প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 21 JUN 2020 7:48AM by PIB Guwahati

নমস্কাৰ,

ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনাইছো৷ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই দিনটো ঐক্যবদ্ধতাৰ দিন৷ এয়া বিশ্ব বন্ধুত্বৰ বাৰ্তাৰ দিন৷ এয়া মানৱতাৰ একতাৰ দিন৷ যিটোৱে আমাক একলগে কৰে, সেয়াই যোগ৷ যি ব্যৱধান নাইকিয়া কৰে, সেয়াই যোগ৷

ক’ৰোনাৰ এই সংকটকালত বিশ্বৰ বহুলোকে ‘মাই লাইফ-মাইই যোগা’ ভিডিঅ’ ব্লগিং প্ৰতিযোগিতাত অংশগ্ৰহণে এইটো প্ৰতিপন্ন কৰিছে যে যোগৰ প্ৰতি উসাহ কিমান বৃদ্ধি পাইছে আৰু কিমান ব্যাপক হৈছে৷

বন্ধুসকল,

এইবছৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিষয়বস্তু হৈছে ‘ঘৰতে যোগ আৰু পৰিয়ালৰ সৈতে যোগ’৷ আজি আমি সমূহীয়া কাৰ্যসূচীৰ পৰা বিৰত থাকি ঘৰতে নিজৰ পৰিয়ালৰ সৈতে মিলি যোগ কৰি আছো৷ শিশুৰ পৰা আৱাল বৃদ্ধ-বনিতালৈকে সকলোৱে যেতিয়া যোগৰ মাধ্যমেৰে জড়িত হ’ব, তেতিয়া সম্পূৰ্ণ ঘৰটোত এক শক্তি সঞ্চাৰ হয়৷ সেইবাবে, এইবাৰৰ যোগ দিৱসৰ সন্দৰ্ভত যদি অন্য ধৰণে কও যে এয়া এক আৱেগিক যোগ দিৱস, আমাৰ পৰিয়ালৰ সম্পৰ্কক আৰু অধিক সদৃঢ় কৰাৰ দিন৷

বন্ধুসকল,

ক’ৰোনা মহামাৰীৰ বাবে আজি বিশ্বই যোগৰ প্ৰয়োজনীয়তা আগতকৈ অধিক গুৰুত্ব সহকাৰে অনুভৱ কৰিছে৷ যদি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়, তেতিয়া এই ৰোগক পৰাজয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ’ব৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে আমাৰ বিপাক প্ৰক্ৰিয়াক শক্তিশালী কৰিব লাগিব৷

কিন্তু ক’ভিড-১৯ ভাইৰাছে বিশেষকৈ আমাৰ শ্বাসতন্ত্ৰত আক্ৰমণ কৰে৷ আমাৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ বাবে যাৰ পৰা সৰ্বাধিক সহায় পোৱা যায়, সেয়া হৈছে প্ৰাণায়াম অৰ্থা উশাহ-নিশাহৰ অনুশীলন৷ সাধাৰণতে অনুলোম বিলোম প্ৰাণায়াম সৰ্বাধিক জনপ্ৰিয়৷ ই যথেষ্ট প্ৰভাৱশালীও৷ কিন্তু প্ৰাণায়াম বিভিন্ন প্ৰকাৰ আছে৷ শীতলী, কঁপালভাটি, ভ্ৰামৰী, ভষ্টিকাকে ধৰি অসংখ্য আছে৷

যোগৰ এই সকলো বিধি, কৌশলে আমাৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুয়োটাই শক্তিশালী কৰাত সহায় কৰে৷ সেইবাবে আপোনালোকৰ প্ৰতি মোৰ বিশেষ আহ্বান যে আপোনালাকো প্ৰাণায়ামক নিজৰ দৈনিক অনুশীলনত নিশ্চয় অন্তৰ্ভূক্ত কৰিব আৰু অনুলোম বিলোমৰ লগতে আনবোৰ প্ৰাণায়ামৰ কৌশল শিকি আয়ত্ব কৰি ল’ব৷ যোগৰ এই পদ্ধতিসমূহৰ লাভ ক’ভিড-১৯ ৰোগীসকলে ব্যাপক হাৰত পাবলৈ সক্ষম হৈছে৷ যোগৰ শক্তিৰে তেওঁলোকে এই ৰোগক পৰাজয় কৰাত উপকৃত হৈছে৷

