কেবিনেট
ভূ-বিদ্যা আৰু খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ফিনলেণ্ডৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
02 SEP 2020 4:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভূ-বিদ্যা আৰু খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ খনি মন্ত্ৰালয়ৰ ভাৰতীয় ভৌগোলিক সমীক্ষা(জিএছআই) আৰু ফিনলেণ্ড চৰকাৰৰ নিয়োগ আৰু অৰ্থনীতি মন্ত্ৰালয়ৰ ফিনলেণ্ড ভৌগোলিক সমীক্ষা বিভাগৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷
এই বুজাবুজি চুক্তিয়ে ভূ-বিদ্যা, প্ৰশিক্ষণ, খনিজৰ পূৰ্বানুমান আৰু উপযুক্ত বিশ্লেষণ, ৩/৪ডি মডেলিং, ভূ-কম্পন আৰু অন্যান্য ভূ-ভৌতিক সমীক্ষা চূড়ান্ত কৰাকে ধৰি বাবে দুয়োটা সংস্থাৰ মাজত বৈজ্ঞানিক সহযোগিতাক অধিক সুদৃঢ় কৰাত সুবিধা প্ৰদান কৰিব৷
এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে পাৰস্পৰিক আৰ্থিক, সামাজিক আৰু পৰিৱেশগত লাভৰ বাবে অংশীদাৰৰ মাজত ভূ-বিজ্ঞান আৰু খনিজ সম্পদৰ ক্ষেত্ৰত অন্বেষণ আৰু খননত উদ্গনি যোগোৱা, ভূ-বৈজ্ঞানিক ডাটা ব্যৱস্থাপনা আৰু তথ্য প্ৰচাৰৰ অভিজ্ঞতা বিনিময় কৰাৰ বাবে পৰস্পৰৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বাবে এক পৰিকাঠামো আৰু মঞ্চ প্ৰদান কৰা৷
ভাৰতীয় ভৌগোলিক সমীক্ষা(জিএছআই)হৈছে ভাৰত চৰকাৰৰ এটা মুখ্য ভূ-বৈজ্ঞানিক সংস্থা, যি ৰাষ্ট্ৰীয় ভূ-বৈজ্ঞানিক তথ্যৱলী সৃষ্টি আৰু উন্নীতকৰণ কৰা আৰু খনিজ সম্পদৰ মূল্যাংকনৰ দিশত এক ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম কৰি আহিছে৷ এই উদ্দেশ্যত উপনীত হোৱাৰ বাবে সংস্থাটোৱে ভৌগোলিক সমীক্ষা, আকাশ মাৰ্গ আৰু সামূদ্ৰিক সমীক্ষা, খনিজ পুৰ্বানুমান আৰু তদন্ত, বহুপাক্ষিক ভূ-বৈজ্ঞানিক, ভূ-কৌশল, ভূ-পৰিৱেশ আৰু প্ৰাকৃতিক বিপদৰ অধ্যয়ন, গ্লেচিঅ’ল’জি, চেইম’টেক্টনিক অধ্যয়ন আৰু মৌলিক অনুসন্ধানৰ জৰিয়তে কাম-কাজ সম্পন্ন কৰে৷
ফিনলেণ্ডৰ ভূ-বৈজ্ঞানিক সমীক্ষা বিভাগ খনিজ পূৰ্বানুমান, দুৰ্যোগ ব্যৱস্থাপনা, পৰিৱেশীয় প্ৰভাৱৰ মূল্যাংকন তথা সামাজিক-আৰ্থিক দিশত গুৰুত্বপূৰ্ণ অন্যান্য ক্ষেত্ৰসমূহৰ বাবে ৩/৪ডিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি স্থানীয় মঞ্চৰ ব্যৱহাৰৰ জৰিয়তে বহু বিষয়ক ডাটা একত্ৰীকৰণ আৰু বিশ্লেষণৰ দিশত পাৰ্গত৷ তদুপৰি, তেওঁলোক জিআইএছ আধাৰিত মডেলিঙৰ ন্যূনতম জ্ঞান থকা ব্যৱহাৰকাৰীৰ জৰিয়তে ব্যৱহাৰ কৰিব পৰা সিদ্ধান্ত সমৰ্থন প্ৰণালী বিকশিত কৰাৰো দক্ষতা আছে৷
***
VRRK/AKP/DB
(रिलीज़ आईडी: 1650698)
आगंतुक पटल : 249
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam