প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰেভাৰেণ্ড ড০ যোছেফ মাৰ থোমা মেট্ৰ’পলিটানৰ ৯০সংখ্যক জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 27 JUN 2020 11:58AM by PIB Guwahati

সন্মানীয় ৰেভাৰেণ্ড ড০ যোছেফ মাৰ থোমা মেট্ৰ’পলিটান, ৰেভাৰেণ্ড ফাদাৰছ, মাৰ থোমা গিৰ্জাৰ বিশিষ্ট সদস্যবৃন্দ,

এই সমাৱেশত ভাষণ আগবঢ়াবলে পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা৷ আমি সকলো ৰেভাৰেণ্ড ড০ যোছেফ মাৰ থোমা মেট্ৰ’পলিটানৰ ৯০সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে সমবেত হৈছো৷ মই তেওঁক শুভেচ্ছা জনোৱাৰ লগতে তেওঁ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিছো৷ ড০ যোছেফ মাৰ থোমা মেট্ৰ’পলিটানে তেওঁৰ জীৱন আমাৰ সমাজ আৰু ৰাষ্ট্ৰৰ হিতৰ বাবে উচৰ্গিত কৰিছে৷ তেওঁ বিশেষকৈ দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত উসাহী আছিল৷

বন্ধুসকল, দ্য মাৰ থোমা গিৰ্জা ভগৱান যীশুখ্ৰীষ্ট্ৰৰ অনুগামী ছেইণ্ট থোমাছৰ স আদৰ্শসমূহৰ সৈতে নিবিড়ভাৱে জড়িত আছিল৷ ভাৰতে সদায়েই আধ্যাত্মিক প্ৰভাৱৰ প্ৰতি সঁহাৰি জনাই আহিছে৷ ছেইণ্ট থোমাছ আৰু তেওঁৰ অনুগামীসকলৰ বৰঙণি ভাৰতীয় খ্ৰীষ্টান সমূদায়ে সদায়েই মূল্য দি আহিছে৷ তেওঁ ঠিকেই কৈছিল,নম্ৰতাই হ’ল আটাইতকৈ ভাল গুন, সদায় ভাল কামত ফলপ্ৰসূ হয়।মাৰ থোমা গিৰ্জাৰ এই নম্ৰতাবোধৰ চেতনা আমাৰ সুধী ভাৰতবাসীৰ জীৱনত ইতিবাচক পৰিৱর্তন আনিছে। তেওঁলোকে স্বাস্থ্য সেবা আৰু শিক্ষাৰ দৰে ক্ষেত্রত কাম কৰিছে। ছেইণ্ট থোমাছৰ অসীম জ্ঞান আছিল। মাৰ থোমা গিৰ্জাই ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল আৰু জাতীয় সংহতি ৰক্ষাৰ কামত সন্মুখৰ শাৰীত আছিল৷

এই গিৰ্জাই জৰুৰী অৱস্থাৰ বিৰুদ্ধে যুঁজ দিছিল। এয়া অতি গৌৰৱৰ বিষয় যে ভাৰতীয় মূল্যবোধৰ মাৰ থোমা গিৰ্জাই শিপা আছিল৷ এই গিৰ্জাৰ অৱদান ৰাষ্ট্ৰীয় পর্যায়তো স্বীকৃতি আছে। মাৰ থোমা গিৰ্জাৰ প্রাক্তন মেট্রোপলিটান ফিলিপোছ মাৰ ক্রিছোষ্টমক ২০১৮ চনত পদ্মভূষণ পুৰস্কাৰ প্ৰদান কৰা হৈছিল। তেওঁ বহু লোকৰে অনুপ্রেৰণা স্বৰুপ৷

বন্ধুসকল,

বিশ্বই এই মহামাৰীৰ বিৰুদ্ধে কঠিন যুঁজ দি আহিছে৷ ক’ভিড-১৯ কেৱল এক শৰীৰৰ ৰোগ নহয় মানুহৰ জীৱনৰ ভয়ৰ কাৰণ স্বৰুপ। ই আমাৰ অস্বাস্থ্যকৰ জীৱনযাত্রাৰ প্ৰতি দৃষ্টি আকর্ষণ কৰে৷ বিশ্বব্যাপী মহামাৰীৰ অর্থ মানৱতাৰ সম্পূর্ণ আৰোগ্যৰ প্ৰয়োজন। আহক আমি পৃথিৱীত সম্প্রীতি আৰু সুখক আগুৱাই নিয়াৰ বাবে সাধ্য অনুসৰি চেষ্টা কৰো৷