বন্ধুসকল,

যোগৰ জৰিয়তে আমাম আত্মবিশ্বাস আৰু মনোবলো বৃদ্ধি হয়, যাৰ জৰিয়তে সংকটৰ সৈতে যুঁজিব পাৰো, জয়ী হ’ব পাৰো৷ যোগৰ দ্বাৰা আমি মানসিক শান্তি পাও, সংযম আৰু সহ্যশক্তিও লাভ কৰো৷ স্বামী বিবেকানন্দই কৈছিল, তেঁৱেই এগৰাকী আদৰ্শ ব্যক্তি, যি অতি নিৰ্জনতাতো কাৰ্যক্ষম হৈ থাকে আৰু অত্যাধিক গতিশীলতাতো সম্পূৰ্ণ শান্তি অনুভৱ কৰে৷

যিকোনো ব্যক্তিৰ বাবে এয়া এক যথেষ্ট জাঙৰ ক্ষমতা৷ যেতিয়া বহুত প্ৰতিকূল পৰিস্থিতিয়ে দেখা দিয়ে, তেতিয়াও সক্ৰিয় হৈ থকা, অৱস হৈও হাৰ মানি নোলোৱা, ভাৰসাম্যতা বজাই ৰখা ইত্যাদি সকলোবোৰ যোগৰ জৰিয়তে আমাৰ জীৱনত স্থাপন হয়, আমাৰ জীৱনক শক্তি প্ৰদান কৰে৷ সেইবাবে, আপোনালোকেও দেখিছে, অনুভৱ কৰিছে, যোগ সাধকে কেতিয়াও সংকটৰ সময়ত ধৈৰ্য নেহেৰুৱাই৷

যোগৰ অৰ্থ হৈছে— समत्वम् योग उच्यतेঅৰ্থা, অনুকূল-প্ৰতিকূল, সফলতা-বিফলতা, সুখ-দুখ, যিকোনো পৰিস্থিতিত সাম্য হৈ থকা, অবিচলিত হৈ থকাৰে নাম হৈছে যোগ৷

বন্ধুসকল,

যোগে এক সুস্থ গ্ৰহ গঢ়ি তোলাৰ আমাৰ উদ্দেশ্যক শক্তি যোগায়৷ ই আমাৰ একতাৰ শক্তি বৃদ্ধি কৰাৰ লগতে মানৱতাৰ সম্পৰ্কত আৰু অধীক গভীৰ কৰি তোলে৷ ই কেতিয়াও বৈষম্য নকৰে৷ ই জাতি, বৰ্ণ, লিংগ, বিশ্বাস আৰু ৰাষ্ট্ৰৰ ঊৰ্ধ্বত৷

যিকোনো লোকে যোগক আকোঁৱালি ল’ব পাৰে৷ সকলোকে কেৱল অলপ সময় আৰু মুকলি ঠাইৰ প্ৰয়োজন৷ যোগে কেৱল আমাৰ শাৰিৰীক সক্ষমতাই নহয়, বৰঞ্চ মানসিক ভাৰসাম্যতা আৰু আৱেগিক সুস্থিৰতা বজাই ৰখাৰ পৰা আমাৰ সন্মুখত দেখা দিয়া যিকোনো প্ৰত্যাহ্বানৰ বিৰুদ্ধে বিশ্বাসেৰে মোকাবিলা কৰাটো সহায় কৰে৷

বন্ধুসকল,

যদি আমি আমাৰ স্বাস্থ্য আৰু আশাৰ মুল সুৰ ঠিক কৰিব পাৰো, বিশ্বই সুস্থ আৰু সুখী মানৱতাৰ সফলতা প্ৰত্যক্ষ কৰিব বৰ বেছি দিন অপেক্ষা কৰিব নালাগে৷ যোগে নিশ্চিতভাৱে এইটো কৰাত আমাক সহায় কৰিব পাৰে৷

