স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

প্ৰতিদিন গড়ে ৮লাখতকৈ অধিক পৰীক্ষাৰ জৰিয়তে ভাৰতে নমূনা পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিছে

প্ৰতি ১০ লাখৰ বিপৰীতে এতিয়া ২৭,০০০তকৈ অধিক লোকৰ পৰীক্ষা কৰা হৈছে

Posted On: 26 AUG 2020 2:26PM by PIB Guwahati

সময়ানুৱৰ্তী আৰু আগ্ৰাসী পৰীক্ষণৰ জৰিয়তে ক’ভিড-১৯ত সংক্ৰমিত লোকক আগতীয়া চিনাক্তকৰণেৰে এই মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰে সমন্বিত প্ৰচেষ্টাৰে ‘পৰীক্ষা, চিনাক্ত, চিকিসা’ কৌশল অৱলম্বন কৰি দেশত প্ৰতিদিনে ১০লাখকৈ লোকৰ নমূনা পৰীক্ষা কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে৷

বিগত ৭দিন একেৰাহে ৮লাখতকৈ অধিক নমূনা পৰীক্ষণৰ জৰিয়তে দেশত সৰ্বমুঠ ৩,৭৬,৫১,৫১২টা নমূনা পৰীক্ষা কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ৮,২৩,৯৯২টা নমূনা পৰীক্ষাৰ জৰিয়তে প্ৰতি ১০লাখ লোকৰ বিপৰীতে ২৭,২৮৪গৰাকী লোকৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ এইবোৰে সংক্ৰমিত লোকক শীঘ্ৰে চিনাক্ত কৰি চিকিসাৰ সুবিধা প্ৰদান কৰা দেশত মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে৷

দেশত পৰীক্ষাগাৰৰ নেটৱৰ্ক বৃদ্ধিৰে পৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ যত্ন কৰা হৈছে৷ বৰ্তমান ৯৯২টা চৰকাৰী আৰু ৫৪৮টা ব্যক্তিগত খণ্ডসহ মুঠ ১,৫৪০টা পৰীক্ষাগাৰ আছে৷ সেইবোৰ হৈছে-

সঠিক সময়ত আৰটি-পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৭৯০(চৰকাৰীঃ৪৬০+ব্যক্তিগতঃ৩৩০)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৬৩২(চৰকাৰীঃ৪৯৮+ব্যক্তিগতঃ১৩৪)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১১৮(চৰকাৰীঃ৩৪+ব্যক্তিগতঃ৮৪)

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SJ/DB



(Release ID: 1648880) Visitor Counter : 150