খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়

৯ লাখ দক্ষ আৰু অৰ্ধ-দক্ষ নিয়োগ সৃষ্টিৰে প্ৰধানমন্ত্ৰীৰ এফএমই আঁচনিত বিনিয়োগ কৰা হ'ব মুঠ ৩৫,০০০ কোটি টকাঃ হৰসিমৰৎ কৌৰ বাদল

এই আঁচনিয়ে তথ্য, প্ৰশিক্ষণ, উন্নত বিকাশ আৰু ফৰ্মেলাইজেচনৰ জৰিয়তে ৮লাখ গোটক লাভবান কৰিব


শ্ৰীমতী হৰসিমৰৎ কৌৰ বাদলে আৰম্ভ কৰিলে ''প্ৰধানমন্ত্ৰী অতিক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰতিষ্ঠানৰ ফৰ্মেলাইজেচন (পিএম এফএমই) আঁচনি''


পিএম এফএমইৰ গাইডলাইন জাৰি

Posted On: 29 JUN 2020 1:33PM by PIB Guwahati

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰসিমৰৎ কৌৰ বাদলে ''আত্মনিৰ্ভৰ ভাৰত অভিযান'' অংশ হিচাপে ২৯ জুন ২০২০ত প্ৰধানমন্ত্ৰী অতিক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰতিষ্ঠানৰ ফৰ্মেলাইজেচন(পিএম এফএমই) আঁচনিৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিয়ে মুঠ ৩৫,০০০ কোটি টকাৰ বিনিয়োগৰ লগতে লাখ দক্ষ আৰু অৰ্ধ-দক্ষ নিয়োগ সৃষ্টি কৰিব আৰু তথ্য, প্ৰশিক্ষণ, উন্নত বিকাশৰ আৰু ফৰ্মেলাইজেচনৰ জৰিয়তে লাখ গোটক লাভবান কৰিব আঁচনিখনৰ গাইডলাইনো মুকলি কৰা হয় স্থানীয় খাদ্য প্ৰক্ৰিয়াকৰণ গোটসমূহৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে গাঁওসমূহত গ্ৰামীণ উদ্যোগীসকলে প্ৰস্তুত কৰা খাদ্য সামগ্ৰীসমূহৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণক ভাৰতীয় খাদ্য সামগ্ৰী যোগানৰ এটা দীঘলীয়া পৰম্পৰা আছে এই স্থানীয় গোটসমূহৰ গুৰুত্ব আৰু তেওঁলোকৰ ভূমিকা সন্দৰ্ভত ১২/০৫/২০২০ত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত মাননীয় প্ৰধানমন্ত্ৰীয়ে গুৰুত্বসহকাৰে আলোকপাত কৰিছে

 

''সংকটৰ সময়ত, এই স্থানীয় উদ্যোগীসকলে আমাৰ চাহিদা পূৰণ কৰিছে, এই স্থানীয় উদ্যোগীয়ে আমাক ৰক্ষা কৰিছে স্থানীয় কেৱল আৱশ্যকতাই নহয়, আমাৰ দায়বদ্ধতাও সময়ে আমাক শিকাইছে যে আমি এই স্থানীয়ক আমাৰ জীৱনৰ এটা মন্ত্ৰ হিচাপে গঢ়ি তুলিব লাগিব আপুনি সম্প্ৰতি উপভোগ কৰা গ্ল'বেল ব্ৰেণ্ডবিলাকো কেতিয়াবা এনেকুৱাই অত্যন্ত স্থানীয় আছিল কিন্তু যেতিয়া মানুহে সেইবিলাক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে, সেইবিলাকক প্ৰমোট কৰিবলৈ আৰম্ভ কৰিলে, সেইবিলাকক ব্ৰেণ্ড কৰিবলৈ ধৰিলে, সেইবিলাকক লৈ গৌৰৱ কৰিবলৈ ধৰিলে, তেতিয়াই সেইবিলাক স্থানীয় সামগ্ৰীৰ পৰা গ্ল'বেল হৈ পৰিল সেয়ে আজিৰ পৰা প্ৰতিজন ভাৰতীয় নিজৰ 'লোকেল' বাবে 'ভোকেল' ' লাগিব, কেৱল স্থানীয় সামগ্ৰী ক্ৰয় কৰিবলৈ নহয়, বৰং সেইবিলাকক গৌৰৱেৰে প্ৰমোট কৰিবলৈ মই বিশ্বাস কৰো যে আমাৰ দেশে এই কাম কৰিব পাৰে''

 

খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানবিলাকৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী বাদলে কয় যে অসংগঠিত খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডই কিছুসংখ্যক প্ৰত্যাহ্বানৰ সম্মুখীন 'বলগীয়া হয় যি ইয়াৰ কাৰ্যকাৰিতা আৰু অগ্ৰগতি সীমাবদ্ধ কৰি ৰাখিছে তেওঁ লগতে কয় যে এই প্ৰত্যাহ্বানসমূহৰ ভিতৰত আছে আধুনিক প্ৰযুক্তি আৰু আহিলাৰ অভাৱ, প্ৰশিক্ষণ, অতিৰিক্ত প্ৰতিষ্ঠানিক দেনা, সামগ্ৰীৰ মানদণ্ড নিয়ন্ত্ৰণৰ ওপৰত প্ৰাথমিক সজাগতাৰ অভাৱ আৰু ব্ৰেণ্ডিং তথা বিপণন দক্ষতাৰ অভাৱ ইত্যাদি তেওঁ লগতে কয় যে খাদ্য প্ৰক্ৰিয়াকৰণ ক্ষেত্ৰত ৭৪% কৰ্ম সংস্থাপন হয় প্ৰায় ২৫ লাখ অসংগঠিত খাদ্য প্ৰক্ৰিয়াকৰণ শিল্প ইউনিটৰ মাজত এনেকুৱা খাদ্য প্ৰক্ৰিয়াকৰণ ইউনিটবিলাকৰ প্ৰায় ৬৬% গ্ৰামাঞ্চলৰ আৰু প্ৰায় ৮০% ইউনিট পৰিয়াল-ভিত্তিক উদ্যোগ সেয়ে, এনেকুৱা খাদ্য প্ৰক্ৰিয়াকৰণ ইউনিট বিলাকক অতিক্ষুদ্ৰ শিল্প সংস্থাৰ শ্ৰেণীভুক্ত কৰা হয়