বন্ধুসকল,

যেতিয়া আমি যোগৰ জৰিয়তে সমস্যাৱলীৰ সমাধানৰ কথা কৈ আছো, বিশ্বৰ কল্যানৰ কথা কৈ আছো, সেয়েহে যোগেশ্বৰ কৃষ্ণৰ কৰ্মযোগকো আপোনালোকক পুনৰ স্মৰণ কৰাব বিচাৰিছো৷ গীতাত ভগৱান কৃষ্ণই যোগৰ ব্যাখ্যা কৰি কৈছিল—योगः कर्मसु कौशलम्’, অৰ্থা কৰ্মৰ সক্ষমতাই যোগ৷ এই মন্ত্ৰই আমাক সদায় দেখুৱাই যে যোগৰ দ্বাৰা জীৱনত অতি যোগ্য কৰি তোলাৰ ক্ষমতা সৃষ্টি হয়৷ যদি আমি নিজৰ কাম অনুশাসনৰ জৰিয়তে কৰো, নিজৰ দায়িত্ব পালন কৰো, সেয়াও একপ্ৰকাৰৰ যোগ৷

বন্ধসকল, কৰ্মযোগৰ এক বিস্তৃতি আৰু আছে৷ আমাৰ ইয়াত কৈছে—

युक्त आहार विहारस्य, युक्त चेष्टस्य कर्मसु।

युक्त स्वप्ना--बोधस्य, योगो भवति दु:खहा।।

অৰ্থা সঠিকভাৱে খাদ্যগ্ৰহণ, সঠিকভাৱে খেলা-ধূলা, শোৱা-উঠাৰ সঠিক অভ্যাস আৰু নিজৰ কাম, নিজৰ কৰ্তব্য সঠিক ভাৱে কৰাটোও যোগ৷ সেইবাবে কৰ্মযোগৰ দ্বাৰা আমি সকলো সমস্যাৱলীৰ সমাধান পাও৷ ইমানেই নহয়, আমাৰ ইয়াৰ নিষ্কাম কৰ্মক স্বাৰ্থ অবিহনে সকলোৰে উপকাৰ কৰাৰ ভাৱনাকো কৰ্মযোগ বুলি কোৱা হৈছে৷ কৰ্মযোগৰ এই ভাৱনা ভাৰতৰ সকলোৰে সিৰা-উপসিৰাত সোমাই আছে৷ যেতিয়াই প্ৰয়োজন হয়, ভাৰতৰ এই নিস্বাৰ্থ ভাৱনাক সমগ্ৰ বিশ্বই অনুভৱ কৰিছে৷

বন্ধুসকল,

যেতিয়া আমি যোগৰ দ্বাৰা আগবাঢ়ো, কৰ্মযোগৰ দ্বাৰা আগবাঢ়ো, তেতিয়া ব্যক্তি হিচাপে, সমাজ হিচাপে, দেশ হিচাপে আমাৰ শক্তি বহু পৰিমাণে বৃদ্ধি পায়৷ আজি আমি এই ভাৱনাৰে সংকল্প ল’ব লাগিব—আমি নিজৰ স্বাস্থ্যৰ বাবে, আত্মীয়-স্বজনৰ স্বাস্থ্যৰ বাবে সম্ভৱপৰ সকলো প্ৰয়াস কৰিম৷ এজন সচেতন নাগৰিক হিচাপে, আমি পৰিয়াল আৰু সমাজৰ হিচাপে একেলগ হৈ আগুৱাই যাম৷

আমি প্ৰয়াস কৰিম যাতে ঘৰত যোগ আৰু পৰিয়ালৰ সৈতে যোগক নিজৰ জীৱনৰ অংশ কৰি ল’ব পাৰো৷ যদি আমি এইটো কৰোঁ, তেতিয়াহ’লে আমি নিশ্চিতভাৱে সফল হ’ম, আমি নিশ্চিতভাৱে বিজয়ী হ’ম৷ এই বিশ্বাসেৰে আপোনাক সকলোকে পুনৰবাৰ যোগ দিৱসৰ শুভকামনা জনালো৷

लोकाः समस्ताः सुखिनो भवन्तु॥

ঔম !!

*****

VRRK/KP/DB


(Release ID: 1633152)