PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 20 JUL 2020 6:32PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত আগবঢ়োৱা শেহতীয়া তথ্যঃ ৭ লক্ষাধিক লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে; ২.৪৬% হাৰৰ সৈতে ভাৰতত বিশ্বৰ ভিতৰতে মৃত্যুৰ হাৰ সবাতোকৈ কম

দেশত ক’ভিড-১৯ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা নিম্নগতিত হ্ৰাস পাবলৈ ধৰিছে৷ আজি ই ২.৪৬%লৈ হ্ৰাস পাইছে৷ এই পৰ্যন্ত ৭ লক্ষাধিক লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে আৰু চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ২২,৬৬৪ জন ক’ভিড ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৬২.৬২%৷

অধিক বিৱৰণৰ বাবে

 

নতুন দিল্লীৰ এইমছৰ ‘‘ই-আইচিইউ’’ ভিডিঅ’ আলোচনা কাৰ্যসূচী ১১ খন ৰাজ্যৰ ৪৩খন বৃহৎ চিকিৎসালয়লৈ সম্প্ৰসাৰিত কৰা হৈছে৷

ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ যুঁজখনক অধিক শক্তিশালী কৰি নতুন দিল্লীৰ এইমছে ৮ জুলাই ২০২০ তাৰিখে ই-আইচিইউ শীৰ্ষক এক ভিডিঅ’ আলোচনা চক্ৰৰ সূচনা কৰিছিল৷ এই কাৰ্যসূচীৰ দ্বাৰা বিভিন্ন চিকিৎসালয়ৰ ক’ভিড-১৯ৰ ৰোগী চিকিৎসা কৰি থকা চিকিৎসকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

দিল্লীৰ এইমছত ডাঃ হৰ্ষ ৱৰ্ধনে মুকলি কৰিলে ক’ভিড-১৯ প্লাজমা দান শিবিৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কালি দিল্লীৰ এইমছত প্লাজমা দান শিবিৰৰ মুকলি কৰে৷ এই অনুষ্ঠানটোৰ সহ উদ্যোক্তা আছিল দিল্লী আৰক্ষী য’ত  ক’ভিড-১৯ৰ পৰা আৰোগ্য পোৱা ২৬ জন আৰক্ষীয়ে স্বেচ্ছামূলকভাৱে প্লাজমা দান কৰে৷

অধিক বিৱৰণৰ বাবে

 

আইবিএমৰ চিইঅ’ অৰবিন্দ কৃষ্ণৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইবিএমৰ চিইঅ’ শ্ৰী অৰৱিন্দ কৃষ্ণৰ সৈতে আজি ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে৷ বাৰ্তালাপত তেওঁলোকে ‘ৱৰ্ক ফ্ৰ’ৰ্ম হোম’ সংস্কৃতিৰ বিষয়েও আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

 

ডাঃ হৰ্ষ ৱৰ্ধনে মুকলি কৰিলে পাঞ্জাৱ নেচনেল বেংকৰ মাস্ক তথা ছেনিটাইজাৰ বিতৰণৰ ৰাষ্ট্ৰজোৰা চিএছআৰ শিবিৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে ক’ভিড-১৯ৰ পৰা ৰক্ষা পৰিবলৈ পাঞ্জাৱ নেচনেল বেংকে ৰাষ্ট্ৰজুৰি মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা অভিযানৰ মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ইউপিএছচিয়ে অসামৰিক সেৱা পৰীক্ষা ২০১৯ৰ ব্যক্তিগত সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ দিশত অগ্ৰসৰ হৈছে

ক’ভিড-১৯ৰ বাবে বলৱৎ হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত অসামৰিক সেৱা পৰীক্ষা ২০১৯ বৰ্ষৰ ২৩০৪ গৰাকী প্ৰাৰ্থীৰ ব্যক্তিগত সাক্ষাৎকাৰ প্ৰক্ৰিয়া স্তব্ধ হৈ আছিল৷ কিন্তু এতিয়া লকডাউন ক্ৰমে শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত ইউপিএছচিয়ে এই প্ৰাৰ্থীসকলৰ ব্যক্তিগত সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ দিশত অগ্ৰসৰ হৈছে৷

