প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিডিঅ’ কনফাৰেন্সিংযোগে আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 26 JUN 2020 4:12PM by PIB Guwahati

বন্ধুসকল,

নমস্কাৰ, আপোনালোকৰ সৈতে কথা পতাৰ সুযোগ লাভ কৰিলো৷ আমি সকলো ব্যক্তিগত জীৱনত অনেক উত্থান-পতন দেখিছো৷ আমাৰ সামাজিক জীৱন, গাঁও, চহৰত বিভিন্ন কঠিন পৰিস্থিতিৰ সৃষ্টি হয়৷ আপোনালোকে চাওক, কালি বজ্ৰপাত পৰিল৷ বিহাৰ, উত্তৰ প্ৰদেশৰ কিমানজন লোকৰ প্ৰাণহানি হ’ল৷ কিন্তু এয়া কোনেও ভবা নাছিল যে সমগ্ৰ বিশ্বতে, সমগ্ৰ মানৱ জাতিৰ ওপৰত এনে এক বৃহৎ সংকট আহি পৰিব৷ এনেকুৱা এক সংকট য’ত মানুহে বিচাৰিলেও এজনে আনজনৰ সহায় কৰিব নোৱাৰে৷ এই সময়ছোৱাত এনে কোনো লোক নাই যিয়ে সমস্যাৰ সন্মুখীন হোৱা নাই৷

শিশুৱেই হওক, বৃদ্ধই হওক, মহিলাই হওক অথবা পুৰুষেই হওক, সমগ্ৰ বিশ্বই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ আগলৈও নাজানো যে কেতিয়া এই সমস্যাৰ পৰা মুক্তি পাম৷ কিন্তু ইয়াৰ ঔষধৰ বিষয়ে আমি জানো৷ সেয়া হ’ল দুই গজৰ দূৰত্ব৷ এই ঔষধ হ’ল- মুখ ঢাকি থোৱা, মুখৰ আৱৰণ অথবা গামোচাৰ ব্যৱহাৰ কৰা৷ যেতিয়ালৈ ক’ৰোনাৰ প্ৰতিষেধক অথবা টীকাৰ আৱিষ্কাৰ নহয় তেতিয়ালৈ এই ঔষধৰ জৰিয়তেই আমি ইয়াক ৰোধ কৰিব পাৰিম৷

বন্ধুসকল,

আজি যেতিয়া আপোনালোকে মোৰ সৈতে কথা পাতি আছিল তেতিয়া আপোনালোকৰ চেহেৰাত ফুটি উঠা সুখ, আনন্দৰ ভাৱ আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলো৷ ইয়াত এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ যশস্বী উৰ্জাৱান মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথো উপস্থিত আছে, চৰকাৰৰ মন্ত্ৰীসকল আছে, প্ৰশাসনৰ সৈতে জড়িত জ্যেষ্ঠ বিষয়াসকল আছে আৰু উত্তৰ প্ৰদেশৰ ভিন্ন ভিন্ন জিলাৰ সৈতে জড়িত বিভিন্ন সহযোগীসকল আছে৷

শ্ৰমৰ যি শক্তি সেয়া আমি সকলোৱে অনুভৱ কৰিছো৷ শ্ৰমৰ এই শক্তিক আধাৰ হিচাপে লৈ ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা হৈছে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ ৰোজগাৰ অভিযান৷ আজি এই শক্তিয়ে ‘আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান’ৰ প্ৰেৰণা দিছে৷ অৰ্থাৎ কেন্দ্ৰ চৰকাৰৰ যোজনাক যোগী চৰকাৰে গুণগত আৰু সংখ্যাগত, দুয়োটা ৰূপত বিস্তাৰিত কৰিছে৷

