স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যাতকৈ ৫০,০০০ত কৈও অধিক বৃদ্ধি পাইছে আৰোগ্য হোৱা লোকৰ সংখ্যা

৫৫.৪৯%লৈ উন্নীত হৈছে আৰোগ্যৰ হাৰ

Posted On: 21 JUN 2020 11:32AM by PIB Guwahati

ক’ভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ আৰোগ্যৰ হাৰ দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে৷  এই পৰ্যন্ত ২,২৭,৭৫৫ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১৩,৯২৫ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৫৫.৪৯%৷ বৰ্তমানে ১,৬৯,৪৫১ জন ৰোগীয়ে চিকিৎসকৰ তত্বাৱধানত চিকিৎসা লাভ কৰি আছে৷ আজি ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যাই ৫৮,৩০৫ৰ সংখ্যা অতিক্ৰম কৰিছে৷ ৰোগৰ গৱেষণাগাৰ আৰু পৰীক্ষণ আন্তঃগাঁথনি বৃদ্ধিৰ প্ৰয়াসৰ পৰিপ্ৰেক্ষিতত চৰকাৰে চৰকাৰী গৱেষণাগাৰৰ সংখ্যা ৭২২লৈ আৰু ব্যক্তিগত গৱেষণাগাৰৰ সংখ্যা ২৫৯লৈ বৃদ্ধি কৰিছে (সৰ্বমুঠ ৯৮১টা গৱেষণাগাৰ)৷

তলত ইয়াৰ সংখ্যাসমূহ উল্লেখ কৰা হৈছেঃ

ৰীয়েল টাইম আৰটি পিচিআৰভিত্তিক পৰীক্ষণ গৱেষণাগাৰঃ ৫৪৭ (চৰকাৰীঃ ৩৫৪ + ব্যক্তিগতঃ ১৯৩)

ট্ৰুনেটভিত্তিক পৰীক্ষণ গৱেষণাগাৰঃ ৩৫৮ (চৰকাৰীঃ ৩৪১ + ব্যক্তিগতঃ ১৭)

চিবিএনএএটিভিত্তিক পৰীক্ষণ গৱেষণাগাৰঃ ৭৬ (চৰকাৰীঃ ২৭ + ব্যক্তিগতঃ ৪৯)

দৈনিকভিত্তিত নমুনাসমূহৰ পৰীক্ষণ ক্ষমতাও বৃদ্ধি পাবলৈ ধৰিছে৷ বিগত ২৪ ঘণ্টাত ১,৯০,৭৩০টা নমুনা পৰীক্ষণ কৰা হৈছে৷ এই পৰ্যন্ত ৬৮,০৭,২২৬টা নমুনা পৰীক্ষণ কৰা হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/MANN



(Release ID: 1633162) Visitor Counter : 215