অধিক বিৱৰণৰ বাবে

আজিৰে পৰা বলৱৎ হৈছে গ্ৰাহক সুৰক্ষা আইন, ২০১৯

আজিৰে পৰা বলৱৎ হোৱা গ্ৰাহক সুৰক্ষা আইন,২০১৯ৰ দ্বাৰা গ্ৰাহকসকলে তেওঁলোকৰ বিভিন্ন অধিকাৰ যেনে গ্ৰাহক অভিযোগ সমাধান আদিকে ধৰি অধিকাৰসমূহ সুৰক্ষিত কৰাৰ সুবিধা লাভ কৰিব৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বাবে এছইআৰে ২৬৫২ বাৰ পাৰ্চেল ৰে’ল চলাইছে

দক্ষিণ পূব ৰে’লৱে (এছইআৰ)য়ে ৰাষ্ট্ৰৰ সংকটৰ সময়ছোৱাত নিজৰ অৱদান আগবঢ়াই ২৬৫২বাৰ টাইম টেবুলড পাৰ্চেল ৰে’লেৰে অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ আৰু অন্যান্য যাৱতীয় সামগ্ৰী পৰিবহণ কৰাইছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে আগন্তুক ২ মাহৰ বাবে ‘মিছন ৱাৰিয়ৰ’ শীৰ্ষক অভিযান সম্প্ৰসাৰিত কৰিছে য’ত ডায়মণ্ড স্বীকৃতিপত্ৰৰ কথা বিবেচনা কৰা হৈছে৷
  • হাৰিয়ানাঃ মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিডৰ সময়ছোৱাত ১৬ লাখ পৰিয়ালক ৪০০০ টকাৰ পৰা ৫০০০ টকালৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে৷
  • কেৰালাঃ মুঠ ৭০৬৩ জন ৰোগীয়ে চিকিৎসাধীন অৱস্থাত আছে আৰু ১.৭০ লাখ লোকে বিভিন্ন জিলাত চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৭০,৬৯৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫০,২৯৪ জন৷ মৃত্যু হৈছে ২৪৮১ জনৰ৷ চেন্নাইত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫,০৪২ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৩,৭৭২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৯,৩৭০ জন৷ মৃত্যু হৈছে ১৩৩১ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৯,৬৫০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬,১১৮ জন৷ মৃত্যু হৈছে ৬৪২ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৫,০৭৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,২২৪ জন৷ মৃত্যু হৈছে ৪১৫ জনৰ৷
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ডঃ বি ডি মিশ্ৰাই জনসাধাৰণক ঘৰতে শাক-পাচলিৰ খেতিৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ আহ্বান জনাইছে৷
  • অসমঃ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটা জিলাৰ পাঠশালা নিকটৱৰ্তী গহীনপাৰাত পহুমাৰা নদীৰ মথাউৰি পৰিদৰ্শন কৰে যি শেহতীয়াকৈ হোৱা বানপানীত ক্ষতিগ্ৰস্ত হৈছে৷
  • মণিপুৰঃ মণিপুৰৰ উখ্ৰুলত ২৫২, কাংপকপিত ২৩৪, তামেলংলঙত ২১২জন ৰোগী আছে৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০২১ জন৷ ইয়াৰে ৫৭৬ জন হ’ল সক্ৰিয় ৰোগী আৰু ৪৪৫ জনে আৰোগ্য লাভ কৰিছে৷
  • ছিক্কিমঃ ক’ভিড-১৯ৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ২১ জুলাইৰ পৰা ২৭ জুলাই ২০২০ তাৰিখলৈ সম্পূৰ্ণ লকডাউনৰ কথা ঘোষণা কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,১০,৪৫৫ জন৷ দেওবাৰে ৯৫১৮ জন লোকৰ দেহত ক’ৰোনাৰ বীজাণু ধৰা পৰিছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৪,৮৮২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৪১২ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৯,৮৩৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৪০৬ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২২,৬০০ জন৷ ৭২১ জনৰ মৃত্যু হৈছে৷ ১৫,৩১১ জনে আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ  ২২ জুলাইৰ পৰা ৰায়পুৰ আৰু বীৰগাঁৱত সাত দিনলৈ সম্পূৰ্ণ লকডাউন বলৱৎ কৰা হ’ব৷ দেওবাৰে ১৫৯ জন লোকৰ দেহত ক’ভিডৰ বীজাণু ধৰা পৰে৷

গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৬৫৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪১৭ জন৷ ২২১৮ জনে আৰোগ্য লাভ কৰিছে৷

 



(Release ID: 1640049) Visitor Counter : 235