উত্তৰ প্ৰদেশ চৰকাৰে কেৱল ইয়াত অনেক যোজনা সংযোজিত কৰাই নহয় আৰু হিতাধিকাৰীসকলৰ সংখ্যা বৃদ্ধি কৰাই নহয়, বৰঞ্চ ইয়াক আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰ সৈতে সম্পূৰ্ণ ধৰণে জড়িত কৰোৱাইছে৷ আপোনালোকে শুনিবলৈ পোৱা যি ডাবল ইঞ্জিনৰ কথা মই সদায়েই কও, এই প্ৰয়াস ‘আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান’ ইয়াৰ এক উত্তম উদাহৰণ৷ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস যে যোগী মহোদয়ৰ নেতৃত্বত যিদৰে আপদক সম্পদলৈ পৰিৱৰ্তিত কৰা হৈছে, যিদৰে যোগী মহোদয় আৰু তেওঁৰ দলে প্ৰাণে-পণে নামি পৰিছে, দেশৰ অন্য ৰাজ্যসকলেও ইয়াৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব৷

মই আশা প্ৰকাশ কৰিছো যে অন্য ৰাজ্যসকলেও নিজৰ ৰাজ্যত এনে ধৰণৰ যোজনা  প্ৰণয়ন কৰিব৷ আৰু মইতো উত্তৰ প্ৰদেশৰেই সাংসদ৷ যেতিয়া উত্তৰ প্ৰদেশত এই ধৰণৰ ভাল কাম হয় তেতিয়া মই অধিক আনন্দ পাও৷ কাৰণ তাৰে লোকৰ দায়িত্বও মোৰ ওপৰতেই আছে৷

বন্ধুসকল,

সংকটৰ সময়ত যিসকলে সাহস দেখুৱাইছে, ধৈৰ্য প্ৰদৰ্শন কৰিছে, তেওঁৱেই সফলতা লাভ কৰিছে৷ আজি যেতিয়া বিশ্বত ক’ৰোনাৰ ফলত এনে বৃহৎ সংকটৰ সৃষ্টি হৈছে, সেই সময়ত উত্তৰ প্ৰদেশে যি ধৈৰ্য আৰু সাহস প্ৰদৰ্শিত কৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়৷ ইয়াৰ বাবে মই উত্তৰ প্ৰদেশৰ ২৪ কোটি নাগৰিকক প্ৰশংসা কৰিবলৈ বিচাৰিছো, তেওঁলোকক প্ৰণাম জনাবলৈ বিচাৰিছো৷  আপোনালোকে যি কাম কৰি দেখুৱাইছে সেয়া সমগ্ৰ বিশ্বৰ বাবে আৰ্হি হিচাপে প্ৰস্তুত হৈছে৷ উত্তৰ প্ৰদেশৰ বিশ্বৰ বৃহৎ বৃহৎ বিশেষজ্ঞসকলক আচৰিত কৰি দিব পৰাৰ ক্ষমতা আছে৷ উত্তৰ প্ৰদেশ চিকিৎসকেই হওক, পেৰামেডিকেল ষ্টাফেই হওক, চাফাই কৰ্মচাৰীয়েই হওক, আৰক্ষী, আশা, অংগনৱাড়ী কৰ্মচাৰী, বেংক অথবা ডাক বিভাগৰ কৰ্মচাৰী, পৰিবহণ কৰ্মচাৰী, শ্ৰমিক….সকলোৱেই সম্পূৰ্ণ নিষ্ঠাৰে সহযোগিতা প্ৰদান কৰিছে৷

যোগী মহোদয় আৰু তেওঁৰ দলটো, লাগিলে জনপ্ৰতিনিধিয়েই হওক অথবা কৰ্মচাৰীয়েই হওক, আপোনালোকে উত্তম কাম কৰিছে, প্ৰশংসনীয় কাম কৰিছে৷ আপোনালোক সকলোৱে মিলি উত্তৰ প্ৰদেশক যি সংকটময় পৰিস্থিতিত চম্ভালিছে, আগন্তুক বৰ্ষসমূহত উত্তৰ প্ৰদেশৰ প্ৰতিটো শিশু, প্ৰতিটো পৰিয়ালে গৰ্বৰে সৈতে ইয়াক স্মৰণ কৰিব৷ দীৰ্ঘ সময়লৈ মনত ৰাখিব৷

