টকা দ্বিতীয় কিস্তিত আৰু ২০.৬২কোটি(১০০শতাংশ) মহিলাক তৃতীয় কিস্তিত ১০,৩১২কোটি টকা প্ৰদান কৰা হৈছে।

 

-২৮১ কোটি জ্যেষ্ঠ নাগৰিক,বিধৱা মহিলা আৰু বিশেষভাৱে সক্ষম ব্যক্তিক দুই কিস্তিত ২,৮১৪.৫ কোটি টকা প্ৰদান কৰা হৈছে। মুঠ ২.৮১কোটি হিতাধিকাৰীক দুই কিস্তিত বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে।

 

-১.৮২কোটি গৃহ আৰু নিৰ্মাণ কৰ্মীক ৪,৯৮৭.১৮ কোটি টকা বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে।

 

চলিত বছৰৰ এপ্ৰিল পৰ্যন্ত ৭৫.০৪কোটি হিতাধিকাৰীক প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৩৭.৫২ লাখ মেট্ৰিক টন খাদ্য শস্য প্ৰদান কৰা হৈছে। মে মাহত ৭৪.৯২ কোটি হিতাধিকাৰীক ৩৭.৪৬কোটি মেট্ৰিক টন খাদ্য শস্য, জুন মাহত ৭৩.২৪ কোটি হিতাধিকাৰীক ৩৬.৬২ লাখ মেট্ৰিক টন খাদ্য শস্য প্ৰদান কৰা হৈছে। এই আঁচনিৰ ম্যাদ আৰু ৫ মাহ বৃদ্ধি কৰি নৱেম্বৰ পৰ্যন্ত কৰা হৈছে। এই পৰ্যন্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ৯৮.৩১ লাখ মেট্ৰিক টন খাদ্য শস্য সংগ্ৰহ কৰিছে। জুলাই মাহত ৭২.১৮কোটি হিতাধিকাৰীক ৩৬.০৯লাখ মেট্ৰিক টন খাদ্য শস্য বিতৰণ কৰা হৈছে। আগষ্ট মাহত ৬০.৪৪ কোটি হিতাধিকাৰীক ৩০.২২লাখ মেট্ৰিক টন, ছেপ্টেম্বৰত ৩.৮৪কোটি হিতাধিকাৰীক ১.৯২লাখ মেট্ৰিক টন খাদ্য শস্য বিতৰণ কৰা হৈছে।

 

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত অতিৰিক্ত মুঠ ৫.৪৩লাখ মেট্ৰিক টন দাইল ১৮.৮ কোটি হিতাধিকাৰীৰ মাজত এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত বিতৰণ কৰা হৈছে। এই আঁচনিৰ ম্যাদো ৫মাহ বৃদ্ধি কৰি নৱেম্বৰ পৰ্যন্ত কৰা হৈছে।এই পৰ্যন্ত ৪.৬ লাখ মেট্ৰিক টন বুট বিতৰণ কৰা হৈছে।জুলাই মাহত ১০.৩কোটি হিতাধিকাৰী পৰিয়ালক ১.০৩ লাখ মেট্ৰিক টন বুট বিতৰণ কৰা হৈছে। আগষ্টত ২.৩কোটি হিতাধিকাৰী পৰিয়ালক ২৩,২৫৮ মেট্ৰিক টন বুট বিতৰণ কৰা হৈছে। ইয়াৰ লগে লগে ৭ ছেপ্টেম্বৰ পৰ্যন্ত ০.১৫ কোটি হিতাধিকাৰী পৰিয়ালক ১,৪৭৫ মেট্ৰিক টন বুট বিতৰণ কৰা হৈছে। অক্টোবৰ মাহত ০.০০৮কোটি পৰিয়ালক ৮৬মেট্ৰিক টন আৰু নৱেম্বৰ মাহত ০.০০৪ কোটি হিতাধিকাৰী পৰিয়ালক ৪০ মেট্ৰিক টন বুট বিতৰণ কৰা হৈছে।

 

