প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে কাইলৈ ‘পিএম-কিষাণ’-ৰ অধীনত কৃষি আন্তঃগাঁথনি পুঁজি আৰু সা-সুবিধা সম্পৰ্কীয় বিত্তীয় সাহায্যসেৱা মুকলি কৰিব

শস্য চপোৱাৰ পিচৰ প্ৰবন্ধন আন্তঃগাঁথনি নিৰ্মাণ আৰু সমূহীয়া কৃষি সম্পদ সৃষ্টিৰ বাবে ১লাখ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা

‘পিএম-কিষাণ’-ৰ অধীনত ৮.৫কোটি কৃষকৰ মাজত বিতৰণ কৰিবলগীয়া ধনৰ ষষ্ঠ কিস্তিৰ বাবদ ১৭০০০কোটি টকাৰ পুঁজি মুকলি

Posted On: 08 AUG 2020 1:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ অৰ্থাত্, ৯ আগষ্টত দিনৰ ১১বজাত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ‘পিএম-কিষাণ’-ৰ অধীনত ১লাখ কোটি টকা পৰিমাণৰ এক কৃষি আন্তঃগাঁথনি পুঁজি আৰু সা-সুবিধা সম্পৰ্কীয় বিত্তীয়সেৱা আনুষ্ঠানিকভাবে মুকলি কৰিব। একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ‘পিএম-কিষাণ’-ৰ অধীনত ৮.৫কোটি কৃষকৰ মাজত বিতৰণ কৰিবলগীয়া ধনৰ ষষ্ঠ কিস্তিৰ বাবদ ১৭০০০কোটি টকাৰ পুঁজিও মুকলি কৰিব। সমগ্ৰ দেশৰ কোটি কোটি কৃষকৰ লগতে  লাখ লাখ সমবায় সমিতি তথা সৰ্ব সাধাৰণ নাগৰিক এই অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ব বুলি আশা কৰা গৈছে। কাইলৈ অনুষ্ঠিতব্য অনুষ্ঠানটোত কেন্দ্ৰীয় কৃষি তথা কৃষক কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰো উপস্থিত থাকিব।

কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে কৃষি আন্তঃগাঁথনি পুঁজিৰ বাবে ১লাখ কোটি টকাৰ এক পুঁজিলৈ অনুমোদন জনাইছে। এই পুঁজি ফচল সংগ্ৰহ কেন্দ্ৰ, সংসাধন কেন্দ্ৰ আদিৰ দৰে শস্য চপোৱাৰ পিচৰ প্ৰবন্ধন আন্তঃগাঁথনি নিৰ্মাণ আৰু সমূহীয়া কৃষি সম্পদ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হ’ব। এনে অন্তঃগাঁথনিৰ উপলব্ধতাই কৃষক ৰাইজক তেওঁলোকৰ উত্পাদিত সা-সামগ্ৰীৰ সুন্দৰ সংৰক্ষণৰ সুবিধা প্ৰদান কৰি সময়ত অধিক মূল্যত বিক্ৰীৰ সুযোগ প্ৰদান কৰাৰ লগতে ফচলৰ ক্ষয়-ক্ষতিৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস কৰি, সংসাধনৰ পৰিসৰ বৃদ্ধি কৰি অধিক আয়ৰ মুখ দেখুৱাব। এই বিত্তীয় সাহায্য সেৱা আঁচনিৰ অধীনত বিভিন্ন ঋণ প্ৰদানকাৰী সংস্থাৰ সহযোগিতাৰে ১লাখ কোটি টকাৰ ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। ৰাজহুৱা খণ্ডৰ ১২টা বেংকৰ ১১টাই এই সন্দৰ্ভত ইতিমধ্যে ‘কৃষি আৰু কৃষক কল্যাণ বিভাগ’ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে।

স্মৰ্তব্য যে, দেশৰ ৯.৯ কোটিৰো অধিক কৃষকক ৭৫০০০ৰৰো অধিক টকাৰ প্ৰত্যক্ষ নগদ লাভ হস্তান্তৰিত কৰাৰ লক্ষ্যৰে ২০১৮ চনৰ ১ ডিচেম্বৰত ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা’ চমুকৈ ‘পিএম-কিষাণ’ শীৰ্ষক আঁচনিখন আনুষ্ঠানিক ভাবে ঘোষণা কৰা হৈছিল।

 

******

VRRK/VJ/KB



(Release ID: 1644454) Visitor Counter : 182