বন্ধুসকল,

উত্তৰ প্ৰদেশৰ প্ৰয়াস আৰু উপলব্ধি এইবাবেই বৃহৎ কিয়নো ই বিশ্বৰ বিভিন্ন দেশৰ ৰাজ্যসমূহৰ ভিতৰতেই বৃহৎ৷ এই উপলব্ধি উত্তৰ প্ৰদেশৰ জনতাই নিজে অনুভৱ কৰিছে কিন্তু সংখ্যাগত ফালৰ দিশৰ পৰা এই সংখ্যা লক্ষ্য কৰিলে আপোনালোকো আচৰিত হৈ যাব৷

বন্ধুসকল,

আমি যদি ইউৰোপৰ চাৰিখন বৃহৎ দেশলৈ লক্ষ্য কৰো- ইংলেণ্ড, ফ্ৰান্স, ইটালী আৰু স্পেইন! এই দেশকেইখন ২০০-২৫০ বছৰলৈ বিশ্বৰ ছুপাৰ পাৱাৰ হৈ আছিল, আজিও বিশ্বত তেওঁলোকে দপদপাই আছে৷ আজি যদি এই চাৰিওখন দেশৰ মুঠ জনসংখ্যালৈ চাও তেন্তে প্ৰায় ২৪ কোটি হয়৷ আমাৰ ইয়াত উত্তৰ প্ৰদেশত অকলেই ২৪ কোটি জনসংখ্যা আছে৷ অৰ্থাৎ যিমান লোক ইংলেণ্ড, ফ্ৰান্স, ইটালী আৰু স্পেইন, এই চাৰিখন দেশত থাকে সিমান লোক উত্তৰ প্ৰদেশত বাস কৰে৷ কিন্তু ক’ৰোনাত এই চাৰিওখন দেশ মিলাই ১ লাখ ৩০ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু উত্তৰ প্ৰদেশত কেৱল ৬০০ জন লোকৰ মৃত্যু হৈছে৷ ক’ত ১ লাখ ৩০ হাজাৰ আৰু ক’ত ৬০০ লোকৰ মৃত্যু৷ মই জানো, এজন ব্যক্তিৰ মৃত্যুও অতিশয় দুখদ ঘটনা৷

কিন্তু আমি জানিব লাগিব  যে এই চাৰিখন দেশে যিমান প্ৰয়াস কৰিছে, তথাপিও তেওঁলোকৰ ইউপিতকৈ অধিক লোকৰ মৃত্যু হৈছে৷ এই দেশসমূহত অধিক বিকশিত, তেওঁলোকৰ ওচৰত সংসাধনো বহুত৷ তথাপিও নিজৰ নাগৰিকসকলক ৰক্ষা কৰাৰ সফলতা তেওঁলোকে লাভ কৰিব পৰা নাই যি সফলতা ইউপিয়ে লাভ কৰিছে৷

বন্ধুসকল,

এই সময়ছোৱাত আপোনালোকৰ অধিকাংশ লোকে আমেৰিকাৰ অৱস্থাৰ বিষয়েও অৱগত হৈছে৷ আমেৰিকাৰ ওচৰত সাধন-সংসাধন আৰু আধুনিক প্ৰযুক্তি, সকলোখিনি আছে৷ তথাপিও আজি আমেৰিকা ক’ৰোনাৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত হৈছে৷ আপোনালোকে এয়া মনত ৰাখক যে আমেৰিকাৰ জনসংখ্যা প্ৰায় ৩৩ কোটি, কিন্তু উত্তৰ প্ৰদেশত ২৪ কোটি লোকে বাস কৰে৷ আমেৰিকাত  ১ লাখ ২৫ হাজাৰ লোকৰ মৃত্যু হৈছে কিন্তু ইউপিত প্ৰায় ৬০০ লোকৰ মৃত্যু হৈছে৷

