প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ-স্বচ্ছ ভাৰত অভিযানৰ এক মত বিনিময় অভিজ্ঞতা কেন্দ্ৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

মহাত্মা গান্ধীলৈ এক স্থায়ী শ্ৰদ্ধাঞ্জলি হিচাপে ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

স্বচ্ছতাক এক জন আন্দোলনৰ ৰূপ দিয়াৰ বাবে দেশবাসীক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ; ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰখাৰ আহ্বান

স্বাধীনতা দিৱসলৈকে স্বচ্ছতাৰ বাবে এক বিশেষ সপ্তাহযোৰা অভিযান ‘আৱৰ্জনা মুক্ত ভাৰত’ৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 08 AUG 2020 5:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাজঘাটস্থিতি গান্ধী স্মৃতি আৰু দৰ্শন স্মৃতিত ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ-স্বচ্ছ ভাৰত অভিযানৰ এক মত বিনিময় অভিজ্ঞতা কেন্দ্ৰ উদ্বোধন কৰে৷ গান্ধীজীৰ চম্পাৰণ সত্যাগ্ৰহৰ শতবৰ্ষ উদযাপন উপলক্ষে ১০ এপ্ৰিল, ২০১৭ত প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰথমে ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছিল৷ আজিৰ অনুষ্ঠানত জলশক্তি মন্ত্রী শ্রী গজেন্দ্ৰ সিং শ্বেখাৱাট আৰু জলশক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্রী ৰতনলাল কাটাৰিয়াও উপস্থিত থাকে৷

ৰাষ্ট্রীয় স্বচ্ছতা কেন্দ্ৰ পৰিদৰ্শন প্ৰধানমন্ত্রীৰ

২০১৪ চনত দেশৰ ৫০ কোটি লোকক মুকলি স্থানত মলত্যাগৰ অভ্যাসৰ পৰা ২০১৯ চনত দেশক মুকলি স্থানত মলত্যাগ হিচাপে নিদর্শন দাঙি ধৰাৰ প্ৰদর্শনী হিচাপে আৰএছকে নিৰ্মাণ কৰা হৈছে৷ ইয়াত ডিজিটেল মাধ্যম আৰু বিভিন্ন স্থাপত্যৰ জৰিয়তে এক প্ৰদর্শনীৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰধানমন্ত্রীয়ে আৰএছকেৰ তেওঁটা ভিন্নধর্মী শাখাই পৰিদৰ্শন কৰে৷ তেওঁ প্ৰথমতে নম্বৰ হললৈ যায়৷ তাত স্বচ্ছ ভাৰত অভিযানৰ ৩৬০ ডিগ্রী অডিঅ’-ভিজুৱেল উপস্থাপনা প্ৰত্যক্ষ কৰে৷ ইয়াৰ পাছত তেওঁ নম্বৰ হললৈ যায়৷ তাত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ সুবিধাসম্পন্ন এলইডি পেনেল, হলগ্রাম বক্স, বিভিন্ন খেলাধূলা আৰু স্বচ্ছ ভাৰত অভিযানৰ ওপৰত বিভিন্ন প্ৰদর্শনী সামগ্রী আছে। প্ৰধানমন্ত্রীয়ে আৰএছকে সংলগ্ন উদ্যানখনো পৰিদৰ্শন কৰে৷ ইয়াত স্বচ্ছ ভাৰত অভিযানৰ সমার্থক তিনটা স্থাপত্যৰ নির্দশন আছে-মহাত্মা গান্ধীয়ে জনসাধাৰণক স্বচ্ছতাৰ বাণী পাঠ কৰোৱা, ঝাৰখণ্ডৰ গ্রামাঞ্চলত ৰাণী মিস্ত্রীসকল আৰু স্বচ্ছাগ্ৰহী শিশুসকল যিসকলে নিজকে বান্দৰ সেনা বুলি পৰিচয় দিয়।

বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে মত-বিনিময়


আৰএছকে চৌহদ ঘুৰাৰ পাছত প্ৰধানমন্ত্রীয়ে স্মৃতিচাৰণ কেন্দ্রলৈ যায়৷ তেওঁ আৰএছকেৰ এন্সিথিয়েটাৰত দিল্লীৰ ৩৬গৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে৷ ছাত্ৰ-ছাত্রীসকলে প্ৰধানমন্ত্রীৰ সৈতে তেওঁলোকৰ ঘৰ আৰু বিদ্যালয়ত স্বচ্ছতা সংক্রান্তীয় বিভিন্ন অভিজ্ঞতা শ্বেয়াৰ কৰে৷ তেওঁলোকে আৰএছকে সম্পর্কে তেওঁলোকৰ অভিমত প্ৰকাশ কৰে৷ ইয়াৰএ এগৰাকী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্রীৰ পৰা জানিব বিচাৰে যে এই কেন্দ্রৰ কোনটো দিশ তেওঁৰ আটাইতকৈ ভাল লাগিছে। প্ৰধানমন্ত্রীয়ে তেওঁক জনায় যে স্বচ্ছ ভাৰত অভিযানক মহাত্মা গান্ধীৰ প্ৰতি সর্গা কৰাটোৱেই তেওঁৰ আকর্ষণ লাভ কৰিছে৷ ছাত্ৰ-ছাত্রীসকলে ইয়াত স্বাস্থ্য বিধি মানি শাৰীৰিক দূৰত্ব বজাই ৰাখে৷


দেশবাসীক উদ্দেশ্যি ভাষণ

প্ৰধানমন্ত্রীয়ে ছাত্ৰ-ছাত্রীসকলৰ সৈতে মত বিনিময়ৰ পাছত দেশবাসীক উদ্দেশ্যি ভাষণ আগবড়ায়৷ তেওঁ স্বচ্ছ ভাৰত অভিযানৰ কথা সুঁৱৰি কয় যে মহাত্মা গান্ধীক স্থায়ী শ্ৰদ্ধা প্ৰদর্শনৰ বাবে আৰএছকেক তেওঁৰ নামত প্ৰতি সর্গা কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতাক এক জন আন্দোলনৰ ৰূপ দিয়াৰ বাবে দেশবাসীক প্ৰশংসা কৰে৷ ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰখাৰ বাবে তেওঁ আহ্বান জনায়৷ প্ৰধানমন্ত্রীয়ে এই প্ৰসংগত আমাৰ দৈনন্দিন জীৱনত, বিশেষকৈ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত স্বচ্ছতাৰ গুৰুত্বৰ কথা উল্লেখ কৰে৷

অনুষ্ঠানত প্ৰধানমন্ত্রীয়ে স্বাধীনতা দিৱলৈকে সপ্তাহজোৰা স্বচ্ছতা অভিযানগন্দগী মুক্ত ভাৰত(আৱৰ্জনা মুক্ত ভাৰত) ৰ শুভাৰম্ভ কৰে৷ সপ্তাহজোৰা কাৰ্যসূচীৰ প্ৰতিদিনেই স্বচ্ছতাৰ বাবে গাঁও আৰু চহৰাঞ্চলত বিশেষ প্ৰচেষ্টা লৈ ইয়াক জন আন্দোলনত পৰিণত কৰিব লাগিব৷


ৰাষ্ট্রীয় স্বচ্ছতা কেন্দ্ৰ ভ্ৰমণ


শাৰীৰিক দূৰত্ব আৰু স্বাস্থ্য বিধি বজাই ৰাখি আগষ্টৰ পুৱা ৮বজাৰ পৰা বিয়লি ৫বজালৈকে ৰাষ্ট্রীয় স্বচ্ছতা কেন্দ্ৰ খোলা থাকিব৷ এই কেন্দ্রত দর্শনার্থীৰ সংখ্যা সীমাবদ্ধ কৰা হৈছে, সেয়েহে, ছাত্ৰ-ছাত্রীসকলৰ বাবে বৰ্তমান কোনো ভ্ৰমণৰ ব্যৱস্থা কৰা হোৱা নাই৷ সেয়েহে, ভার্চুৱেল ব্যৱস্থাৰে এই কেন্দ্ৰ প্ৰত্যক্ষ কৰাটো সম্ভৱ৷ ১৩ আগষ্টত জলশক্তি মন্ত্রী শ্রী গজেন্দ্ৰ সিং শ্বেখাৱটৰ সৈতে প্ৰথম ভার্চুৱেল ভ্ৰমণৰ আয়োজন কৰা হৈছে৷ এই কেন্দ্রৰ টিকট কটা অন্যান্য তথ্য জনাৰ বাবে এই লিংকত ক্লিক কৰক rsk.ddws.gov.in

 

****

VRRK/KP/DB



(Release ID: 1648341) Visitor Counter : 281