প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আচাৰ্য মহাপ্ৰজ্ঞাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
পোষ্ট কৰা হৈছে:
19 JUN 2020 11:34AM by PIB Guwahati
নমস্কাৰ,
আচার্য শ্রী মহাশ্ৰমণজী, তেৰাপন্থ মহাসভাৰ অধ্যক্ষ সুৰেশ চন্দ্ৰ গোৱেলজী আৰু প্ৰযুক্তিৰ জৰিয়তে এই অনুষ্ঠানৰ সৈতে সংযুক্ত হোৱা সকলো বিশিষ্ট ব্যক্তিৰ লগতে বন্ধুসকল,
এয়া মোৰ সকলোৰে সৌভাগ্য যে সন্ন্যাসীপ্ৰৱৰ আচার্য শ্রী মহাপ্ৰজ্ঞাজীৰ জন্ম শতবাৰ্ষিকীৰ পবিত্ৰ অনুষ্ঠানত আমি সকলোৱেই একত্রিত হৈছো৷ তেওঁৰ কৃপা, তেওঁৰ আশীর্বাদক মই, আপোনালোক সকলোৱে অনুভৱ কৰিছো৷
সন্ন্যাসীপ্ৰৱৰ আচার্য শ্রী মহাপ্ৰজ্ঞাজীক প্ৰণাম জনাই তথা তেওঁলৈ শ্ৰদ্ধাঞ্জলী নিবেদন কৰি মই আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো৷ মই আচার্য শ্রী মহাশ্ৰৱণজীকো বিশেষভাৱে ধন্যবাদ জনাইছো৷
এই ক’ৰোনা সংক্ৰমণ পৰিস্থিতিৰ মাজতো তেওঁ এই অনুষ্ঠানক আধুনিক প্ৰযুক্তিৰ জৰিয়তে ইমান সুন্দৰভাৱে আয়োজন কৰিছে৷
বন্ধুসকল,
আপোনালোকৰ মাজত যেনেকৈ বহু আছে, যাৰ আচার্য শ্রী মহাপ্ৰজ্ঞাজীৰ সৎসংগ আৰু সাক্ষাৎকাৰৰ সৌভাগ্য হৈছে৷ সেই সময়ত নিশ্চয় তেওঁৰ আধ্যাত্মিক প্রাণশক্তিক অনুভৱ কৰিছে৷
মই এইকথা এইবাবে কৈছো কাৰণ তেওঁৰ জীৱন কালত সমগ্ৰ জীৱন ধৰি আচার্যজীৰ বিশেষ স্নেহ আৰু আশীর্বাদ লাভৰ মোৰ সৌভাগ্য হৈছে৷
মোৰ মনত পৰিছে যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্রী আছিলো, তেতিয়া তেওঁ গুজৰাটলৈ আহিছিল৷ তেওঁৰ নেতৃত্বত অহিংসা যাত্রা, মানৱতাৰ সেৱাৰ উদ্দেশ্যে অভিযানত চামিল হোৱাৰ সুযোগ মই পাইছো৷
তেতিয়া মই আচার্যপ্ৰবৰৰ সন্মুখলৈ হৈ কৈছিলো, “মই বিচাৰো যে আপোনাৰ ধর্মীয় দর্শন মোৰ ধর্মীয় দর্শন হৈ পৰক।”
আচার্য শ্রী মহাপ্ৰজ্ঞাজী অতি স্নেহ সহকাৰে মোক কৈছিল, “মোৰ ধর্মীয় দর্শন এতিয়াৰ পৰা তোমাৰ ধর্মীয় দর্শন হৈ গ’ল।” তেতিয়াৰে পৰা মই আচার্য শ্রী মহাপ্ৰজ্ঞাজীৰ শিষ্য হৈ পৰিলো৷
বন্ধুসকল,
মই সকলো সময়তে তেওঁৰ সান্নিধ্য লাভ কৰি অনুভৱ কৰিছো যে তেওঁৰ দৰে যুগঋষিৰ জীৱনত নিজৰ বুলিবলৈ একো নাথাকে৷ তেওঁৰ জীৱন, তেওঁৰ বিচাৰ, তেওঁৰ চিন্তা-ভাৱনা, সকলো সমাজৰ বাবে, মানৱতাৰ নামত সমর্পিত৷
আচার্য শ্রী মহাপ্ৰজ্ঞাজীয়ে কৈছিল, “মই আৰু মোক বাদ দি, সকলোবোৰ তোমাৰেই হ’ব৷” তেওঁৰ এই মন্ত্ৰ, তেওঁৰ এই দর্শন তেওঁৰ নিজৰ জীৱনত স্পষ্টভাবে প্ৰতিফলিত হৈছে৷ আমি সকলোৱেই দেখিছো তেওঁৰ জীৱনত তেওঁৰ নিজৰ বুলিবলৈ একো নাছিল৷ কিন্তু প্ৰত্যেকেই তেওঁৰ অতি আপোন আছিল। তেওঁৰ জীৱনত কোন বস্তুৰ বাবে ‘প্ৰয়োজন’ নাছিল৷ কিন্তু প্ৰত্যেক ব্যক্তিৰ বাবে তেওঁৰ মনত আছিল ভালপোৱা৷