যদি যোগী মহোদয়ৰ উত্তৰ প্ৰদেশৰ চৰকাৰে উপযুক্ত ধৰণে প্ৰস্তুতি নচলালেহৈ, যদি ইউপিতো আমেৰিকাৰ দৰে ধ্বংসলীলা হ’লহেঁতেন তেন্তে আজি ইউপিত ৬০০ৰ স্থানত ৮৫,০০০ লোকৰ মৃত্যু হ’লহেঁতেন৷ যি পৰিশ্ৰম ইউপি চৰকাৰে কৰিছে আমি ক’ব পাৰো যে তেওঁলোকে এক প্ৰকাৰে অতি কমেও ৮৫ হাজাৰ লোকক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিছে৷ আজি যদি আমি নিজৰ নাগৰিকৰ জীৱন ৰক্ষা কৰিব পাৰিছো সেয়া এক অতিশয় সন্তোষৰ কথা, আৰু দেশত আত্মবিশ্বাসৰো সৃষ্টি হৈছে৷ এনেকুৱা দিনো ইয়াত গৈছিল যেতিয়া প্ৰয়াগৰাজত, তেতিয়াৰ এলাহাবাদৰ সাংসদ, দেশৰ যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিল, কুম্ভত ভিৰ হৈছিল, শতাধিক-সহস্ৰাধিক লোকৰ মৃত্যু হৈছিল৷ সেই সময়ৰ যিসকল লোক চৰকাৰত আছিল তেওঁলোকে মৃতকৰ সংখ্যা লুকুওৱাত ব্যস্ত হৈ পৰিছিল৷ আজি যেতিয়া উত্তৰ প্ৰদেশৰ লোকসকলৰ জীৱন সুৰক্ষিত হৈছে, তাৰ দ্বাৰা অনেক সুখ লাভ কৰিছো৷

বন্ধুসকল,

ইয়াতো আমি এটা কথা সদায়েই মনত ৰাখিব লাগিব৷ দেশৰ প্ৰায় ৩০-৩৫ লাখতকৈও অধিক শ্ৰমিক বন্ধু, কাৰিকৰ বন্ধু উত্তৰ প্ৰদেশলৈ ঘূৰি অহাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শতাধিক শ্ৰমিক বিশেষ ৰে’ল চলাচল কৰোৱাই চৰকাৰে এই সমস্যাত আক্ৰান্ত লোকসকলক উভতাই আনিছে৷ আন ৰাজ্যৰ পৰা অহা এই বন্ধুসকলৰ সংক্ৰমণৰ আশংকাও অধিক আছিল৷ কিন্তু উত্তৰ প্ৰদেশে এই স্থিতিক যি সংবেদনশীলতাৰে চম্ভালিলে তাৰ দ্বাৰা ৰাজ্যখন এক বৃহৎ সংকটৰ পৰা মুক্ত হ’ল৷

বন্ধুসকল,

ইউপিত ২০১৭প পুৰ্বে যি ধৰণৰ শাসন ব্যৱস্থা প্ৰৱৰ্তিত আছিল, যি ধৰণৰ চৰকাৰ আছিল সেই অৱস্থাত আমি এই পৰিস্থিতিৰ কল্পনাও কৰিব নোৱাৰো৷ পূৰ্বৰ চৰকাৰৰ সময়ত চিকিৎসালয়ৰ সংখ্যাৰ বাহানা, বিচনাৰ সংখ্যাৰ বাহানে এই সমস্যাক আওকান কৰা হ’লহেঁতেন৷ কিন্তু এই প্ৰত্যাহ্বানৰ গুৰুত্ব যোগী মহোদয়ৰ চৰকাৰে অনুধাৱন কৰিলে৷ তেওঁ দেখা পালে যে এই সমস্যাৰ দ্বাৰা ডাঙৰ ডাঙৰ দেশৰ কি অৱস্থা হ’ল৷ এই পৰিপ্ৰেক্ষিতত তেওঁ যুদ্ধৰ গতিত নামি পৰিল৷ কোৱাৰেণ্টিন কেন্দ্ৰ, আইচ’লেচন সুবিধা..এই  আটাইসমূহৰ প্ৰস্তুতিৰ বাবে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰা হ’ল৷ তেওঁৰ পিতৃৰ দেহাৱসান ঘটিছিল৷ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ বাবে জীৱন উৎসৰ্গিত কৰা যোগী মহোদয়ে ক’ৰোনাৰ পৰা ৰক্ষা কৰাৰ বাবে আপোনালোকৰ সৈতে আছে৷ যি শ্ৰমিক বাহিৰৰ পৰা আহিছে তেওঁলোকৰ বাবে অতিশয় কম সময়ত প্ৰায় ৬০ হাজাৰ গ্ৰামীণ নিৰীক্ষণ সমিতি গঠন কৰা হ’ল৷ এই সমিতিসমূহে গাঁওসমূহত কোৱাৰেণ্টিনৰ ব্যৱস্থা বিকশিত কৰাৰ বাবে বহু সহায় কৰিলে৷ কেৱল দুই-আঢ়ৈ মাহৰ ভিতৰত ইউপিত ক’ৰোনাৰ ৰোগীসকলৰ চিকিৎসাৰ বাবে চিকিৎসালয়সমূহত এক লাখ বিচনাৰ যোগাৰ কৰা হ’ল৷

