স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

ক’ভিড-১৯ৰ নমুনা পৰীক্ষাৰ হাৰে প্ৰতিদিনে ২লাখৰ উচ্চসীমা অতিক্ৰম কৰিলে

১০০০ৰ ঘৰ স্পৰ্শ কৰিলে ক’ভিড-১৯ পৰীক্ষাগাৰৰ সংখ্যাই

Posted On: 24 JUN 2020 3:05PM by PIB Guwahati

ভিড-১৯ সম্পৰ্কীয় নমুনা পৰীক্ষাৰ সামৰ্থ্য যে দেশত লক্ষণীয় হাৰত বৃদ্ধি পাইছে, শেহতীয়া ২৪ঘণ্টাত ২লাখৰো অধিক নমুনাৰ পৰীক্ষা সম্পন্ন কৰা কথাই এই তথ্যকে প্ৰতিপন্ন কৰিছে। যোৱা ২৪ঘণ্টাত সম্পন্ন কৰা নমুনা পৰীক্ষাৰ সংখ্যা এই পৰ্যন্ত সৰ্বাধিক বুলি নিশ্চিত কৰা হৈছে।

উল্লাখ্য যে, কালি দিনটোত মুঠ ২,১৫,১৯৫টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াকে ধৰি এই পৰ্যন্ত দেশত মুঠ ৭৩,৫২,৯১১টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰে ১,৭১,৫৮৭টা পৰীক্ষা চৰকাৰী পৰীক্ষাগাৰত সম্পন্ন কৰাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰত সম্পন্ন হয় ৪৩,৬০৮টা নমুনাৰ পৰীক্ষা। ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰেও প্ৰতিদিনৰ হাৰত সৰ্বাধিক সংখ্যক নমুনাৰ পৰীক্ষা সম্পন্ন কৰিছে।

আজিৰ তাৰিখত দেশত ১০০০টা পৰীক্ষাগাৰৰ এক শৃংখল গঢ়ি তোলা হৈছে। ইয়াৰে ৭৩০টা চৰকাৰীখণ্ডত স্থাপনৰ বিপৰীতে ২৭০টা পৰীক্ষাগাৰ স্থাপিত হৈছে ব্যক্তিগত খণ্ডত। পৰীক্ষাগাৰসমূহৰ বিস্তৃত বিৱৰণ তলত উল্লেখ কৰা ধৰণৰ:

ৰিয়েল টাইম আৰটি পিচিআৰ পৰীক্ষণ পৰীক্ষাগাৰ- ৫৫৭টা(চৰকাৰী-৩৫৯টা+ব্যক্তিগত খণ্ডত-১৯৮টা)

ট্ৰুনাট ভিত্তিক পৰীক্ষাগাৰ- ৩৬৩টা(চৰকাৰী-৩৪৩টা+ব্যক্তিগত-২০টা)

চিবিনাট ভিত্তিক পৰীক্ষাগাৰ- ৮০টা (চৰকাৰী-২৮টা+ব্যক্তিগত-৫২টা)

ইফালে, আৰোগ্য হোৱা কভিড আক্ৰান্তৰ সংখ্যাও দিনে দিনে বাঢ়িয়েই আছে। যোৱা ২৪ঘণ্টাত মুঠ ১০,৪৯৫গৰাকী কভিড আক্ৰান্ত সুস্থ হৈ ঘৰলৈ উভতিছে। ইয়াকে ধৰি দেশৰ মুঠ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছেগৈ ২,৫৮,৬৮৪গৰাকী। আৰোগ্য লাভৰ শতকৰা হাৰ ৫৬.৭১শতাংশ।

অৱশ্যে, এই পৰ্যন্ত ১,৮৩,০২২গৰাকী লোক কভিড-১৯ৰে আক্ৰন্ত হৈ চিকিত্সাধীন হৈ আছে।

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

 

****

MV/SG/KB



(Release ID: 1634159) Visitor Counter : 149