PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 21 JUL 2020 8:04PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্য; আৰোগ্য হোৱা লোকৰ সংখ্যা ৭.২ লাখলৈ বৃদ্ধি পাইছে; সমগ্ৰ দেশতে আৰোগ্যৰ হাৰ ৬২.৭২%লৈ উত্তৰণ হৈছে; মৃত্যুৰ হাৰ ২.৪৩%লৈ অৱনমিত হৈছে

বিগত ২৪ ঘণ্টাত ২৪,৪৯১ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ইয়াৰ জৰিয়তে আৰোগ্য পোৱা মুঠ লোকৰ সংখ্যা ৭,২৪,৫৭৭ জনলৈ বৃদ্ধি পাইছে৷ সমগ্ৰ দেশতে আৰোগ্যৰ হাৰ হ’ল ৬২.৭২%৷ মৃত্যুৰ হাৰ ২.৪৩%লৈ অৱনমিত হৈছে৷ বৰ্তমানে দেশত ৪,০২,৫২৯ জন সক্ৰিয় ৰোগী আছে৷

 

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদান কৰা পৰামৰ্শ অনুসৰি ১৯খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে প্ৰতিদিনে প্ৰতি মিলিয়নত ১৪০ত কৈ অধিক পৰীক্ষণ সম্পন্ন কৰিছে; ভাৰতত বৰ্তমানে পজিটিভিটিৰ হাৰ হ’ল ৮.০৭%; সমগ্ৰ দেশৰে গড় হিচাপৰ তুলনাত ৩০খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে নিম্ন পজিটিভিটি হাৰ প্ৰদৰ্শিত কৰিছে

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি দেশৰ ১৯ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে প্ৰতিদিনে প্ৰতি মিলিয়নত ১৮০ত কৈও অধিক পৰীক্ষণ সম্পন্ন কৰিছে৷  গোৱাত প্ৰতিদিনে প্ৰতি মিলিয়ন ১৩৩৩ টাকৈ পৰীক্ষণ সম্পন্ন কৰা হৈছে৷

Combined Final 21st July Press Brief.jpg

দেশৰ গড় হিচাপৰ তুলনাত ৩০খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে নিম্ন পজিটিভিটি হাৰ প্ৰদৰ্শিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

জুন ২০২০ত দিল্লীত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত এনচিডিচিয়ে সম্পন্ন কৰা ছেৰ’-প্ৰিভেলেন্স অধ্যয়ন

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিল্লীত এক ছেৰ’-নিৰীক্ষণ অধ্যয়নৰ আয়োজন কৰে৷ এই অধ্যয়ন দিল্লী চৰকাৰৰ সহযোগত সম্পন্ন কৰিছে নেচনেল চেণ্টাৰ ফ’ৰ ডিজিছ কণ্ট্ৰ’লে৷

 

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য আৰু কল্যাণৰ বাবে মানসিক সমৰ্থন প্ৰদান কৰিবলৈ মুকলি কৰিলে মনোদৰ্পণ

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ আজি মনোদৰ্পণ শীৰ্ষক এক কাৰ্যসূচী মুকলি কৰে৷ ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলক মানসিক স্বাস্থ্য তথা কল্যাণত মনোনিৱেশ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

২২ জুলাই তাৰিখে ইণ্ডিয়া আইডিয়াছ সন্মিলনত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জুলাই তাৰিখে ইণ্ডিয়া আইডিয়াছ সন্মিলনত ভাষণ প্ৰদান কৰিব৷ এই সন্মিলনৰ আয়োজন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ- ভাৰত ব্যৱসায়িক পৰিষদে৷ চলিত বৰ্ষত সন্মিলনখনত পৰিষদখনৰ ৪৫তম বৰ্ষপূৰ্তিও পালন কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে

 

আত্মনিৰ্ভৰ ভাৰত লক্ষ্য পূৰ্তিৰ বাবে ১ কোটি যুৱ স্বেচ্ছাসেৱীক মবিলাইজ কৰিবলৈ ইউনিচেফৰ সৈতে সহযোগিতা স্থাপন কৰিছে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে

প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰা আত্মনিৰ্ভৰ ভাৰতৰ বীক্ষণ বাস্তৱায়িত কৰাৰ উদ্দেশ্যে দেশৰ ১ কোটি তৰুণ স্বেচ্ছাসেৱীক ম’বিলাইজ কৰিবলৈ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে ইউনিচেফৰ সৈতে সহযোগিতা স্থাপন কৰা বুলি জানিবলৈ দিয়ে৷

