প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মিচন কৰ্মযোগীয়ে চৰকাৰখনত মানৱ সম্পদ ব্যৱস্থাপনাত আমূল উন্নতি সাধন কৰিব বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে

তেওঁ কয়, iGOT প্লেটফৰ্মে ভূমিকা-আধাৰিত এইচআৰ ব্যৱস্থাপনা আৰু নিৰৱচ্ছিন্ন শিক্ষাক উদ্বুদ্ধ কৰিব

Posted On: 02 SEP 2020 7:48PM by PIB Guwahati

এলানি টুইটত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মিচন কৰ্মযোগী – অসামৰিক সেৱাৰ ক্ষমতা নিৰ্মাণৰ অৰ্থে ৰাষ্ট্ৰীয় কাৰ্যক্ৰমে চৰকাৰখনত মানৱ সম্পদ ব্যৱস্থাপনা প্ৰথাৰ আমূল উন্নতি সাধন কৰিব। ই চিভিল সেৱকসকলৰ ক্ষমতা বৃদ্ধি কৰিবলৈ নৈপুণ্য পৰিকাঠামোৰ মাপনী আৰু অৱস্থা প্ৰশস্ত কৰিব।

তেখেতে এইবুলি টুইট কৰে “iGOT প্লেটফৰ্মে ভূমিকা-আধাৰিত এইচআৰ ব্যৱস্থাপনা আৰু নিৰৱচ্ছিন্ন শিক্ষাৰ অৰ্থে সন্ধিক উদ্বুদ্ধ কৰিব। মিচন কৰ্মযোগীৰ লক্ষ্য হৈছে চিভিল সেৱকসকলক স্বচ্ছতা আৰু প্ৰযুক্তিৰ জৰিয়তে অধিক সৃষ্টিশীল, গঠনমূলক আৰু উদ্ভাৱনীমূলক কৰি তুলি ভৱিষ্যতৰ বাবে তেওঁলোকক সাজু কৰি তোলা।”

***

VRRK/AK/SB



(Release ID: 1650833) Visitor Counter : 221