আত্মনিৰ্ভৰ ভাৰতৰ অধীনত চৰকাৰে দুই মাহৰ বাবে প্ৰব্ৰজনকাৰীসকলক বিনামূল্যে খাদ্য শস্য আৰু বুট বিতৰণৰ কথা ঘোষণা কৰিছে। ৰাজ্যসমূহৰ পৰা পোৱা তথ্য অনুসৰি ইতিমধ্যে ২.৮কোটি পৰিয়ালক বুট বিতৰণ কৰা হৈছে। আগষ্ট মাহত ৫.৩২ কোটি প্ৰব্ৰজনকাৰীক ২.৬৭ লাখ মেট্ৰিক টন খাদ্য শস্য বিতৰণ কৰা হৈছে। হিচাপ মতে প্ৰায় ৯৫শতাংশ প্ৰব্ৰজনকাৰীয়ে সঠিকভাৱে বুট লাভ কৰিছে। একেদৰে আত্মনিৰ্ভৰ ভাৰতৰ অধীনত ১.৬৪ কোটি প্ৰব্ৰজনকাৰী পৰিয়ালে মুঠ ১৬,৪১৭ মেট্ৰিক টন বুট লাভ কৰিছে।

 

প্ৰধানমন্ত্ৰী উজ্জলা যোজনাৰ অধীনত মুঠ ৮.৫২ কোটি চিলিণ্ডাৰ বুক কৰা হৈছে আৰু  ইতিমধ্যে এপ্ৰিল আৰু মে মাহত বিতৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত জুন মাহত ৩.২৭ কোটি বিনামূলীয়া চিলিণ্ডাৰ হিতাধিকাৰীৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। একেদৰে জুলাই মাহত ১.০৫কোটি, আগষ্ট মাহত ০.৮৯কোটি আৰু ছেপ্টেম্বৰত এই পৰ্যন্ত ০.১৫কোটি চিলিণ্ডাৰ হিতাধিকাৰীৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে।

 

ইপিএফঅৰ অধীনত ৩৬.০৫ সদস্যই ইপিএফঅ একাউণ্টৰ পৰা ৯,৫৪৩ কোটি টকা নন ৰিফাণ্ডেবল এডভান্স অনলাইন মাধ্যমেৰে সংগ্ৰহ কৰিছে।

 

ইপিএফ-ৰ অধীনত ০.৪৩কোটি কৰ্মচাৰীক ২,৪৭৬কোটি টকা দিয়া হৈছে। ইয়াৰ অধীনত মাৰ্চ মাহত ৩৪.১৯ লাখ কৰ্মচাৰীক ৫১৪.৬কোটি, এপ্ৰিল মাহত ৩২.৮৭ লাখ কৰ্মচাৰীক ৫০০.৮কোটি, মে মাহত ৩২.৬৮ লাখ কৰ্মচাৰীক ৪৮২.৬কোটি টকা,  জুন মাহত ৩২.২১ লাখ কৰ্মচাৰীক ৪৯১.৫ কোটি,জুলাই মাহত ৩০.০১ লাখ কৰ্মচাৰীক ৪৬১.৯ কোটি আৰু আগষ্ট মাহত ১.৭৭ লাখ কৰ্মচাৰীক ২৪.৭৪কোটি বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে।

 

এমএনইআৰজিএঃ ইয়াৰ অধীনত বৰ্তমান বিত্তীয় বৰ্ষত ১৯৫.২১ কোটি লোকৰ বাবে কৰ্ম সংস্থাপনৰ সুবিধা কৰি দিয়া হৈছে। ইয়াৰউপৰি এই আঁচনিৰ অধীনত ৰাজ্যসমূহক বকেয়া ৫৯,৬১৮ কোটি টকা প্ৰদান কৰা হৈছে।

 

ডিষ্ট্ৰিক্ট মিনাৰেল ফাণ্ড-ৰ অধীনত ৰাজ্যসমূহক ৩,৭৮৭ কোটি টকা খৰচ কৰিবলৈ কোৱা হৈছে। এই পৰ্যন্ত এই প্ৰকল্পৰ অধীনত ৩৪৩.৬৬ কোটি টকা খৰচ কৰা হৈছে।

 

 ******

RM/KMN/KG



(Release ID: 1652492) Visitor Counter : 197