প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বেংক আৰু নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহৰ অংশীদাৰসকলক সৈতে চিন্তন বৈঠকত যোগদান কৰিব প্ৰধানমন্ত্রীয়ে

Posted On: 28 JUL 2020 5:31PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ সন্ধিয়া বেংক আৰু নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহৰ অংশীদাৰসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব৷ বৈঠকত ভৱিষ্যতৰ কাৰ্যপন্থা নির্ধাৰণৰ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বিষয়ে আলোচনা কৰা হ’ব৷

বৈঠকত দেশত গ্ৰহণ কৰা ঋণ আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ নিয়াৰ বাবে বিভিন্ন পন্থা, প্ৰযুক্তিৰ জৰিয়তে বিত্তীয় সবলীকৰণ, বিত্তীয় খণ্ডৰ স্থায়িত্ব আৰু সুস্থিৰতাৰ বাবে দূৰদর্শী বিভিন্ন ব্যৱস্থাপনা সন্দৰ্ভতো আলোচনা হ’ব৷

বিত্তীয় আন্তঃগাঁথনি, কৃষি, অতি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগকে ধৰি স্থানীয় সংস্থাসমূহৰ পাদনৰ জৰিয়তে দেশৰ অর্থনৈতিক উন্নয়নত বেংকিং খণ্ডই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ প্ৰযুক্তিৰ জৰিয়তে বিত্তীয় সবলীকৰণত অর্থনৈতিক অন্তর্ভুক্তিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে৷
বৈঠকত চৰকাৰৰ একাংশ উচ্চপদস্থ বিষয়াও উপস্থিত থাকিব৷

***

VRRK/AP/AK/DB



(Release ID: 1641950) Visitor Counter : 234