সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

২০২০ চনৰ হজ কৰিবলৈ কোনো ভাৰতীয় মুছলমান ছৌদি আৰবলৈ নাযায়

ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবেলিৰ (১৪৪১এইচ/২০২০এডি) হজ কৰাৰ বাবে ভাৰতৰ পৰা তীৰ্থযাত্ৰী প্ৰেৰণ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ছৌদি আৰবে

কোনো হৰণ-ভগন নকৰাকৈ আবেদনকাৰীয়ে জমা দিয়া ধন ওভতোৱাৰ কাম অচিৰেই আৰম্ভ হ’ব, এই ধন প্ৰত্যক্ষ লাভ হস্তান্তৰকৰণ পদ্ধতিৰে আবেদনকাৰীসকলৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ’ব

‘মেহৰাম’ অবিহণেই হজ কৰিব বিচৰা ২৩০০মহিলা আবেদনকাৰীক ২০২০ৰ আবেদনৰ আধাৰতে ২০২১চনত হজলৈ যোৱাৰ সুযোগ প্ৰদান কৰা হ’ব : মুখতাৰ আব্বাছ নাকভী

‘মেহৰাম’ অবিহণেই হজ কৰিব বিচৰি নতুনকৈ আবেদন কৰা মহিলাসকলকো অহা বছৰ হজলৈ যোৱাৰ সুযোগ দান কৰা হ’ব : মুখতাৰ আব্বাছ নাকভী

Posted On: 23 JUN 2020 1:28PM by PIB Guwahati

ৰোনা মহামাৰীয়ে সৃষ্টি কৰা ভয়াবহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ ছৌদি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি সন্মান জনোৱাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ(১৪৪১এইচ/২০২০এডি)ৰ হজ কৰাৰ বাবে ভাৰতৰ পৰা কোনো তীৰ্থযাত্ৰী ছৌদি আৰবলৈ নাযায় বুলি সিদ্ধান্ত ঘোষণা কৰিছে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাক্ভীয়ে। আজি মন্ত্ৰীগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্ত ঘোষণা কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001TZG3.jpg

এই সন্দৰ্ভত তথ্য দাঙি ধৰি তেওঁ কয় যে, ছৌদি চৰকাৰৰ হজ আৰু উমৰাহ দপ্তৰৰ মন্ত্ৰী ড০ মহম্মদ ছালেহ বিন তাহেৰ বেনটেনে কালি টেলিফোন যোগে কৰা এক বাৰ্তালাপৰ সময়ত কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবেলি ভাৰতৰ পৰা কোনো হজযাত্ৰী নপঠোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। আলোচনাকালত তেওঁলোকে সমগ্ৰ বিষয়টো বিস্তৃত ভাবে আলোচনা কৰাৰ কথা উল্লেখ কৰি নাক্ভীয়ে কয় যে সমগ্ৰ পৃথিৱীৰ লগতে ছোদি আৰবো কৰোনা মহামৰীৰ দ্বাৰা বেয়াকৈ আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্তত উপনীত হবলগীয়া হৈছে।

২০২০চনৰ হজযাত্ৰাৰ বাবে ২লাখ ১৩,০০০গৰাকী আবেদনকাৰীৰ পৰা আবেদন লাভ কৰা হৈছিল বুলি তথ্য দাঙি ধৰা মন্ত্ৰীগৰাকীয়ে কয় যে, আবেদনকাৰীসকলে জমা দিয়া সমুদায় ধন কোনোধৰণৰ হৰণ-ভগন নকৰাকে ওভতাই দিয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে। এই ধন প্ৰত্যক্ষ লাভ হস্তান্তৰকৰণ পদ্ধতিৰে আবেদনকাৰীসকলৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হব বুলিও তেওঁ জানিবলৈ দিয়ে।

ইফালে, মেহৰাম অবিহণেই ২০২০বৰ্ষৰ হজ কৰাৰ মানসেৰে ২৩০০ৰো অধিক মহিলাই এইবেলি আবেদন কৰিছিল বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। এইসকল মহিলাক ২০২০ৰ আবেদনৰ আধাৰতে ২০২১চনত হজলৈ যোৱাৰ সুযোগ প্ৰদান কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী নাকভীয়ে।

এইসকল মহিলাৰ লগতে মেহৰাম অবিহণেই হজ কৰিব বিচৰি নতুনকৈ আবেদন কৰা মহিলাসকলকো অহা বছৰ হজলৈ যোৱাৰ সুযোগ দান কৰা হব বুলি প্ৰসংগক্ৰমে তেওঁ স্পষ্ট কৰি দিয়ে।

 

 

*****

NB/KGS/KB



(Release ID: 1634545) Visitor Counter : 179