PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 09 JUL 2020 6:30PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্যঃ সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ১.৭৫ গুণ; সৰ্বভাৰতীয় পৰ্যায়ত আৰোগ্যৰ হাৰ হ’ল ৬২.০৯%

দেশত ক’ভিড-১৯ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ২,০৬,৫৮৮ জনলৈ বৃদ্ধি পাইছে৷ সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ১.৭৫ গুণ৷ বিগত ২৪ ঘণ্টাত ১৯,৫৪৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত ৪,৭৬,৩৭৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বৰ্তমানে ২,৬৯,৭৮৯ জন ৰোগীয়ে চিকিৎসকৰ নিৰীক্ষণত আছে৷ আৰোগ্যৰ হাৰ হ’ল ৬২.০৯%৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ সন্দৰ্ভত মন্ত্ৰীমণ্ডলৰ গোট ১৮তম বৈঠকত সভাপতিত্ব প্ৰদান কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

ডাঃ হৰ্ষ ৱৰ্ধনৰ সভাপতিত্বত আজি ভিডিঅ’ কনফাৰেন্সযোগে মন্ত্ৰীমণ্ডলৰ এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়৷ মন্ত্ৰীমণ্ডলক দেশৰ ৩৯১৪টা সুবিধা কেন্দ্ৰ, ৩,৭৭,৭৩৭ খন আইচ’লেচন বেড, ৩৯,৮২০ খন আইচিইউ বেড আৰু ১,৪২,৪১৫ খন অক্সিজেন সমৰ্থিত বেড আৰু ২০,০৪৭টা ভেণ্টিলেটৰৰ উপলব্ধতাৰ বিষয়ে অৱগত কৰোৱা হয়৷

অধিক বিৱৰণৰ বাবে

 

ইণ্ডিয়া গ্ল’বেল উইকৰ মুকলি অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে; বিশ্বৰ পুনৰুজ্জীৱিতকৰণত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ইণ্ডিয়া গ্ল’বেল উইকৰ মুকলি অধিৱেশনত ভাষণ প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগক কয় যে বিশ্বৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷

অধিক বিৱৰণৰ বাবে

ইণ্ডিয়া গ্ল’বেল উইক ২০২০ৰ মুকলি অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

বাৰাণসীস্থিত এনজিঅ’সমূহৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে বাৰাণসীৰ বিভিন্ন এনজিঅ’ৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰে৷ এই এনজিঅ’সমূহে লকডাউনৰ সময়ছোৱাত জনসাধাৰণক সাহায্য সামগ্ৰী বিতৰণ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

বাৰাণসীস্থিত এনজিঅ’সমূহৰ প্ৰতিনিধিসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহক আদৰণি জনায় আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ক’ৰোনাৰ সংকটৰ সময়ত  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো এজন লোক ভোকত থাকিব নালাগে বুলি প্ৰদান কৰা প্ৰতিশ্ৰুতি অতিশয় প্ৰশংসনীয়৷ শ্ৰী অমিত শ্বাহে টুইটাৰত প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জনাই কালি কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহক প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

ভিডিঅ’ কনফাৰেন্সযোগে তিনিখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ প্ৰত্যয় পত্ৰ প্ৰদান

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে আজি নিউজিলেণ্ড, ব্ৰিটেইন আৰু উজবেকিস্তানৰ দূতাৱাসৰ আয়ুক্তৰ প্ৰত্যয় পত্ৰ গ্ৰহণ কৰে৷ ক’ভিড মহামাৰীৰ বাবে এয়া দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি ভৱনত ভিডিঅ’ কনফাৰেন্সযোগে প্ৰত্যয় পত্ৰ গ্ৰহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় নৌসেনা বাহিনীয়ে সম্পূৰ্ণ কৰিলে ‘অপাৰেচন সমুদ্ৰ সেতু’

৫ মে’ ২০২০ তাৰিখে ভাৰতীয় নৌসেনা বাহিনী সমুদ্ৰ সেতু অভিযানৰ সূচনা কৰিছিল৷ ইয়াৰ জৰিয়তে বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলক সাগৰীয় পথেৰে দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছিল৷ ৩,৯৯২জন ভাৰতীয় নাগৰিকক সফলতাৰে ঘৰলৈ ঘূৰাই অনাৰ পিছত এই অভিযানৰ সামৰণি মাৰিছে ভাৰতীয় নৌসেনা বাহিনীয়ে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ কালি ৩০১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ হৈছে৷ থিৰুৱনন্তপুৰম চহৰত ত্ৰিপল লকডাউনে আজি চতুৰ্থতম দিনত প্ৰৱেশ কৰিছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,২২,৩৫০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৬,৪৮০ জন৷ ১৭০০ জনৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৮,৮৭৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৬,৫২৭ জন৷ মৃত্যু হৈছে ৪৭০ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৩,৮১৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৩৮৩ জন৷ ১২,১৫৪ জনক মুকলি কৰি দিয়া হৈছে৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ২৯,৫৩৬ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৯৩৩ জন৷ ৩২৪জন লোকৰ মৃত্যু হৈছে৷ ১৭,২৭৯ জনক মুকলি কৰি দিয়া হৈছে৷
  • চণ্ডীগড়ঃ প্ৰশাসনে স্বাস্থ্য বিভাগৰ মুখ্য সচিবত ব্যৱহৃত বায়’ আৱৰ্জনাসমূহৰ উপযুক্ত নিষ্কাশন ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷
  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত পাঞ্জাৱ চৰকাৰে গাইন’ক’লজী অপিডি আৰু সাধাৰণ অ’পিডি সেৱাৰ ই-সঞ্জীৱনীৰ অপিডিৰ সময়সীমা পুৱা ৮ বজাৰ পৰা দুপৰীয়া ২ বজালৈ বৃদ্ধি কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানাৰ মুখ্য সচিবে কয় যে ৰাজ্যখনত ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাৰ্যকৰী সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ মহামাৰীয়ে আমাক পৃথক ধৰণে ভাবিবলৈ আৰু কৰ্মত নিয়োজিত হ’বলৈ বাধ্য কৰাইছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,২৩,৭২৪ জন৷ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ১,২৩,১৯২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯১,০৬৫ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৮,৪১৯ জন৷ মৃত্যু হোৱা ৰোগীৰ সংখ্যা হ’ল ১,৯৯৫ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২২,২১২ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬,০৩৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৪২০ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৫২৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৭৭ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,০৩৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮২৪ জন৷

A stamp with the word Fake on a press note which claims that CBSE has released result dates for Board exams and also lists 3 websites to view the results

 



(Release ID: 1637621) Visitor Counter : 202