স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

এদিনতে সৰ্বাধিক আৰোগ্য লাভৰ দিশেৰে ভাৰতৰ আন এক সাফল্য

দেশত বিগত ২৪ ঘন্টাত সুস্থ হৈছে ৬৮,৫৮৪ জন লোক

২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰোগ্য লাভৰ হাৰ ৭০ শতাংশৰো অধিক

प्रविष्टि तिथि: 03 SEP 2020 3:00PM by PIB Guwahati

এদিনতে সৰ্বাধিক আৰোগ্য লাভৰ সংখ্যাৰ ধাৰাবাহিকতা বজাই ৰাখি ভাৰতত বিগত ২৪ ঘন্টাত ১১ লাখ ৭০ হাজাৰৰো অধিক ক’ৰোনা আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে যিটো এক নতুন সাফল্য হিচাপে অভিহিত হৈছে।

দেশত এদিনতে সৰ্বাধিক সুস্থতাৰ সংখ্যাৰ দিশৰ পৰা অৰ্জিত সাফল্য বজাই ৰাখি বিগত ২৪ ঘন্টাত ৬৮,৫৮৪ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে। ইয়াৰ ফলত, দেশত মুঠ সুস্থ হৈ উঠা ব্যক্তিৰ সংখ্যা প্ৰায় ৩০ লাখ (২৯ লাখ ৭০ হাজাৰ ৪৯২) হৈছে। ক’ৰোনাত আৰোগ্য লাভৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত দেশত ক’ভিড-১৯ আক্ৰান্ত ৰোগীসকলৰ ভিতৰত সুস্থতাৰ হাৰ বৃদ্ধি হৈছে ৭৭.০৯ শতাংশ। একেদৰে, আক্ৰান্তৰ সংখ্যাৰ (৮ লাখ ১৫ হাজাৰ ৫৩৮) তুলনাত সুস্থ হৈ উঠা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে ২১ লাখ ৫০ হাজাৰৰো অধিক।

WhatsApp Image 2020-09-03 at 10.11.41 AM.jpeg

দেশত আজি পৰ্যন্ত আক্ৰান্তৰ তুলনাত আৰোগ্য লাভৰ সংখ্যা ৩.৬ গুণতকৈও অধিক হৈছে। ৰেকৰ্ড সংখ্যক আৰোগ্য লাভৰ হাৰ বৃদ্ধি পোৱাত দেশত মুঠ আক্ৰান্তৰ তুলনাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে আৰু আক্ৰান্তৰ সংখ্যাৰ তুলনাত বৰ্তমান আক্ৰান্তৰ হাৰ কেবল ২১.১৬ শতাংশ হৈছে।

হাস্পতালসমূহত উপযুক্ত চিকিৎসা সেৱা, হোম আইছ’লেশ্যনত থকা ৰোগীসকলৰ যথাযথ তদাৰকী, গুৰুতৰ অসুস্থ ৰোগীসকললৈ অক্সিজেন চাপ’ৰ্ট, ৰোগীসকলৰ দ্ৰুত যাতায়াতত এম্বুলেন্স সেৱা তথা সময়মতে চিকিৎসা প্ৰদান আৰু চিকিৎসকসকলৰ দক্ষতাৰ মান উন্নয়নৰ ফলত ৰোগীসকলৰ আৰু উপযুক্ত তথা উন্নত চিকিৎসা প্ৰদান সম্ভৱ হৈছে।

এই আটাইবোৰ ব্যৱস্থা গ্ৰহণৰ ফলত ভাৰতত ক’ৰোনাত মৃত্যুৰ হাৰ বিশ্বৰ গড় হাৰ ৩.৩ শতাংশৰ তুলনাত হ্ৰাস পাই আজি পৰ্যন্ত হৈছেগৈ ১.৭৫ শতাংশ।

ক’ভিড-১৯ ৰ বিষয়ে বস্তুনিষ্ঠ তথ্যৰ বাবে আৰু এই মহামাৰী প্ৰতিৰোধৰ বিষয়ে যিবোৰ নিৰ্দেশিকা জাৰি কৰা হৈছে সেয়া জানিবৰ বাবে https://www.mohfw.gov.in/ লিংকত ক্লিক কৰক অথবা টুইটাৰ হেণ্ডেল @MoHFW_INDIA.- ৰো সহায় ল’ব পাৰে।

ক’ভিড-১৯ এৰ বিষয়ে কোনো পৰামৰ্শ দিবলগীয়া থাকিলে technicalquery.covid19[at]gov[dot]in  অথবা  ncov2019[at]gov[dot]in - এই দুটা  ই-মেইলত যোগাযোগ কৰিব পাৰিব। টুইটাৰ হেণ্ডেল @CovidIndiaSeva- তো প্ৰশ্ন কৰিব পাৰিব।

ইয়াৰ উপৰিও +৯১-১১-২৩৯৭ -৮০৪৬  অথবা ট’ল ফ্ৰী নম্বৰ ১০৭৫ ত ফোন কৰিব পাৰিব। বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড–১৯ সংক্ৰান্তীয় হেল্পলাইন নম্বৰসমূহৰ তালিকা লাভ কৰিবলৈ বিচাৰিলে তলৰ লিংকত ক্লিক কৰক -

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf

****

MV/SJ/RD


(रिलीज़ आईडी: 1651157) आगंतुक पटल : 261
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu