PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 29 JUL 2020 6:26PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

১ এপ্ৰিলৰ পৰা ভাৰতত ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ ২.২৩%লৈ অৱনমিত হৈছে; ১ মিলিয়নলৈ বৃদ্ধি পাইছে আৰোগ্য হোৱা ৰোগীৰ সংখ্যা; বিগত ২৪ ঘণ্টাত ৩৫,০০০ত কৈও অধিক লোকে আৰোগ্য লাভ কৰিছে

আজি ক’ভিড-১৯ৰ ফলত মৃত্যু হোৱা লোকৰ হাৰ ২.২৩%লৈ অৱনমিত হৈছে আৰু এয়া ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা ক্ৰমান্বয়ে অৱনমিত হৈছে৷ একেৰাহে ছয় দিনলৈ ক্ৰমাগতভাৱে প্ৰতিদিনে ৩০,০০০ তকৈও অধিক লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৩৫,২৮৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ মুঠ ৯,৮৮,০২৯ জন লোকে আৰোগ্য লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

মুঠ পৰীক্ষণৰ সংখ্যাই ১.৭৭ কোটিৰ সীমা অতিক্ৰম কৰিছে; প্ৰতি মিলিয়নত ১২৮৫৮লৈ বৃদ্ধি পাইছে পৰীক্ষণৰ সংখ্যা

বিগত ২৪ ঘণ্টাত ৪,০৮,৮৫৫ টা নমুনা পৰীক্ষাৰ সৈতে প্ৰতি মিলিয়নত  ১২,৮৫৮টালৈ বৃদ্ধি পাইছে পৰীক্ষণৰ সংখ্যা৷ মুঠ পৰীক্ষণৰ সংখ্যা হ’ল ১.৭৭ কোটি৷ সমগ্ৰ দেশতে ১৩১৬টালৈ বৃদ্ধি পাইছে গৱেষণাগাৰৰ সংখ্যা৷

অধিক বিৱৰণৰ সংখ্যা

 

‘ছাবচটেন্স ইউজ ডিচঅৰ্ডাৰ এণ্ড বিহেভিঅ’ৰেল এডিকচনছ’ৰ ব্যৱস্থাপনাৰ মানসম্পন্ন চিকিৎসা নিৰ্দেশনাৱলী মুকলি কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি “Standard Treatment Guidelines for the Management of Substance Use Disorders and Behavioural Addictions” শীৰ্ষক এক ই-বুক মুকলি কৰেষ ইয়াৰ দ্বাৰা দেশত আচৰণগত আসক্তি মোকাবিলা কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এছিয়ান আন্তঃগাঁথনি বিনিয়োগ বেংকৰ ৫ম ব’ৰ্ড অব্ গৱৰ্ণৰৰ বৈঠকত অংশগ্ৰহণ কৰে

বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এছিয়ান আন্তঃগাঁথনি বিনিয়োগৰ বেংকৰ ৫ম ব’ৰ্ড অব্ গৱৰ্ণৰৰ বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকত শ্ৰীমতী সীতাৰমণে ১০ বিলিয়ন ডলাৰৰ বিত্তীয় সাহায্যৰ দ্ৰুত অনুসৰণত এআইআইবিৰ প্ৰয়াসক প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

এআইআইএত ক’ভিড কেন্দ্ৰৰ ব্যৱস্থাপনাৰ খতিয়ান ল’লে আয়ুষ মন্ত্ৰীয়ে

ৰাজ্যিত আয়ুষ মন্ত্ৰী শ্ৰী শ্ৰীপদ য়েছ’ নায়কে কালি দিল্লীত এআইআইএত স্থাপিত ক’ভিড-১৯ স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে৷ তাতে তেওঁ চিকিৎসকৰ দলৰ সৈতেও বাৰ্তালাপ কৰে৷ স্বাস্থ্য কেন্দ্ৰত উপলব্ধ সুবিধাসমূহৰো মন্ত্ৰীগৰাকীয়ে খতিয়ান লয়৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ মুকলি কৰিলে ডিজিটেল শিক্ষা জুন ২০২০ৰ ভাৰতৰ প্ৰতিবেদন

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ কালি ভাৰ্চুৱেলী ডিজিটেল শিক্ষা, ২০২০ৰ ভাৰতৰ প্ৰতিবেদন মুকলি কৰে৷ এই প্ৰতিবেদনখনে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপসমূহৰ আলোকপাত কৰিছে বুলি শ্ৰী পখৰিয়ালে জানিবলৈ দিয়ে৷

