স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১ এপ্ৰিলৰ পৰা ভাৰতৰ মৃত্যু হোৱা লোকৰ হাৰ সৰ্বনিম্ন হৈ ২.২৩% হৈছে

আৰোগ্য হোৱা লোকৰ সংখ্যা প্ৰায় ১০ লাখ হৈছে

বিগত ২৪ ঘণ্টাত ৩৫,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈছে

Posted On: 29 JUL 2020 3:37PM by PIB Guwahati

কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমন্বয়ত গ্ৰহণ কৰা পৰীক্ষা, চিনাক্ত, চিকিসাকৌশল ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ফলত বিশ্ব পৰিস্থিতিৰ তুলনাত ভাৰতত ভিড-১৯ত মৃত্যু হোৱা লোকৰ হাৰ নিম্নতম হৈছে৷

এপ্ৰিল, ২০২০ৰ পৰা ভাৰতৰ মৃত্যু হোৱা লোকৰ হাৰ সৰ্বনিম্ন হৈ আজিৰ দিনটোত .২৩% হৈছে৷

এই ফলপ্ৰসূ নিয়ন্ত্ৰণ কৌশল, আগ্ৰাসী পৰীক্ষণ আৰু মানসম্পন্ন চিকিসা ব্যৱস্থাপনাৰ ফলত কেৱল মৃত্যু হোৱা লোকৰ হাৰেই নিম্ন হোৱা নাই, বৰঞ্চ বিগত ৬দিনত একেৰাহে ৩০,০০০তকৈ অধিক লোক আৰোগ্যও হৈছে৷

আৰোগ্য হোৱা লোকৰ সংখ্যা প্ৰায় ১০লাখ অতিক্ৰম কৰাৰ দিশে অগ্ৰসৰ হৈছে৷ বিগত ২৪ ঘণ্টাত ৩৫,২৮৬ৰোগীসহ এতিয়ালৈকে দেশত ৯,৮৮,০২৯গৰাকী ৰোগী আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৬৪.৫১%লৈ উন্নীত হৈছে৷

আৰোগ্যৰ হাৰ ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থকাৰ ফলত আৰোগ্য হোৱা লোক আৰু আক্ৰান্ত হৈ থকা লোকৰ মাজৰ ব্যৱধান ৪,৭৮,৫৮২লৈ বৃদ্ধি হৈছে৷ ৫,০৯,৪৪৭গৰাকী ৰোগী বৰ্তমান চিকিসকৰ নিৰীক্ষণত আছে৷

ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷.

****

MV/SG/DB



(Release ID: 1642246) Visitor Counter : 149