বন্ধুসকল,
বিশ্বত জীৱনযাপনৰ দর্শনতো অতি সহজে পোৱা যায়, কিন্তু এই ধৰণৰ জীৱনযাপন কৰা মানুহে সহজে পোৱা নাযায়৷ জীৱনক এই পর্যায়লৈ নিয়াৰ বাবে বহুত তপস্যাৰ প্ৰয়োজন হয়। সমাজ আৰু সেৱাৰ বাবে আত্মোৎসর্গৰ প্ৰয়োজন হয়। এয়া সাধাৰণ কথা নহয়। অসাধাৰণ ব্যক্তিত্বসম্পন্ন ব্যক্তিয়েহে এই ‘অসাধাৰণ’ক চৰিতার্থ কৰিব পাৰে৷
যাৰ বাবে ৰাষ্ট্ৰ কবি ৰামধাৰী সিং দিনকৰে কৈছিল, “আচার্য মহাপ্ৰজ্ঞাজী আধুনিক যুগৰ বিবেকানন্দ।”
সেইদৰে দিগম্বৰ পৰম্পৰাৰ মহান সন্যাসী আচার্য বিদ্যানন্দজীয়ে মহাপ্ৰজ্ঞাজীৰ তুলনা ড০ সর্বপল্লী ৰাধাকৃষ্ণণৰ দৰে দার্শনিকৰ সৈতে কৰিছে৷
আচার্য শ্রী মহাপ্ৰজ্ঞাজীয়ে যি সাহিত্য ৰচনা কৰিছিল, সেয়া অতুলনীয়৷
আমাৰ প্রাক্তন প্ৰধানমন্ত্রী শ্ৰদ্ধাৰ অটলজী, যিনি নিজেও সাহিত্য আৰু জ্ঞানৰ ভাণ্ডাৰ আছিল, তেওঁ প্রায়ে কৈছিল, “মই আচার্য শ্রী মহাপ্ৰজ্ঞাজীৰ সাহিত্য, তেওঁৰ সাহিত্যৰ গভীৰতা, তেওঁৰ জ্ঞান আৰু শব্দৰ বহুত ডাঙৰ প্রেমিক।” তেওঁৰ বক্তব্যৰ সৌম্যতা, মন্ত্ৰমুগ্ধকৰ কণ্ঠ, শব্দ চয়নত ভাৰসাম্যতা–যেন তেওঁ ঈশ্বৰৰ আশীষ লাভ কৰিছিল৷
বন্ধুসকল,
আপোনালোকে যদি আচার্য শ্রী মহাপ্ৰজ্ঞাজী ৰচিত সাহিত্য পাঠ কৰে, তেওঁৰ সাহিত্যৰ স্বাদ লয়, তেতিয়াহ’লে আপোনালোকেও অনুভৱ কৰিব কিমান মহাপুৰুষৰ সমন্বয় তেওঁৰ মাজত আছিল, তেওঁৰ জ্ঞান কিমান ব্যাপক আছিল।
তেওঁ যিমান গভীৰতাকৈ আধ্যাত্মিক বিষয়ত লিখিছে, সিমানেই ব্যাপক দৃষ্টিভংগীৰে তেওঁৰ দর্শন, ৰাজনীতি, মনস্তত্ত্ব আৰু অর্থনীতিৰ দৰে বিষয়বোৰক লৈ আলোচনাতো পাণ্ডিত্যৰ প্ৰমাণ দিছিল৷
এই বিষয়বোৰক লৈ মহাপ্ৰজ্ঞাজীয়ে সংস্কৃত, হিন্দী, গুজৰাটী, ইংৰাজীত ৩০০তকৈও অধিক গ্ৰন্থ লিখিছিল৷ আপোনালোক সকলোৰে হয়তো তেওঁ লিখা এখন গ্ৰন্থৰ কথা মনত আছে- ‘দ্য ফেমিলি এণ্ড দ্য নেচন’৷ এই গ্ৰন্থখন শ্ৰদ্ধাৰ মহাপ্ৰজ্ঞাজীয়ে ড০ এ পি জে আব্দুল কালামজীৰ সৈতে যুটীয়াভাৱে লিখিছিল৷
এটা পৰিয়াল কিদৰে সুখী পৰিয়াল হৈ উঠে, এক সুখী পৰিয়ালে কিদৰে এক সমৃদ্ধ ৰাষ্ট্ৰ নির্মাণ কৰিব পাৰে, সেই দৃষ্টিভংগী এই দুগৰাকী মহাপুৰুষ মিলি এই গ্ৰন্থখনত লিখিছিল৷
মোৰ সেইদিনটোৰ কথা মনত আছে যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্রী হোৱাৰ পাছত ড০ এ পি জে আব্দুল কালাম গুজৰাটলৈ আহিছিল৷ তেতিয়া মইও তেওঁৰ সৈতে আচার্যপ্ৰবৰক সাক্ষাৎ কৰিবলৈ গৈছিলো৷ সেই দিনা একেলগে দুগৰাকী মহাপুৰষৰ সান্নিধ্য লাভৰ মোৰ সৌভাগ্য হৈছিল৷
