বিত্ত মন্ত্ৰালয়

কোভিড-১৯ মহামাৰীৰ সময়ত আয়কৰ বিভাগে ২০ লাখৰ অধিক কৰদাতাক ৬২,৩৬১ কোটি টকা ৰিফাণ্ড হিচাপে আদায় দিছে

Posted On: 03 JUL 2020 12:42PM by PIB Guwahati

কোভিড-১৯ মহামাৰী জনিত পৰিস্থিতিত কৰদাতাসকলক সহায় কৰাৰ উদ্দেশ্যে বকেয়া আয়কৰ ৰিফাণ্ড দ্ৰুত আদায় দিয়াৰ উদ্দেশ্যে বিগত ৮ এপ্ৰিলত চৰকাৰী পক্ষৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি আয়কৰ বিভাগে বিগত ৮ এপ্ৰিলৰ পৰা ৩০ জুনলৈকে প্ৰতি মিনিটত ৭৬টাকৈ কৰ ৰিফাণ্ড হিচাপে আদায় কৰিছে। আলোচ্য সময়ত শনি আৰু দেওবাৰ বাদে ৫৬টা কৰ্মদিনৰ মাজত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ (চিবিডিটি)য়ে ২০ লাখ ৪৪ হাজাৰৰ বেছি ক্ষেত্ৰত ৰিফাণ্ড হিচাপে ৬২ হাজাৰ ৩৬১ কোটি টকা কৰদাতাসকলক আদায় দিছে।

 

আয়কৰ বিভাগে প্ৰযুক্তিৰ ব্যৱহাৰ অধিক বৃদ্ধি কৰাৰ সুফল হিচাপে কৰদাতাসকলে আয়কৰ ৰিফাণ্ডৰ ক্ষেত্ৰত এতিয়া বহু বেছি সুবিধা লাভ কৰিছে। কোভিড-১৯ মহামাৰী জনিত কঠিন সময়ত কৰদাতাসকলৰ প্ৰাপ্য ৰিফাণ্ড হিচাপে দ্ৰুত বকেয়া আদায় দিয়া হৈছে। আয়কৰ বিভাগে ১৯ লাখ ৭ হাজাৰৰ বেছি কৰদাতাক ৰিফাণ্ড হিচাপে ২৩ হাজাৰ ৪৫৩ কোটি ৫৭ লাখ টকা আদায় দিছে। একেদৰে ১ লাখ ৩৬ হাজাৰৰ বেছি ক্ষেত্ৰত কৰদাতাসকলে কৰ্পৰেট কৰৰ বাবত ৰিফাণ্ড হিচাপে ৩৮ হাজাৰ ৯০৮ কোটি ৩৭ লাখ টকা আদায় দিয়া হৈছে। সম্পূৰ্ণ ইলেকট্ৰনিক পদ্ধতিত ৰিফাণ্ড হিচাপে পাবলগীয়া ধন চিধাই কৰদাতাসকলৰ বেংক একাউণ্টত জমা কৰা হৈছে। বৰ্তমান আধুনিক প্ৰযুক্তি প্ৰয়োগৰ ফলত কৰদাতাসকলৰ প্ৰাপ্য বকেয়া পৰিশোধৰ বাবে আয়কৰ বিভাগৰ ওচৰত আৰু অনুৰোধ জনাবলগীয়া নহয়। নিৰ্দিষ্ট পদ্ধতি অবলম্বন কৰি কৰদাতাসকলে তেওঁলোকৰ ৰিফাণ্ডৰ বাবত প্ৰাপ্য ধন পোনপটীয়াকৈ বেংক একাউণ্টৰ মাধ্যমত পাই যায়।

 

প্ৰত্যক্ষ কৰ পৰিষদৰ পক্ষৰ পৰা লগতে কোৱা হৈছে যে কৰদাতাসকলক আয়কৰ বিভাগৰ তৰফৰ পৰা পোৱা ই-মেইলবিলাকৰ দ্ৰুত সঁহাৰি জনাব লাগে যাতে ৰিফাণ্ডৰ বাবত প্ৰাপ্য ধন দ্ৰুত অনুসন্ধান কৰি সঠিক পদ্ধতি অবলম্বন কৰি আদায় দিব পৰা যায়। আয়কৰ বিভাগৰ এনেকুৱা ই-মেইলবিলাকত সংশ্লিষ্ট কৰদাতাৰ পক্ষৰ পৰা বকেয়া দাবী-দাবাৰ ক্ষেত্ৰত তথ্যৰ অনুসন্ধান, বেংক একাউণ্ট নম্বৰ তথা ৰিফাণ্ড দিয়াৰ আগেয়ে ভুল-ত্ৰুটি সংশোধন কৰি লোৱাৰ বাবে ই-মেইলবিলাক প্ৰেৰণ কৰা হয়। সেয়ে সংশ্লিষ্ট কৰদাতাৰ পক্ষৰ পৰা দ্ৰুত উত্তৰ লাভ কৰিলে আয়কৰ বিভাগৰ ৰিফাণ্ড আদায় কৰাৰ প্ৰক্ৰিয়া ত্বৰান্বিত হয়।

******

 

RM/KMN



(Release ID: 1636276) Visitor Counter : 158