 

আজি আৰম্ভ হোৱা অতিক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ শিল্পবিলাকৰ বাবে পিএম ফৰ্মেলাইজেচন কৰ্মসূচীৰ মাধ্যমত আৰ্থিক সহযোগিতা, কাৰিকৰী আৰু বিপণন সম্পৰ্কীয় সহযোগিতাৰ ওচৰাউচৰি ইউনিটবিলাকৰ মনোনয়নতো যথাসম্ভৱ সাহায্য দিয়া ' কেন্দ্ৰীয় সাহায্যপুষ্ট এই প্ৰকল্প ২০২০-২১ৰ পৰা ২০২৪-২৫ পৰ্যন্ত পাঁচ বছৰৰ ম্যাদ কালত ১০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়িত ' এই প্ৰকল্পৰ ৰূপায়ণত কেন্দ্ৰীয় চৰকাৰে ৬০% আৰু ৰাজ্য চৰকাৰসমূহে ৪০% অৰ্থ বহন কৰিব কৰ্মসূচীৰ পৰিসৰত 'এখন জিলা, এবিধ পণ্য' সংক্ৰান্তীয় পৰিকল্পনা ৰূপায়ণৰ প্ৰস্তাৱ কৰা হৈছে উদ্দেশ্য, স্থানীয় উৎপাদিত পণ্যবিলাকৰ বাবে অভিন্ন পৰিসেৱা আৰু বিপণন সুবিধা গঢ়ি তোলা

 

বৰ্তমান চলিত অতিক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ ইউনিটবিলাক সিবিলাকৰ সামগ্ৰীক বিকাশৰ বাবে মুঠ ব্যয়ৰ ৩৫% হাৰত ঋণ সংযুক্ত মূলধনী ভৰ্তুকীৰ সুবিধা পাব সেয়ে, এনেধৰণৰ প্ৰকল্প একাউণ্টত খৰচৰ ঊৰ্ধ সীমা স্থিৰ হৈছে ইউনিট প্ৰতি ১০ লাখ টকা তদুপৰি, পিএম ফৰ্মেলাইজেচন কৰ্মসূচীত দক্ষতা বৃদ্ধি আৰু গৱেষণাৰ ওপৰত বিশেষ নজৰ দিয়া হৈছে ইয়াৰ বাবে খাদ্য প্ৰক্ৰিয়াকৰণ শিল্প মন্ত্ৰালয়ৰ অধীনস্থ দুটা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানক চিহ্নিত কৰা হৈছে তদুপৰি, ৰাজ্যস্তৰীয় কাৰিকৰী প্ৰতিষ্ঠানবিলাকক প্ৰশিক্ষণ কৰ্মসূচী, পণ্যৰ মানদণ্ড বজাই ৰখা, পণ্যৰ উপযুক্ত পেকেজিং প্ৰভৃতি কামৰ বাবে চিহ্নিত কৰা হৈছে

 

এই কৰ্মসূচীত যিকোনো ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ ইউনিট অন্তৰ্ভুক্ত ' পাৰে সেয়ে, কৰ্মসূচীৰ সুযোগ-সুবিধা গ্ৰহণৰ যি নীতি-নিৰ্দেশনা আছে, সেয়া মানি চলিব লাগিব

 

শ্ৰীমতী বাদলে লগতে কয় যে তেওঁৰ মন্ত্ৰালয়ে অতি শীঘ্ৰেই তপশিলী জাতি আৰু উপজাতিৰ শিল্পোদ্যোগীসকলৰ বাবে বিনামূলীয়াকৈ অনলাইনত দক্ষতা বিকাশৰ ক্লাছ আৰম্ভ কৰিব ইতিমধ্যে মন্ত্ৰালয়ে এনেকুৱা -শিক্ষণ পদ্ধতিৰ বাবে ৪১টা পাঠ্যক্ৰম আৰু কৰ্মোপযোগী বিভিন্ন ক্ষেত্ৰ চিহ্নিত কৰিছে ইয়াৰ মাজত আছে বেংকিং সংক্ৰান্তীয় কাম-কাজ, জাম আৰু আচাৰ বনোৱা ইত্যাদি কৰ্মসূচীত -শিক্ষণ পাঠ্যক্ৰমত অংশগ্ৰহণৰ সুবিধাৰ্থে ইংৰাজী আৰু হিন্দীসহ অন্যান্য আঞ্চলিক ভাষাটো পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে তদুপৰি, এণ্ড্ৰইড-ভিত্তিক মোবাইল এপ আৰম্ভ কৰা হৈছে বুলিও শ্ৰীমতী বাদলে জনায়

                        ******

 

RJ/NG



(Release ID: 1635178) Visitor Counter : 243