প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ধৰ্ম চক্ৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ সম্বোধন

Posted On: 04 JUL 2020 10:17AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ধৰ্ম চক্ৰ দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰি ভিডিঅ’যোগে ভাষণ প্ৰদান কৰে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ কনফেডাৰেশ্যনে (আইবিচি) ৪ জুলাই, ২০২০ আষাঢ়ৰ পূৰ্ণিমাটো ধৰ্ম চক্ৰ দিৱস হিচাপে পালন কৰে। এই দিনটোৰ তাৎপৰ্য এয়ে যে এই দিনটোতেই বুদ্ধই এতিয়াৰ উত্তৰ প্ৰদেশৰ বাৰানসীৰ সমীপৱৰ্তী সাৰনাথ আৰু তেতিয়াৰ ৰুপীপাটনৰ ডীৰ পাৰ্কত তেওঁৰ প্ৰথম পাঁচগৰাকী তপস্বী শিষ্যক প্ৰথমবাৰলৈ ধৰ্মোপদেশ প্ৰদান কৰিছিল। এই দিৱসটো সমগ্ৰ বিশ্বৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে ধৰ্ম চক্ৰ প্ৰৱৰ্তন বা “ধৰ্মৰ চক্ৰৰ আবৰ্তন”ৰ দিন হিচাপে উদযাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে গুৰু পূৰ্ণিমা হিচাপেও জনাজাত আষাঢ় পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভগৱান বুদ্ধলৈ প্ৰণিপাত জনায়। তেওঁ মংগোলিয়া চৰকাৰক মংগোলীয় কঞ্জুৰৰ অনুলিপি প্ৰদান কৰা কাৰ্যতো আনন্দ ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত ভগৱান বুদ্ধৰ মাগদৰ্শন আৰু বহু সমাজ আৰু ৰাষ্ট্ৰৰ কল্যাণৰ অৰ্থে তেওঁ দেখুৱাই থৈ যোৱা অষ্টাঙ্গিক মাৰ্গ সন্দৰ্ভত কয়। তেওঁ উল্লেখ কৰে যে বৌদ্ধধৰ্মই ব্যক্তি, মহিলা, দুখীয়াৰ প্ৰতি শ্ৰদ্ধা, শান্তি আৰু অহিংসাৰ পাঠ দি আহিছে আৰু এই শিক্ষা বহনক্ষম পৃথিৱীখনৰ বাবেই প্ৰয়োজনীয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান বুদ্ধই আশা আৰু উদ্দেশ্য সম্পৰ্কত কৈছিল তথা উভয়ৰে মাজত থকা শক্তিশালী বান্ধোন দেখুৱাই দিছিল। প্ৰধানমন্ত্ৰীয়ে ২১ শ শতিকাটোক লৈ তেওঁ কিয় আশাবাদী আৰু যুৱসমাজৰপৰা তেওঁ কিয় এই আশা কৰিছে সেই সন্দৰ্ভত কয়। তেওঁ উল্লেখ কৰে যে ভাৰতত এটা সৰ্ববৃহৎ ষ্টাৰ্ট-আপ বাতাবৰণে ঠন ধৰি উঠিছে য’ত জ্যোতিষ্মান যুৱ মনে বিশ্বৰ সমস্যা লাঘৱ কৰিবলৈ সমাধান সূত্ৰ বিচাৰি পাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিশ্বই অসাধাৰণ প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে, ইয়াৰ স্থায়ী সমাধানৰ পথ ভগৱান বুদ্ধৰ আদৰ্শৰপৰাই প্ৰশস্ত কৰিব পাৰি। বৌদ্ধধৰ্মীয় ঐতিহ্য ক্ষেত্ৰসমূহ অধিক লোকে দৰ্শন কৰাৰ প্ৰয়োজনীয়তা আৰু এই ক্ষেত্ৰসমূহলৈ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন সন্দৰ্ভত তেওঁ কয়। তেওঁ লগতে শেহতীয়াভাৱে উত্তৰ প্ৰদেশৰ কুশীনগৰ বিমানবন্দৰটোক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উন্নীতকৰণৰ কেবিনেটে লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰি এই ঘোষণাই তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলৰ ভ্ৰমণ সুচল কৰি তোলাৰ সমান্তৰালভাৱে অঞ্চলটোৰ অৰ্থনীতিলৈ বৰঙণি যোগাবলগীয়াৰ কথাও কয়।

***

VRRK/KP/SB



(Release ID: 1636352) Visitor Counter : 166