বন্ধুসকল,

লকডাউনৰ সময়ছোৱাত দুখীয়াৰ খাদ্যৰ যাতে সমস্যা নহয়, তাৰ বাবে যোগী চৰকাৰে প্ৰশংসনীয় কাম কৰিছে৷ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত ইউপিয়ে অতিশয় দ্ৰুত গতিত দুখীয়া আৰু গাঁৱলৈ ঘূৰি অহা শ্ৰমিক বন্ধুসকললৈ বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰিছে৷ অৰ্থাৎ এনে ব্যৱস্থা কৰিছে যে ১৫ কোটি দুখীয়াৰ বাবে ভোজনৰ যাতে কোনো সমস্যা নহয়৷ কোনোৱে যাতে ভোকত থাকিবলগীয়া নহয়৷

এই সময়ছোৱাত ইউপিত দুখীয়ালোকসকলক প্ৰায় ৪২ লাখ মেট্ৰিকটন খাদ্যান্ন বিতৰণ কৰা হৈছে৷ যাৰ ওচৰত ৰেচন কাৰ্ড নাছিল তেওঁলোকৰ বাবেও ইউপি চৰকাৰে চৰকাৰী ৰেচনৰ দোকান মুকলি কৰি দিছে৷  এয়াই নহয়, উত্তৰ প্ৰদেশৰ ৩.২৫ কোটি দুখীয়া মহিলাৰ জনধন একাউণ্টলৈ প্ৰায় ৫ হাজাৰ কোটি টকাৰ প্ৰত্যক্ষ স্থানান্তৰ কৰা হৈছে৷ স্বাধীনতাৰ পিছত ইতিহাসত সম্ভৱতঃ কোনো চৰকাৰে এনে বৃহৎ পৰিমাণত দুখীয়াক বোধহয় সহায় কৰা নাই৷

বন্ধুসকল,

ভাৰতক আত্মনিৰ্ভৰতাৰ পথলৈ অনাৰ অভিযানেই হওক অথবা গৰিব কল্যাণ ৰোজগাৰ অভিযানেই হওক, উত্তৰ প্ৰদেশে এই দিশতো অধিক আগুৱাইছে৷ গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত শ্ৰমিকসকলৰ আয়ৰ সাধন বৃদ্ধি কৰাৰ বাবে গাঁওসমূহত অনেক কাৰ্য আৰম্ভ কৰা হৈছে৷ দুখীয়াৰ বাবে পকী ঘৰৰ নিৰ্মাণ, ৰাজহুৱা শৌচালয়ৰ নিৰ্মাণ, পঞ্চায়ত ভৱনৰ নিৰ্মাণ, কুঁৱা-পুখুৰীৰ নিৰ্মাণ, পথ নিৰ্মাণ, ইণ্টাৰনেট, এনে ২৫টা কামৰ তালিকা কেন্দ্ৰ চৰকাৰে প্ৰস্তুত কৰিছে৷

