প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ৰাষ্ট্ৰক সম্বোধন প্ৰধানমন্ত্ৰীৰ

যোগ দিৱস হৈছে এটি সংহতি আৰু বিশ্বজনীন ভাতৃত্ববোধৰ দিন, প্ৰধানমন্ত্ৰীয়ে ক’লে

যোগে পাৰিবাৰিক বন্ধন সবল কৰেঃ প্ৰধানমন্ত্ৰী

যোগে ক’ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বঢ়াইছেঃ প্ৰধানমন্ত্ৰী

Posted On: 21 JUN 2020 9:43AM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হৈছে এটা সংহতিৰ দিন। ই বিশ্বজনীন ভাতৃত্ববোধৰ দিন। ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি স্বাস্থ্য জৰুৰীকালীন অৱস্থা অব্যাহত থকাৰ কাৰণে, এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ইলেকট্ৰনিক আৰু ডিজিটেল মাধ্যমৰ জৰিয়তে উদযাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, জনসাধাৰণে তেওঁলোকৰ পৰিয়ালৰ আটাইকে লৈ ঘৰতে যোগ সাধনা কৰি আছে।

তেওঁ কয়, যোগে আমাক একত্ৰিত কৰিছে।

বিশ্বজুৰি ‘My Life - My Yoga’ ভিডিঅ’ ব্লগিং প্ৰতিযোগিতাত জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণে যোগৰ বৰ্ধিত জনপ্ৰিয়তাকে প্ৰতিফলিত কৰিছে, তেওঁ কয়।

আজি, আমি সকলোৱে বিশাল জনসমাগমৰপৰা আঁতৰি থাকি ঘৰতে পৰিয়ালৰ সৈতে যোগ সাধনা কৰা উচিত। এই বৰ্ষৰ থীম হৈছে ‘ঘৰতে যোগ আৰু পৰিয়ালৰ সৈতে যোগ’ (Yoga at Home and Yoga with Family)। পৰিয়ালৰ শিশু, কিশোৰ, বৃদ্ধ সকলোৱে যোগ সাধনা কৰা কাৰ্যই পাৰিবাৰিক বন্ধন শক্তিশালী কৰিছে, যাৰ ফলত ঘৰখনত এটা যোগাত্মক ধাৰা প্ৰৱাহিত হৈছে। যোগে মানসিক সুস্থিৰতাও বৃদ্ধি কৰে, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

“যোগে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আপোনাৰ দৈনন্দিন জীৱনত প্ৰাণায়ামক অৱশ্যেই অন্তৰ্ভুক্ত কৰিব লাগে। প্ৰাণায়াম যোগ বা উশাহ-নিশাহৰ ব্যায়ামে আমাৰ স্বাসক্ৰিয়া শক্তিশালী কৰি তোলে। বৰ্তমান সময়ত ই অধিক প্ৰাসংগিক কিয়নো ক’ভিড-১৯ ভাইৰাছৰদ্বাৰা আমাৰ দেহৰ স্বাসক্ৰিয়াত বিৰূপ প্ৰভাৱ পৰিছে।”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, যোগে একতাৰ বাবে বল প্ৰয়োগ কৰে। মানৱীয়াতাৰ বন্ধনৰে সংপৃক্ত ইয়াত বৈষম্যৰ স্থান নাই। ই জাতি, বৰ্ণ, লিংগ, বিশ্বাস আৰু সম্প্ৰদায়ৰ উৰ্ধত। সকলোৱে যোগ সাধনা কৰিব পাৰে। যদি আমি আমাৰ স্বাস্থ্য আৰু আশাৰ স্বৰত সুৰ দিব পাৰো, বিশ্বই স্বাস্থ্যৱান আৰু সুখী মানৱতা প্ৰাপ্তিৰ সাক্ষী হ’বলৈ বেছি দিন নালাগিব। ইয়াক বাস্তৱায়িত কৰিবলৈ যোগে আমাক নিশ্চিতভাৱে সহায় কৰিব পাৰে।

“এজন দায়বদ্ধ নাগৰিক হিচাপে, আমি একেসময়তে পৰিয়াল আৰু সমাজ হিচাপে আগবাঢ়ি যাব লাগিব। আমি ‘ঘৰতে যোগ আৰু পৰিয়ালৰ সৈতে যোগ’ক আমাৰ জীৱনৰ এটা অংশ কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব। আমি নিশ্চিতভাৱে সফল হ’ম, আমাৰ জয় অনিবাৰ্য।”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

VRRK/VJ/SB



(Release ID: 1633154) Visitor Counter : 251