গৃহ মন্ত্ৰালয়

প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী প্ৰণৱ মুখাৰ্জীৰ স্মৰণত সাতদিনীয়া ৰাষ্ট্ৰীয় শোক পালন

प्रविष्टि तिथि: 31 AUG 2020 7:27PM by PIB Guwahati

ভাৰত চৰকাৰে অত্যন্ত দুখেৰে জনাইছে যে ৩১ আগষ্ট,২০২০ তাৰিখে নতুন দিল্লীৰ আৰ্মি ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হস্পিটালত প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান ঘটিছে।

প্ৰয়াত এই বিশিষ্ট লোকগৰাকীৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শনৰ অংশ হিচাপে ৩১ আগষ্ট ২০২০ তাৰিখৰ পৰা ৬ ছেপ্টেম্বৰ ২০২০, (দুয়োটা দিন ধৰি) লৈ সাত দিন দেশ জুৰি ৰাষ্ট্ৰীয় শোক পালন কৰা হ’ব। এই সময়ছোৱাত দেশ সকলোবোৰ ভৱনতে দেশৰ জাতীয় পতাকা অৰ্ধনমিত হৈ থাকিব। ইয়াৰ উপৰিও এই সময়ছোৱাত কোনো ধৰণৰ চৰকাৰী অনুষ্ঠানো অনুষ্ঠিত নহ’ব।

ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্যৰ তাৰিখ, সময় আৰু স্থান পিছত অৱগত কৰোৱা হ’ব।

 

*****

NW/RK/PK/AD/DDD/RD


(रिलीज़ आईडी: 1650266) आगंतुक पटल : 290
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada