PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 27 JUL 2020 6:51PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

ভাৰতত মৃত্যুৰ হাৰ (চিএফআৰ) ২.২৮%লৈ অৱনমিত হৈছে; আৰোগ্য হোৱাৰ লোকৰ সংখ্যাই ৯ লাখৰ সীমা অতিক্ৰম কৰিছে, চাৰিদিন ধৰি ক্ৰমাগতভাৱে প্ৰতিদিনে ৩০,০০০ত কৈও অধিক লোকে আৰোগ্য লাভ কৰিছে

কেন্দ্ৰীয় তথা ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ চৰকাৰৰ ঐক্যৱদ্ধ প্ৰয়াসৰ ফলত দেশত ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ ২.২৮%লৈ অৱনমিত হৈছে৷ চাৰিদিন ধৰি ক্ৰমাগতভাৱে প্ৰতিদিনে ৩০,০০০কৈ লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৩১,৯৯১ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ বৰ্তমানে ৯,১৭,৫৬৭ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৬৪%৷

অধিক বিৱৰণৰ বাবে

ক’ভিডৰ সময়ছোৱাত আয়ুষ্মান ভাৰত-  স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহে তেওঁলোকৰ উপস্থিতি প্ৰতীয়মান কৰিছে

ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত গ্ৰামাঞ্চলত ভাৰতৰ স্বাস্থ্যখণ্ডত নিৰৱচ্ছিন্নভাৱে আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহে কাৰ্যসূচী অব্যাহত ৰাখিছে৷ মহামাৰীৰ সময়ছোৱাত ১৩,৬৫৭টা অতিৰিক্ত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ  এই প্ৰক্ৰিয়াত সংযোজিত কৰা হৈছে৷ ১৮ জুলাইৰ পৰা ২৪ জুলাইলৈ মুঠ ৪৪.২৬ লাখ লোক উপকৃত হৈছে৷ এই স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহৰ আৰম্ভণিৰে পৰা অৰ্থাৎ ১৪ এপ্ৰিল ২০১৮ তাৰিখৰ পৰা এতিয়ালৈ ১৯২৩.৯৩ জন লোকে পৰিদৰ্শন কৰিছে৷

অধিক বিৱৰণৰ বাবে

দেশত বাল্ক ড্ৰাগৰ থলুৱা উৎপাদন আৰু চিকিৎসা সামগ্ৰী উদ্যানৰ উত্তৰণৰ বাবে শ্ৰী ডি ভি সদানন্দ গৌড়াই চাৰিটা আঁচনি মুকলি কৰে

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই আজি ফাৰ্মাচিউটিকেল বিভাগৰ চাৰিটা আঁচনি মুকলি কৰে৷ এই আঁচনিৰ জৰিয়তে বাল্ক ড্ৰাগৰ থলুৱা উৎপাদন আৰু দেশত চিকিৎসা সামগ্ৰী উদ্যানৰ স্থাপন সন্দৰ্ভত কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে

বাংলাদেশক ১০টা ব্ৰডগজ লক’মোটিভ হস্তান্তৰ কৰিলে ভাৰতীয় ৰে’লৱেয়ে

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ৰে’ল মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে বাংলাদেশক ১০টা ব্ৰডগজ লক’মোটিভ হস্তান্তৰ কৰি ভাৰ্চুৱেলী ফ্লেগ অফ কৰে৷ দুয়োখন দেশৰ মাজত পাৰ্চেল আৰু কণ্টেইনাৰ ৰে’ল আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী দুগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

উপ ৰাষ্ট্ৰপতিয়ে শিক্ষাৰ্থীসকলক ক’ভিডৰ ফলত হোৱা শৈক্ষিক সূচীৰ সাল-সলনিত বিমৰ্ষ নহ’বলৈ আহ্বান জনাইছে

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে আজি বিভিন্ন সংবাদ মাধ্যমক প্ৰভাৱান্বিত কৰা ভুল তথ্য তথা ভুৱা বাতৰিসমূহ কিদৰে পৰিহাৰ কৰিব লাগে সেই বিষয়ে শিক্ষাৰ্থীসকলে জনাটো আৱশ্যক বুলি মন্তব্য কৰে৷ ‘টাইমছ স্ক’লাৰ ইভেণ্ট’ত দুশৰো অধিক অংশগ্ৰহণকাৰীক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ প্ৰদান কৰি উপ ৰাষ্ট্ৰপতি গৰাকীয়ে শিক্ষাৰ্থীসকলক সঁচা আৰু মিছাৰ মাজৰ প্ৰভেদ বিশ্লেষণ কৰিব পৰা সামৰ্থ আহৰণ কৰিবলৈ আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ ক’ভিড-১৯ সামগ্ৰীৰ যোগান শৃংখলৰ বাস্তৱিক সময়ভিত্তিক অনুসৰণৰ বাবে পাঞ্জাৱ চৰকাৰে ইফেক্টিভ ভেকচিন ইন্টেলিজেন্স নেটৱৰ্ক (ইভিআইএন) ব্যৱহাৰ কৰিছে৷
  • হিমাচল প্ৰদেশঃ আন্তঃৰাজ্যিক সঞ্চালনৰ বাবে ৰাজ্য চৰকাৰে নিৰ্দেশনাৱলীত আংশিক সংশোধন কৰিছে৷
  • মহাৰাষ্ট্ৰঃ আজিৰ তাৰিখ পৰ্যন্ত মহাৰাষ্ট্ৰত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১.৪৮ লাখ৷ পুণে জিলাত আছে ৪৩,৮৩৮ সক্ৰিয় ৰোগী, থানেত আছে ৩৭,১৬২ সক্ৰিয় ৰোগী আৰু মুম্বাইত আছে ২২,৪৪৩ সক্ৰিয় ৰোগী৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৫,৮২২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪০,৩৬৫ জন৷ ২৩২৬ জনৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৬,৮৭৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,১২৪ জন৷ ২৬,১২৩ জনে আৰোগ্য লাভ কৰিছে আৰু ৬৩১ জনৰ মৃত্যু হৈছে৷
  • মধ্য প্ৰদেশঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৮৫৭ জন৷ 
  • অৰুণাচল প্ৰদেশঃ ৰাজ্য চৰকাৰৰ সংশোধিত এছঅ’পি অনুসৰি বৃহৎ প্ৰকল্পত জড়িত পঞ্জীকৃত ঠিকাদাৰসকলে সৰ্বাধিক ৫০জন শ্ৰমিক আনিব পাৰিব৷
  • অসমঃ আজিৰে পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাংগনত কাৰ্যকৰী হৈছে ভাইৰেল ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰীজ (ভিআৰডিএল)৷ ইয়াৰ জৰিয়তে অসমত এতিয়া ১৭টা ভিআৰডিএল আছে৷ এই তথ্য টুইটাৰত প্ৰকাশ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
  • মণিপুৰঃ মণিপুৰত ক’ভিড-১৯ কমন কণ্ট্ৰ’ল ৰূমৰ মুখপাত্ৰই কয় যে ৰাজ্যখনত সামাজিক সংক্ৰমণ হোৱাৰ কোনো চিন পৰিলক্ষিত হোৱা নাই৷  
  • নাগালেণ্ডঃ  নাগালেণ্ডৰ ক’হিমা জিলা প্ৰশাসনে মিমা গাঁৱৰ নিৰ্ধাৰিত এলেকা ক’ভিড-১৯ সংক্ৰমিত লোক পোৱাৰ পিছত ছীল কৰি দিছে৷
  • ছিক্কিমঃ ৰাজ্যখনৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙে এক উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰে৷
  • কেৰালাঃ বৰ্তমানে ৯৬৫৫ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ১.৫৬ লাখ লোকে বিভিন্ন জিলাত চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,১৩,৭২৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩,৭০৩জন৷ মৃত্যু হৈছে ৩৪৯৪ জনৰ৷
  • কৰ্ণাটকঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৮,৪১৭ জন৷ ২,০৮৮ জনক দেওবাৰে মুকলি কৰি দিয়াৰ জৰিয়তে এই পৰ্যন্ত ৩৫,৮৩৮ জন লোকক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৬,২৯৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৮,৯৫৬ জন৷ ১০৪১ জনৰ মৃত্যু হৈছে৷ ৪৬,৩০১ জনক মুকলি কৰি দিয়া হৈছে৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৫,৫৩২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৯৫৫ জন৷ ৪৭১ জনৰ মৃত্যু হৈছে৷

 



(Release ID: 1641655) Visitor Counter : 235