বন্ধুসকল,

আপোনাৰা জানি সুখী হ’ব যে ভাৰতে আমাৰ ক’ৰোনা যোদ্ধাসকলৰ জৰিয়তে ক’ভিড-১৯ৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিছে৷ এই বছৰৰ আৰম্ভণিৰে পৰা কোনো কোনোৱে ভৱিষ্যতবাণী কৰিছিল যে ভাৰতত ভাইৰাসেৰ প্ৰভাৱ অতি মাৰাত্মক হ’ব৷ সেয়েহে চৰকাৰৰ লকডাউন আৰু বিভিন্ন প্ৰচেষ্টাৰ লগতে জনগণৰ যুঁজৰ বাবে ভাৰতে অন্যান্য দেশৰ তুলনাত যথেষ্ট ভাল অৱস্থাত আছে। ভাৰতত চিকিসাৰ পাছত আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে৷

ক’ভিড বা অন্য কোনো কাৰণত প্রাণহানিৰ ঘটনা দূর্ভাগ্যজনক। সেয়েহে ক’ভিডৰ কাৰণে ভাৰতত প্ৰতি ১০ লাখ কম মৃত্যু হৈছে। এই ক্ষেত্রত ইটালিত মৃত্যুৰ হাৰ প্ৰতি ১০ লাখত ৫৭৪ জন। আমেৰিকা, ব্রিটেইন, স্পেইন, ফ্রান্সৰ মৃত্যুৰ পৰিসংখ্যা ভাৰতৰ তুলনাত বহু বেছি৷ কেইবা লাখ গাঁৱত ৮৫ কোটি লোক এতিয়াও ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা নাই৷

বন্ধুসকল,

জনসাধাৰণৰ দ্বাৰা পৰিচালিত এই যুঁজ চলাই যোৱাৰ ফলত এতিয়ালৈ ভাল ফল পোৱা গৈছে যদিও আমি জানো সাৱধানতা কম কৰিব পাৰিম? নহয়৷ একেবাৰে নোৱাৰিম৷ আচলতে আমি এতিয়াও আৰু অধিক সতর্ক হৈ থাকিব লাগিব৷ মাস্ক পিন্ধা, সামাজিক দূৰত্ব, গজৰ দূৰত্ব মানি চলিব লাগিব৷ জনবহুল স্থানসমূহ এৰাই চলিব লাগিব৷ নিয়মীয়াকৈ হাত ধোৱাত গুৰুত্ব দিব লাগিব৷

তদুপৰি, আমাৰ ১৩০ কোটি ভাৰতীয়ৰ অর্থনৈতিক উন্নয়ন আৰু সমৃদ্ধিৰ দিশত গুৰুত্ব দিব লাগিব৷ ব্যৱসায় বাণিজ্য ত্বৰান্বিত কৰিব লাগিব৷ কৃষি খণ্ডত সাফল্য অৰ্জন কৰিব লাগিব৷ বিগত কেইবা সপ্তাহ ধৰি ভাৰত চৰকাৰে অর্থনীতি সম্পর্কীয় এলানি হস্ৰ ম্যাদী আৰু দীর্ঘ ম্যাদী পৰিকল্পনা গ্ৰহণ কৰিছে। সমুদ্ৰৰ পৰা মহাকাশলৈ, কৃষিৰ পৰা আৰম্ভ কৰি কল-কাৰখানা সকলো ক্ষেত্রতে মানুহৰ স্বার্থ আৰু উন্নতিৰ লক্ষ্যৰে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

আত্মনির্ভৰ ভাৰত’, আত্মনির্ভৰশীল ভাৰত নিৰ্মাণৰ যি আহ্বান জনোৱা হৈছে সেইটোৱে প্ৰতিগৰাকী ভাৰতীয়ৰ অর্থনীতি শক্তিশালী কৰিব আৰু সমৃদ্ধি সুনিশ্চিত কৰিব৷ এমাহৰ আগতে কেন্দ্রীয় কেবিনেটেপ্ৰধানমন্ত্রী স্য সম্পদ যোজনা অনুমোদন জনাইছিল৷ এই আঁচনিখনে আমাৰ মীনপালন ক্ষেত্রত পৰিৱর্তন আনিছে। ২০ হাজাৰ কোটি টকাতকৈও অধিক বিনিয়োগৰ জৰিয়তে এই ক্ষেত্রত উন্নতিসাধন কৰা হ’ব৷ ইয়াৰ মূল লক্ষ্য হ’ল ৰপ্তানী ক্ষেত্রত আয় বৃদ্ধি আৰু ৫০ লাখতকৈও অধিক লোকৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা৷ আমি উন্নত প্ৰযুক্তি, পৰিকাঠামো আৰু যোগান শৃংখলসমূহ আৰু অধিক শক্তিশালী কৰিব বিচাৰো৷ আমি নিশ্চিত যে কেৰালাত আমাৰ মীনপালন কৰা ভাই-ভনীসকল এই প্ৰকল্পৰ জৰিয়তে উপকৃত হ’ব৷

বন্ধুসকল,

মহাকাশ খণ্ডত সংস্কাৰৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সংস্কাৰসমূহৰ জৰিয়তে মহাকাশত কার্য ক্ষেত্রত বৃহত্তৰ ব্যৱহাৰ সুনিশ্চিত কৰিব৷ তথ্য আৰু প্ৰযুক্তি খণ্ডত আৰু অধিক সুযোগ বৃদ্ধি পাব৷ মই দেখিছো যে কেৰালাৰ বহু তৰুণ যুৱক-যুৱতী, বিশেষকৈ দক্ষিণ ভাৰতৰ বহুতে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি অতি আগ্ৰহী। তেওঁলোক এই সংস্কাৰৰ জৰিয়তে উপকৃত হ’ব৷