আজি ইয়াক বিস্তাৰিত কৰি, ইয়াত আত্মনিৰ্ভৰ ভাৰত অভিযানক অন্তৰ্ভুক্ত কৰি উত্তৰ প্ৰদেশে প্ৰত্যক্ষভাৱে প্ৰায় এক কোটি পঁচিশ লাখ শ্ৰমিক আৰু কাৰিকৰক ৰোজগাৰ প্ৰদানৰ প্ৰয়াস কৰিছে৷ ইয়াৰ প্ৰায় ৬০ লাখ গাঁৱৰ বিকাশৰ সৈতে জড়িত যোজনাত প্ৰায় ৪০ লাখ ক্ষুদ্ৰ উদ্যোগ অৰ্থাৎ এমএছএমইত ৰোজগাৰ প্ৰদান কৰা হৈছে৷ ইয়াৰোপৰি স্বৰোজগাৰৰ বাবে সহস্ৰাধিক উদ্যমীক মুদ্ৰা যোজনাৰ অধীনত প্ৰায় ১০ হাজাৰ কোটি টকাৰ ঋণ আৱণ্টিত কৰা হৈছে৷ ঋণৰ সৈতে আজি সহস্ৰাধিক হস্তশিল্পীক আধুনিক যন্ত্ৰি আৰু টুলকিট প্ৰদান কৰা হৈছে৷

বন্ধুসকল,

বৰ্ষজুৰি পূৰ্বাঞ্চলত এনকেফেলাইটিছ মহামাৰীয়ে ভীষণ ৰূপ ধাৰণ কৰিছিল৷ অনেক নৱজাত শিশুৰ দুখজনক মৃত্যু হৈছিল৷ এতিয়া ইউপি চৰকাৰৰ প্ৰয়াসৰ দ্বাৰা এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস হৈছে, মৃত্যু হাৰো ৯০ শতাংশ পৰ্যন্ত কম হৈছে৷ ইয়াৰোপৰি মেডিকেল কলেজেই হওক অথবা আয়ুষ্মান ভাৰত অভিযানৰ অধীনত আনবোৰ সুবিধাৰ ক্ষেত্ৰতো ইউপিয়ে প্ৰশংসনীয় কাম কৰিছে৷

বিদ্যুৎ, পানী, পথৰ দৰে বুনিয়াদী সুবিধাসমূহত অভুতপূৰ্ব সংস্কাৰ সাধন কৰা হৈছে৷ নতুন পথ আৰু এক্সপ্ৰেছৱে’ নিৰ্মাণত ইউপি আগবাঢ়িছে৷ আৰু তাতোকৈ ডাঙৰ কথা এয়ে যে আজি উত্তৰ প্ৰদেশলৈ শান্তি ঘূৰি আহিছে, আইনৰ শাসন কম হৈছে৷ আৰু সেয়েই উত্তৰ প্ৰদেশৰ প্ৰতি বিনিয়োগকাৰীসকলে দৃষ্টি ৰাখিছে৷ চৰকাৰে দেশী আৰু বিদেশী বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ অনেক লাভ ইউপিয়ে গ্ৰহণ কৰিছে৷

মনত ৰাখক, এতিয়া ক’ৰোনাৰ বিৰুদ্ধে আমাৰ যুদ্ধ এতিয়াও অব্যাহত আছে৷ কামলৈ ওলাওক, কিন্তু দুই গজৰ দূৰত্ব, মুখত মাস্ক আৰু নিৰন্তৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অতিশয় আৱশ্যক৷ জীৱন আৰু আজীৱিকা, দুয়োটাৰ সুৰক্ষাৰ এই যুদ্ধত উত্তৰ প্ৰদেশৰ জয় হ’ব আৰু ভাৰতৰো জয় হ’ব৷

অনেক ধন্যবাদ৷৷৷

*****

VRRK/SH/BM/MANN



(Release ID: 1635016) Visitor Counter : 162