স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দেশত বিগত ২৪ ঘন্টাত ৬৫,০৮১ জন লোকে আৰোগ্য লাভ কৰিছে, আনফালে নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬৯,৯২১ জন

বিগত ২৪ ঘন্টাত আৰু ৮১৯ জনৰ মৃত্যু হৈছে

Posted On: 01 SEP 2020 1:43PM by PIB Guwahati

দেশত বিবিগত পাঁচদিন ধৰি দৈনিক ভিত্তিত ৬০ হাজাৰৰো অধিক লোকে আৰোগ্য লাভৰ যি প্ৰৱণতা অব্যাহত আছে, তাৰ সৈতে সংবিগতি ৰাখিয়েই বিবিগত ২৪ ঘন্টাত আৰোগ্য লাভ কৰিছে ৬৫,০৮১ জন লোকে। ইয়াৰ ফলত, দেশত ক’ৰোনাত আক্ৰান্ত লোকৰ আৰোগ্য লাভৰ সংখ্যা বৃদ্ধি হৈ ২৮ লাখ ৩৯ হাজাৰ ৮৮২ হৈছে। একে ধৰণে, ক’ভিড-১৯ আক্ৰান্তসকলৰ মাজত সুস্থতাৰ হাৰ আৰু বৃদ্ধি পাইছে আৰু এই পৰিমাণ ৭৭ শতাংশলৈ বৃদ্ধি পাইছে। দেশত নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যাৰ তুলনাত আৰোগ্য লাভৰ সংখ্যা এতিয়া ৩.৬১ গুণ বেছি। দেশত আজি পৰ্যন্ত নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৭ লাখ ৮৫ হাজাৰ ৯৯৬ ৰ তুলনাত আৰোগ্য লাভৰ সংখ্যা ২০ লাখ ৫৩ হাজাৰতকৈও অধিক।

দেশত জুলাই মাহৰ প্ৰথম সপ্তাহত আৰোগ্য লাভৰ সংখ্যা আগষ্ট মাহৰ শেষ সপ্তাহৰ তুলনাত চাৰিগুণ বৃদ্ধি পাইছে।

দেশত বিবিগত ২৪ ঘন্টাত পাচখন ৰাজ্যৰ পৰা এই পৰ্যন্ত সৰ্বাধিক সংখ্যক আক্ৰান্তৰ খবৰ পোৱা গৈছে। এই ৰাজ্যকেইখন হ’ল ক্ৰমে মহাৰাষ্ট্ৰ (আক্ৰান্তৰ সংখ্যা ১১,৮৫২), অন্ধ্ৰপ্ৰদেশ ( আক্ৰান্তৰ সংখ্যা ১০,০০৪), কৰ্ণাটক (আক্ৰান্তৰ সংখ্যা ৬,৪৯৫), তামিলনাড়ু (আক্ৰান্তৰ সংখ্যা ৫,৯৫৬) আৰু উত্তৰ প্ৰদেশ (আক্ৰান্তৰ সংখ্যা ৪,৭৮২)। এই পাচখন ৰাজ্যৰ আক্ৰান্তৰ সংখ্যা দেশত বিবিগত ২৪ ঘন্টাত মুঠ আক্ৰান্তৰ প্ৰায় ৫৬ শতাংশ।

অৱশ্যে এই পাচখন ৰাজ্যৰ পৰাই এইবাৰ বিগত ২৪ ঘন্টাত সৰ্বাধিক সংখ্যক ক’ৰোনা আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে অথবা হাস্পতালৰ পৰা বিদায় লৈছে। দেশত বিবিগত ২৪ ঘন্টাত যি ৬৫,০৮১ জন লোকে আৰোগ্য লাভ কৰিছে তাৰ ৫৮.০৪ শতাংশই লোকেই এই পাচখন ৰাজ্যৰ। পৰিসংখ্যা অনুযায়ী, সৰ্বাধিক ১১,১৫৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে মহাৰাষ্ট্ৰৰ পৰা। ইয়াৰ পিছতে আছে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটক। এই দুই ৰাজ্যত আৰোগ্য লাভৰ সংখ্যা যথাক্ৰমে ৮,৭৭২ আৰু ৭,২৩৮। ইফালে, তামিলনাড়ুতত সুস্থতাৰ সংখ্যা বিগত ২৪ ঘন্টাত ৬,০০৮ আৰু উত্তৰ প্ৰদেশত এই সংখ্যা ৪,৫৯৭।

দেশত বিগত ২৪ ঘন্টাত যি ৮১৯ জন লোকৰ মৃত্যু হৈছে তাৰ ৬৫.৪ শতাংশ বা ৫৩৬ জনৰেই মৃত্যু হৈছে এই পাচখন ৰাজ্যত। আটাইতকৈ বেছি মৃত্যুৰ খবৰ আহিছে মহাৰাষ্ট্ৰৰ পৰা। সেয়া হৈছে ১৮৩ জনৰ মৃত্যুৰ খবৰ। ইয়াৰ পিছতেই আছে কৰ্ণাটক (১১৩ জন), তামিলনাড়ু (৯১ জন), অন্ধ্ৰপ্ৰদেশ (৮৫ জন) আৰু উত্তৰপ্ৰদেশ (৬৩ জন)।

ক’ভিড-১৯ ৰ বিষয়ে বস্তুনিষ্ঠ তথ্যৰ বাবে আৰু এই মহামাৰী প্ৰতিৰোধৰ বিষয়ে যিবোৰ নিৰ্দেশিকা জাৰি কৰা হৈছে সেয়া জানিবৰ বাবে https://www.mohfw.gov.in/ লিংকত ক্লিক কৰক অথবা টুইটাৰ হেণ্ডেল @MoHFW_INDIA.- ৰো সহায় ল’ব পাৰে।

ক’ভিড-১৯ এৰ বিষয়ে কোনো পৰামৰ্শ দিবলগীয়া থাকিলে technicalquery.covid19[at]gov[dot]in  অথবা  ncov2019[at]gov[dot]in - এই দুটা  ই-মেইলত যোগাযোগ কৰিব পাৰিব। টুইটাৰ হেণ্ডেল @CovidIndiaSeva- তো প্ৰশ্ন কৰিব পাৰিব।

ইয়াৰ উপৰিও +৯১-১১-২৩৯৭ -৮০৪৬  অথবা ট’ল ফ্ৰী নম্বৰ ১০৭৫ ত ফোন কৰিব পাৰিব। বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড–১৯ সংক্ৰান্তীয় হেল্পলাইন নম্বৰসমূহৰ তালিকা লাভ কৰিবলৈ বিচাৰিলে তলৰ লিংকত ক্লিক কৰক -

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf

****

MV/SJ



(Release ID: 1650503) Visitor Counter : 207