বন্ধুসকল,

ভাৰতক বিকাশৰ ইঞ্জিনত পৰিণত কৰিবলৈ আমাৰ চৰকাৰে সদায় সংবেদনশীলতা আৰু দূৰদর্শিতাৰে কাম কৰিছে। আমি এই সিদ্ধান্তসমূহ দিল্লীৰ চৰকাৰী বিভাগৰ পৰা লোৱা নাই৷ বৰঞ্চ দেশৰ তৃণমূল পৰ্যায়ত মানুহৰ প্ৰতিক্রিয়া পৰা জানিব পাৰিছো৷ প্ৰতিগৰাকী ভাৰতীয়ৰ এটাকৈ বেংক একাউণ্টৰ সুবিধা সুনিশ্চিত কৰা হৈছে। কোটিতকৈও অধিক পৰিয়ালক ধোঁৱাবিহীন চৌকাৰ সুযোগ কৰি দিয়া হৈছে। গৃহহীনসকলকৰ আশ্ৰয় প্ৰদানৰ বাবে ডেৰ কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰি দিয়া হৈছে৷

ভাৰতত বিশ্বৰ বৃহত্তম স্বাস্থ্য সেৱা আঁচনি হ’লআয়ুষ্মান ভাৰত ইয়াৰ জৰিয়তে কোটিতকৈও অধিক লোকক মান সম্পন্ন চিকিসা লাভ কৰিছে৷ দৰিদ্ৰ লোকসকলৰ সহায়ৰ বাবে আমি এক দেশ এক ৰেচন কার্ড আঁচনি গ্ৰহণ কৰিছো৷ মধ্যবিত্তৰ জীৱন সহজ কৰি তুলিবলৈ আমি একাধিক প্ৰচেষ্টা হাতত লৈছো৷ কৃষকসকলৰ বাবে ফচলৰ ন্যূনতম সহায়ক মূল্য বৃদ্ধি কৰি তেওঁলোকে যাতে ফচলৰ সঠিক দাম লাভ কৰে, সেয়া সুনিশ্চিত কৰা হৈছে আৰু কৃষি খণ্ডক মধ্যভোগীৰ হাতৰ পৰা মুক্ত কৰা হৈছে৷

 

মহিলাসকলৰ বাবে একাধিক আঁচনিল্প গ্ৰহণ কৰি তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্রত বিশেষ দৃষ্টি দিয়া হৈছে৷ মাতৃত্বকালীন ছুটিৰ দিন বৃদ্ধি জৰিয়তে তেওঁলোকৰ কর্মজীৱনৰ পথত কোনো আপোচ কৰা হোৱা নাই৷ বিশ্বাস, লিংগ, বর্ণ, জাতি, ধর্মবিশ্বাস বা ভাষাৰ মাজত চৰকাৰে কোনো বৈষম্য ৰখা নাই৷ আমি ১৩০ কোটি ভাৰতীয়ৰ সবল কৰিব বিচাৰো৷ ভাৰতৰ সংবিধানে আমাক পোহৰৰ পথ দেখুৱায়৷

বন্ধুসকল,

পবিত্ৰ বাইবেলে একাত্মতাৰ কথা কয়৷ এতিয়া এই পদক্ষেপত যোগদান কৰাৰ সময়, আহক আমি আমাৰ জাতিৰ অগ্ৰগতিৰ বাবে একেলগে কাম কৰো৷ এইটো বিবেচনা কৰক-কিদৰে আমাৰ কামে জাতীয় উন্নয়নত অৱদান আগবঢ়াব পাৰে? আজি ভাৰতে কৈছে-আমি থলুৱা সামগ্ৰী উপাদন কৰিম আৰু স্থানীয় সামগ্ৰীহে ক্ৰয় কৰিম৷ ই বহুতৰ ঘৰত সমৃদ্ধিৰ প্ৰদীপ জ্বলাই তুলিব৷ আমাৰ দেশক শক্তিশালী কৰাৰ বিভিন্ন উপায় আছে। মাৰ থোমা গিৰ্জাই তেওঁৰ মূল্যবোধক বজাই ৰাখি নিশ্চিতভাৱে আৰু ভাল কাম কৰিব আৰু অনাগত দিনত ভাৰতৰ উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷

পুনৰ, মই অতি সন্মানেৰে ৰেভাৰেণ্ট ড০ যোছেফ মাৰ থোমা মেট্রোপলিটানৰ প্ৰতি শুভেচ্ছা জনালো৷

সকলোকে ধন্যবাদ।

বহুত ধন্যবাদ৷


**************

VRRK/VJ/DB


(Release ID: 1634976)