স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বৰ্তমানে দেশত ৩ লাখ ৪২ গৰাকী ক’ভিড-১৯ সংক্ৰমিত লোক চিকিৎসাধীন হৈ আছে

আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৬.৩৫ লাখ, প্ৰতিদিনে বৃদ্ধি পাইছে আৰোগ্যৰ সংখ্যা

১ শতাংশতকৈও কম লোক আছে ভেণ্টিলেটৰত, ২ শতাংশতকৈও কম লোক আছে আইচিইউইত আৰু ৩ শতাংশতকৈও কম লোক আছে অক্সিজেন বিচনাত

Posted On: 17 JUL 2020 2:34PM by PIB Guwahati

দেশত বৰ্তমান ক’ভিড-১৯-ত চিকিৎসাধীন হৈ থকা সংক্ৰমিত লোকৰ সংখ্যা ৩,৪২,৭৫৬ জন। ৬ লাখ ৩৫ হাজাৰতকৈও অধিক সংক্ৰমিত (৬৩.৩৩ শতাংশ) লোক ইতিমধ্যে সুস্থ হৈ উঠিছে।

বিশ্বত দ্বিতীয় জনবহুল ৰাষ্ট্ৰ ভাৰতৰ মুঠ জনসংখ্যা ১৩৫ কোটি। এই দেশত প্ৰতি ১০ লাখ লোকৰ ভিতৰত ৭২৭.৪ জন লোক সংক্ৰমিত হৈছে। আন্তৰ্জাতিক হিচাপত প্ৰতি ১০ লাখ লোকৰ সংক্ৰমণৰ ক্ষেত্ৰত এই হাৰ যথেষ্ট কম। ইউৰোপৰ বহু দেশত এই হাৰ ৪ ৰ পৰা ৮ গুণ অধিক।

ভাৰতত প্ৰতি ১০ লাখ জনসংখ্যাৰ ১৮.৬ জন লোক সংক্ৰমণৰ কাৰণে মৃত্যুমুখত পৰিছে। সমগ্ৰ বিশ্বৰ অনুপাতত এই সংখ্যা সৰ্বনিম্ন। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ সৈতে সামগ্ৰিক উদ্যোগত ঘৰে ঘৰে গৈ সমীক্ষা, সংক্ৰমিত সকলৰ সংস্পৰ্শলৈ যিসকল লোক আহিছে তেওঁলোকক চিনাক্তকৰণ, কণ্টেইনমেণ্ট আৰু বাফাৰ এলেকাত তদাৰকী, নমুনা পৰীক্ষাৰ পৰিমাণ বৃদ্ধি আৰু সঠিক সময়ত ৰোগ চিনাক্তকৰণৰ ফলত সংক্ৰমণৰ হাৰ যথেষ্ট কম হৈছে। ইয়াৰ ফলত দ্ৰুত চিকিৎসাও আৰম্ভ কৰাটো সম্ভৱ হৈছে।

ক’ভিড-১৯ ৰ সংক্ৰমিতসকলৰ সংখ্যাই ভাৰতীয় নিৰ্দিষ্ট নিয়ম অনুযায়ী কম সংক্ৰমিত, মধ্যমীয়া আৰু অধিক সংক্ৰমিত হিচাপে চিহ্নিত কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়ম অনুযায়ী, যথাযথ ব্যৱস্থা গ্ৰহণৰ ফলত ইতিবাচক ফল পোৱা গৈছে। লক্ষণহীন অথবা মৃদু লক্ষণযুক্ত সংক্ৰমিতসকলৰ হোম আইছ’লেশ্যনত ৰাখিয়েই চিকিৎসাৰ পৰামৰ্শ দিয়া হৈছে। যিসকলে মধ্যমীয়া সংক্ৰমণযুক্ত আৰু যিসকলৰ সংক্ৰমণৰ তীব্ৰতা অধিক, তেওঁলোকক ক’ভিড নিৰ্ধাৰিত হাস্পিতাল অথবা স্বাস্থ্যকেন্দ্ৰত চিকিৎসা চলাই থকা হৈছে। হোম আইছ’লেশ্যনত থকাৰ ফলত হস্পিতালবোৰৰ ওপৰত চাঁপ কিছু পৰিমাণে হ্ৰাস পাইছে আৰু চিকিৎসকসকলে হস্পিতালত তীব্ৰ অথবা মজলীয়া সংক্ৰমিতসকলৰ সঠিক আৰু উচিত চিকিৎসা কৰিবলৈ সক্ষম হৈছে। এই প্ৰসঙ্গত উল্লেখযোগ্য যে বৰ্তমান মুঠ সংক্ৰমিত লোকৰ ভিতৰত ১.৯৪ শতাংশ আইচিইউত আৰু ০.৩৫ শতাংশ ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছে। মুঠ চিকিৎসাধীন সংক্ৰমিতসকলৰ ভিতৰত ২.৮১ শতাংশ লোকক অক্সিজেন প্ৰদান কৰিবলগীয়া হৈছে। 

দেশজুৰি চিকিৎসা পৰিকাঠামো ক্ৰমাৎ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত ক’ভিড নিৰ্ধাৰিত হস্পিতালবোৰত স্বাস্থ্য পৰিকাঠামো আৰু অধিক উন্নত হৈছে। বৰ্তমান ১,৩৮৩ খন ক’ভিড নিৰ্ধাৰিত হস্পিতাল, ,১০৭ খন ক’ভিড স্বাস্থ্যকেন্দ্ৰ আৰু ১০,৩৮২ খন ক’ভিড কেয়াৰ চেণ্টাৰ আছে। এইসমূহত ৪৬,৬৭৩ খন আইচিইউ বেড আৰু ২১,৮৪৮ টা ভেণ্টিলেটৰো আছে। দেশত সম্প্ৰতি এন ৯৫ মাস্ক আৰু ব্যক্তিগত সুৰক্ষা সৰঞ্জাম বা পিপিই কিটৰ কোনো অভাৱ নাই। কেন্দ্ৰই বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানলৈ ২,৩৫,৬৮,০০০ টা এন ৯৫ মাস্ক আৰু ১,২৪,২৬,০০০ টা পিপিই কিট প্ৰেৰণ কৰিছে।

ক’ভিড-১৯ ৰ বিষয়ে বস্তুনিষ্ঠ তথ্যৰ বাবে আৰু এই মহামাৰী প্ৰতিৰোধৰ বিষয়ে যিবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে সেয়া জানিবলৈ https://www.mohfw.gov.in/ লিঙ্কটোত ক্লিক কৰক। অথবা টুইটাৰ হেণ্ডেল @MoHFW_INDIA.- ৰ সহায় ল’ব পাৰে।

ক’ভিড-১৯ ৰ বিষয়ে কোনো পৰামৰ্শ থাকিলে technicalquery.covid19[at]gov[dot]in  অথবা  ncov2019[at]gov[dot]in - এই দুটা  ই-মেইল যোগে যোগাযোগ কৰিব পাৰিব। টুইটাৰ হেণ্ডেল @CovidIndiaSeva- তো প্ৰশ্ন কৰিব পাৰিব।

ইয়াৰ উপৰিও +৯১-১১-২৩৯৭ -৮০৪৬  অথবা নিঃশুল্ক নম্বৰ ১০৭৫ ত ফোন কৰিবও পাৰিব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড–১৯ সংক্ৰান্তীয় হেল্পলাইন নম্বৰবোৰৰ তালিকা লাভ কৰিবলৈ বিচাৰিলে তলৰ লিংকত ক্লিক কৰক -  https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf

 

***

MV/SG



(Release ID: 1639569) Visitor Counter : 365