 

অধিক বিৱৰণৰ বাবে

 

 

পিএমজিকেএৱাই-২ৰ অধীনত খাদ্য শস্যৰ বিতৰণ আৰম্ভ হৈছে; এই পৰ্যন্ত ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে মুঠ ৩৩.৪০ লাখ মেট্ৰিকটন খাদ্য শস্য আহৰণ কৰিছে

এপ্ৰিলৰ পৰা জুন ২০২০ৰ পৰা সফলভাৱে প্ৰণয়ন কৰা প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই) পুনৰ নৱেম্বৰ ২০২০লৈ পাঁচ মাহৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে৷  ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত প্ৰায় ৮১ কোটি হিতাধিকাৰীক সামৰি লোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

নতুন দিল্লীত ভাৰতীয় যোগ সংস্থাই পিএম কেয়াৰ্ছলৈ প্ৰদান কৰা ডীমাণ্ড ড্ৰাফ্ট আৰু চেক গ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে

কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে কয় যে যোগাভ্যাসে ইতিমধ্যেই সমগ্ৰ বিশ্বতে খ্যাতি লাভ কৰিছে কিয়নো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অনুৰোধত ৰাষ্ট্ৰসংঘই ইয়াক ‘আন্তৰ্জাতিক যোগ দিৱস’ বুলি ঘোষণা কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে এলইডি স্ক্ৰীণৰ সৈতে ‘ক’ভিড সজাগতা ভ্যান’ মুকলি কৰিছে৷ এই বাহনখনে ক’ভিড-১৯ৰ সন্দৰ্ভত সজাগতা প্ৰচাৰ কৰিব৷
  • পাঞ্জাৱঃ ৰাজ্যখনত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত পাঞ্জাৱ চৰকাৰে অমৃতসৰ আৰু পাটিয়ালাত দুজন যুৱ আইএএছ বিষয়া নোডেল বিষয়া হিচাপে নিযুক্তি দিছে৷
  • কেৰালাঃ বৰ্তমানে ১০,০৯৩ জন ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ১.৫ লাখ জন ৰোগী বিভিন্ন জিলাত চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ ৰাজ্যখনত মুঠ ২,২৭,৬৮৮ জন ৰোগী আছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৭,০৭৩ জন৷ মৃত্যু হৈছে ৩৬৫৯ জনৰ৷ ১,৬৬,৯৫৬ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,০৭,০০১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৪,৪৩৪ জন৷ ২০৫৫ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,১০,২৯৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৬,৫২৭ জন৷ ১১৪৮ জনৰ মৃত্যু হৈছে৷ ৫২,৬২২ জনক মুকলি কৰি দিয়া হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৮,৯০৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৬৬৩ জন৷ ৪৯২ জনৰ মৃত্যু হৈছে৷ মুকলি কৰি দিয়া হৈছে ৪৩,৭৫১ জনক৷
  • অৰুণাচল প্ৰদেশঃ ৰাজধানী ইটানগৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত ৰেপিড ৰেচপন্স এণ্টিজেন পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ ইটানগৰত ১৬৬৪টা তেনে ধৰণৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে আৰু ২৬জন পজিটিভ ৰোগী চিনাক্ত কৰা হৈছে৷
  • মণিপুৰঃ থৌবাল জিলাৰ পৰা এজন ৫৬ বৰ্ষীয় ৰোগীৰ মৃত্যু হোৱাৰ জৰিয়তে মণিপুৰত ক’ভিড-১৯ত প্ৰথমজন ৰোগীৰ মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷
  • নাগালেণ্ডঃ নাগালেণ্ড ৫৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
  • মহাৰাষ্ট্ৰঃ মঙলবাৰে ৭৭১৭ জন লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু পোৱা গৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,৪৪,৬৯৬ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৭,৯৮২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,১৯৮ জন৷ ৪২,৪১২ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ২৩৭২ জনৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৮,৯৬৪ জন৷ আৰোগ্য লাভ কৰিছে ২৭,৫৬৯ জনে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৯,২১৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮০৪৪ জন৷ আৰোগ্য লাভ কৰিছে ২০,৩৪৩ জনে৷ ৮৩০ জনৰ মৃত্যু হৈছে৷

 

 



(Release ID: 1642160) Visitor Counter : 200