বিত্ত মন্ত্ৰালয়

৭৪ তম স্বাধীনতা দিৱসৰ ভাষণত আত্মনিৰ্ভৰ ভাৰতৰ গুৰুত্বৰ ওপৰত উল্লেখ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

কভিড-১৯ৰ প্ৰভাৱৰ পৰা দেশক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৰাষ্ট্ৰীয় আন্তঃগাঁথনিমূলক পাইপলাইন প্ৰকল্পইঃ প্ৰধানমন্ত্ৰী

‘মেক ইন ইণ্ডিয়া’ৰ লগতে ‘মেক ফৰ ৱৰ্ল্ড’ মন্ত্ৰ হোৱা উচিতঃ প্ৰধানমন্ত্ৰী

Posted On: 15 AUG 2020 3:36PM by PIB Guwahati

ভাৰতৰ ৭৪তম স্বাধীনতা দিৱস উপলক্ষে আজি লাল কিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কভিড-১৯ মহামাৰী মোকাবিলাৰ পৰা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে দেশীয় উত্পাদন ক্ষেত্ৰৰ বিকাশৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ, মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ ওপৰত অগ্ৰাধিকাৰ দি অৰ্থনীতিৰ পুনৰুথ্থানৰ বাবে পদক্ষেপ গ্ৰহণকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে। আত্মনিৰ্ভৰ ভাৰতৰ গুৰুত্বৰ কথা পুনৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতবাসীক প্ৰয়োজনত পূৰ্ণ সহযোগৰ আশ্বাস দিয়ে

 

কৰনা ভাইৰাছ মহামাৰীৰ সময়ত ১৩০ কোটিতকৈ অধিক ভাৰতীয়ই আত্মনিৰ্ভৰ হোৱাৰ সিদ্ধান্ত লৈছে। আত্মনিৰ্ভৰ(স্ব-নিৰ্ভৰশীল) হোৱাটো বাধ্যতামূলক। মই বিশ্বাসী যে ভাৰতবাসীয়ে এই সপোন সাকাৰ কৰিব। মোৰ সহ-ভাৰতীয়ৰ সামৰ্থ, বিশ্বাস আৰু সম্ভাৱনাৰ ওপৰত মোৰ বিশ্বাস আছে। এবাৰ আমি কিবা এটা কৰিবলৈ সিদ্ধান্ত ল’লে, আমি লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত ৰ’ব নালাগিব,’-তেওঁ কয়।

 

৭৪তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি খণ্ডত এক বৃহত্ পদক্ষেপৰ কথা ঘোষণা কৰে। তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন প্ৰকল্প(এনআইপি)ৰ সহায়ত দ্ৰুত উন্নয়নৰ বাবে সামগ্ৰিক আন্তঃগাঁথনি উন্নত কৰাত অগ্ৰাধিকাৰ দিছে। তেওঁ আৰু ঘোষণা কৰে যে ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন প্ৰকল্প(এনআইপি)ত ১১০কোটিতকৈ অধিক ধন বিনিয়োগ কৰা হব। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবে বিভিন্ন খণ্ডৰ ৭০০০ত কৈয়ো অধিক প্ৰকল্প চিনাক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন প্ৰকল্প(এনআইপি)ই দেশক কভিড-১৯ৰ প্ৰভাৱৰ পৰা মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন প্ৰকল্প(এনআইপি) এনে এটা প্ৰকল্প যিয়ে ভাৰতৰ আন্তঃগাঁথনি সৃষ্টি প্ৰচেষ্টাত বৈপ্লৱিক পৰিৱৰ্তন আনিব।ভালেসংখ্যক নতুন চাকৰিৰ সৃষ্টি হব, যাৰ জৰিয়তে আমাৰ কৃষক, যুৱকসকল আৰু উদ্যোগীসকল লাভান্বিত হব।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এতিয়া আমি ‘মেক ইন ইণ্ডিয়া’ৰ লগতে ‘মেক ফৰ ৱৰ্ল্ড’ মন্ত্ৰফাঁকিৰ সৈতেও আগবাঢ়িব লাগে।

তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত চলি থকা সংস্কাৰসমূহ সমগ্ৰ বিশ্বই লক্ষ্য কৰি আছে। ফলত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণে সকলো অভিলেখ ভংগ কৰিছে। কভিড মহামাৰীৰ সময়ত ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ ১৮ শতাংশ বৃদ্ধি পাইছে।

 

দেশখনৰ দুখীয়া লোকৰ জন ধন একাউন্টলৈ যে লক্ষ-লক্ষ কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰিত হ’ল সেয়া কোনোবাই কল্পনা কৰিব পাৰিছিলনে?কৃষকৰ লাভালাভৰ অৰ্থে এপিএমচি আইনত যে এটা বৃহৎ পৰিৱৰ্তন সাধন হ’ল সেয়া কোনোৱে ভাবিব পাৰিছিল নে?আজি দেশত এখন ৰাষ্ট্ৰ-এখন ৰেচন কাৰ্ড, এখন ৰাষ্ট্ৰ-এটা কৰ, দেউলিয়া অৱস্থা আৰু ঋণ পৰিশোধ বিধি আৰু বেংকসমূহৰ চামিলৰ জৰিয়তে আজি এই সপোন বাস্তৱায়িত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৭ কোটি দুখীয়া পৰিয়ালক বিনামূলীয়া গেছ ছিলিণ্ডাৰ প্ৰদান কৰা হৈছে, ৮০ কোটিৰো অধিক লোকক ৰেচন কাৰ্ডৰ জৰিয়তে বা ইয়াৰ অবিহনেই বিনামূলীয়া খাদ্য যোগান ধৰা হৈছে, প্ৰায় ৯০ হাজাৰ কোটি বেংক একাউন্টসমূহলৈ প্ৰত্যক্ষভাৱে হস্তান্তৰিত কৰা হৈছে। দুখীয়া লোকক তেওঁলোকৰ গাঁৱতে কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ গৰীব কল্যাণ ৰোজগাৰ অভিযানো আৰম্ভ কৰা হৈছে।

 

প্ৰথমবাৰৰ বাবে আপোনাৰ ঘৰৰ বাবে গৃহ ঋণৰ ইএমআই পৰিশোধৰ সময়ছোৱাত ৬ লাখ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে। যোৱা বৰ্ষত, হাজাৰ-হাজাৰ অসম্পূৰ্ণ ঘৰ সম্পূৰ্ণ কৰিবলৈ ২৫ হাজাৰ কোটি টকাৰ এটা পুঁজি স্থাপন কৰা হৈছিল-ৰাষ্ট্ৰক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশখনত খোলা ৪০ কোটি জন ধন একাউন্টৰ ভিতৰত, প্ৰায় ২২ কোটি একাউন্টেই মহিলাৰ। ক’ৰোনাৰ সময়ছোৱাত, এপ্ৰিল-মে’-জুন, এই তিনিটা মাহত প্ৰায় তিনি হাজাৰ কোটি টকা মহিলাসকলৰ একাউন্টলৈ প্ৰত্যক্ষভাৱে হস্তান্তৰিত কৰা হয়। কৰনাৰ সময়ত আমি ডিজিটেল ইণ্ডিয়া অভিযানৰ ভূমিকা পালনৰ দিশটো প্ৰত্যক্ষ 

কৰিছোঁ। মাত্ৰ যোৱা তিনি মাহতেই প্ৰায় ৩ লাখ কোটি টকা মাথো ভীম ইউপিআইৰ জৰিয়তে লেন-দেন হৈছে, তেওঁ কয়।

 

RM/KMN/KG



(Release ID: 1646258) Visitor Counter : 648