স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

প্ৰতিদিন গড়ে ৮লাখতকৈ অধিক পৰীক্ষাৰ জৰিয়তে ভাৰতে নমূনা পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিছে

প্ৰতি ১০ লাখৰ বিপৰীতে এতিয়া ২৭,০০০তকৈ অধিক লোকৰ পৰীক্ষা কৰা হৈছে

পোষ্ট কৰা হৈছে: 26 AUG 2020 2:26PM by PIB Guwahati

সময়ানুৱৰ্তী আৰু আগ্ৰাসী পৰীক্ষণৰ জৰিয়তে ক’ভিড-১৯ত সংক্ৰমিত লোকক আগতীয়া চিনাক্তকৰণেৰে এই মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰে সমন্বিত প্ৰচেষ্টাৰে ‘পৰীক্ষা, চিনাক্ত, চিকিসা’ কৌশল অৱলম্বন কৰি দেশত প্ৰতিদিনে ১০লাখকৈ লোকৰ নমূনা পৰীক্ষা কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে৷

বিগত ৭দিন একেৰাহে ৮লাখতকৈ অধিক নমূনা পৰীক্ষণৰ জৰিয়তে দেশত সৰ্বমুঠ ৩,৭৬,৫১,৫১২টা নমূনা পৰীক্ষা কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ৮,২৩,৯৯২টা নমূনা পৰীক্ষাৰ জৰিয়তে প্ৰতি ১০লাখ লোকৰ বিপৰীতে ২৭,২৮৪গৰাকী লোকৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ এইবোৰে সংক্ৰমিত লোকক শীঘ্ৰে চিনাক্ত কৰি চিকিসাৰ সুবিধা প্ৰদান কৰা দেশত মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে৷

দেশত পৰীক্ষাগাৰৰ নেটৱৰ্ক বৃদ্ধিৰে পৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ যত্ন কৰা হৈছে৷ বৰ্তমান ৯৯২টা চৰকাৰী আৰু ৫৪৮টা ব্যক্তিগত খণ্ডসহ মুঠ ১,৫৪০টা পৰীক্ষাগাৰ আছে৷ সেইবোৰ হৈছে-

সঠিক সময়ত আৰটি-পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৭৯০(চৰকাৰীঃ৪৬০+ব্যক্তিগতঃ৩৩০)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৬৩২(চৰকাৰীঃ৪৯৮+ব্যক্তিগতঃ১৩৪)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১১৮(চৰকাৰীঃ৩৪+ব্যক্তিগতঃ৮৪)

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SJ/DB


(ৰিলিজ আই ডি : 1648880) অতিথি কক্ষ : 227