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে মুকলি কৰিলে ভাৰতৰ প্ৰথমটো ইভি চাৰ্জিং প্লাজা

দেশত ইন্ধন দক্ষতা আৰু ই-ম’বিলিটীৰ প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় শক্তি, নতুন আৰু পুনৰ নৱীকৰণ শক্তি মন্ত্ৰী শ্ৰী আৰ কে সিঙে ভাৰতৰ প্ৰথমটো বৈদ্যুতিক বাহন চাৰ্জিং প্লাজা ক্লেমছফ’ৰ্ড ক্লাবত মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে ৰাজহুৱা স্থানসমূহত জনসাধাৰণৰ পৰীক্ষণ, মাস্ক পৰিধান আৰু সামাজিক ব্যৱধানৰ নীতিসমূহ অধিক কঠোৰ কৰি তুলিছে৷
  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ বিৰুদ্ধে ৰাজ্যিক কাৰাগাৰ বিভাগে তিনি তৰপীয়া কাৰ্যকৰী কৌশল প্ৰস্তুত কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী অনিল ভিজে কয় যে ৰাজ্যখনত ক’ভিড-১৯ৰ আৰোগ্যৰ হাৰ ৭৫%ত কৈও অধিক আৰু ই দুগুণ হ’বলৈ ২২-২৩ দিনৰ সময় লৈছে৷
  • হিমাচল প্ৰদেশঃ ৰাজ্যিক কেবিনেটে ৰাষ্ট্ৰীয় এম্বুলেন্স সেৱা-১০৮ৰ অধীনত ৩৮ খন এম্বুলেন্স পৰিৱৰ্তন কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷
  • কেৰালাঃ বৰ্তমানে ৭,৬১১ জন লোক চিকিৎসাধীন অৱস্থাত আছে আৰু ১.৬৫ লাখ লোকে বিভিন্ন জিলাত চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৭৫,৬৭৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫১,৩৪৮ জন৷ মৃত্যু হৈছে ২৫৫১ জনৰ৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫,১২৭ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৭,৪২০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪২,২১৬ জন৷ ১৪০৩ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৩,৭২৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৮,৮০০ জন৷ ৬৯৬ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৬,২৭৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৫৩০ জন৷ ৪২২ জনৰ মৃত্যু হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,১৮,৬৯৫ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৯,৩৫৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৫১৩ জন৷
  • ৰাজস্থানঃ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত ৰাজ্যখনত ক’ভিড-১৯ৰ মহামাৰীৰ সময়ছোৱাত ৰাজ্যখনলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে সৰ্বাধিক সংখ্যাত নিয়োজনৰ সৃষ্টি কৰা হৈছে৷
  • চট্টিশগড়ঃ ৰায়পুৰ আৰু বীৰগাঁৱত নতুনকৈ সাত দিনৰ বাবে লকডাউন বলৱৎ কৰা হৈছে৷
  • অৰুণাচল প্ৰদেশঃ ৰাজ্যিক ক’ভিড নোডেল বিষয়া ডাঃ জাম্পাই কয় যে ৰাজ্যখনত ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে ১.৫ লাখ ৰেপিড চিকিৎসা (আৰডিটি)-ক’ভিড-১৯ এণ্টিজেন কিট উপলব্ধ  আছে৷
  • অসমঃ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁও জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে আৰু বানাক্ৰান্ত লোকসকলৰ অৱস্থাৰ বুজ লয়৷
  • মণিপুৰঃ ননী, ফেৰড’ল আৰু টেংগনৌপাল জিলাই ১০০% ক’ভিড মুক্ত জিলা হিচাপে পৰিগণিত হোৱাত মুখ্যমন্ত্ৰী শ্ৰী এন বিৰেণ সিঙে স্বাস্থ্যকৰ্মীসকলক অভিনন্দন জ্ঞাপন কৰে৷
  • মিজোৰামঃ ১০খন জিলা চিকিৎসালয়ৰ বাবে ট্ৰুলেব কোৱাট্ৰ’ ৰীয়েল টাইম কোৱানটিটেটিভ মাইক্ৰ’ পিচিআৰ  মেচিন ক্ৰয় কৰাৰ বাবে মুখ্যমন্ত্ৰী সাহায্য নিধিৰ পৰা ১.১৮ কোটি টকাৰ অনুমোদন জনোৱা হৈছে৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০৩০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৪৬ জন৷ ৪৮৪ জনে আৰোগ্য লাভ কৰিছে৷



(Release ID: 1640303) Visitor Counter : 195