প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক্’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিষেধকৰ বাবে পৰিকল্পনা আৰু প্ৰস্তুতিৰ পৰ্যালোচনা সম্পৰ্কীয় বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে

এই ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ আধাৰ গঠন কৰাৰ বাবে চাৰিটা গুৰুত্বপূৰ্ণ নীতিৰ তালিকা প্ৰস্তুত কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 30 JUN 2020 2:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিষেধকৰ পৰিকল্পনা আৰু প্ৰস্তুতি আৰু কেতিয়া এই প্ৰতিষেধক উপলব্ধ কৰা হ’ব ইত্যাদিৰ পৰ্যালোচনা সম্পৰ্কীয় এক উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে৷

 

প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে যে ভাৰতৰ দৰে বিশাল তথা বৈচিত্র্যপূর্ণ জনসংখ্যাৰ দেশত প্ৰতিষেধক যোগানৰ ক্ষেত্রেত বিভিন্ন বিষয় বিবেচনা কৰিব লাগিব৷ ইয়াৰ ভিতৰত ঔষধ যোগান শৃংখলা ব্যৱস্থাপনা, উচ্চ আশংকাপূৰ্ণ ব্যক্তিক অগ্রাধিকাৰ, ব্যক্তিগত খণ্ডকে ধৰি এই প্ৰক্রিয়াত জড়িত সকলো প্ৰতিষ্ঠানৰ মাজত সমন্বয় সাধন আৰু নাগৰিক সমাজৰ ভূমিকাৰ অন্তর্ভুক্তিৰ দৰে বিষয় আদি উল্লেখ্যযোগ্য৷

প্ৰধানমন্ত্রীয়ে এই ধৰণৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টাত চাৰিটা গুৰুত্বপূর্ণ নীতি উল্লেখ কৰে৷ প্ৰথমতে, পিছপৰা, উচ্চ আশংকাপূর্ণ লোকক তাক্ষণিক প্ৰতিষেধক প্ৰদানৰ বাবে চিহ্নিত কৰা আৰু তেওঁলোকক অগ্রাধিকাৰ প্ৰদান কৰা৷ অৰ্থা, চিকিসক, নাৰ্ছ, স্বাস্থ্যকর্মীকে ধৰি আগশাৰীৰ ক’ৰোনা যোদ্ধা আৰু সাধাৰণ পিছপৰা জনসাধাৰণক এই প্ৰতিষেধক দিয়া প্ৰয়োজন৷ দ্বিতীয়তে, যিকোনো লোকে যিকোনো স্থানত বিনাচৰ্তে প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হ’ব, এই ক্ষেত্রত প্ৰতিবন্ধকতা আৰোপ কৰিব নোৱাৰিব৷ তৃতীয়তে, প্ৰতিষেধকৰ দাম যুক্তিসংগত হ’ব লাগিব আৰু সার্বজনীনভাবে উপলব্ধ হ’ব লাগিব৷ কোনো লোকক এই প্ৰতিষেধকৰ লাভৰ পৰা বঞ্চিত কৰিব নোৱাৰিব৷ চতুর্থতে, প্ৰতিষেধক পাদনৰ পৰা প্ৰতিষেধক প্ৰদানৰ এই সমগ্ৰ প্ৰক্রিয়াত প্ৰযুক্তি ভিত্তিক ২৪ ঘণ্টাই নিৰীক্ষণ ব্যৱস্থাপনা থকা উচিত৷


প্ৰধানমন্ত্রীয়ে কর্মকর্তাসকলক এক বিস্তৃত পদ্ধতিত বর্তমান ব্যৱহৃত প্ৰযুক্তিৰ বিকল্পসমূহ মূল্যায়নৰ বাবে নির্দেশ দিয়ে, যাতে সকলোকে আটাইতকৈ ভালদৰে তথা সময়মতে প্ৰতিষেধক প্ৰদান কৰা সম্ভৱ হয়৷য

প্ৰধানমন্ত্রীয়ে এই ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰয়োগৰ বাবে শীঘ্ৰে বিশদ পৰিকল্পনা গ্ৰহণৰ নির্দেশ দিয়ে৷

আলোচনাত প্ৰতিষেধক প্ৰস্তুত কৰাৰ বর্তমান অৱস্থাৰ সন্দৰ্ভতো পর্যালোচনা কৰা হয়৷ প্ৰধানমন্ত্রীয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্রত সক্রিয় ভূমিকা পালনৰ বাবে ভাৰতৰ প্ৰতিশ্রুতিৰ কথা অৱগত কৰে৷

*******

VRRK/SH/DB



(Release ID: 1635469) Visitor Counter : 191