PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 30 JUN 2020 6:23PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিষেধক প্ৰস্তুতিৰ খতিয়ান লোৱাৰ বাবে পুনৰীক্ষণ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিষেধক প্ৰস্তুতিৰ খতিয়ান লোৱাৰ বাবে পুনৰীক্ষণ বৈঠকত সভাপতিত্ব কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজৰ আটাইতকৈ অসুৰক্ষিত অংশ যেনে চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মী আৰু নন-মেডিকেল ক’ৰোনা যোদ্ধা সকলে প্ৰতিষোধক গ্ৰহণৰ ক্ষেত্ৰত সবাতোকৈ অধিক অগ্ৰাধিকাৰ লাভ কৰা উচিত৷

অধিক বিৱৰণৰ বাবে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যঃ আৰোগ্যৰ হাৰ ৬০%লৈ বৃদ্ধি; সক্ৰিয় ৰোগীতকৈ আৰোগ্য পোৱা ৰোগীৰ সংখ্যা বৰ্তমানে প্ৰায় ১ লাখ ২০ হাজাৰ জন অধিক

দেশত ক’ভিড-১৯ৰ ৰোগীৰ আৰোগ্যৰ হৈছে ৬০%৷  আজিৰ তাৰিখ পৰ্যন্ত ক’ভিড-১৯ৰ সক্ৰিয় ৰোগীতকৈ আৰোগ্য পোৱা লোকৰ সংখ্যা ১,১৯,৬৯৬ জন লোক অধিক৷ দেশত বৰ্তমানে ২,১৫,১২৫ জন সক্ৰিয় ৰোগী আছে৷ ৩,৩৪,৮২১ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে

আনলক ২ৰ গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে নতুন নিৰ্দেশনা

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আনলক-২ৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰি কনটেইনমেণ্ট জ’নৰ বাহিৰত বিভিন্ন কাম-কাজ মুকলি কৰিছে৷ ১ জুলাই, ২০২০ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নিৰ্দেশনা অনুসৰি পৰ্যায়ক্ৰমে এই কাম-কাজবোৰ পুনৰ আৰম্ভ কৰা হ’ব৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লাভ কৰা মতামত আৰু কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ সৈতে হোৱা ব্যাপক আলোচনাৰ ভিত্তিত এই নতুন নিৰ্দেশনা আজি জাৰি কৰা হৈছে৷

৩০ মে’ত জাৰি কৰা আনলক-১ ৰ নিৰ্দেশনাত ধৰ্মীয় অনুষ্ঠান, হোটেল, ৰেস্তোৰাঁ আৰু শ্বমিং মলকে ধৰি কনটেইনমেণ্ট জ’নৰ বাহিৰৰ কেতবোৰ ক্ষেত্ৰত কাম-কাজ পুনৰ আৰম্ভ কৰিবলৈ কোৱা হৈছিল৷ ঘৰুৱা বিমান আৰু যাত্ৰীবাহী ৰে’ল সীমিত পৰিমাণে চলাচল কৰা অনুমতি দিয়া হৈছে৷ ইয়াৰ চলাচল নিৰ্দিষ্ট মাপকাঠিৰ ভিত্তিত আৰু অধিক বৃদ্ধি কৰা হ’ব৷

নৈশ সান্ধ্য আইনৰ সময় কিছু ৰেহাই দি নিশা ১০ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ কৰা হৈছে৷ অৱশ্যে এই ক্ষেত্ৰত কেইবাটাও শ্বিফটত ঔদ্যোগিক গোট, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথেৰে ব্যক্তিৰ আহ-যাহৰ লগতে সামগ্ৰী কঢ়িওৱা, সামগ্ৰী বোজাই কৰা বা নমোৱা, বাছ, ৰে’ল আৰু বিমানেৰে অহা যাত্ৰীৰ চলাচলত ৰেহাই দিয়া হৈছে৷

এলেকাৰ ওপৰত ভিত্তি কৰি এবাৰত পাঁচজনকৈ গ্ৰাহকেৰে দোকান খুলিব পাৰিব, কিন্তু তেওঁলোকে উপযুক্ত সামাজিক দুৰত্ব মানি চলিব লাগিব৷

১৫ জুলাই, ২০২০ৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ কাম-কাজ আৰম্ভ কৰাৰ অনুমতি দিয়া হ’ব৷ এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে মানসম্পন্ন পৰিচালন পদ্ধতি জাৰি কৰিব৷

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে হোৱা ব্যাপক আলোচনাৰ ভিত্তিত বিদ্যালয়, মহাবিদ্যালয়, কচিং প্ৰতিষ্ঠানসমূহ ৩১ জুলাই, ২০২০লৈকে বন্ধ ৰখা হ’ব৷

অধিক বিৱৰণৰ বাবে

ক’ভিড যোদ্ধাঃ উত্তৰ প্ৰদেশত ক’ভিডৰ বিৰুদ্ধে মোকাবিলাত আশা কৰ্মী; ১.৬ লাখ আশা কৰ্মীয়ে অনুসৰণ কৰিছে ৩০.৪৩ লাখ প্ৰব্ৰজিত কৰ্মীৰ

ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশলৈ সবাতোকৈ অধিক সংখ্যক প্ৰব্ৰজিত লোক উভতি আহিছে৷ এই পৰিপ্ৰেক্ষিতত ৰাজ্য খনত আশা কৰ্মীসকলে গুৰুত্বপূৰ্ণ ভূমিকাত অংশগ্ৰহণ কৰিছে৷ ১.৬ লাখ আশা কৰ্মীয়ে প্ৰায় ৩০.৪৩ লাখ প্ৰব্ৰজিত কৰ্মীক অনুসৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ সম্প্ৰসাৰণৰ বিষয়ে উল্লেখ কৰে

প্ৰধানমন্ত্ৰীয়ে লকডাউনৰ সময়ছোৱাত অভাৱীজনলৈ খাদ্য যোগান ধৰা কাৰ্যক অগ্ৰাধিকাৰ স্থান দিছে৷ লকডাউনৰ বিষয়ে ঘোষণা কৰাৰ লগে লগে চৰকাৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ বিষয়েও ঘোষণা কৰিছিল৷ এই যোজনাৰ অধীনত দৰিদ্ৰসকলৰ সহায়ৰ বাবে ১.৭৫ লাখ কোটি টকাৰ ঘোষণা কৰা হৈছিল৷

তেওঁ কয় যে যোৱা তিনি মাহত প্ৰায় ২০ কোটি দৰিদ্ৰ পৰিয়ালৰ জন ধন একাউণ্টলৈ ৩১,০০০ কোটি টকা স্থানান্তৰিত কৰা হৈছে, ৯ কোটিতকৈও অধিক কৃষকৰ বেংক একাউণ্টলৈ  ১৮,০০০ কোটি টকা স্থানান্তৰিত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাত ৫০,০০০ কোটি টকা ব্যয় কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰটিটো পৰিয়ালৰ প্ৰতিজন সদস্যলৈ প্ৰতিমাহে অৰ্থাৎ ৮০ কোটিতকৈও অধিক লোকলৈ ৫ কিলোগ্ৰাম বিনামূলীয়া ঘেঁহু/চাউল আৰু  ১ কিলোগ্ৰাম বিনামূলীয়া গোটা চানা প্ৰদান কৰা হৈছে আৰু এয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰিষাৰ ঋতু আৰম্ভ হোৱাৰ লগে লগে কৃষি খণ্ডত বিভিন্ন কামৰ সৃষ্টি হৈছে৷ তাৰোপৰি এটাৰ পিছত এটাকৈ উৎসৱসমূহো আৰম্ভ হ’বলৈ ধৰিছে৷ এই আটাইবোৰ পৰ্ব তথা কৰ্মৰ প্ৰতি লক্ষ্য ৰাথি চৰকাৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা দিপাৱলী আৰু ষঠ পুজা পৰ্যন্ত সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জুলাই মাহৰ পৰা নৱেম্বৰৰ শেষলৈ এই আঁচনিটো প্ৰণয়ন কৰা হ’ব৷ এই পাঁচ মাহত ৮০ কোটিতকৈও অধিক লোকক ৫ কিলোগ্ৰাম বিনামূলীয়া ঘেঁহু/চাউল প্ৰতিমাহে প্ৰেৰণ কৰা হ’ব৷ ইয়াৰোপৰি প্ৰতিটো পৰিয়াললৈ ১ কিলোগ্ৰাম বিনামূলীয়া গোটা চানাও প্ৰতিমাহে প্ৰদান কৰা হ’ব৷

এই আঁচনিৰ সম্প্ৰসাৰণৰ ফলত চৰকাৰে ৯০,০০০ কোটি টকা অতিৰিক্তভাৱে ব্যয় কৰিবলগীয়া হ’ব৷ আৰু পূৰ্বৰ তিনি মাহৰ ব্যয়ৰ সৈতে সম্পূৰ্ণ আঁচনিটোত ১.৫ লাখ কোটি টকা ব্যয় হ’ব৷ এই আঁচনিটো সফল কৰি তোলাৰ সম্পূৰ্ণ কৃতিত্ব প্ৰধানমন্ত্ৰীয়ে কঠোৰ পৰিশ্ৰমী কৃষক তথা দেশৰ নিষ্ঠাৱান কৰদাতাসকলক প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

ইচিএলজিএছৰ অধীনত ১ লাখ কোটি টকাতকৈও অধিক পৰিমাণৰ ঋণ অনুমোদিত হৈছে

চৰকাৰে প্ৰদান কৰা গেৰাণ্টিৰ জৰিয়তে ১০০% ইচিএলজিএছৰ অধীনত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহে ২৬ জুন ২০২০ তাৰিখ পৰ্যন্ত ১ লাখ কোটি টকাৰ ঋণৰ অনুমোদন প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে 

ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে এনবিআৰআইয়ে স্থাপন কৰিলে অত্যাধুনিক ভাইৰ’ল’জী গৱেষণাগাৰ

লক্ষ্ণৌৰ এনবিআৰআইয়ে ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে ‘অত্যাধুনিক ভাইৰ’লজী গৱেষণাগাৰ’ স্থাপন কৰিছে৷ এই গৱেষণাগাৰ আইচিএমৰ আৰৰ নিৰ্দেশনা অনুসৰি বিকশিত কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

দক্ষতা বিকাশেই হ’ব আত্মনিৰ্ভৰ ভাৰত আৰু গৰিব কল্যাণ ৰোজগাৰ যোজনাৰ মেৰুদণ্ডঃ ড মহেন্দ্ৰ নাথ পাণ্ডে

কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী ড মহেন্দ্ৰ নাথ পাণ্ডেয়ে কালি অনুষ্ঠিত এক ৱেবিনাৰত কয় যে আত্মনিৰ্ভৰ ভাৰত আৰু শেহতীয়াকৈ মুকলি কৰা গৰিব কল্যাণ ৰোজগাৰ অভিযানত দক্ষতা বিকাশে উল্লেখযোগ্য ভূমিকা পালন কৰিব৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত স্বচ্ছ শক্তিয়ে পুনৰুজ্জীৱিত কৰিব পাৰিব ভাৰতৰ অৰ্থনীতি

নিটি আয়োগ আৰু ৰকি মাউণ্টেইন ইন্সটিটিউটে আজি ‘টুৱাৰ্ডছ এ ক্লীন এনাৰ্জী ইক’ন’মীঃ পোষ্ট-ক’ভিড-১৯ অপৰ্চুনিটীজ ফ’ৰ ইণ্ডিয়া’জ এনাৰ্জী এণ্ড ম’বিলিটী ছেক্টৰ’ শীৰ্ষক এক প্ৰতিবেদন মুকলি কৰে৷ এই প্ৰতিবেদনত এক স্বচ্ছ, কম ব্যয়ৰ ইন্ধনৰ প্ৰচলনৰ জৰিয়তে ভাৰতৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰি তোলাৰ প্ৰয়াস কৰা হৈছে৷ এই প্ৰয়াসত বৈদ্যুতিক বাহন, শক্তি সঞ্চয় আৰু পুনৰ নৱীকৰণ শক্তি পদক্ষেপসমূহকো সামৰি লোৱা হৈছে৷

এই প্ৰতিবেদনত ক’ভিড-১৯য়ে কিদৰে ভাৰতত স্বচ্ছ ইন্ধনৰ ক্ষেত্ৰখনত প্ৰভাৱ পেলাইছে সেই বিষয়েও উল্লেখ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ সৈতে ১৫তম বিত্ত আয়োগৰ বৈঠক

শ্ৰী এন কে সিঙৰ সভাপতিত্বত বিত্ত আয়োগে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকখনত শিক্ষাৰ বিভিন্ন নতুন পদ্ধতি, প্ৰযুক্তি আদিৰ বিষয়ে আলোচনা কৰা হয়৷

অধিক বিৱৰণৰ বাবে

মুকলি  কৰা হ’ল পিএম স্বনিধি প’ৰ্টেল (বিটা সংস্কৰণ)

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গাশংকৰ মিশ্ৰই কালি প্ৰধানমন্ত্ৰী পদপথৰ আত্মনিৰ্ভৰ নিধিৰ বিটা সংস্কৰণ ‘পিএম স্বনিধি’ প’ৰ্টেল মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা হ’ল ১,৬৯,৮৮৩ জন৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৩,২৯৮ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩২,০২৩ জন৷ বিগত ২৪ ঘণ্টাত ১৯ জন লোকে প্ৰাণ হেৰুৱাইছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭,৭৫৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৩৯৭ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩,৩৭০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬০৭ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৭৯৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৩২ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২৫১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭২৪ জন৷
  • কেৰালাঃ মুঠ ১,৮০,৬১৭ জন ৰোগী বিভিন্ন জিলাত নিৰীক্ষণত আছে৷ শনিবাৰে এজন ৭৬ বছৰীয়া লোকৰ মৃত্যু হয়৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৬২২৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৭৩৩১ জন৷ মৃত্যু হৈছে ১১৪১ জনৰ৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪২৯৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৩৮২ জন৷ ২২৬ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪,৫৯৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৮৯৭ জন৷ মৃত্যু হৈছে ১৮৭ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৫৩৯৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৫৫৯ জন৷ মৃত্যু হৈছে ২৫৩ জনৰ৷
  • মণিপুৰঃ এই পৰ্যন্ত ৪৯,৮৮২ টা ক’ভিড-১৯ৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে৷
  • মেঘালয়ঃ অসমৰ পৰা অহা এজন লোকৰ দেহত ক’ভিড-১৯ৰ ভাইৰাছ ধৰা পৰিছে৷ মুঠ ৰোগীৰ সংখ্যা হৈছে ৫২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯ জন৷
  • মিজোৰামঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা গ’ল ২৯ জন৷ ৮০% লোকে আৰোগ্য লাভ কৰিছে৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৫৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯১ জন আৰু আৰোগ্য লাভ কৰিছে ১৬৮ জনে৷

ফেক্ট চেক



(Release ID: 1635463) Visitor Counter : 212