স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

৬০শতাংশৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে আৰোগ্যৰ হাৰ

আৰোগ্য আৰু আক্ৰন্তৰ ৰোগীৰ মাজৰ ব্যৱধান ১,৩২,৯১২ লৈ বৃদ্ধি

Posted On: 02 JUL 2020 3:29PM by PIB Guwahati

ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ, আক্ৰান্তৰ আবদ্ধকৰণ আৰু চিকিত্সা প্ৰবন্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থালীৰ সু-সমন্বিত প্ৰয়াসৰ সুবাদত আৰোগ্য আৰু আক্ৰান্তৰ মাজৰ ব্যৱধান দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। আজিৰ তাৰিখত দেশত আক্ৰান্ত ৰোগীৰ সংখ্যাতকৈ আৰোগ্যৰ সংখ্যাৰ ব্যৱধান ১,৩২,৯১২গৰাকী হৈছেগৈ।

তত্কালীন ভাবে কভিড-১৯ আক্ৰন্তৰ চিকিত্সাৰ ব্যৱস্থা কৰাৰ ফলত দিনৌ ১০,০০০ৰৰো অধিক আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়া ২৪ঘণ্টাত মুঠ ১১,৮৮১গৰাকী লোকে আৰোগ্য হৈ চিকিত্সালয় এৰাৰ অনুমতি লাভ কৰিছে। ইয়াকে ধৰি এই পৰ্যন্ত দেশত আৰোগ্য লোকৰ সংখ্যা ৩,৫৯,৮৫৯গৰাকী হৈছেগৈ। শেহতীয়া হিচাপত আৰোগ্যৰ হাৰ ৫৯.৫২শতাংশ।

এই মুহূৰ্তত ২,২৬,৯৪৭গৰাকী লোক চিকিত্সাধীন হৈ আছে।

আৰোগ্য লাভ কৰা লোকৰ সংখ্যাৰ হিচাপত দেশৰ শীৰ্ষৰ ১৫খন ৰাজ্য আৰু আৰোগ্যৰ সংখ্যা তলত উল্লেখ কৰা হ-

 

ক্ৰমিক নং

ৰাজ্য

কেন্দ্ৰীয় শাসিত

অঞ্চল

সম্পূৰ্ণ

সুস্থ হোৱা

লোকৰ সংখ্যা

1

মহাৰাষ্ট্ৰ

93,154

2

দিল্লী

59,992

3

তামিল নাডু

52,926

4

গুজৰাট

24,030

5

উত্তৰ প্ৰদেশ

16,629

6

ৰাজস্থান

14,574

7

পশ্চিম বংগ

12,528

8

মধ্য প্ৰদেশ

10,655

9

হাৰিয়াণা

10,499

10

তেলেংগাণা

8,082

11

কৰ্ণাটকা

8,063

12

বিহাৰ

7,946

13

অন্ধ্ৰ প্ৰদেশ

6,988

14

অসম

5,851

15

ওড়িশা

5,353

 

আৰোগ্য লাভৰ হাৰৰ হিচাপত শীৰ্ষৰ ১৫খন ৰাজ্য

ক্ৰ. নং

ৰাজ্য

কেন্দ্ৰীয় শাসিত

অঞ্চল

Recovery Rate

1

চণ্ডীগড়

82.3%

2

মেঘালয়

80.8%

3

ৰাজস্থান

79.6%

4

উত্তৰাখণ্ড

78.6%

5

চত্তিশগড়

78.3%

6

ত্ৰিপুৰা

78.3%

7

বিহাৰ

77.5%

8

মিজোৰাম

76.9%

9

মধ্য প্ৰদেশ

76.9%

10

ঝাৰখণ্ড

76.6%

11

ওড়িশা

73.2%

12

গুজৰাট

72.3%

13

হাৰিয়াণা

70.3%

14

লাডাখ

70.1%

15

উত্তৰ প্ৰদেশ

69.1%

পৰীক্ষণ, অনুসন্ধান আৰু চিকিত্সা প্ৰদান-ৰ কৌশল অৱলম্বন কৰি অব্যাহত ৰখা অভিযানৰ সুবাদত দেশত নমুনা পৰীক্ষণৰ সামগ্ৰিক সামৰ্থ্য দ্ৰুত গতিত বৃদ্ধি পোৱাৰ লগতে আজি পৰ্যন্ত ৯০লাখৰো অধিক নমুনাৰ পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছে।

যোৱা ২৪ ঘণ্টাত মুঠ ২,২৯,৫৮৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াকে ধৰি এই পৰ্যন্ত দেশত মুঠ ৯০,৫৬,১৭৩টা নমুনা পৰীক্ষা কৰা হৈছে।

আজিৰ তাৰিখত দেশত ১০৬৫টা পৰীক্ষাগাৰৰ এক শৃংখল গঢ়ি তোলা হৈছে। ইয়াৰে ৭৬৮টা চৰকাৰীখণ্ডত স্থাপনৰ বিপৰীতে ২৯৭টা পৰীক্ষাগাৰ স্থাপিত হৈছে ব্যক্তিগত খণ্ডত। পৰীক্ষাগাৰসমূহৰ বিস্তৃত বিৱৰণ তলত উল্লেখ কৰা ধৰণৰ:

ৰিয়েল টাইম আৰটি পিচিআৰ পৰীক্ষণ পৰীক্ষাগাৰ- ৫৭৮টা(চৰকাৰী-৩৬৬টা+ব্যক্তিগত খণ্ডত-২১২টা)

ট্ৰুনাট ভিত্তিক পৰীক্ষাগাৰ- ৩৬৩টা(চৰকাৰী-৩৭০টা+ব্যক্তিগত-২৮টা)

চিবিনাট ভিত্তিক পৰীক্ষাগাৰ- ৯৮টা (চৰকাৰী-৩২টা+ব্যক্তিগত-৫৭টা)

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

 

 

****

MV/SG/KB



(Release ID: 1636515) Visitor Counter : 178