একেলগে দুয়োজনৰ উপস্থিতিত মই অনুভৱ কৰিছিলো যে আমাৰ দেশত এজন ঋষিয়ে কিদৰে বৈজ্ঞানিক দৃষ্টিভংগীসম্পন্ন হৈ উঠিব পাৰে আৰু এজন বৈজ্ঞানিক কিমান ঋষিপ্ৰতীম আৰু ঋষি প্রেমিক হৈ উঠিব পাৰে৷
মহাপ্ৰজ্ঞাজী সম্পর্কে ড০ কালাম কৈছিল যে তেওঁৰ জীৱনত এটাই উদ্দেশ্য আছিল সেয়া হৈছে—খোজ কঢ়া, অর্জন কৰা আৰু দিয়া৷ অর্থাৎ সদায় ভ্ৰমণ কৰা, জ্ঞান অর্জন কৰা আৰু জীৱনত যি অর্জন কৰে সম্পূৰ্ণ সমাজক দিয়া৷
বন্ধুসকল,
মহাপ্ৰজ্ঞাজীয়ে তেওঁৰ জীৱনকালত হাজাৰ হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰিছিল, পদযাত্রা কৰিছিল৷ জীৱনৰ অন্তিম দিনসমূহলৈকে তেওঁ অহিংসা যাত্রাৰ পথত খোজ দিছিল৷
তেওঁ কৈছিল, “আত্মা মোৰ ঈশ্বৰ, ত্যাগ মোৰ প্রার্থনা, মৈত্রী মোৰ ভক্তি, সংযম মোৰ শক্তি আৰু অহিংসা মোৰ ধর্ম।”
এই জীৱনশৈলীৰে তেওঁ জীয়াই আছিল আৰু কোটি কোটি লোককো জীয়াই থকা পথ শিকাইছিল৷ যোগৰ জৰিয়তে কোটি কোটি লোকক তেওঁ অৱসাদমুক্ত জীৱনযাপন কৰিবলৈ শিকাইছিল৷ এইটো এটা সুখৰ সংবাদ যে আৰু এদিন পাছতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আছে।
আমাৰ বাবে সেইদিনটো এক বৃহৎ সুযোগ আহিব যেতিয়া আমি সকলোৱে “সুখী পৰিয়াল আৰু সমৃদ্ধ ৰাষ্ট্ৰ”ৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাজীৰ এই সপোন বাস্তবায়িত কৰাৰ বাবে যোগ অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ অৱদান আগবঢ়াম৷ তেওঁৰ চিন্তাধাৰাসমূহ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কাষলৈ নিয়া হ’ব৷
বন্ধুসকল,
আচার্য শ্রী মহাপ্ৰজ্ঞাজীয়ে আমাৰ সকলোকে আৰু এটি মন্ত্ৰ দি গৈছে৷ তেওঁৰ এই মন্ত্ৰ আছিল–‘সুস্থ ব্যক্তি, সুস্থ সমাজ, সুস্থ অর্থ ব্যৱস্থা’৷ বৰ্তমানৰ বিশ্বত তেওঁৰ এই মন্ত্ৰ আমাৰ সকলোৰে বাবে এক ডাঙৰ প্রেৰণাৰ উৎস৷
দেশবাসীয়ে আজি তেওঁৰ এই মন্ত্ৰ সাৰোগত কৰি আত্মনির্ভৰ সংকল্পৰে আগুৱাই গৈছে৷
মোৰ দৃঢ় বিশ্বাস যি সমাজ আৰু ৰাষ্ট্রৰ আদর্শই আমাৰ ঋষি-মুনিসকলে আমাৰ সন্নাস্যী মহাত্মাসকলে আমাৰ আগত ৰাখি গৈছে, মই দেশবাসীক য’তদূৰ সম্ভৱ শীঘ্ৰে এই সংকল্পক বাস্তবায়িত কৰিব। আপোনালোক সকলোৱে এই সপোন বাস্তবায়িত কৰিব৷ আপোনালোক সকলো সুস্থ থাকক, আনন্দৰে থাকক, সন্ন্যাসীপ্ৰবৰ আচার্য শ্রী মহাপ্ৰজ্ঞাজীৰ জীৱনৰ বার্তা নতুন প্ৰজন্মৰ কাষলৈ নিয়ক সেই শুভেচ্ছাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো৷
*****
VRRK/KP/DB
(ৰিলিজ আই ডি : 1632786)
অতিথি কক্ষ : 279
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam